চিণ্ডেৰেলা (২০২১ চনৰ আমেৰিকান চলচ্চিত্ৰ)
| চিণ্ডেৰেলা | |
|---|---|
| পৰিচালক | কে কেনন |
| ৰচনা | কে কেনন[1] |
| ভিত্তি | চাৰ্লছ পেৰল্টৰ "চিণ্ডেৰেলা"ৰ আধাৰত |
| প্ৰযোজক |
|
| অভিনয়ত |
|
| চিত্ৰগ্ৰহণকাৰী | হেনৰী ব্ৰাহাম |
| সম্পাদনা | ষ্টেচি শ্ৰুডাৰ |
| সংগীত পৰিচালক |
|
প্ৰযোজনা কোম্পানীসমূহ |
|
| পৰিবেশক | আমাজন ষ্টুডিঅ’ |
মুক্তি |
আগষ্ট ৩০, ২০২১ (গ্ৰীক থিয়েটাৰ (লছ এঞ্জেলছ)) ছেপ্টেম্বৰ ৩, ২০২১ (আমেৰিকা যুক্তৰাষ্ট্ৰ) |
দৈৰ্ঘ্য |
১১৩ মিনিট |
| দেশসমূহ | |
| ভাষা | ইংৰাজী |
চিণ্ডেৰেলা (ইংৰাজী: Cinderella; জন্ম: ২০২১) — হ’ল চাৰ্লছ পেৰল্টৰ একে নামৰ সাধুকথাৰ ওপৰত আধাৰিত এখন ২০২১ চনৰ জুকবক্স মিউজিকেল ৰোমাণ্টিক কমেডী চলচ্চিত্ৰ। কে কেননৰদ্বাৰা লিখিত আৰু পৰিচালিত এই ছবিখনত গায়িকা কেমিলা কেবেলোৱে নাম ভূমিকাত অভিনয় কৰিছে, যিটো আছিল তেওঁৰ অভিনয় জীৱনৰ অভিষেক। তেওঁৰ সৈতে অভিনয় কৰিছে নিকোলাছ গালিটজিন, ইডিনা মেনজেল, মিনী ড্ৰাইভাৰ, বিলি পৰ্টাৰ আৰু পিয়াৰ্চ ব্ৰচনানে। ই এখন জুকবক্স মিউজিকেল, য’ত কেইবাটাও মৌলিক গীতৰ লগতে পপ আৰু ৰক সংগীতৰ জনপ্ৰিয় গীতসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।[2]
ছবিখনৰ বিকাশ ২০১৯ চনৰ এপ্ৰিল মাহত আৰম্ভ হৈছিল, যেতিয়া চনী পিক্সাৰ্ছে কেননৰ লিখন আৰু পৰিচালনাত চিণ্ডেৰেলাৰ এক সংগীত-শৈলীৰ চলচ্চিত্ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল। ছবিখন ফুলৱেল ৭৩-ৰ জৰিয়তে জেমছ কৰ্ডেন, লিঅ’ পাৰ্লমেন, জনাথন কাডিন আৰু শ্বেনন মেকইণ্টোচৰ সৈতে প্ৰযোজনা কৰিছিল। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত পাইনউড ষ্টুডিঅ’ত ছবিখনৰ মূল ফটোগ্ৰাফী আৰম্ভ হৈছিল আৰু ক’ভিড-১৯ মহামাৰীৰ বাবে ২০২০ চনৰ মাৰ্চ মাহত স্থগিত ৰখা হৈছিল। ২০২০ চনৰ আগষ্ট মাহত উৎপাদন পুনৰ আৰম্ভ হয় আৰু ছেপ্টেম্বৰ মাহত ইয়াৰ সামৰণি পৰে।
চিণ্ডেৰেলা নিৰ্বাচিত ছবিগৃহত আৰু ডিজিটেলভাৱে ৩ ছেপ্টেম্বৰ, ২০২১ তাৰিখে আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি দিয়া হৈছিল।[3] সমালোচকৰপৰা ছবিখনে মিশ্ৰিত সঁহাৰি লাভ কৰিছিল। ইয়াৰ মুকলি সপ্তাহান্তত আমেৰিকাৰ ১.১ নিযুত পৰিয়ালে ছবিখন উপভোগ কৰিছিল আৰু সেই সময়ত ই সৰ্বাধিক দৰ্শনেৰে ষ্ট্ৰীমিং হোৱা চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছিল।
কাহিনী
