সমললৈ যাওক

চিংৰা ৰাষ্ট্ৰীয় উদ্যান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিংৰা ৰাষ্ট্ৰীয় উদ্যান
মানচিত্ৰত চিংৰা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থিতি
বাংলাদেশত অৱস্থান
অৱস্থান দিনাজপুৰ, ৰংপুৰ বিভাগ, বাংলাদেশ
নিকটতম চহৰ বীৰগঞ্জ
মাটিকালি ৩০৫.৬৯ হেক্টৰ
প্ৰতিস্থা ২০১১

চিংৰা ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Singra National Park; বঙালী: সিংড়া জাতীয় উদ্যান) হৈছে বাংলাদেশৰ উত্তৰ অঞ্চলৰ দিনাজপুৰ জিলাত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল।[1] স্থানীয়ভাৱে ইয়াক চিংৰা শাল বনাঞ্চল নামেৰে জনা যায়। এই উদ্যানখন দিনাজপুৰ চহৰৰপৰা পথেৰে প্ৰায় ৪০ কিলোমিটাৰ উত্তৰে, আৰু বীৰগঞ্জ উপজিলাৰপৰা ১৫ কিলোমিটাৰ দূৰত্বত ভোগনগৰ ইউনিয়নত অৱস্থিত। বনাঞ্চলখনৰ মুঠ আয়তন ৩৫৫ হেক্টৰ আৰু ইয়াৰে ৩০৫.৬৯ হেক্টৰ ভূমি ৰাষ্ট্ৰীয় উদ্যান (সংৰক্ষণৰ বাবে) হিচাপে নিৰ্ধাৰণ কৰা হৈছে। চিংৰা ৰাষ্ট্ৰীয় উদ্যানখন ডালাগ্ৰাম, চাউলিয়া, চিংৰা, আৰু নৰ্তনদী নামৰ চাৰিখন প্ৰশাসনিক গাঁও-জুৰি বিস্তৃত। ২০১০ চনৰ ১০ অক্টোবৰ তাৰিখে বাংলাদেশৰ বন বিভাগে পৰিৱেশ উন্নয়ন, বন্যপ্ৰাণী সংৰক্ষণ আৰু পৰ্যটনৰ প্ৰসাৰৰ বাবে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল।[2][3][4]

চিংৰা ৰাষ্ট্ৰীয় উদ্যানৰ নৰ্ত নদী মাজেৰে বৈ গৈছে। উদ্যানখনত পৰ্যটকৰ বাবে এটা সৰু অতিথিশালা আৰু দুটা বনভোজস্থলী আছে। শীতকালত দৰ্শনাৰ্থীৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। চিংৰা শাল বনাঞ্চলৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বাবে এটা সহ-পৰিচালনা সমিতি—স্থানীয় প্ৰতিনিধিৰে গঠিত আৰু আৰ ডি আৰ এছ বাংলাদেশৰদ্বাৰা সমৰ্থিত—ইয়াত সক্ৰিয়ভাৱে কাম কৰি আছে।[5][6][7][8][9][10]

১৮৮৫ চনত প্ৰথমে চিংৰা বনাঞ্চল চৰকাৰী ভূমি হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। বাংলাদেশৰ স্বাধীনতাৰ পিছত ১৯৭৪ চনত চৰকাৰী গেজেটত বন বিভাগৰ অধীনলৈ অনা হয়। পিছলৈ ২০১০ চনৰ ১০ অক্টোবৰত উত্তৰ বাংলাদেশৰ আন তিনিখন বনাঞ্চলৰ লগতে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। সংৰক্ষিত অঞ্চলটোৰ নাম চিংৰা প্ৰশাসনিক অঞ্চলৰ নামেৰে চিংৰা ৰাষ্ট্ৰীয় উদ্যান ৰখা হয়। স্থানীয়ভাৱে ইয়াক চিংৰা শাল বন বুলিও কোৱা হয়।[11]

উদ্ভিদকুল আৰু প্ৰাণীকুল

[সম্পাদনা কৰক]

উদ্ভিদকুল

[সম্পাদনা কৰক]

চিংৰা ৰাষ্ট্ৰীয় উদ্যানত মূলতঃ পৰ্ণপাতী শাল গছৰ প্ৰাধান্য দেখা যায়। শালৰ উপৰি এই উদ্যানখনত এজাৰ, মালতী, শিলকাৰি, শিমলু, মিঞ্জিৰি, চেগুন, গমাৰী, আকাশমনি, ঘোঁৰা নিম, সোণাৰু, গুটিজাম, শিলিখা, ভোমোৰা, আমলখি, আৰু বিভিন্ন নামহীন গছ-গছনি আৰু লতাও আছে।[12][13]

স্তন্যপায়ী প্ৰাণী

[সম্পাদনা কৰক]

এসময়ত এই অৰণ্যত বাঘ, নিলগাই, আৰু অন্যান্য বহুতো বনৰীয়া জন্তুৰ আবাসভূমি আছিল। কিন্তু বনাঞ্চল ধ্বংস আৰু ক্ৰমবৰ্ধমান জনসংখ্যাৰ চাপত এই উদ্যানখনৰ পৰা বহুপ্ৰজাতিৰ বন্যপ্ৰাণী নোহোৱা হৈ গৈছে। বৰ্তমান এই উদ্যানখনত শহাপহু, শিয়াল, সাপ, নেউল আদি প্ৰাণীৰ লগতে বিভিন্ন প্ৰজাতিৰ চৰাই আৰু পোক-পতংগ দেখা পোৱা যায়।[14]

