চিগ্‌মণ্ড ফ্ৰয়েড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিগ্‌মণ্ড ফ্ৰয়েড

চিগ্‌মণ্ড ফ্ৰয়েড, ১৯২১
জন্ম চিগ্‌মণ্ড স্ক'ল'ম' ফ্ৰয়েড (Sigismund Schlomo Freud)
৬ মে', ১৮৫৬
মাহৰেন(Mähren)ৰ ফ্ৰেইবাৰ্গ (Freiberg), ম'ৰাভিয়া(Moravia) (এতিয়া চেক গণৰাজ্যৰ এক অংশ), অষ্ট্ৰিয়ান সাম্ৰাজ্য
মৃত্যু ২৩ ছেপ্টেম্বৰ, ১৯৩৯
লণ্ডন, ইংলেণ্ড
বাসস্থান অষ্ট্ৰিয়া
জাতীয়তা অষ্ট্ৰিয়ান
ক্ষেত্ৰ স্নায়ুবিদ্যা(Neurology)
মানসিক চিকিৎসা(Psychotherapy)
মনঃসমীক্ষণ(Psychoanalysis)
কৰ্মস্থান ভিয়েনা বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান ভিয়েনা বিশ্ববিদ্যালয়
জনা যায় মনঃসমীক্ষণ(Psychoanalysis)
প্ৰভাৱ এৰিষ্ট'টল, ফ্ৰেঞ্জ ব্ৰেনটান'(Franz Brentano), যোচেফ ব্ৰিয়'ৰ(Josef Breuer), জিন-মাৰ্টিন চাৰ্ক'ট(Jean-Martin Charcot), চাৰ্লচ ডাৰউইন(Charles Darwin), আৰনেষ্ট হেকেল(Ernst Haeckel), এডৱাৰ্ড ভ'ন হাৰ্টমেন(Eduard von Hartmann), জন হুগলিঞ্চ জেকচন(John Hughlings Jackson), জে.পি. জেকবচেন(J.P. Jacobsen), জুলিয়াছ ৰবাৰ্ট ভ'ন মেয়াৰ(Julius Robert von Mayer), প্লেট', ৱিলিয়াম শ্বেক্সপীয়েৰ
প্ৰভাৱান্বিত কৰিছে Eugen Bleuler, John Bowlby, Viktor Frankl, Anna Freud, Erich Fromm, Otto Gross, Karen Horney, Arthur Janov, Ernest Jones, Carl Jung, Melanie Klein, Jacques Lacan, Fritz Perls, Otto Rank, Wilhelm Reich
উল্লেখনীয় বঁটা গ'য়েথ পুৰস্কাৰ(Goethe Prize)
ফ'ৰেইন মেম্বাৰ অফ্ দা ৰয়েল চ'চাইটি(Foreign Member of the Royal Society), লণ্ডন[1]
স্বাক্ষৰ

চিগ্‌মণ্ড ফ্ৰয়েড (ইংৰাজী: Sigmund Freud; ৬ মে' ১৮৫৬ - ২৩ ছেপ্টেম্বৰ ১৯৩৯) হৈছে অষ্ট্ৰিয়াৰ এজন স্নায়ুচিকিৎসাবিজ্ঞানী তথা মনোবিশ্লেষণৰ উদ্ভাৱক, ই হৈছে ৰোগী আৰু মনোবিশ্লেষকৰ মাজত বাৰ্তালাপৰ জৰিয়তে মানসিক ৰোগৰ মূল্যাঙ্কন আৰু চিকিৎসা কৰাৰ এক ক্লিনিকেল পদ্ধতি।[2] মনস্তত্ত্বক, দৰ্শনৰ পৰা এটা পৃথক বিষয় হিচাবে চিহ্নিত কৰি ইয়াক গুৰুত্বপূৰ্ণ অধ্যয়নৰ বাবে প্ৰতিষ্ঠা কৰে চিগ্‌মণ্ড ফ্ৰয়েডে। ইয়াৰ আগলৈকে অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ বিষয় হিছাপে মনস্তত্ত্বৰ বিশেষ স্থান নাছিল। কিন্তু ১৯ শতিকাৰ শেষৰ ফালে চিগ্‌মণ্ড ফ্ৰয়েডে মানুহৰ মন আৰু শৰীৰৰ মাজৰ কিছুমান সূক্ষ্ম সম্পৰ্কৰ ওপৰত চলোৱা গৱেষণাৰ অন্তত মনস্তত্ত্ব এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিছাপে প্ৰতিষ্ঠিত হয়। ইয়াৰ পিছত কুৰি শতিকাৰ আৰম্ভণিৰে পৰা বৰ্তমান কাললৈকে এই বিষয়টোৰ ওপৰত হোৱা বহুল চিন্তা-চৰ্চা আৰু গৱেষণা আদিৰ ফলস্বৰূপে আজি আমি দেখিবলৈ পাইছো বিশ্বৰ লক্ষ্য লক্ষ্য মানসিক ৰোগী আৰু মানসিকভাৱে অক্ষম লোকৰ ক্ষেত্ৰত এই বিষয়টোৰ কাৰ্যকাৰিতা।

