চিণ্ডি মেৰিনা
| চিণ্ডি মেৰিনা | |
|---|---|
| জন্ম | চিণ্ডি নিকোলি মেৰিনা জুলাই ১৮ , ১৯৯৮ (২৮ বছৰ) চিকাগো, ইলিনয়, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| শিক্ষানুষ্ঠান | ইউনিভাৰ্চিটি অৱ চাউদাৰ্ণ কেলিফৰ্ণিয়া |
| উচ্চতা | ৫ ফুট ১১ ইঞ্চি (১.৮০ মিটাৰ) |
| দাম্পত্যসঙ্গী | গেনাৰ টোপাল্লী (বি. ২০২৫) [1] |
| 'Beauty pageant titleholder' | |
| Title | মিছ ইউনিভাৰ্ছ আলবেনিয়া ২০১৯ |
| Hair color | সোণালী (Blonde) |
| Eye color | সেউজীয়া |
| Major competition(s) |
মিছ ইউনিভাৰ্ছ আলবেনিয়া ২০১৯ (বিজেতা) মিছ ইউনিভাৰ্ছ ২০১৯ (শীৰ্ষ ২০) |
চিণ্ডি মেৰিনা (ইংৰাজী: Cindy Marina; জন্ম: ১৮ জুলাই ১৯৯৮) এগৰাকী আলবেনিয়ান-আমেৰিকান টেলিভিছন পৰিচালিকা, মডেল, প্ৰাক্তন ভলীবল খেলুৱৈ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ আলবেনিয়া ২০১৯ৰ মুকুট পিন্ধিছিল। তেওঁ মিছ ইউনিভাৰ্ছ ২০১৯ প্ৰতিযোগিতাত আলবেনিয়াক প্ৰতিনিধিত্ব কৰিছিল আৰু শীৰ্ষ ২০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল। মডেলিং আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ বাহিৰে মেৰিনা আলবেনিয়াৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলৰ এগৰাকী ছেটাৰ আছিল আৰু চাউদাৰ্ণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ত ইউ. এছ. চি. ট্ৰ'জান মহিলা ভলীবল দলৰ হৈও খেলিছিল।
২০২১ চনৰপৰা মেৰিনা আলবেনিয়া আৰু কছ’ভ’ত সম্প্ৰচাৰিত ছিৰী এ ফুটবল মেচসমূহৰ পৰিচালিকা হিচাপে কৰ্মৰত হৈ আছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]মেৰিনাৰ জন্ম চিকাগোৰ ইলিনয়ত হৈছিল। তেওঁৰ পিতৃ-মাতৃ আৰ্ডিয়ান আৰু ক্ৰিষ্টিনা মেৰিনা আলবেনিয়াৰ স্কোড্ৰাৰ নিবাসী আছিল।[2] চুণ্ডি ক্ৰফৰ্ডৰ নামেৰে তেওঁৰ নাম ৰখা হৈছিল। তেওঁৰ পিতৃয়ে আলবেনিয়াত কলেজীয়া ফুটবল খেলিছিল আৰু মাতৃ আলবেনিয়া তথা ইটালীৰ এগৰাকী পেছাদাৰী ভলীবল খেলুৱৈ আছিল।[3] তেওঁ পৰিয়ালৰ তিনিটা সন্তানৰ ভিতৰত দ্বিতীয় আৰু একমাত্ৰ কন্যা।[4]
মেৰিনাৰ সাত বছৰ বয়সত তেওঁলোকৰ পৰিয়ালটো চিকাগোৰপৰা কেলিফৰ্ণিয়াৰ টেমিকুলালৈ স্থানান্তৰিত হয়। তেওঁ টেমিকুলাৰ গ্ৰেট ওক হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল আৰু ২০১৬ চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।[2] হাইস্কুলৰ শিক্ষা শেষ কৰি মেৰিনাই উত্তৰ কেৰোলিনাৰ ডাৰহামত থকা ডিউক বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে যদিও দ্বিতীয় বৰ্ষত কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত থকা চাউদাৰ্ণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়লৈ বদলি হয় আৰু ২০২০ চনত স্নাতক ডিগ্ৰী লাভ কৰে।[3] তেওঁ পাই বিটা ফাই (ΠΒΦ) নামৰ ছাত্ৰী সন্থাৰ (sorority) এগৰাকী সদস্য।[5]
