চিত্ৰকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চিত্ৰকৰঃ সাধাৰণ অৰ্থত, চিত্ৰ বা ছবি অঁকাজনেই চিত্ৰকৰ৷

বিভিন্ন কলাৰ মাধ্যমেৰে সৃজনীশীল মনৰ মানুহে নিজৰ মনৰ মাজত ধৰা দিয়া ভাৱ সমূহ ভিন্ন প্ৰকাৰে প্ৰকাশ কৰে৷ বিভিন্ন সাহিত্য কৰ্ম, গীত-সংগীত, ভাষ্কৰ্য- মূৰ্তি-প্ৰতিমূৰ্তি আদিৰ সৃষ্টিকৰ্তা সকলৰ দৰে মানৱ সমাজত চিত্ৰশিল্প প্ৰস্তুত কৰোতা সকলো সৃজনীশীল লোকসকলৰ মাজত অন্যতম হিচাপে পৰগণিত হৈ আহিছে৷ 

চিত্ৰৰ প্ৰকাৰ অনুসৰি চিত্ৰকৰৰ পৰিচয় বেলেগ বেলেগ হ'ব পাৰে৷ জলচিত্ৰ, তৈলচিত্ৰ, ৰেখাচিত্ৰ আদি বিভিন্ন প্ৰকাৰৰ চিত্ৰশিল্পই চিত্ৰকৰৰ হাতত প্ৰাণ পাই উঠে৷