জন্ম[সম্পাদনা কৰক]

চিগ্‌মণ্ড ফ্ৰয়েডৰ জন্ম হয় ১৮৫৬ চনৰ মে' মাহৰ ৬ তাৰিখে অষ্ট্ৰিয়াৰ এখন সৰু চহৰ ফ্ৰেবাৰ্গত।[3][4] ফ্ৰয়েডৰ দেউতাক জেকভ ফ্ৰয়েড এটা ক্ষুদ্ৰ কাপোৰৰ মিলৰ মালিক আছিল। চিগ্‌মণ্ড, জেকব ফ্ৰয়েডৰ দ্বিতীয় পক্ষৰ প্ৰথম সন্তান আছিল। জেকবৰ প্ৰথমা পত্নীৰ চাৰিটা সন্তানৰ আটাইকেইটাই চিগমণ্ডতকৈ ডাঙৰ আছিল। মাহীমাকৰ পুতেক-চিগ্‌মণ্ডৰ ডাঙৰ ককায়েকজনে ইতিমধ্যে বিয়া কৰাইছিল আৰু এটি সন্তানৰ পিতৃও হৈছিল। ডাঙৰ ককায়েকৰ এই পুত্ৰ সন্তানটি চিগ্‌মণ্ডৰ শৈশৱ আৰু কৈশোৰৰ সংগী আছিল।

শৈশৱ জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

বিশ্ববৰেণ্য ব্যক্তিসকলৰ বহুতৰে জীৱনৰ চৰম সাফল্যৰ আঁৰত একোগৰাকী মাতৃ বা কাৰোবাৰ ক্ষেত্ৰত নিজ পত্নীৰ অৱদানৰ অসীম গুৰুত্ব লক্ষ্য কৰা যায়। এই ক্ষেত্ৰত - Behind every successful man there is a woman বুলি কৰা উক্তিটি প্ৰণিধানযোগ্য।

চিগমণ্ড ফ্ৰয়েডৰ জীৱনৰ চৰম সাফল্যৰ পিছতো আছিল তেওঁৰ মাতৃ আমেলীয়া ফ্ৰয়েডৰ অপৰিসীম অৱদান। শিশু চিগমণ্ডৰ মাত ফুটিবলৈ লোৱাৰে পৰা তেওঁৰ কাৰ্য্যকলাপলৈ লক্ষ্য কৰি মাক আমেলীয়াই এই কথা বুজি পোৱাৰ লগতে গভীৰভাৱে বিশ্বাস কৰিছিল যে তেওঁৰ সন্তান চিগ্‌মণ্ড কোনো এক অসাধাৰণ কাৰ্য্য সাধনৰ বাবেই জন্ম হৈছে। সেয়ে বাল্যকালৰে পৰা চিগ্‌মণ্ডৰ সকলো ইচ্ছা পূৰ্ণ কৰি আহিছিল মাকে।

চিগ্‌মণ্ডে নিজে তেওঁৰ মাকৰ সম্পৰ্কে মন্তব্য কৰিছে এনেধৰণে- A man who has been the undisputed Favourite of his mother all his life has the feeling of a conquerer, and has such confidence of success that actual success is often induced by it.

