সমললৈ যাওক

চিকেন ফ্ৰাইড বেকন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিকেন ফ্ৰাইড বেকন

টেক্সাছৰ স্নুকস্থিত ছ’দোলাকছ অৰিজিনেল কাণ্ট্ৰী ইনৰ ক্ৰীম গ্ৰেভিৰ সৈতে চিকেন ফ্ৰাইড বেকন
প্ৰকাৰ এপেটাইজাৰ
উৎপত্তিৰ স্থান আমেৰিকা যুক্তৰাষ্ট্ৰ
অঞ্চল টেক্সাছ
পৰিবেশনৰ উষ্ণতা গৰম
মুখ্য উপাদান বেকন, বেটাৰ ডিপ
ভিন্ন প্ৰকাৰ গ্ৰেভিৰ সৈতে

চিকেন ফ্ৰাইড বেকন হৈছে বেকনৰ ষ্ট্ৰিপসমূহ বেটাৰত ডুবাই গভীৰ তেলত ভজা একপ্ৰকাৰৰ খাদ্য, যি চিকেন ফ্ৰাইড ষ্টেকৰ দৰে প্ৰস্তুত কৰা হয়। এইটো এটা আমেৰিকান খাদ্য, যি ১৯৯০-ৰ দশকৰ আৰম্ভণিত টেক্সাছত প্ৰৱৰ্তিত হৈছিল।[1] টেক্সাছৰ স্নুকস্থিত ছ’দোলাকছ অৰিজিনেল কাণ্ট্ৰী ইনৰ ফ্ৰেংক ছ’দোলাকে এই খাদ্য উদ্ভাৱন কৰিছিল বুলি দাবী কৰে; তথাপি ১৯৫৪ চনৰ মেৰী লেণ্ডৰ ৰন্ধন গ্ৰন্থ লুইজিয়ানা কুকাৰী ত একেধৰণৰ ৰেচিপি পোৱা যায়, য’ত বেকনৰ সলনি নিমখীয়া গাহৰিৰ মাংস ব্যৱহাৰ কৰা হৈছিল।[2] সাধাৰণতে ইয়াক ডুবাই খোৱাৰ বাবে ক্ৰীম গ্ৰেভি বা চচ্চেজ গ্ৰেভিৰ সৈতে এপেটাইজাৰ হিচাপে পৰিৱেশন কৰা হয়।

কুখ্যাতি

[সম্পাদনা কৰক]

ছ’দোলাকৰ সংস্কৰণে টেক্সাছৰ কমেডিয়ান জন কেলছ’ৰ গ্ৰন্থ টেক্সাছ কিউৰিঅ’চিটিজ: কুইৰ্কি কেৰেক্টাৰছ, ৰ’ডছাইড অ’ডিটিজ এণ্ড আদাৰ অফবিট ষ্টাফ ত স্থান লাভ কৰে। সেই লেখাত উল্লেখ কৰা হৈছে যে “টেক্সাছত বস্তুবোৰ কেৱল ডাঙৰেই নহয়, অধিক তেলীয়া” আৰু “ইয়াতকৈ অধিক ধমনী বন্ধ কৰা খাদ্য কল্পনা কৰাটো কঠিন।”[3]

ছ’দোলাকৰ সংস্কৰণত ছটা বেকন ষ্ট্ৰিপ বেটাৰত ডুবাই ভাজি ক্ৰীম গ্ৰেভিৰ সৈতে পৰিৱেশন কৰা হয়।[3] তেওঁ আৰু তেওঁৰ ৰেষ্টুৰেণ্টক টেক্সাছ কাণ্ট্ৰী ৰিপ’ৰ্টাৰ অনুষ্ঠানৰ এটা খণ্ডত প্ৰদৰ্শন কৰা হৈছিল; এই ভিডিঅ’টো ইউটিউবত লক্ষাধিক বাৰ চোৱা হৈছে।[4]

