সমললৈ যাওক

চিটি লাইটছ (২০১৪ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিটি লাইটছ

পোষ্টাৰ
পৰিচালক হনছল মেহতা
ভিত্তি মেট্ৰো মেনিলা
প্ৰযোজক মুকেশ ভাট
অভিনয়ত ৰাজকুমাৰ ৰাও
পাত্ৰলেখা
মুক্তি
৩০ মে' ২০১৪ (2014-05-30)
দৈৰ্ঘ্য
১১৯ মিনিট[1]
দেশ ভাৰত
ভাষাসমূহ হিন্দী
Rajasthani
বাজেট 90 million
সৰ্বমুঠ আয় 790 million

চিটি লাইটছ (ইংৰাজী: City Lights) ২০১৪ চনৰ হনছল মেহতা পৰিচালিত এখন ভাৰতীয় নাট্যধৰ্মী ছবি, য'ত ৰাজকুমাৰ ৰাও আৰু অভিনেত্ৰী পাত্ৰলেখাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ই বাফটাৰ বাবে মনোনীত ব্ৰিটিছ ছবি “মেট্ৰ' মেনিলা”ৰ (২০১৩) পুনৰ্নিৰ্মাণ।[2] মহেশ ভাট আৰু মুকেশ ভাটৰ সহযোগত ফক্স ষ্টাৰ ষ্টুডিঅ'ই এই ছবিখন প্ৰস্তুত কৰিছিল।[3]


কাহিনীটোত ৰাজস্থানৰ এজন দুখীয়া কৃষকে পত্নী আৰু জীয়াৰী সহ, জীৱিকাৰ সন্ধানত মুম্বাইলৈ অহাৰ কথা কোৱা হৈছে। তাত তেওঁৰ পত্নীয়ে নাইট ক্লাবত কাম কৰা এজন এস্কৰ্টক লগ পায়, যিয়ে তেওঁলোকক এটা অট্টালিকাত অস্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰে আৰু তেওঁ চাকৰি নোপোৱালৈকে পত্নীক বাৰ ডান্সাৰ হিচাপে কাম কৰিবলৈ পতিয়ন নিয়ায়।[4] ২০১৪ চনৰ ৩০ মে'ত মুক্তি পোৱা ছবিখনে বেছিভাগ সমালোচকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰে। মাত্ৰ ৩৫০ খন পৰ্দাত মুক্তি পোৱাৰ পিছতো চিটিলাইটছৰ উৎপাদন খৰচ কম হোৱা আৰু বক্স অফিচত সামঞ্জস্যপূৰ্ণ সংগ্ৰহৰ বাবে সফলতা লাভ কৰে।[5]

নিৰ্মাণ

[সম্পাদনা কৰক]

চিটিলাইটছ অভিনেত্ৰী অন্বিতা পালৰ প্ৰথম ছবি, যি তেওঁৰ পৰ্দা নাম পাত্ৰলেখাৰ দ্বাৰা পৰিচিত। যিহেতু অন্বিতাৰ মুখ্য অভিনেতা ৰাজকুমাৰ ৰাওৰ সৈতে সম্পৰ্ক আছিল, সেয়েহে ট্ৰেইলাৰ মুক্তি নোপোৱালৈকে প্ৰডাকচন হাউছে তেওঁৰ নাম প্ৰকাশ কৰা নাছিল। যেতিয়া প্ৰেছে মুখ্য অভিনেত্ৰীগৰাকীৰ বিষয়ে প্ৰশ্ন কৰি থাকিল, তেতিয়া ছবি নিৰ্মাতাসকলে এই প্ৰশ্নটো এৰাই চলে।[6]

ছবিখন প্ৰথমে ২০১৪ চনৰ ১ মে'ত মুক্তি পোৱাৰ কথা আছিল যদিও ৩০ মে'লৈকে পিছুওৱা হয়।[9] ৫ মে'ত মুম্বাইৰ এটা অনুষ্ঠানত ২৬ মিনিটৰ ফুটেজৰ প্ৰিভিউ কৰা হৈছিল।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]