চিত্ৰলেখা (১৯৪১ চলচ্চিত্ৰ)
| চিত্ৰলেখা | |
|---|---|
| পৰিচালক | কিদাৰ শৰ্মা |
| ভিত্তি | চিত্ৰলেখা (উপন্যাস) লেখক: ভাগৱতী চৰণ বাৰ্মা |
| অভিনয়ত | মেহতাব নান্দেকাৰ এ এচ জ্ঞানী |
| চিত্ৰগ্ৰহণকাৰী | জি কে মেহতা |
| সংগীত পৰিচালক | উস্তাদ জন্দে খান |
মুক্তি |
১৯৪১ |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
চিত্ৰলেখা (ইংৰাজী: Chitralekha ) ১৯৪১ চনৰ কিদাৰ শৰ্মা পৰিচালিত এখন ভাৰতীয় হিন্দী ছবি। ১৯৩৪ চনত ৰচিত ভাগৱতী চৰণ বাৰ্মাৰ একে নামৰ হিন্দী উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ইয়াৰ সংগীত বিখ্যাত শাস্ত্ৰীয় সংগীতজ্ঞ উস্তাদ ঝাণ্ডে খানৰ। ছবিখন যোগে "সুন সুন নীলকমল মুস্কায়ে", "সেইয়া ছাৱাৰে ভায়ে বাৱাৰে", আৰু "তুম যাও বড়ে ভগৱান বনে, ইনছান বনো" আদি গীত জনপ্ৰিয় হৈছিল। খানে ভৈৰৱী আৰু আশাৱৰীৰ দৰে ধ্ৰুপদী ৰাগক সংগীতত ব্যৱহাৰ কৰিছিল, যাৰ ফলত ই ধ্ৰুপদী ভিত্তিক হিন্দী চলচ্চিত্ৰ গীতৰ বাবে প্ৰভাৱশালী হৈ পৰিছিল । [1] [2]
১৯৪১ চনৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবি আছিল। [3] চিত্ৰলেখাৰ যোগেদি অভিনেতা ভাৰত ভূষণে আত্মপ্ৰকাশ কৰিছিল, যিয়ে পিছলৈ “বৈজু বাৱৰা” (১৯৫২) ছবিৰে খ্যাতি অৰ্জন কৰিছিল। [4] চিত্ৰলেখাৰ চৰিত্ৰত মেহতাবক "পাৰফেক্ট" বুলি অনুভৱ কৰি শৰ্মাই মেহতাবক কাষ্ট কৰিছিল। ছবিখনৰ বিখ্যাত গা ধোৱা দৃশ্যটোৰ জৰিয়তে মেহতাবে খ্যাতি আৰু কুখ্যাতি দুয়োটা অৰ্জন কৰে। [5]
১৯৬৪ চনত শৰ্মাই ছবিখন একে নামত পুনৰ নিৰ্মাণ কৰিছিল; অভিনয় কৰিছিল মীনা কুমাৰী আৰু প্ৰদীপ কুমাৰে।
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ Gulzar, p. 282
- ↑ , p. 270
- ↑ "Top Earners 1941". Box Office India. Archived from the original on 21 April 2012. https://web.archive.org/web/20120421002538/http://boxofficeindia.com/showProd.php?itemCat=146&catName=MTk1MQ==। আহৰণ কৰা হৈছে: 26 September 2011.
- ↑ Gulzar, p. 533
- ↑ Kidar Sharma (2002). The one and lonely Kidar Sharma, (an anecdotal autobiography). Bluejay Books. পৃষ্ঠা. 178. ISBN 978-81-87075-96-7. https://books.google.com/books?id=jP9kAAAAMAAJ.
- গ্ৰন্থপঞ্জী
- Gulzar; Govind Nihalani; Saibal Chatterjee (2003). Encyclopaedia of Hindi cinema. Popular Prakashan. পৃষ্ঠা. 335. ISBN 8179910660. https://books.google.com/books?id=8y8vN9A14nkC&pg=PT639.
- Gregory D. Booth (2008). Behind the curtain: making music in Mumbai's film studios. Oxford University Press. ISBN 978-0195327649. https://archive.org/details/behindcurtainmak00boot.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- চিত্ৰলেখা (১৯৪১ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।