১৮৪০ চনত অষ্ট্ৰিয়াতো শিল্প বিপ্লৱৰ প্ৰভাৱ পৰে। ইয়াৰ ফলত সৰ্বাধিকভাৱে ক্ষতিগ্ৰস্ত হয় বস্ত্ৰ উদ্যোগসমূহ। কাপোৰ বোৱা অতি ক্ষুদ্ৰ মিল এটাৰ মালিক জেকব ফ্ৰয়েড এই সময়ত নতুনকৈ আৰম্ভ হোৱা ডাঙৰ মিল মালিকসকলৰ প্ৰতিযোগিতাৰ মাজত তিষ্ঠি থাকিব নোৱাৰিলে। জেকব পৰিয়াল এদিন ফ্ৰেবাৰ্গৰ পৰা স্থানান্তৰিত হ’ল ভিয়েনালৈ। তেতিয়া চিগ্‌মণ্ডৰ বয়স আছিল চাৰি বছৰ।

ফ্ৰয়েডসকল হ’ল ইহুদী জাতিৰ লোক। সেই সময়ছোৱাত জ্ঞান-বিজ্ঞানৰ প্ৰায়বোৰ ক্ষেত্ৰতে ভালে সংখ্যক ইহুদীলোকে চূড়ান্ত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা সত্ত্বেও অষ্ট্ৰিয়ান সকলৰ মাজত তেওঁলোকৰ সমাদৰ নাছিল। আছিল ঘৃণা আৰু ইহুদীবিৰোধী ইৰ্ষাৰ ভাব। ইহুদীসকলক প্ৰকাশ্যভাবে উপহাস কৰা হৈছিল। ৰাজহুৱা স্থানত অপমানিত কৰা হৈছিল। ডেকাকালত চিগ্‌মণ্ডৰ দেউতাক জেকবে যেনেকৈ এই ইহুদী বিৰোধী ভাবৰ চিকাৰ হৈ দুখ যাতনা ভোগ কৰিবলগীয়া হৈছিল, যুবক চিগ্‌মণ্ডো বাৰে বাৰে লাঞ্ছিত হৈছিল ইহুদী হৈ জন্ম হোৱাৰ ফলত। চিগ্‌মণ্ডক আৰ্য-ইউৰোপীয় সকলৰ এই ইহুদী বিদ্বেষ আৰু লগতে তেওঁ নিজে ভোগ কৰা লঘু লাঞ্ছনাই তেওঁৰ সংকল্পক কঠোৰ কৰি তুলিলে। ইহুদী হ’লেও-ইহুদী হৈও মানুহ হিছাপে তেওঁ আৰ্য-ইউৰোপীয় সকলৰ মাজত প্ৰমাণ কৰি দেখুৱাব তেওঁৰ শ্ৰেষ্ঠতা।

ইহুদী হিছাপে চিগ্‌মণ্ডে বাহিৰত যিমান সতৰ্কতা অৱলম্বন কৰিব লগা হৈছিল তাতকৈও অধিক সতৰ্ক হ’ব লগা হৈছিল ঘৰৰ ভিতৰত থকা সময়তহে। কিয়নো, এটা গোৰা ইহুদী পৰিয়ালৰ মুৰব্বীৰ ভূমিকাত দেউতাক জেকব ফ্ৰয়েডৰ কঠোৰ অনুশাসনৰ তলত চলিব লাগে পৰিয়ালৰ সকলো সদস্য। জেকবৰ কঠোৰ অনুশাসনে পৰিয়ালৰ সকলোৰে মনত এক ধৰণৰ সু-শৃঙ্খল নিয়মানুবৰ্তিতাৰ ভাব জগাই তুলিছিল। বিশেষকৈ সন্তানসকলৰ মাজত। সেইবাবে সৰুৰে পৰা চিগ্‌মণ্ডৰ মনত দেউতাকৰ প্ৰতি এক ভয়-মিহলি ভাল পোৱাৰ ভাবে ঠাই লৈছিল। সেইবাবে মাক আমেলীয়া ফ্ৰয়েড আৰু দেউতাক জেকব ফ্ৰয়েডৰ সৈতে থকা চিগ্‌মণ্ডৰ যি মানসিক সম্পৰ্ক সেই দুয়োটাৰে মাজত অনেক তফাত্‌ আছিল।

