সমললৈ যাওক

চিডনী চুইনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিডনী চুইনী
২০২৪ চনৰ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চুইনী
২০২৪ চনত চুইনী
জন্ম চিডনী বাৰ্নিচ চুইনী
১২ ছেপ্টেম্বৰ, ১৯৯৭ (২৮ বছৰ)
স্পোকেন, ৱাশ্বিংটন, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা অভিনেত্ৰী, প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ২০০৯–বৰ্তমান
স্বাক্ষৰ

চিডনী বাৰ্নিচ চুইনী (ইংৰাজী: Sydney Bernice Sweeney; জন্ম: ১২ ছেপ্টেম্বৰ, ১৯৯৭)[1] এগৰাকী আমেৰিকান অভিনেত্ৰী। ২০১৮ চনত এভ্ৰিথিং চাক্স! , দ্য হেণ্ডমেইডছ টেল আৰু শ্বাৰ্প অবজেক্টছত কৰা অভিনয়ৰ জৰিয়তে তেওঁ প্ৰাৰম্ভিক স্বীকৃতি লাভ কৰিছিল। ড্ৰামা ধাৰাবাহিক ইউফ’ৰিয়া (২০১৯–বৰ্তমান) আৰু এনথ’লজী ধাৰাবাহিক দ্য হোৱাইট লটাছৰ প্ৰথম ছিজন (২০২১)ত কৰা অভিনয়ৰ বাবে তেওঁ অধিক প্ৰশংসা লাভ কৰে। এই দুয়োখন ধাৰাবাহিকৰ বাবে তেওঁ প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন লাভ কৰিছিল।[2][3]

চলচ্চিত্ৰৰ ক্ষেত্ৰত চুইনীয়ে ড্ৰামা ছবি ৰিয়েলিটী (২০২৩) আৰু জীৱনীমূলক ছবি ক্ৰীষ্টি (২০২৫)ত পেছাদাৰী বক্সাৰ ক্ৰীষ্টি মাৰ্টিনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ বক্স অফিচত সফলতা লাভ কৰা ছবি এনিৱান বাট ইউ (২০২৩) আৰু দ্য হাউচমেইড (২০২৫)ত অভিনয় কৰিছে। তেওঁৰ আন উল্লেখযোগ্য ছবিসমূহ হ'ল ৱান্স আপন এ টাইম ইন হলিউড (২০১৯), মেডাম ৱেব (২০২৪) আৰু ইমেকুলেট (২০২৪)।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

চিডনী বাৰ্নিচ চুইনীৰ জন্ম হৈছিল ১৯৯৭ চনৰ ১২ ছেপ্টেম্বৰত ৱাশ্বিংটনৰ স্পোকেনত।[1][4] তেওঁৰ মাতৃ এগৰাকী প্ৰাক্তন ফৌজদাৰী বিৰোধী অধিবক্তা আৰু পিতৃ আতিথ্য উদ্যোগৰ সৈতে জড়িত।[5] তেওঁৰ ট্ৰেণ্ট নামৰ এজন ভাতৃ আছে যিয়ে ২০২০ চনত বায়ুসেনাত যোগদান কৰিছিল।[6] চুইনী আইডাহ’ পেনহেণ্ডলৰ ৱাশ্বিংটন সীমান্তৰ এটা গ্ৰাম্য হ্ৰদৰ পাৰৰ ঘৰত ডাঙৰ-দীঘল হৈছিল, য’ত তেওঁলোকৰ পৰিয়ালে পাঁচ পুৰুষ ধৰি বাস কৰি আহিছে।[7] তেওঁ জনোৱা মতে তেওঁৰ পৰিয়ালটো ধৰ্মপৰায়ণ।[8] চুইনীয়ে স্পোকেনৰ চেণ্ট জৰ্জ স্কুলত পঢ়া-শুনা কৰিছিল।[9] তেওঁ বিভিন্ন ক্ৰীড়াৰ সৈতে সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ কৈছে, "মই প্ৰতিটো সম্ভৱপৰ ক্ৰীড়াৰ সৈতে জড়িত আছিলোঁ... মই ফুটবল দল, বেছবল দল, স্ন’ স্লাম স্কাই দলত আছিলোঁ আৰু মই ৱেকব’ৰ্ডিং কৰিছিলোঁ।" চুইনীয়ে কৈছিল যে সৰু থাকোঁতে এটা ৱেকব’ৰ্ডিং দুৰ্ঘটনাত তেওঁৰ চকুৰ কাষত আঘাত পাইছিল, যাৰ দাগ আজিও আছে।[7] ইয়াৰ উপৰি তেওঁ টাইকোৱাণ্ডো, জুজিৎসু, গ্ৰেপলিং আৰু কিকবক্সিং আদি যুদ্ধ ক্ৰীড়াত অংশগ্ৰহণ কৰিছিল।[10] চুইনীয়ে জনাইছিল যে পাঁচ বছৰ বয়সৰপৰাই তেওঁ নিজৰ হাইপাৰএ্যাক্টিভিটি (অধিক সক্ৰিয়তা) নিয়ন্ত্ৰণ কৰাত সহায়ক হোৱাকৈ যুদ্ধ ক্ৰীড়াৰ অনুশীলন আৰম্ভ কৰিছিল।[11]