ভলীবল
[সম্পাদনা কৰক]মেৰিনাই শৈশৱৰেপৰাই ভলীবল খেলিবলৈ আৰম্ভ কৰিছিল। তেওঁ নিজৰ হাইস্কুলৰ দলৰ এগৰাকী ছেটাৰ আছিল আৰু ফোৰ্জা১ ক্লাৱত ভলীবল খেলিছিল, য’ত তেওঁৰ মাতৃয়ে প্ৰশিক্ষক হিচাপে কাম কৰিছিল। ইয়াৰ উপৰি তেওঁ ভলীবলত 'গেটৰেড প্লেয়াৰ অৱ দ্য ইয়াৰ' বঁটাৰ বাবে কেলিফৰ্ণিয়া ৰাজ্যিক মনোনীত প্ৰাৰ্থী আছিল। হাইস্কুলৰ শিক্ষা সমাপ্ত কৰাৰ পাছত মেৰিনাই 'ডিউক ব্লু ডেভিলছ' মহিলা ভলীবল দলত যোগদান কৰে আৰু 'এটলাণ্টিক ক’ষ্ট কনফাৰেন্স' অল-ফ্ৰেছমেন দলত স্থান লাভ কৰে। দ্বিতীয় বৰ্ষত মেৰিনাই ডিউক বিশ্ববিদ্যালয় ত্যাগ কৰি 'ইউ.এছ.চি. ট্ৰ’জান' মহিলা ভলীবল দলৰ হৈ খেলিবলৈ আৰম্ভ কৰে।[3]
মেৰিনাই ২০১৫ চনত আলবেনিয়াৰ মহিলা ৰাষ্ট্ৰীয় ভলীবল দলত যোগদান কৰে আৰু হাংগেৰীত অনুষ্ঠিত ২০১৮ চনৰ 'ৱিমেনছ ইউৰোপীয়ান ভলীবল লীগ'ত ছিলভাৰ লীগত দলটোক তৃতীয় স্থান লাভ কৰাত নেতৃত্ব দিয়ে।[3] ১৭ বছৰ বয়সতে মেৰিনা আলবেনিয়াৰ ৰাষ্ট্ৰীয় দলৰ হৈ খেলা সৰ্বপ্ৰথম আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Redaksia (14 September 2025). "Cindy Marina dhe Genar Topalli kurorëzojnë dashurinë në martesë: Sot nis një kapitull i ri! Morëm bekimin e Papës". Shqiptarja.com. https://shqiptarja.com/lajm/cindy-marina-dhe-genar-topalli-kurorezojne-dashurine-ne-martese-sot-nis-nje-kapitull-i-ri-morem-bekimin-e-papes-qe-e-shnderron-kete-cast-ne-nje-kujtim-te-perjetshem। আহৰণ কৰা হৈছে: 2025-09-17.
- 1 2 "Kristina Marina Biography". Forza1 Volleyball. Archived from the original on December 8, 2019. https://web.archive.org/web/20191208180812/https://www.forza1volleyball.com/page/show/2973194-kristina-marina। আহৰণ কৰা হৈছে: June 7, 2019.
- 1 2 3 4 "CINDY MARINA". University of Southern California. Archived from the original on January 26, 2019. https://web.archive.org/web/20190126190435/https://usctrojans.com/roster.aspx?rp_id=10292। আহৰণ কৰা হৈছে: June 7, 2019.
- ↑ "Angelo Marina - Men's Soccer". https://usdtoreros.com/sports/mens-soccer/roster/angelo-marina/2646.
- ↑ "USC Volleyball #9 / Albanian National Team / Pi Phi👼🏼". Cindy Marina. https://www.instagram.com/cindymarinaa/। আহৰণ কৰা হৈছে: June 7, 2019.