চিণ্ডেৰেলা
| চিণ্ডেৰেলা | |
|---|---|
| পৰিচালক | ফ্ৰিটজ জেনচো |
| ৰচনা |
|
| প্ৰযোজক | ফ্ৰিটজ জেনচো |
| অভিনয়ত |
|
| চিত্ৰগ্ৰহণকাৰী | গৰহাৰ্ড হাটুলা |
| সম্পাদনা | এলবাৰ্ট বাউমেইষ্টাৰ |
| সংগীত পৰিচালক | ৰিচাৰ্ড ষ্টুচ |
প্ৰযোজনা কোম্পানী |
ফ্ৰিটজ জেনচো ফিল্মছ |
মুক্তি |
৪ ছেপ্টেম্বৰ ১৯৫৫ |
দৈৰ্ঘ্য |
৭২ মিনিট |
| দেশ | পশ্চিম জাৰ্মানী |
| ভাষা | জাৰ্মান |
চিণ্ডেৰেলা (জাৰ্মান: Aschenputtel) হ’ল ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত এখন পশ্চিম জাৰ্মান পৰিয়ালকেন্দ্ৰিক চলচ্চিত্ৰ। ফ্ৰিটজ জেনচোৰ দ্বাৰা পৰিচালিত এই ছবিখনত ৰীতা-মাৰিয়া নৱোটনি, ৰেনী ষ্টোব্ৰাৱা আৰু ৱাৰ্নাৰ ষ্টকে অভিনয় কৰিছে। এইখন চাৰ্লছ পেৰল্ট আৰু ব্ৰাদাৰ্ছ গ্ৰিমৰ একে নামৰ সাধুকথাৰ ওপৰত আধাৰিত। [1]
কাহিনী
[সম্পাদনা কৰক]এখন সুদূৰ ৰাজ্যত মাৰ্গাৰেট নামৰ এগৰাকী ধুনীয়া গাভৰুৱে তাইৰ নিষ্ঠুৰ মাহী মাক আৰু দুগৰাকী নষ্ট চৰিত্ৰৰ মাহী-ভনীৰ সৈতে বাস কৰে। ৰাজ্যৰ ৰাজকুমাৰে পত্নী বিচাৰি এটা বল ডান্সৰ আয়োজন কৰে। মাৰ্গাৰেটে তাত অংশগ্ৰহণ কৰিব বিচাৰে, কিন্তু তাইৰ পৰিয়ালৰ লোকে তাইক অতি কুৎসিত আৰু মূৰ্খ বুলি ভাবে আৰু তাইক কেৱল এজনী “চিণ্ডেৰেলা” বুলিহে মাতে। অৱশ্যে, এগৰাকী দয়ালু পৰীৰ হস্তক্ষেপে মাৰ্গাৰেটক ৰাজকুমাৰৰ সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সহায় কৰে। ৰাজকুমাৰ মাৰ্গাৰেটক লগ পাই বিমোহিত হৈ পৰে, কাৰণ তাই আছিল ৰাজ্যৰ একমাত্ৰ মহিলা যাৰ মাজত অন্তৰৰ সৌন্দৰ্যৰ আধ্যাত্মিক গুণ আছিল। ৰাজকুমাৰে নিজৰ ইচ্ছা ঘোষণা কৰাৰ আগতেই মাৰ্গাৰেটে তাৰ পৰা পলাই যায়; তাই কেৱল নিজৰ পাদুকাযোৰ (slipper) এৰি থৈ যায়। ৰাজকুমাৰে গোটেই ৰাজ্যজুৰি সেই সৰু ভৰিখনৰ সন্ধান কৰে যাৰ সৈতে পাদুকাযোৰ খাপ খায়; আনকি কিছুমান মহিলাই ৰাজকুমাৰক প্ৰতাৰণা কৰিবলৈ নিজৰ ডাঙৰ ভৰি দুখন কাটিবলৈও কুণ্ঠাবোধ কৰা নাছিল। অৱশেষত ৰাজকুমাৰে মাৰ্গাৰেটক বিচাৰি পায় আৰু তাইক নিজৰ “চিণ্ডেৰেলা” হ’বলৈ কয়। ইয়াৰ পিছত এক বিশাল বিবাহ অনুষ্ঠান অনুষ্ঠিত হয় আৰু সাধুকথাৰ সেই দম্পতীটোৱে আজীৱন সুখী জীৱন অতিবাহিত কৰে।
পটভূমি