স্পোকেন অঞ্চলত দৃশ্যগ্ৰহণ চলি থকা এখন স্বতন্ত্ৰ ছবিত অতিৰিক্ত শিল্পী হিচাপে অডিচন দিয়াৰ পাছতে চুইনী অভিনয়ৰ প্ৰতি আগ্ৰহী হৈ পৰে।[9] তেওঁক অভিনয় জগতত প্ৰৱেশৰ অনুমতি দিবলৈ পিতৃ-মাতৃক পতিয়ন নিয়াবলৈ তেওঁ তেওঁলোকৰ সন্মুখত এখন পাঁচবছৰীয়া ব্যাৱসায়িক পৰিকল্পনা দাঙি ধৰিছিল। চুইনীয়ে চিয়াটল আৰু পৰ্টলেণ্ডত বিজ্ঞাপনৰ বাবে অডিচন দিবলৈ আৰম্ভ কৰে য’ত তেওঁলোকৰ পৰিয়ালটোৱে অস্থায়ীভাৱে বসবাস কৰিছিল। অৱশেষত ১৩ বছৰ বয়সত তেওঁলোক লছ এঞ্জেলছলৈ স্থানান্তৰিত হয়।[12] হাইস্কুলত থাকোঁতে চুইনী ৰবটিক্স দল আৰু গণিত ক্লাবৰ সদস্য আছিল। তেওঁ নিজৰ শ্ৰেণীৰ ভেলিডিক্টোৰিয়ান (শ্ৰেষ্ঠ স্নাতক) হিচাপে উৰ্তীণ হৈছিল।[13]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

চুইনীয়ে ২০১৮ চনত ব্যৱসায়ী জনাথন ডাভিনোৰ সৈতে ডেটিং আৰম্ভ কৰিছিল আৰু ২০২২ চনত তেওঁলোকৰ বাগদান সম্পন্ন হয়।[14][15][16] তেওঁলোকে একেলগে চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল (যাৰ ভিতৰত এনিৱান বাট ইউ আৰু ইমেকুলেট অন্যতম) আৰু চুইনীয়ে ডাভিনোক তেওঁৰ প্ৰডাকচন পাৰ্টনাৰ বুলি গণ্য কৰিছিল।[16] ২০২৫ চনৰ আৰম্ভণিতে তেওঁলোকৰ বিচ্ছেদ ঘটে।[17] ২০২৫ চনৰ মাজভাগত তেওঁ ব্যৱসায়ী তথা সংগীত কাৰ্যবাহী স্কুটাৰ ব্ৰাউনৰ সৈতে ডেটিং আৰম্ভ কৰে।[18]

