চিগুৱাপা
চিগুৱাপা (Ciguapa) (উচ্চাৰণ: চি-গ্বা-পা) ডমিনিকান ৰিপাব্লিকৰ লোকগল্পত থকা এক পৌৰাণিক জীৱ। সাধাৰণতে, ইয়াক এগৰাকী মানুহৰ আকৃতিৰ মহিলা ৰূপত বৰ্ণনা কৰা হয়, যাৰ ত্বক মুগা বা গাঢ় নীলা আৰু গোৰাখোপ উল্টা দিশত থাকে।[1] ইয়াৰ দীৰ্ঘ, মসৃণ আৰু উজ্জ্বল চুলিয়ে ইয়াৰ শৰীৰ আৱৰি থাকে। বিশ্বাস কৰা হয় যে, চিগুৱাপাক ডমিনিকান ৰিপাব্লিকৰ উচ্চ পৰ্বতসমূহত দেখা যায়।
সাৰাংশ
[সম্পাদনা কৰক]এই জীৱবোৰ নিশাচৰ। ইহঁতৰ গোৰোহা বিপৰীত দিশত থকাৰ কাৰণে, খোজৰ চিন চাই ইহঁত ক'লৈ গৈ আছে সেইটো বুজিব নোৱাৰি। কিছুমান মানুহৰ বিশ্বাস অনুসৰি, চিগুৱাপাই মৃত্যু আনে। জনশ্ৰুতি মতে, কোনো লোকে ইয়াৰ চকুত চকু থ'লে, তেওঁ স্থায়ীভাৱে মোহাচ্ছন্ন হ’ব পাৰে।[2] চিগুৱাপাৰ কণ্ঠস্বৰ থকা বুলি জনা নাযায়, যদিও কিছুমানে দাবী কৰে যে, ই এবিধ চীঁ-চিয়নি বা কাতৰ স্বৰত শব্দ কৰে।
চিগুৱাপাক অলৌকিক শক্তিসম্পন্ন জীৱ হিচাপে গণ্য কৰা হয়। কিছুমানৰ মতে, সিহঁতে সুন্দৰ ৰূপত ধৰা দিয়ে, আনহাতে আন কিছুমানে সিহঁতক ভয়ংকৰ বুলি গণ্য কৰে। সকলো উৎসই চিগুৱাপাক বন্য প্ৰাণী বুলি অভিহিত কৰিছে। কেতবোৰ ক্ষেত্ৰত ইয়াক জলপৰীৰ লগত তুলনা কৰা হয়— সুন্দৰ অথচ নিষ্ঠুৰ আৰু সহজ সৰল নহয়। জনশ্ৰুতি মতে, চিগুৱাপাই মানুহক, বিশেষকৈ পুৰুষক, মোহিত কৰি অৰণ্যৰ ভিতৰলৈ টানি নিয়ে আৰু তেওঁলোকক প্ৰেমৰ চক্ৰত আৱদ্ধ কৰি অৱশেষত হত্যা কৰে। কিছুমান কাহিনীত কোৱা হৈছে যে কিছুমান চিগুৱাপা সদয় আৰু অনাহূত ভ্ৰমণকাৰীক হত্যা নকৰে। কিন্তু এই দাবীৰ সমৰ্থনত যথেষ্ট প্ৰমাণ নাই।
আজিও, বহু লোকে দাবী কৰে যে তেওঁলোকে চিগুৱাপা দেখা পাইছিল। আনকি কিছু লোকে কয় যে ইয়াক সন্ধান কৰাটো অতি কষ্টসাধ্য, কাৰণ ইয়াৰ গোৰোহা ওলোটা দিশত থাকে আৰু সেয়ে ইয়াৰ খোজ চাই অনুসৰণ কৰাটো প্ৰায় অসম্ভৱ। কিন্তু যদি কোনোবাই জানে যে খোজবোৰ বিপৰীত দিশত অনুসৰণ কৰিব লাগে, তেন্তে ইয়াক সন্ধান কৰা সহজ হ’ব পাৰে।
লোকবিশ্বাস অনুসৰি, চিগুৱাপাক ধৰাৰ একমাত্ৰ উপায় হ’ল পূৰ্ণিমাৰ নিশা এটা ক’লা-বগা পলিডেক্টাইলিক (অধিক আঙুলি থকা) কুকুৰৰ (যাক চিনকিউনো কুকুৰ বুলি কোৱা হয়) সহায়ত ইয়াক সন্ধান কৰা।[3]