[সম্পাদনা কৰক]চিণ্ডেৰেলা এগৰাকী উচ্চাকাংক্ষী যুৱতী যিয়ে নিজৰ এখন কাপোৰৰ দোকান "ড্ৰেছেছ বাই এলা" খোলাৰ সপোন দেখে। ৰাজকুমাৰ ৰবাৰ্টে এবাৰ তেওঁক দেখাৰ পিছত, ৰবাৰ্টে এজন সাধাৰণ মানুহৰ ছদ্মবেশ ধৰে আৰু তেওঁক লগ পোৱাৰ আশাত ওলাই যায়।
ৰবাৰ্টে স্থানীয় বজাৰত এলাই নিজৰ সৃষ্টি বিক্ৰী কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত তেওঁক বিচাৰি পায়। কিছু ধেমেলীয়া কথা-বতৰাৰ পিছত, তেওঁ এলৰপৰা মূল দামতকৈ তিনিগুণ বেছি দৰত এটা পোছাক কিনে। ৰবাৰ্টে এলাকলৈ হ’বলগীয়া এটা ৰাজকীয় নৃত্য-অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰে, য’ত তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে এলাই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহক লগ পাব যিয়ে তেওঁৰ ডিজাইন কৰা কাপোৰ কিনিবলৈ আগ্ৰহ প্ৰকাশ কৰিব।
নৃত্য-অনুষ্ঠানৰদিনা এলাৰ মাহীমাকে (ভিভিয়ান) তেওঁক তাত উপস্থিত থকাত বাধা দিয়ে, কিয়নো ইয়াৰ আগতেই এলাৰ বিয়া থমাছ নামৰ এজন পাচলি বিক্ৰেতাৰ সৈতে ঠিক কৰা হৈছিল। ভিভিয়ানে এলাৰ পোছাকত চিয়াহী ঢালি নষ্ট কৰি দিয়ে, যাতে কেৱল তেওঁৰ নিজৰ জীয়েক মালভলিয়া আৰু নেৰিছাহে অনুষ্ঠানলৈ যাব পাৰে।
এলাৰ সপোনবোৰ থান-বান হৈ গ’লেও, তেওঁৰ ধৰ্ম-অভিভাৱক ফেব জি সহায়ৰ বাবে আগবাঢ়ি আহে। তেওঁ যাদুকৰী শক্তি ব্যৱহাৰ কৰি এলাৰ নিজৰ ডিজাইন কৰা এটা গাউন আৰু এযোৰ কাঁচৰ জোতা পিন্ধাই দিয়ে। নিগনিবোৰ সাৰথি হৈ পৰে আৰু এটা বাকচ এখন ৰথলৈ পৰিণত হয় যিয়ে এলাৰ নৃত্য-অনুষ্ঠানলৈ লৈ যায়। তাত তেওঁ ভ্ৰমণকাৰী ৰাণী টাটিয়ানাক লগ পায়, যিয়ে এলাৰ নিজৰ ব্যক্তিগত দৰ্জী হিচাপে পৃথিৱী ভ্ৰমণ কৰাৰ প্ৰস্তাৱ দিয়ে। তেওঁ ৰবাৰ্টৰ ভগ্নী ৰাজকুমাৰী গ্ৱেনকো লগ পায়, যিয়ে বজাৰত এলাই ৰবাৰ্টক বিক্ৰী কৰা পোছাকটো পিন্ধি আছিল।
যেতিয়া ৰবাৰ্টে এলাৰ আগত বিয়াৰ প্ৰস্তাৱ দিয়ে, এলাই বিনম্ৰতাৰে তাক অস্বীকাৰ কৰে। তেওঁ বুজাই দিয়ে যে বিয়াই তেওঁৰ কাপোৰ চিলাইৰ সপোনবোৰ শেষ কৰি দিব, যিবোৰ সপোন এতিয়া তেওঁৰ হাতৰ মুঠিত। ৰবাৰ্ট, যাৰ নিজৰো আজীৱন উচ্চাকাংক্ষা আছিল সিংহাসন আৰোহণ কৰা, তেওঁ এই উত্তৰটো লৈ কিছু দোমোজাত পৰে। মাজনিশাৰ ঘণ্টা বাজি উঠাৰ লগে লগে এলাই অনুষ্ঠানটো এৰি গুচি যায় আৰু এজন ৰাজকীয় পৰিচাৰকৰ গালৈ নিজৰ জোতা এটা দলিয়াই দিয়ে যিয়ে তেওঁক ধৰিবলৈ চেষ্টা কৰিছিল।