চুইনী এজন অটোম’বাইল অনুৰাগী। তেওঁ এখন ১৯৬৯ চনৰ ফৰ্ড ব্ৰংকো আৰু এখন ১৯৬৫ চনৰ ফৰ্ড মাষ্টাং মেৰামতি কৰি পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিছে। ইয়াৰ উপৰি তেওঁৰ ককাকৰপৰা উপহাৰ হিচাপে পোৱা অৰিজিনেল পেটিনা থকা এখন ১৯৫৬ চনৰ ফৰ্ড এফ-১০০ও আছে।[19][20] ফৰ্ড মটৰ কোম্পানীৰ সৈতে তেওঁৰ অংশীদাৰিত্বৰ অংশ হিচাপে চুইনীয়ে এটা কাষ্টম ২০২৪ মাষ্টাং ডিজাইন কৰিছিল।[21]

২০ ২০২১ চনত চুইনীয়ে লছ এঞ্জেলছত ৩ মিলিয়ন ডলাৰত এটা ৩২০০ বৰ্গফুটৰ টিউডৰ-ষ্টাইলৰ ঘৰ কিনিছিল।[22] ২০২৩ চনত তেওঁ লছ এঞ্জেলছৰ বেল এয়াৰ চুবুৰিত ৯.৯ মিলিয়ন ডলাৰৰ এটা বিশাল অট্টালিকা কিনিছিল আৰু ২০২৪ চনত ফ্ল’ৰিডা কীজত ১৩.৫ মিলিয়ন ডলাৰৰ এটা ঘৰ কিনিছিল।[22]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Hebert, Olivia (September 18, 2023). "Sydney Sweeney shares photos from '80s prom-themed birthday bash". The Independent. https://www.independent.co.uk/life-style/sydney-sweeney-birthday-party-theme-prom-b2413730.html আহৰণ কৰা হৈছে: March 2, 2024.
  2. Emmy Awards (July 12, 2022). "Outstanding Supporting Actress In A Drama Series – 2022". Television Academy. https://www.emmys.com/awards/nominees-winners/2022/outstanding-supporting-actress-in-a-drama-series আহৰণ কৰা হৈছে: July 12, 2022.
  3. Emmy Awards (July 12, 2022). "Outstanding Supporting Actress In A Limited Or Anthology Series Or Movie – 2022". Television Academy. https://www.emmys.com/awards/nominees-winners/2022/outstanding-supporting-actress-in-a-miniseries-or-a-movie আহৰণ কৰা হৈছে: July 12, 2022.
  4. Sweeney, Sydney (February 5, 2021). Machine Gun Kelly and Sydney Sweeney Take The Co-Star Test. BuzzFeed Celeb. Event occurs at 4:46. Retrieved January 7, 2025 via YouTube.
  5. D'Addario, Daniel (August 9, 2023). "Sydney Sweeney Takes Control: The 'Euphoria' Star on 'Feeling Beat Up' by Online Rumors and Proving People Wrong in Her Producer Era". Variety. https://variety.com/2023/tv/features/sydney-sweeney-not-typecast-cassie-reality-white-lotus-interview-1235688915/ আহৰণ কৰা হৈছে: August 9, 2023.
  6. "Who is Sydney Sweeney's brother Trent Sweeney?". GTV News. August 8, 2025. https://gtvnewshd.com/biography/2025/08/08/who-is-sydney-sweeneys-brother-trent-sweeney আহৰণ কৰা হৈছে: January 2, 2026.
  7. 1 2 Harrison, Ellie (January 20, 2022). "Sydney Sweeney: 'I'm proud of Euphoria but no one talks about it because I got naked'". The Independent. https://www.the-independent.com/arts-entertainment/tv/features/sydney-sweeney-white-lotus-euphoria-b1997058.html.
  8. Tinnin, Drew (August 14, 2018). "Interview: Sydney Sweeney on ALONG CAME THE DEVIL and UNDER THE SILVER LAKE". Dread Central. https://www.dreadcentral.com আহৰণ কৰা হৈছে: July 29, 2022.
  9. 1 2 Epperly, Emma (February 3, 2020). "Actress Sydney Sweeney returns home to Spokane for fan visit at middle school". The Spokesman-Review (Spokane, Washington). https://www.spokesman.com/stories/2020/feb/03/actress-sydney-sweeney-return-home-to-spokane-for-/.
