সমললৈ যাওক

চিণ্ডেৰেলা (১৯৫০ চনৰ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিণ্ডেৰেলা

১৯৫০ চনৰ ছপা বিজ্ঞাপন
পৰিচালক উইলফ্ৰেড জেকচন
হেমিল্টন লুস্কে
ক্লাইড গেৰোনিমি
কাহিনী উইলিয়াম পিট
টেড চিয়াৰ্ছ
হোমাৰ ব্ৰাইটমেন
কেননেট এণ্ডাৰছন
আৰ্ডমেন পেনাৰ
উইনষ্টন হিবলাৰ
হেৰী ৰিভছ
জো ৰিনাল্ডি
ভিত্তি চাৰ্লছ পেৰল্টৰ "চিণ্ডেৰেলা"
প্ৰযোজক ৱাল্ট ডিজনী
অভিনয়ত আইলিন উডছ
এলেনোৰ অডলী
ভাৰ্না ফেল্টন
ৰোডা উইলিয়ামছ
জেমছ মেকডোনাল্ড
লুই ভ্যান ৰুটেন
সম্পাদনা ডনাল্ড হেলিডে’
সংগীত পৰিচালক অলিভাৰ ৱালেচ
পল স্মিথ
প্ৰযোজনা
কোম্পানী
ৱাল্ট ডিজনী প্ৰডাকচনচ
পৰিবেশক আৰ.কে.অ' ৰেডিঅ' পিকচাৰ্ছ
মুক্তি
১৫ ফেব্ৰুৱাৰী, ১৯৫০ (বষ্টন)
৪ মাৰ্চ, ১৯৫০ (আমেৰিকা যুক্তৰাষ্ট্ৰ)
দৈৰ্ঘ্য
৭৬ মিনিট
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
বাজেট ২.২ নিযুত ডলাৰ
সৰ্বমুঠ আয়-45 কোটি টকা ১৮২ নিযুত ডলাৰ

চিণ্ডেৰেলা (ইংৰাজী: Cinderella; জন্ম: ১৯৫০) — ১৯৫০ চনত মুক্তিপ্ৰাপ্ত এখন আমেৰিকান এনিমেটেড সংগীতধৰ্মী ফেণ্টাচী চলচ্চিত্ৰ। ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ'ৰদ্বাৰা নিৰ্মিত আৰু আৰ.কে.অ' ৰেডিঅ' পিকচাৰ্ছৰদ্বাৰা মুক্তিপ্ৰাপ্ত এই ছবিখন ১৬৯৭ চনৰ চাৰ্লছ পেৰল্টৰ সাধুকথাৰ ওপৰত আধাৰিত। কাহিনীটোত এজন বিপত্নীক অভিজাত ব্যক্তিৰ কন্যা চিণ্ডেৰেলাৰ জীৱন-যাত্ৰা দেখুওৱা হৈছে, যাক তাইৰ নিষ্ঠুৰ মাহী মাক আৰু সতীয়া ভগ্নীসকলে বনকৰা ছোৱালী হিচাপে কাম কৰিবলৈ বাধ্য কৰে। শেষত চিণ্ডেৰেলাৰ পৰী আইতাকে তাইক ৰাজকীয় নৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আৰু ৰাজকুমাৰক লগ পাবলৈ এটা সুযোগ প্ৰদান কৰে। চিনেমাখনৰ নিৰ্মাণ কাৰ্যত বেন চাৰ্পষ্টিনে তত্ত্বাৱধান কৰিছিল আৰু ইয়াৰ পৰিচালনা কৰিছিল উইলফ্ৰেড জেকচন, হেমিল্টন লুস্কে আৰু ক্লাইড গেৰোনিমিই। ইয়াত আইলিন উডছ, এলেনোৰ অডলী, ভাৰ্না ফেল্টন, ৰোডা উইলিয়ামছ, জুন ফৰে, জেমছ মেকডোনাল্ড আৰু লুই ভ্যান ৰুটেনে কণ্ঠদান কৰিছে।