[সম্পাদনা কৰক]১৯৫৫ চনৰ ১১ জুলাইৰ পৰা ৮ আগষ্টলৈ বাৰ্লিন-ৱানচিৰ এটা ষ্টুডিঅ'ত ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল।[2] ৰাজকুমাৰৰ দুৰ্গটো পিকক আইলেণ্ডত অৱস্থিত। আনহাতে চাৰ্লটেনবাৰ্গ পেলেচ, গ্ৰুনেৱাল্ড চিকাৰ শিবিৰ, গ্লিনিক ভল্কচপাৰ্ক আৰু ইমানুৱেল হাস্পতালত অন্যান্য আউটডোৰ শ্বট লোৱা হৈছিল। ৱালডেমৰ ভল্কমাৰে চলচ্চিত্ৰখনৰ চেটসমূহ নিৰ্মাণ কৰিছিল। প্ৰযোজক, পৰিচালক তথা লেখক ফ্ৰিটজ জেনচো নিজেই প্ৰডাকচন মেনেজাৰো আছিল।[3]
অভিনয় শিল্পী
[সম্পাদনা কৰক]- ৰীতা-মাৰিয়া নৱোটনি: অচেনপুটেল / চিণ্ডেৰেলাৰ চৰিত্ৰত
- ৰেনী ষ্টোব্ৰাৱা: গুটে ফী / ধৰ্মমাতা পৰীৰ চৰিত্ৰত
- এনে ব্ৰুক: মাহী মাকৰ চৰিত্ৰত
- ৰেনেট ফিচাৰ: মাহী-ভনীৰ চৰিত্ৰত
- ফ্ৰিটজ জেনচো: দেউতাকৰ চৰিত্ৰত
- ৰুডিগাৰ লিচটি: ৰাজকুমাৰৰ চৰিত্ৰত
- ৱাৰ্নাৰ ষ্টক
- হাৰ্বাৰ্ট ৱাইচবাচ
- জোয়াচিম ৰডেল
- জিচেলা শ্বাউৰথ
- এৰিকা পেট্ৰিক
- আন্নি মাৰ্লে
- আলী ৱনকা
- ৰেজিন বিৰ্কনাৰ
- হেনিং শ্লুটাৰ
- জুগেণ্ডচৰ ডেৰ হোচচুলে ফুৰ মিউজিক: যুৱ গায়ক দল হিচাপে
- মাৰিয়া অক্সট: মাহী-ভনীৰ চৰিত্ৰত
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Zipes p.424
- ↑ "Sigrid Jahns. <italic>Frankfurt, Reformation und Schmalkaldischer Bund: Die Reformations-, Reichs-, und Bündnispolitik der Reichsstadt Frankfurt am Main, 1525–1536</italic>. (Studien zur Frankfurter Geschichte, number 9.) Frankfurt am Main: Verlag Waldemar Kramer. 1976. Pp. 443". The American Historical Review. February 1978. doi:10.1086/ahr/83.1.186. ISSN 1937-5239. http://dx.doi.org/10.1086/ahr/83.1.186.
- ↑ Bauer, Karl Heinrich; Brunner, Alfred, eds (1955). Ergebnisse der Chirurgie und Orthopädie. doi:10.1007/978-3-642-94642-4. ISBN 978-3-642-94643-1. http://dx.doi.org/10.1007/978-3-642-94642-4.
গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- জেক জাইপছ। The Enchanted Screen: The Unknown History of Fairy-Tale Films। ৰাউটলেজ, ২০১১।
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- চিণ্ডেৰেলা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।