আঠ বছৰমান বয়সলৈকে চিগ্‌মণ্ডক দেউতাকে ঘৰতে পঢ়া-শুনা শিকাইছিল। খোজ কঢ়াৰ বাহিৰে চিগমণ্ডৰ আন কোনো খেলা-ধূলাৰ প্ৰতি আগ্ৰহ নাছিল। সৰুৰে পৰা কেৱল পঢ়া-শুনাতে অত্যন্ত আগ্ৰহী আছিল চিগ্‌মণ্ড। সকলো বিষয়ৰ পঢ়াতে তেওঁ প্ৰখৰ বুদ্ধি মত্তাৰ পৰিচয় দিব পাৰিছিল। সেই বয়সতে, পঢ়িবলৈ হাতত তুলি লোৱা যিকোনো ধৰণৰ এখন কিতাপৰ মাজত তেওঁ হেৰাই গৈছিল সম্পূৰ্ণভাৱে। আঠ বছৰ বয়সত তেওঁক ভিয়েনাৰ পাৰ্ল হাইস্কুলত ভৰ্তি কৰোৱা হয়। স্কুলৰ প্ৰথম পৰীক্ষাতে চিগ্‌মণ্ডে নিজ শ্ৰেষ্ঠতা প্ৰমাণ কৰি শ্ৰেণীৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰে আৰু ইয়াৰ পিছৰ আঠোটা বছৰে সেই স্কুলত সকলোবোৰ পৰীক্ষাতে তেওঁ সেই স্থান অটুট ৰাখে।

মাত্ৰ তেৰ বছৰ বয়সতে চিগ্‌মণ্ড আকৃষ্ট হয় জাৰ্মান সাহিত্য আৰু চেক্সপীয়েৰৰ ৰচনা সমূহৰ প্ৰতি। ১৪ বছৰ বয়সতেই পঢ়িবলৈ লয় হেগেল, চ’ফেনিয়াৰ, ফিক্টে, কাণ্ট আদিৰ দাৰ্শনিক ৰচনা সমূহ।

স্কুলীয়া শিক্ষা শেষ হোৱাৰ আগে আগে চিগ্‌মণ্ডে ভাবিছিল তেওঁ এজন দাৰ্শনিক হ’ব। কিন্তু স্কুলীয়া শিক্ষা সাং কৰি তেওঁ পঢ়িবলৈ ল’লে ডাক্তৰী।

ডাক্তৰী পঢ়িবৰ বাবে ভিয়েনা বিশ্ববিদ্যালয়ত ভৰ্তি হোৱাৰ লগে লগেই ফ্ৰয়েড পুনৰবাৰ জাতি বিদ্বেষৰ লক্ষ্য হৈ পৰে। অন্যান্য ইউৰোপীয় জাতিৰ শিক্ষক ছাত্ৰ সকলোৱেই ইহুদী চিগ্‌মণ্ডক নিকৃষ্ট জাতিৰ লোক বুলি গণ্য কৰি চিগ্‌মণ্ডৰ পৰা বিশেষ সন্মান দাবী কৰে। কিন্তু তেওঁলোকৰ এই অন্যায়পূৰ্ণ দাবী ফ্ৰয়েডে মানি নলয়। তেওঁ নিজকে ইহুদী বুলি আনতকৈ কোনো ক্ষেত্ৰতে নিকৃষ্ট বুলি ভাবিব নোৱাৰে।

কৰ্ম জীৱন[সম্পাদনা কৰক]

ভিয়েনা বিশ্ববিদ্যালয়ত তেওঁ সেইকালৰ বিখ্যাত শৰীৰ বিজ্ঞানী আনৰ্ষ্ট ব্ৰুকৰ সান্নিধ্য লাভ কৰে। আনৰ্ষ্ট ব্ৰুকে সেই সময়ত ভিয়েনা বিশ্ববিদ্যলয়ত শৰীৰ বিজ্ঞান বিষয়ত অধ্যাপনা কৰি থকাৰ লগতে বিষয়টোৰ ওপৰত গৱেষণাও চলাই আছিল। চিগ্‌মণ্ড ফ্ৰয়েডে ব্ৰুকৰ এই গৱেষণাৰ কামত সহায় কৰি দিছিল। কিন্তু বিজ্ঞানী ব্ৰুকৰ গৱেষণাৰ প্ৰতি ফ্ৰয়েডৰ মনোযোগ অধিক হৈ পৰাত তেওঁৰ বাকীবোৰ বিষয়ৰ পঢ়াত যথেষ্ট ব্যাঘাত জন্মে আৰু ইয়াৰ পৰিণতি হিছাপে ৫ বছৰৰ ভিতৰত শেষ কৰিবলগীয়া তেওঁ ডাক্তৰী শিক্ষা শেষ কৰোঁতে ৮ বছৰ সময় লাগে। বিশ্ববিদ্যালয়ৰ পৰা ডাক্তৰ হৈ ওলোৱাৰ পিছত ফ্ৰয়েডে ’ভিয়েনা জেনেৰেল হস্পিতেল’ত ’জুনিয়ৰ ৰেচিডেণ্ট ফিজিচিয়ান’ৰ চাকৰিত যোগদান কৰে। এই চিকিৎসালয়ত চাকৰি কৰি থকা অৱস্থাত তেওঁ প্ৰভাৱাম্বিত হয় আন এজন বিশ্ববিখ্যাত চিকিৎসা বিজ্ঞানী, মনস্তত্ত্ববিদ থিয়ড’ৰ মে’নাৰ্টৰ দ্বাৰা। এই প্ৰখ্যাত বিজ্ঞানীজনৰ তলত ফ্ৰয়েডে মানৱ শৰীৰৰ চেণ্ট্ৰেল নাৰ্ভাচ চিষ্টেম সম্পৰ্কে অধ্যয়ন কৰিবলৈ লয়।