১৯৪০ চনৰ আৰম্ভণিতে, দ্বিতীয় বিশ্বযুদ্ধৰ বাবে ইউৰোপীয় চলচ্চিত্ৰ বজাৰৰ সৈতে সংযোগ হেৰুৱাই ৱাল্ট ডিজনী এনিমেচন ষ্টুডিঅ' আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল। ইয়াৰ বাবে ষ্টুডিঅ'টোৱে পিনোকিঅ', ফেণ্টাচিয়া (দুয়োখন ১৯৪০) আৰু বাম্বীৰ (১৯৪২) দৰে ব্যাৱসায়িক বিফলতাৰ সন্মুখীন হৈছিল, যিবোৰ পৰৱৰ্তী সময়ত ছবিগৃহ আৰু হোম ভিডিঅ'ত পুনৰ মুক্তিৰ জৰিয়তে সফল হৈছিল। ১৯৪৭ চনৰ ভিতৰত ষ্টুডিঅ'টো ৪ নিযুত ডলাৰতকৈ অধিক ধাৰত পোত গৈছিল আৰু দেউলীয়া হোৱাৰ উপক্ৰম হৈছিল। ধাৰাবাহিকভাৱে কেইবাখনো পেকেজ ফিল্ম নিৰ্মাণ কৰাৰ পাছত, ১৯৪৮ চনত ৱাল্ট ডিজনী আৰু তেওঁৰ এনিমেটৰসকলে চাৰ্লছ পেৰল্টৰ চিণ্ডেৰেলাক এখন পূৰ্ণদৈৰ্ঘ্যৰ এনিমেটেড চিনেমা হিচাপে নিৰ্মাণ কৰাৰ ধাৰণাৰে কাম আৰম্ভ কৰে।[1]

চিণ্ডেৰেলা ১৯৫০ চনৰ ১৫ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি দিয়া হয়। ছবিখনে সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰাৰ লগতে বক্স অফিচতো সফলতা অৰ্জন কৰে। ১৯৩৭ চনৰ স্নো হোৱাইট এণ্ড দ্য চেভেন ড্যুৱাৰ্ফছৰ পিছত এয়া আছিল ডিজনীৰ আটাইতকৈ ডাঙৰ হিট চিনেমা আৰু ই ষ্টুডিঅ'টোৰ আৰ্থিক অৱস্থা পুনৰাই উন্নত কৰাত সহায় কৰিছিল।[1] চিনেমাখনে তিনিটা একাডেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল, যিবোৰ আছিল শ্ৰেষ্ঠ মৌলিক সংগীত, শ্ৰেষ্ঠ শব্দ গ্ৰহণ আৰু "বিব্বিডি-বব্বিডি-বু" গীতটোৰ বাবে শ্ৰেষ্ঠ মৌলিক গীত।

এই চিনেমাখনৰ পিছত দুখন ডাইৰেক্ট-টু-ভিডিঅ' চিকুৱেল— চিণ্ডেৰেলা ২: ড্ৰিমছ কাম ট্ৰু (২০০২) আৰু চিণ্ডেৰেলা ৩: এ টুইষ্ট ইন টাইম (২০০৭) নিৰ্মাণ কৰা হয়। লগতে ২০১৫ চনত ইয়াৰ এখন লাইভ-একচন সংস্কৰণো নিৰ্মাণ কৰা হয়। ২০১৮ চনত লাইব্ৰেৰী অফ কংগ্ৰেছে চিণ্ডেৰেলাক "সাংস্কৃতিক, ঐতিহাসিক বা নান্দনিকভাৱে গুৰুত্বপূৰ্ণ" বুলি গণ্য কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পঞ্জীয়নত সংৰক্ষণৰ বাবে নিৰ্বাচন কৰে।[2]

এখন সৰু অথচ সমৃদ্ধিশালী ফৰাচী ৰাজ্যত এজন বিপত্নীক অভিজাত ব্যক্তিৰ কন্যা আছিল চিণ্ডেৰেলা। শৈশৱতে তাইৰ পিতৃয়ে এনাষ্টাচিয়া আৰু ড্ৰিজেল্লা নামৰ দুগৰাকী কন্যা থকা লেডী ট্ৰেমেইন নামৰ এগৰাকী বিধৱা মহিলাক পুনৰ বিবাহ কৰাইছিল, কিন্তু তাৰ কিছুসময়ৰ পাছতেই পিতৃৰ মৃত্যু হয়। চিণ্ডেৰেলাৰ সৌন্দৰ্য আৰু আকৰ্ষণৰ প্ৰতি ঈৰ্ষান্বিত হৈ লেডী ট্ৰেমেইন আৰু তাইৰ কন্যাসকলে চিণ্ডেৰেলাক নিৰ্যাতন কৰিবলৈ আৰম্ভ কৰে আৰু অৱশেষত তাইক নিজৰ চাট’ত (château) বনকৰা ছোৱালী হ’বলৈ বাধ্য কৰে। বছৰবোৰ পাৰ হৈ যোৱাৰ পাছতো চিণ্ডেৰেলা দয়ালু আৰু নম্ৰ হৈ থাকে আৰু বাধ্য ছাত্ৰীৰ দৰে ঘৰৰ সকলো কাম-বন কৰি যায়। তাই চাট’ত বাস কৰা নিগনি আৰু চৰাইবোৰৰ সৈতে বন্ধুত্ব কৰে আৰু মাহীমাকৰ পোহনীয়া মেকুৰী লুচিফাৰৰপৰা সিহঁতক ৰক্ষা কৰাৰ লগতে সিহঁতৰ যত্ন লয়।