বহুতে বিশ্বাস কৰে যে চিগুৱাপাৰ জনশ্ৰুতি টাইনো (Taino) জনগোষ্ঠীৰ পৰা উৎপত্তি হৈছে। কিন্তু কিছুমানে যুক্তি দিছে যে, ই হয়তো অধিক সাম্প্ৰতিক সৃষ্টি। ইয়াৰ কাৰণ হ’ল, চিগুৱাপাৰ জনশ্ৰুতিত ইউৰোপীয় জলপৰীৰ কাহিনীৰ বহুতো মিল আছে। কোনো পুৰণি টাইনো নিদৰ্শন বা কাহিনীত চিগুৱাপাৰ দৰে কোনো জীৱৰ উল্লেখ পোৱা নাযায়।[4]
সেইদৰে, কিছুমানে কোৱা মতে, এই কিংবদন্তী হয়তো আন কিছুমান পৌৰাণিক চৰিত্ৰৰ পৰা উদ্ভূত, যেনে গুয়াৰাণি (Guaraní) জনগোষ্ঠীৰ কুৰুপী (Curupí) বা হিন্দু ধৰ্মৰ চুৰেল (Churel)। চিগুৱাপাৰ সৈতে চুৰেলৰ মিল থকা বুলি ৰুডিয়াৰ্ড কিপ্লিং তেওঁৰ "মোৰ ভূতৰ সঁচা কাহিনী" (My Own True Ghost Story) গ্ৰন্থত উল্লেখ কৰিছে। অৱশ্যে, হিন্দু ধৰ্মৰ তত্ত্বটো কিছু অসংগতিপূৰ্ণ যেন লাগে, কাৰণ উনবিংশ শতিকাৰ সময়ত ডমিনিকান ৰিপাব্লিক আৰু ভাৰতৰ মাজত উল্লেখযোগ্য সাংস্কৃতিক আদান-প্ৰদান হোৱা নাছিল।
চিগুৱাপাৰ বিষয়ে প্ৰথম লিখিত উল্লেখ ১৮৬৬ চনত ফ্ৰান্সিস্কো হাভিয়েৰ আংগুলো গুৰিডিৰ (Francisco Javier Angulo Guridi) লা চিগুৱাপা (La Ciguapa) নামৰ কাহিনী এটাত দেখা যায়।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Monique-Marie Cummings (2020-04-29). "Sacred Monsters: The Poetry and Fiction of Elizabeth Acevedo". Smithsonian Folklife. https://folklife.si.edu/magazine/beautiful-monsters-elizabeth-acevedo-poetry.
- ↑ Liza Phoenix (2007-03-05). "Ciguapa". lizaphoenix. Archived from the original on 2022-02-11. https://web.archive.org/web/20220211125529/http://www.lizaphoenix.com/encyclopedia/ciguapa.shtml.
- ↑ "La Ciguapa". 18 October 2020. https://mipais.jmarcano.com/socio-cultural/religion-mitos/mitos/ciguapa/.
- ↑ "La Ciguapa". 18 October 2020. https://mipais.jmarcano.com/socio-cultural/religion-mitos/mitos/ciguapa/.
- ↑ "“ Where were my monsters?”" (en ভাষাত). A Public Space. https://apublicspace.org/news/detail/where-were-my-monsters। আহৰণ কৰা হৈছে: 2024-09-15.