পাছদিনা ভিভিয়ানে নিজৰ তিতা-মিঠা কাহিনী ব্যক্ত কৰে আৰু এলাৰ বুজাবলৈ চেষ্টা কৰে যে নিজৰ ব্যক্তিগত সপোন খেদি ফুৰাটো প্ৰেম আৰু বিবাহৰ সৈতে খাপ নাখায়। এলাৰ কোঠাত বাকী থকা কাঁচৰ জোতাটো দেখি তেওঁ উপলব্ধি কৰে যে এলাই সেই ৰহস্যমজ়ী ছোৱালীজনী যাক ৰাজকুমাৰ বিচাৰি আছে। সেয়েহে তেওঁ এলাৰ ৰবাৰ্টক বিয়া কৰাবলৈ সৈমান কৰিবলৈ চেষ্টা কৰে। যেতিয়া এলাই মান্তি নহয়, তেতিয়া ভিভিয়ানে তেওঁক থমাছৰ হাতত গতাই দিয়ে।
ৰাণী বিয়েট্ৰিচৰ সহায়ত ৰজা ৰোৱানে মানি লয় যে ৰবাৰ্টে এগৰাকী সাধাৰণ কন্যাক বিয়া কৰাব বিচাৰে। ৰজাই তেওঁক কাঁচৰ জোতাটো দিয়ে আৰু ৰবাৰ্টে এলাৰ সন্ধানত ওলাই যায়। থমাছৰপৰা পলাই অহাৰ পাছত এলা আৰু ৰবাৰ্টৰ এখন অৰণ্যত পুনৰ মিলন ঘটে, য’ত তেওঁলোকে ইজনে সিজনৰ প্ৰতি থকা প্ৰেম স্বীকাৰ কৰে। তেওঁলোক দুয়ো ঠিক সময়তে বজাৰত উপস্থিত হয় যাতে তেওঁৰ উপকাৰী টাটিয়ানাক ডিজাইনসমূহ দেখুৱাব পাৰে। টাটিয়ানাই সেইবোৰ গ্ৰহণ কৰে আৰু এলাৰ তেওঁৰ সৈতে ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়।
ৰবাৰ্টে এলাৰ ৰজা আৰু ৰাণীৰ সৈতে চিনাকি কৰাই দিয়ে আৰু তেওঁলোকৰ একেলগে পৃথিৱী ভ্ৰমণ কৰাৰ সিদ্ধান্তৰ বিষয়ে জনায়। ইয়াৰ ফলত যদিও তেওঁৰ ভৱিষ্যতৰ সিংহাসন আৰোহণ বাতিল হয়, ৰাণী বিয়েট্ৰিচে হাঁহি মুখে তাক সমৰ্থন কৰে। আনহাতে ৰজা ৰোৱানে গৌৰৱেৰে গ্ৱেনৰ নাম (যিয়ে বাৰে বাৰে ৰাজ্যৰ কাম-কাজত আগ্ৰহ আৰু দক্ষতা দেখুৱাই আহিছে) সিংহাসনৰ প্ৰথম উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰে। ৰাজপৰিয়ালে এই কথা চৰকাৰীভাৱে ঘোষণা কৰাৰ লগে লগে ৰাজ্যৰ নাগৰিকসকলে এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ আনন্দ প্ৰকাশ কৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Cinderella". Writers Guild of America West. December 2, 2020. https://directories.wga.org/project/1191948/cinderella/। আহৰণ কৰা হৈছে: May 26, 2021.
- ↑ Howard, Courtney (September 1, 2021). "'Cinderella' Review: Camila Cabello Shines in Progressive but Prosaic Reimagining of a Familiar Fairy Tale". Variety. https://variety.com/2021/film/reviews/cinderella-review-1235053392/। আহৰণ কৰা হৈছে: September 2, 2021.
- ↑ Adam Chitwood (September 3, 2021). "How to Watch 'Cinderella': Where to Stream the 2021 Update Starring Camila Cabello". Collider. https://collider.com/how-to-watch-cinderella-2021-online-streaming-where/। আহৰণ কৰা হৈছে: September 5, 2021.