এদিন ৰজাই ৰাজ্যৰ সকলো যোগ্য বিবাহোপযুগী যুৱতীক এক ৰাজকীয় নৃত্য অনুষ্ঠানলৈ (ball) আমন্ত্ৰণ জনায়, এই আশাত যে তেওঁৰ পুত্ৰ ৰাজকুমাৰে তেওঁলোকৰ মাজৰপৰা এগৰাকীক কইনা হিচাপে বাছনি কৰিব। অনুষ্ঠানটোলৈ যোৱাৰ হেঁপাহেৰে চিণ্ডেৰেলাই তাইৰ স্বৰ্গীয় মাতৃৰ এটা পুৰণি সাজ-পাৰ মেৰামতি কৰি পিন্ধিবলৈ বিচাৰে। তাই যাতে ৰাজকুমাৰৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰে, সেই ভয়ত লেডী ট্ৰেমেইন আৰু তাইৰ সতীয়া ভগ্নীসকলে পৰিকল্পিতভাৱে তাইক কামৰ বোজা দি ব্যস্ত কৰি ৰাখে। জেক, গাছ আৰু আন জীৱ-জন্তুবোৰে চিণ্ডেৰেলাৰ বাবে সেই সাজটো ঠিক কৰিবলৈ সিদ্ধান্ত লয় আৰু তাৰ বাবে সতীয়া ভগ্নীসকলে পেলাই দিয়া মণি আৰু কঁকালত বন্ধা কাপোৰ ব্যৱহাৰ কৰে। কিন্তু যেতিয়া চিণ্ডেৰেলাই পৰিয়ালৰ সৈতে যাবলৈ চেষ্টা কৰে, সতীয়া ভগ্নীসকলে নিজৰ বস্তু চিনি পাই খঙত সাজটো ফালি পেলায় আৰু চিণ্ডেৰেলাক অকলে এৰি থৈ যায়। হতাশ হৈ চিণ্ডেৰেলাই বাগিছালৈ গৈ কান্দিবলৈ ধৰে, য’ত তাইৰ পৰী আইতাকৰ (fairy godmother) আবিৰ্ভাব হয়। তেওঁ এটা কোমোৰাক বৰথলৈ (carriage), জেক, গাছ আৰু আন দুটা নিগনিক ঘোঁৰালৈ, চিণ্ডেৰেলাৰ ঘোঁৰা মেজৰক সাৰথিলৈ আৰু চিকাৰী কুকুৰ ব্ৰুনোক এজন পালি-প্ৰহৰীলৈ ৰূপান্তৰিত কৰে। পৰী আইতাকে চিণ্ডেৰেলাক এটা জিলিকি থকা ৰূপালী ৰঙৰ পোছাক আৰু কাঁচৰ জোতা পিন্ধাই দিয়ে, কিন্তু সতৰ্ক কৰি দিয়ে যে মাজনিশাৰ লগে লগে এই সকলো মায়া শেষ হৈ যাব।