শগুণ, দেশীয় শুমচা, কাকলোঙা, ব্ৰঞ্জযুক্ত ড্ৰংগো, নীলকণ্ঠী হেঁটুলুকা, গ্ৰেট টিট, লক্ষ্মী ফেঁচা, মাছৰোকা, সেট কপৌ, তিল কপৌ, বাঢ়ৈটোকা, সখিয়তী, বুলবুলি, পাতসিয়া, আৰু ইতা খলি আদি চৰাই এতিয়া ইয়াত দেখা পোৱা যায়।[15][16][17]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Hossain, Syed Zakir. "A walk in the Singra National Park". The Business Standard. https://www.tbsnews.net/features/focus/walk-singra-national-park-951346. 
  2. "Error: no |title= specified when using {{Cite web}}" (bn ভাষাত). Dainik Juger Katha. 13 June 2012. http://www.dailyjugerkatha.com/?p=9004. [সংযোগবিহীন উৎস]
  3. "Annual Report 2018-19". Forest Department. http://bforest.portal.gov.bd/sites/default/files/files/bforest.portal.gov.bd/page/2df7f2df_fa89_453f_8058_7efa3bd806f1/2020-08-09-13-46-edeec5c2b5192bef749674278f5baf1f.pdf। আহৰণ কৰা হৈছে: 17 February 2021. 
  4. "Annual Report 2017-18". Forest Department. http://bforest.portal.gov.bd/sites/default/files/files/bforest.portal.gov.bd/page/2df7f2df_fa89_453f_8058_7efa3bd806f1/ANNUAL%20REPORT_2017-18.pdf। আহৰণ কৰা হৈছে: 17 February 2021. 
  5. "Protected Areas of Bangladesh: National Parks" (en ভাষাত). Bangladesh Forest Department. Government of Bangladesh. https://bforest.gov.bd/site/page/c84b04e6-6185-4176-8d1a-685b88d5e7df/। আহৰণ কৰা হৈছে: 20 July 2025. [সংযোগবিহীন উৎস]
  6. "List of National Parks in Bangladesh" (bn ভাষাত). Bangladesh Forest Department. https://bforest.gov.bd/site/page/12f0d04c-3a3a-496a-96c8-2820ea83b123/। আহৰণ কৰা হৈছে: 20 July 2025. [সংযোগবিহীন উৎস]
  7. "Singra National Park". Banglapedia. https://en.banglapedia.org/index.php/Singra_National_Park. [সংযোগবিহীন উৎস]
  8. (bn ভাষাত)Jugantor. 2019-07-16. https://www.jugantor.com/country-news/199963/. 
  9. Forest Department (2023). "Biodiversity Conservation in Bangabandhu Natural Park and National Parks" (bn ভাষাত). Bangladesh Forest Department. https://bforest.gov.bd/site/page/7f340c5e-c12d-4da7-a9ea-3b5298e6e0fa/. [সংযোগবিহীন উৎস]
  10. IUCN Bangladesh (2015) (en ভাষাত). Protected Areas of Bangladesh: A Guide to Wildlife Sanctuaries and National Parks. IUCN, International Union for Conservation of Nature. https://portals.iucn.org/library/sites/library/files/documents/2015-045.pdf। আহৰণ কৰা হৈছে: 2025-07-20. 
  11. "List of National Parks, Wildlife Sanctuaries, and Eco-Parks" (bn ভাষাত). Ministry of Environment, Forest and Climate Change. http://www.moa.gov.bd/site/page/4e4095bb-486e-4fbb-8871-8be2d63c79e1/। আহৰণ কৰা হৈছে: 2025-07-20. [সংযোগবিহীন উৎস]
  12. (bn ভাষাত)Kaler Kantho. 2017-07-19. https://www.kalerkantho.com/print-edition/first-page/2017/07/19/519254. 
  13. Md. Anowar Hossain (2014). "Assessment of Floristic Diversity in Singra National Park, Bangladesh" (en ভাষাত). Bangladesh Journal of Plant Taxonomy খণ্ড 21 (1): 61–70. https://www.banglajol.info/index.php/BJPT/article/view/20429। আহৰণ কৰা হৈছে: 2025-07-20. [সংযোগবিহীন উৎস]
  14. "Error: no |title= specified when using {{Cite web}}" (bn ভাষাত). uttorbangla.com. 9 January 2013. http://uttorbangla.com/?p=3425. 
  15. ""Singra National Park"–A Vibrant Green Invitation". Birganj Upazila Information Portal. Archived from the original on 2025-04-22. https://web.archive.org/web/20250422005047/https://birganj.dinajpur.gov.bd/bn/site/top_banner/oypf-%E0%A6%B8%E0%A6%BF%E0%A6%82%E0%A7%9C%E0%A6%BE-%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8-%E0%A6%AC%E0%A6%A8%E0%A7%87%E0%A6%B0-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%95%E0%A7%83%E0%A6%A4%E0%A6%BF%E0%A6%95-%E0%A6%A6%E0%A7%83%E0%A6%B6%E0%A7%8D%E0%A6%AF%E0%A6%B8%E0%A6%AE%E0%A7%82%E0%A6%B9। আহৰণ কৰা হৈছে: 2025-07-20. 
  16. "Singra National Park: Wildlife Habitat in Natore Faces Threat" (en ভাষাত). The Daily Star. 2019-04-03. https://www.thedailystar.net/country/news/wildlife-habitat-natore-faces-threat-1729516. 
  17. Md. Shafiqul Islam (2022-11-29). "Singra National Park in Natore: Nature Calls for Forest Visit" (bn ভাষাত). Prothom Alo. https://www.prothomalo.com/bangladesh/district/wgujmg7e1n. [সংযোগবিহীন উৎস]

সাঁচ:Protected Forests of Bangladesh