চিকি ঘাঁহৰ শিল্প
চিকি ঘাঁহৰ শিল্প ভাৰত আৰু নেপালৰ মিথিলাঞ্চলত পোৱা চিকি নামেৰে পৰিচিত এবিধ বিশেষ ধৰণৰ ঘাঁহৰপৰা তৈয়াৰ কৰা বিভিন্ন হস্তশিল্প।[1] চিকি ঘাঁহৰপৰা বস্তু তৈয়াৰ কৰাৰ কলা এটা প্ৰাচীন কলা।
ইতিহাস
[সম্পাদনা কৰক]নেপালৰ দক্ষিণ সমভূমি অঞ্চলৰ থাৰু মহিলাসকলে যুগ যুগ ধৰি চিকি ঘাঁহৰপৰা পৰম্পৰাগত ঝুৰি তৈয়াৰ কৰি আহিছে।[2] আজিকালি বহু থাৰু মহিলা সহযোগী সংস্থাৰ জৰিয়তে চিকি হস্তশিল্প উৎপাদনত নিয়োজিত হৈ আছে। ঢকীয়া, যিবোৰক মাউনি বা ডালিয়া বুলিও কোৱা হয়, ঠাই অনুসৰি চিকি বা মুঞ্জ ঘাঁহৰপৰা তৈয়াৰী ঝুৰি যিবোৰ থাৰু সম্প্ৰদায়ৰ দৈনন্দিন ঘৰুৱা কাম-কাজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। জন্মৰপৰা মৃত্যুলৈকে থাৰু সম্প্ৰদায়ৰ প্ৰতিটো আচাৰ-ব্যৱহাৰত ঢকীয়া ব্যৱহাৰ হৈ আহিছে।[3][4]
পদ্ধতি
[সম্পাদনা কৰক]চিকি শুকুৱাই ফুলৰ মূৰটো কাটি দিয়া হয়। ফলত পোৱা মিহি সোণালী আঁহ বয়নত ব্যৱহাৰ কৰি খেলনা, পুতলা, ঝুৰি (ডলচি) তৈয়াৰ কৰা হয়। বস্তুবোৰ কেতিয়াবা ৰং কৰা হয়।[5]
পৌতি নামেৰে জনাজাত চিকিৰ বাকচবোৰ পিতৃ-মাতৃয়ে কন্যাক বিয়া উপলক্ষ্যে দিয়ে। বাকচবোৰত সেন্দূৰ, অলংকাৰ আৰু গহনা ৰখাৰ বাবে ব্যৱহাৰ কৰা হয়।[6]
বিখ্যাত শিল্পী
[সম্পাদনা কৰক]ভাৰতত মীৰা ঠাকুৰে চিকি ঘাঁহ শিল্পৰ চৰ্চা কৰে আৰু শিকায়। তেওঁ ইউনেস্ক’ৰপৰা হস্তশিল্পৰ বাবে উৎকৃষ্টতাৰ পদক আৰু নাৰী শক্তিপুৰস্কাৰ লাভ কৰিছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Upendra Maharathi Shilp Anusandhan Sansthan | Sikki Craft". Archived from the original on 2013-12-27. https://web.archive.org/web/20131227072459/http://www.umsas.org/en/bihar-arts-crafts/sikki-craft/। আহৰণ কৰা হৈছে: 2013-12-25.
- ↑ "Local arts and crafts". Archived from the original on 7 October 2019. https://web.archive.org/web/20191007034200/https://www.farwestnepal.org/local-arts-and-crafts/.
- ↑ Central Department of Sociology Tribhuvan University, Kirtipur, Kathmandu, Nepal, Babu Ram Tharu. "Handicraft Making Practices of Dangaura Tharu: A Study of Hariharpur Village of Banke District, Nepal". https://elibrary.tucl.edu.np/bitstream/123456789/16800/1/Full%20thesis.pdf.
- ↑ Bhuju, Kriti. "Tharu sikki / thatch grass / mujella | The Encyclopedia of Crafts in WCC-Asia Pacific Region (EC-APR)" (en-US ভাষাত). https://encyclocraftsapr.com/tharu-sikki-thatch-grass-mujella/। আহৰণ কৰা হৈছে: 2024-03-05.
- ↑ "Step-by-Step Sikki Grass Work in Bihar 2021 - Swadesi" (en-US ভাষাত). 2018-03-05. https://swadesi.org/bihar-sikki-handicraft/। আহৰণ কৰা হৈছে: 2024-03-05.[সংযোগবিহীন উৎস]
- ↑ "Sikki" (en-US ভাষাত). gaatha.com. 2024-03-05. https://gaatha.com/sikki-grass-craft-bihar/। আহৰণ কৰা হৈছে: 2024-03-05.