ডাক্তৰী এটা পেচা হিছাপে লৈ জন-সেৱাৰ লগতে টকা উপাৰ্জন কৰিবৰ বাবে ফ্ৰয়েডে তেতিয়ালৈকে লাভ কৰা চিকিৎসা শাস্ত্ৰৰ জ্ঞানেই নিশ্চিতভাবে যথেষ্ট আছিল। পিছে তেওঁৰ জ্ঞানপিপাসা ইমানেই বেছি আছিল যে তেওঁ সেইখিনি শিক্ষা আহৰণতে সন্তুষ্ট নাথাকি স্নায়বিক ৰোগৰ ওপৰত অধিকতৰ জ্ঞান লভাৰ আশাৰে পেৰিচত বাস কৰা এই বিষয়ৰ বিশেষজ্ঞ জিন্‌ চাৰকতৰ ওচৰলৈ যায় ১৮৮৫ চনত।

স্নায়বিক ৰোগৰ বিশেষজ্ঞ আৰু গৱেষক জিন চাৰকতৰ লগত এবছৰ কাল কটাই ফ্ৰয়েডে ১৮৮৬ চনত ভিয়েনালৈ ঘূৰি আহে আৰু নিজাববীয়াকৈ অনুশীলন চলাবলৈ লোৱাৰ লগতে গৱেষণাৰ কামো আৰম্ভ কৰে।

চিকিৎসক হিচাপে কাম আৰম্ভ কৰাৰ লগে লগেই চিগ্‌মণ্ড ফ্ৰয়েড পুনৰ তীব্ৰ সমালোচনাৰ পাত্ৰ হৈ পৰে। ফ্ৰয়েডৰ চিকিৎসা পদ্ধতিত প্ৰয়োগ কৰা, তেওঁৰ শিক্ষক চাৰকত আৰু মেনাৰ্টৰ পৰা ইতিপূৰ্বে আহৰণ কৰা সন্মোহণী শক্তিৰ প্ৰয়োগৰ বাবে তেওঁক ভিয়েনা মেডিকেল চচাইটিয়ে ইনষ্টিটিউট অৱ চেৰিব্ৰেল এনাটমীৰ পৰা বহিৰ্ভূত কৰে। লগতে নিষিদ্ধ কৰে ফ্ৰ্য়েডৰ অনুশীলন। অৱশ্যে তৎসত্ত্বেও ফ্ৰয়েডৰ ওচৰলৈ ৰোগীৰ আহ-যাহ থাকে। ফ্ৰয়েডে এইসকল ৰোগীৰ চিকিৎসা চলাই থকাৰ লগতে তেওঁৰ গৱেষণাও বাহাল ৰাখে। এনেকৈ ১৮৯৫ চনত ফ্ৰয়েডে তেওঁৰ গৱেষণাৰ প্ৰথম ফলাফল প্ৰকাশ কৰে Studies in Hysteria নামৰ গ্ৰন্থত। এইগ্ৰন্থৰ বিষয়বস্তুৰে চিকিৎসা বিজ্ঞানৰ বুৰঞ্জীত সংযোজিত কৰে এক নতুন অধ্যায় মেডিকেল চাইক’লজি (Medical Psychology)