  10. Ford, Rebecca (September 4, 2025). "Sydney Sweeney Gave Everything to 'Christy': "We Are Actually Punching Each Other"" (en-US ভাষাত). Vanity Fair. https://www.vanityfair.com/hollywood/story/sydney-sweeney-christy-interview-american-eagle আহৰণ কৰা হৈছে: September 10, 2025.
  11. Graham, Matthew (September 13, 2024). "Sydney Sweeney's secret sports passion is scary intimidating". Sports Illustrated. https://www.si.com/onsi/athlete-lifestyle/news/sydney-sweeney-secret-sports-passion-scary-intimidating আহৰণ কৰা হৈছে: September 14, 2025.
  12. Sweeney, Sydney (June 24, 2019). Interview. "Sydney Sweeney Talks About The HBO Series, "Euphoria"". AOL Build Series. https://www.youtube.com/watch?v=mCveID9lSFE আহৰণ কৰা হৈছে: January 21, 2022.
  13. Sydney Sweeney (January 25, 2024). Sean Evansৰ সৈতে সাক্ষাৎকাৰ. "Sydney Sweeney Endures a Nightmare While Eating Spicy Wings". Hot Ones. https://www.youtube.com/watch?v=a9ZhleGV4Qc আহৰণ কৰা হৈছে: January 28, 2024.
  14. Maria, Linda (January 1, 2023). "Who Is Sydney Sweeney's Fiancé? All About Jonathan Davino". The Fashion Enthusiast. https://thefashionenthusiast.uk আহৰণ কৰা হৈছে: January 2, 2024.
  15. Radloff, Jessica (December 19, 2023). "Sydney Sweeney is the moment". Glamour UK. https://www.glamourmagazine.co.uk আহৰণ কৰা হৈছে: December 20, 2023.
  16. 1 2 Aizin, Rebecca (April 1, 2025). "Who Is Sydney Sweeney's Fiancé? All About Jonathan Davino". Peoplemag. https://people.com আহৰণ কৰা হৈছে: April 17, 2024.
  17. Spencer-Elliott, Lydia (March 28, 2025). "Sydney Sweeney 'calls off wedding' after 'major issues' with fiancé" (en ভাষাত). The Independent. https://www.the-independent.com আহৰণ কৰা হৈছে: March 29, 2025.
  18. Bailey, Alyssa (November 4, 2025). "Sydney Sweeney's Romance With Scooter Braun Is 'Getting Serious'—To Their Own Surprise". Elle (Louis Hachette Group). https://www.elle.com আহৰণ কৰা হৈছে: February 4, 2026.
  19. McElmeel, Chris (July 30, 2025). "It's Gearhead Euphoria In Sydney Sweeney's Garage" (en ভাষাত). HotCars. https://www.hotcars.com আহৰণ কৰা হৈছে: August 4, 2025.
  20. Farah, Lynn (June 11, 2024). "Inside Euphoria star Sydney Sweeney's love of classic cars" (en ভাষাত). South China Morning Post. https://www.scmp.com আহৰণ কৰা হৈছে: August 4, 2025.
  21. Ottley, Stephen (January 31, 2024). "Meet the Hollywood star who loves cars". torquecafe.com. https://torquecafe.com আহৰণ কৰা হৈছে: October 29, 2024.
  22. 1 2 Gunther, Erik (June 6, 2024). "Sydney Sweeney Buys a $13.5M Retreat in the Florida Keys". Realtor.com. https://www.realtor.com আহৰণ কৰা হৈছে: August 2, 2025.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]