চিণ্ডেৰেলা অনুষ্ঠানত উপস্থিত হয় আৰু সতীয়া ভগ্নীসকলে তাইক চিনি নাপায়, যদিও লেডী ট্ৰেমেইনে তাইৰ চেহেৰাটোত কিবা এটা পৰিচিত অনুভৱ কৰে। ৰাজকুমাৰ লগে লগে তাইৰ প্ৰেমত পৰে আৰু ৰজাই গ্ৰেণ্ড ডিউকক এই প্ৰেমৰ সম্পৰ্কত যাতে কোনো বাধা নাহে সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। ডিউকে আন কাৰোবাক বাধা দিবলৈ নিদিয়ে আৰু চিণ্ডেৰেলা আৰু ৰাজকুমাৰে একেলগে নৃত্য কৰি ৰাজপ্ৰাসাদৰ চৌহদত ঘূৰি ফুৰে। অৱশ্যে যেতিয়া চিণ্ডেৰেলাই মাজনিশাৰ ঘণ্টাৰ শব্দ শুনে, তাই ৰাজকুমাৰক নিজৰ নাম নোকোৱাকৈয়ে তাৰপৰা দৌৰি পলাবলৈ ধৰে। গ্ৰেণ্ড ডিউকৰ প্ৰচেষ্টা সত্ত্বেও চিণ্ডেৰেলা পলাই যায় আৰু চিৰিৰ ওপৰত তাইৰ এটা কাঁচৰ জোতা খহি পৰে। ৰাজপ্ৰাসাদৰ পহৰীসকলে তাইক অনুসৰণ কৰে, কিন্তু ১২ বজাৰ লগে লগে যাদু শেষ হয় আৰু সকলোৱে আগৰ ৰূপলৈ ঘূৰি আহে আৰু অৰণ্যত লুকাই থাকে। চিণ্ডেৰেলাই লক্ষ্য কৰে যে আনটো কাঁচৰ জোতা এতিয়াও তাইৰ ভৰিত আছে আৰু তাই সেইটো ঘৰলৈ লৈ যায়।

ৰাজকুমাৰে প্ৰতিজ্ঞা কৰে যে যাৰ ভৰিত সেই কাঁচৰ জোতাটো মিলি যাব, তেওঁ কেৱল সেইগৰাকী ছোৱালীকে বিবাহ কৰাব। ৰজাই গ্ৰেণ্ড ডিউকক ৰাজ্যৰ প্ৰতিগৰাকী ছোৱালীৰ ভৰিত জোতাটো পিন্ধাই চাবলৈ নিৰ্দেশ দিয়ে। যেতিয়া এই খবৰটো চাট’ত গৈ পায়, চিণ্ডেৰেলাই গম পায় যে তাই যাক লগ পাইছিল তেওঁ আচলতে ৰাজকুমাৰহে আছিল। চিণ্ডেৰেলাই বলৰ সেই গানটো গুণগুণাই থকা শুনি লেডী ট্ৰেমেইনে সত্যটো বুজি পায় আৰু চিণ্ডেৰেলাক তাইৰ ওপৰ-মহলাৰ কোঠাত তলা লগাই আবদ্ধ কৰি ৰাখে। সতীয়া ভগ্নীসকলে জোতাটো পিন্ধিবলৈ চেষ্টা কৰি বিফল হোৱাৰ সময়তে জেক আৰু গাছে লেডী ট্ৰেমেইনৰপৰা চাবিপাত চুৰ কৰি আনি চিণ্ডেৰেলাক দিয়ে। লুচিফাৰে সিহঁতক বাধা দিবলৈ চেষ্টা কৰে যদিও চৰাইবোৰে ব্ৰুনোক মাতি আনে আৰু ব্ৰুনোৱে তাক ভয় খুৱাই ঘৰৰপৰা বাহিৰ কৰি দিয়ে। মুক্ত হৈ চিণ্ডেৰেলা লৰালৰিকৈ গ্ৰেণ্ড ডিউকক লগ ধৰিবলৈ যায়। চিণ্ডেৰেলাই যাতে তাইৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব নোৱাৰে, তাৰ বাবে লেডী ট্ৰেমেইনে বুদ্ধি কৰি গ্ৰেণ্ড ডিউকৰ পালি-প্ৰহৰীজনক ঠেলা মাৰি দিয়ে আৰু কাঁচৰ জোতাটো ভাঙি যায়। চিণ্ডেৰেলাই তাইৰ ওচৰত থকা আনটো জোতাটো উলিয়াই দিয়ে, যিটো দেখি লেডী ট্ৰেমেইন আচৰিত হয়। গ্ৰেণ্ড ডিউকে জোতাটো তাইৰ ভৰিত পিন্ধাই দিয়ে। অৱশেষত চিণ্ডেৰেলা আৰু ৰাজকুমাৰৰ বিবাহ সম্পন্ন হয় আৰু দুয়ো নিজৰ মধুচন্দ্ৰিকাৰ বাবে যাত্ৰা কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "25 Things You Never Knew About Disney's 'Cinderella'". Moviefone. February 15, 2015. https://www.moviefone.com আহৰণ কৰা হৈছে: August 22, 2017.
  2. McNary, Dave (December 12, 2018). "'Brokeback Mountain,' 'Jurassic Park,' 'My Fair Lady' Added to National Film Registry". Variety. https://variety.com আহৰণ কৰা হৈছে: January 5, 2019.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]