চিকিৎসাশাস্ত্ৰত ফ্ৰয়েডে উন্মোচন কৰা নতুন দিশটোৱে দেখুৱালে যে সকলোধৰণৰ স্নায়বিক অসুখৰ জন্মস্থান হ’ল মানুহৰ অৰ্দ্ধচেতন মন। সেয়ে এই ধৰণৰ অসুখৰ চিকিৎসা আৰু নিৰাময় কেৱল মনস্তাত্বিক বিশ্লেষণেৰেহে সম্ভৱ হ’ব পাৰে। এনেকৈয়ে চিকিৎসাশাস্ত্ৰত Psychoanalysis বা মনস্তাত্বিক বিশ্লেষণ পদ্ধতিয়ে স্থান লাভ কৰিলে।

চিগ্‌মণ্ড ফ্ৰয়েড আবিস্কৃত পৰৱৰ্তী কালৰ সূত্ৰসমূহ হ’ল - The Psychopathology of everyday life (1904). Wit and its relation to the unconscious আৰু Three contributions to the Theory of Sexuality (1905).

ইয়াৰ বাহিৰেও ১৯১৩ চনত ফ্ৰয়েডে ধৰ্মীয় অনুসন্ধানমূলক তেওঁৰ সৰ্বোৎকৃষ্ট ৰচনা টটেম এণ্ড টেবু(Totem and Tabu) প্ৰকাশ কৰে।

বিবাহ[সম্পাদনা কৰক]

১৮৮৬ চনৰ শেষৰ ফালে ফ্ৰয়েডে তেওঁৰেই চিকিৎসাধীন এগৰাকী মহিলা মাৰ্থা বাৰনেইজক বিয়া কৰায়।

মৃত্যু[সম্পাদনা কৰক]

ইতিমধ্যে জাৰ্মানীত নাজি শাসন আৰম্ভ হয় আৰু ইহুদী ফ্ৰয়েডৰ সকলোবোৰ ৰচনা জুইত পুৰি ভস্মীভূত কৰাৰ লগতে তেওঁৰ সকলোবোৰ সম্পত্তিও বাজেয়াপ্ত কৰা হয়। অকল ইয়াতেই ক্ষান্ত নাথাকি নাজি প্ৰশাসনে ফ্ৰয়েডৰ পৰা কুৰি হাজাৰ পাউণ্ডৰ জৰিমনা দাবী কৰে। ফ্ৰয়েডৰ প্ৰশংসক গ্ৰীচৰ যুৱৰাজ জৰ্জে ফ্ৰয়েডৰ হৈ নাজি শাসকক এই টকা দিয়ে।

১৯৩৮ চনৰ ৪ জুনত ফ্ৰয়েডে লণ্ডনত উপস্থিত হয়। ইয়াৰ পোন্ধৰ মাহৰ পিছত ১৯৩৯ চনৰ ২৩ ছেপ্তেম্বৰ তাৰিখে ৮৩ বছৰ বয়সত তেখেতৰ মৃত্যু হয়।[5][6][7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. doi:10.1098/rsbm.1941.0002
    This citation will be automatically completed in the next few minutes. You can jump the queue or expand by hand
  2. Ford & Urban 1965, p. 109
  3. "Digitized Birth Records of Freiberg (Zemský archiv v Opavě)". digi.archives.cz. https://digi.archives.cz/da/permalink?xid=be85d01a-f13c-102f-8255-0050568c0263&scan=3196614d700349279f6de3a8330b224a। আহৰণ কৰা হৈছে: 18 July 2021. 
  4. "Sigmund Freud | Biography, Theories, Works, & Facts". Encyclopedia Britannica. https://www.britannica.com/biography/Sigmund-Freud. 
  5. Lacoursiere, Roy B. (2008). "Freud's Death: Historical Truth and Biographical Fictions". American Imago খণ্ড 65 (1): 107–28. doi:10.1353/aim.0.0003. 
  6. Gay 2006, pp. 650–51
  7. "Index entry". ONSFreeBMD. http://www.freebmd.org.uk/cgi/information.pl?cite=1i7bxu%2FFMHIpo2b6nEloZg&scan=1। আহৰণ কৰা হৈছে: 2 September 2016. 

গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

আধুনিক বিশ্বৰ এশগৰাকী মহান ব্যক্তি: সম্পাদনা-কনকসেন ডেকা।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]