সংস্কৰণসমূহ

[সম্পাদনা কৰক]
ঘৰত বনোৱা চিকেন ফ্ৰাইড বেকন কেৰাহীত ভাজি থকা অৱস্থাত

দুই হাজাৰ আঠ চনত ডালাছত অনুষ্ঠিত হোৱা টেক্সাছ ৰাজ্যিক মেলাত দক্ষিণ টেক্সাছৰ গ্লেন কুছাকে প্ৰস্তুত কৰা চিকেন ফ্ৰাইড বেকনে শ্ৰেষ্ঠ সোৱাদৰ বাবে বিগ টেক্স চয়ছ বঁটা লাভ কৰে।[5][6] শেহতীয়া বছৰসমূহত এই খাদ্য আমেৰিকাৰ বিভিন্ন স্থানত প্ৰচলিত হৈছে। চিকাগোৰ লেক ভিউত অৱস্থিত ৰিস্ক কেফেত ইয়াক পৰিৱেশন কৰা হৈছিল।[7] ইয়াত “কাণ্ট্ৰী-ফ্ৰাইড বেকন” বগা গ্ৰেভিৰ সৈতে ছয় ডলাৰত বিক্ৰী কৰা হৈছিল।[7] ইয়াক কণীৰ মিশ্ৰণত ডুবাই জলকীয়া মিহলি কৰা আটাত ড্ৰেজ কৰি উদ্ভিদ তেলত গভীৰ ভাজি প্ৰস্তুত কৰা হৈছিল।[7]

স্বাস্থ্যজনিত সমস্যা

[সম্পাদনা কৰক]

এই খাদ্য সংপৃক্ত চৰ্বিত সমৃদ্ধ হোৱাৰ বাবে বহু স্বাস্থ্য বিশেষজ্ঞই, যিসকলে কম চৰ্বিযুক্ত খাদ্য সমৰ্থন কৰে, ইয়াক সীমিত পৰিমাণত গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়ে বা একেবাৰে পৰিহাৰ কৰিবলৈ কয়।[8] আন বিশেষজ্ঞসকলে এই খাদ্যৰ পুষ্টিগুণ অতি কম বুলি উল্লেখ কৰিছে। ৱাশ্বিংটনস্থিত চেণ্টাৰ ফৰ চাইন্স ইন দ্য পাব্লিক ইণ্টাৰেষ্টৰ জ্যেষ্ঠ পুষ্টিবিদ জেন হাৰ্লিয়ে কয় যে তেওঁ “ইয়াতকৈ বেয়া কথা কেতিয়াও শুনা নাই।”[3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Kelso, John (January 16, 1999). "Would you like double grease with that?". South Coast Today. Archived from the original on October 29, 2013. https://web.archive.org/web/20131029195048/http://www.southcoasttoday.com/apps/pbcs.dll/article?AID=/19990116/OPINION/301169955&cid=sitesearch.
  2. Land, Mary (1954). Louisiana cookery.. প্ৰকাশক Baton Rouge: Claitor's. ISBN 0-87511-070-3. OCLC 952194.
  3. 1 2 3 Kelso, John (2006). Texas Curiosities: Quirky Characters, Roadside Oddities & Other Offbeat Stuff. Globe Pequot. পৃষ্ঠা. 158. ISBN 978-0-7627-4109-0. https://books.google.com/books?id=gW9ye7wu0E0C.[সংযোগবিহীন উৎস]
  4. Phillips, Bob (2006-10-19). "Chicken Fried Bacon". Texas Country. https://www.youtube.com/watch?v=ZfbTO0GlONU আহৰণ কৰা হৈছে: 2009-02-09.
  5. Meyers, Jessica (2008-09-02). "Chicken Fried Bacon? State Fair of Texas reveals winning fried foods". Dallas Morning News. Archived from the original on 2008-09-06. https://web.archive.org/web/20080906050438/http://www.dallasnews.com/sharedcontent/dws/dn/latestnews/stories/090208dnmetfriedfoods.33839923.html.
  6. "Winners named in Big Tex Choice Awards" (Press release). BigTex.com. 2008. http://216.197.122.150/ns/PressRelease/ViewPressRelease.asp?PRelId=39 আহৰণ কৰা হৈছে: 2009-02-09.
  7. 1 2 3 Donovan, Lisa (2008-11-05). "Does bacon get any better than this?". Chicago Sun-Times. Archived from the original on 2009-01-29. https://web.archive.org/web/20090129150046/http://www.suntimes.com/lifestyles/food/1259952,FOO-News-det05.article.
  8. Squires, Sally (2001-12-27). "The Lean Plate Club". The Washington Post. https://www.washingtonpost.com/wp-srv/liveonline/01/health/squires122701.htm.