চিত্ৰা বিশ্বনাথ
| চিত্ৰা বিশ্বনাথ | |
|---|---|
| জন্ম | চিত্ৰা বেংগালুৰু, ভাৰত |
| পেচা | স্থাপত্যবিদ |
| সক্ৰিয় হৈ থকা সময় | ১৯৯১–বৰ্তমানলৈকে |
| উল্লেখযোগ্য কৰ্ম | মাটিৰ স্থাপত্য আৰু পানী সংগ্ৰহ |
| দাম্পত্যসঙ্গী | এছ. বিশ্বনাথ |
চিত্ৰা বিশ্বনাথ (ইংৰাজী: Chitra Vishwanath) বেংগালুৰুত বাস কৰা এগৰাকী ভাৰতীয় স্থপতিবিদ যিয়ে পৰিৱেশ আৰু স্থাপত্যৰ সৈতে জড়িত বিষয়বস্তুৰ ওপৰত কাম কৰে। তেওঁ ১৯৯১ চনৰ পৰা নিজাকৈ স্থাপত্য প্ৰতিষ্ঠান চলাই আহিছে, ভাৰত আৰু আফ্ৰিকাৰ বহু প্ৰকল্পত আন স্থপতিবিদৰ সৈতে কাম কৰি আহিছে।[1][2]
কেৰিয়াৰ
[সম্পাদনা কৰক]বৰ্তমান বিশ্বনাথ বায়োম পৰিৱেশ সমাধানৰ প্ৰধান স্থপতি আৰু পৰিচালন সঞ্চালক।[3] সকলো আকাৰৰ অট্টালিকা নিৰ্মাণ আৰু স্থানসমূহৰ পৰিৱেশ বিজ্ঞানৰ সৈতে বিশেষ প্ৰাসংগিকতা থকা পানী সংগ্ৰহ আৰু অনাময় ব্যৱস্থাকে ধৰি ৫০০ৰো অধিক প্ৰকল্পৰ সৈতে তেওঁ জড়িত হৈ আছে।[4] নিৰ্মাণত মাটিক এক মৌলিক সামগ্ৰী হিচাপে ধৰি তেওঁ বহুতো গাঁথনি ডিজাইন আৰু নিৰ্মাণ কৰিছে।[5]
২০২৩ চনত বিশ্বনাথক ডেজিন বঁটাৰ অন্যতম বিচাৰক হিচাপে ঘোষণা কৰা হয়, লগতে ছ’হ’ হাউছৰ প্ৰতিষ্ঠাপক নিক জ’নছ, ডিজাইনাৰ ক্ৰীছা আমুয়াহ, মেটেৰিয়েল বেংকৰ ফিলিপ ব্ৰ’কাৰ্ট, ফটোগ্ৰাফাৰ ক্ৰিষ্টোবাল পালমা আদি উল্লেখযোগ্য ব্যক্তিকো বিচাৰক হিচাপে ঘোষণা কৰা হয়।[6]
জীৱনী
[সম্পাদনা কৰক]বিশ্বনাথে নাইজেৰিয়াৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্লমা আৰু আহমেদাবাদৰ চিইপিটি বিশ্ববিদ্যালয়ৰ পৰা স্থাপত্য বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৯০ চনত তেওঁ অনুশীলন আৰম্ভ কৰিছিল। স্থাপত্যৰ ডিজাইনৰ বিকাশৰ ক্ষেত্ৰত সক্ৰিয় আৰু নিষ্ক্ৰিয় দুয়োটা ধৰণেৰে তেওঁৰ দৃষ্টিভংগীয়ে থলুৱা প্ৰাকৃতিক সম্পদৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মাটিৰ সহজ উপলব্ধতা, শ্ৰমৰ তীব্ৰতা, আৰু নিৰ্মাণৰ সহজতাৰ প্ৰতি লক্ষ্য ৰাখি, পানী, শক্তি আৰু ভূমি-ব্যৱহাৰ প্ৰক্ৰিয়াসমূহক[7] অন্তৰ্ভুক্ত কৰি তেওঁৰ স্থাপত্যৰ ডিজাইনত মৌলিক উপাদান গঠন কৰে।
পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অট্টালিকাৰ বোকা স্থাপত্যৰ বিষয়বস্তুক প্ৰচাৰৰ বাবে বিশ্বনাথে বেংগালুৰুত ১৩৫ বৰ্গমিটাৰ (১,৪৫০ বৰ্গফুট) এলেকাত নিজাকৈ বোকামাটিৰে ঘৰ নিৰ্মাণ কৰিছিল। নান্দনিকভাৱে পৰিকল্পিত এই ঘৰটোৰ অনন্য বৈশিষ্ট্য হ’ল ইয়াত এয়াৰ কণ্ডিচনাৰ বা ফেনৰ ব্যৱস্থা নাই আৰু ইয়াক কেইবাটাও স্তৰৰ সৈতে নিৰ্মাণ কৰা হৈছে। মাটিৰ ইটাৰে নিৰ্মিত দেৱালবোৰত কোনো প্লাষ্টাৰ নাই। সৌৰ পেনেলৰ দ্বাৰা পানী গৰম কৰা, ফটোভল্টিকৰ দ্বাৰা আংশিক বিদ্যুৎ আৰু প্ৰায় ৭০% পানীৰ বাবে পানী সংগ্ৰহৰ সুবিধা প্ৰদান কৰা হয়। ইকো-ছান শৌচাগাৰত কঠিন আৰু তৰল আৱৰ্জনা পৃথক কৰাৰ সুবিধা আছে। ছাদত উদ্ভিদৰ জৰিয়তে ধূসৰ পানী পৰিশোধন কৰা হয় আৰু তেনেকৈ পৰিশোধন কৰা পানী ফ্লাছিং আৰু টেৰেচ বাগিচাৰ বাবে ব্যৱহাৰ কৰা হয়। ছাদত বায়’মাছ হিটাৰো আছে যিটো ঠাণ্ডা আৰু ডাৱৰীয়া দিনত পানী গৰম কৰিবলৈ ব্যৱহাৰ কৰা হয়। ছাদত ১০০০ বৰ্গফুট (৯৩ মিটাৰ বৰ্গফুট) আয়তনৰ এখন শাক-পাচলিৰ বাগিচা আছে।[8]
পানী সংগ্ৰহৰ গঠন আৰু পানী ব্যৱস্থাপনাৰ বিশেষজ্ঞ চিভিল ইঞ্জিনিয়াৰ এছ বিশ্বনাথৰ সৈতে তেওঁৰ বিবাহপাশত আৱদ্ধ হয়। তাইৰ ফাৰ্মৰ তেওঁ অংশীদাৰ। [4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Chitra Vishwanath Architects". Auroville Earth Institute. http://www.earth-auroville.com/chitra_vishwanath_architects_en.php। আহৰণ কৰা হৈছে: 19 October 2015.
- ↑ Tipnis 2012.
- ↑ "Building Small: Chitra Vishwanath". e-coexist.com. https://www.e-coexist.com/mailchimp/building-small-chitra-vishwanath.html। আহৰণ কৰা হৈছে: 2021-03-28.
- ↑ 4.0 4.1 "FAAA TALK – Chitra K Vishwanath". FAAA (the alumni association of Faculty of Architecture). 21 February 2015. Archived from the original on 4 March 2016. https://web.archive.org/web/20160304094720/http://www.faaa.org.in/93/alumni-news/faaa-talk---chitra-k-vishwanath। আহৰণ কৰা হৈছে: 20 October 2015.
- ↑ "Earth Architecture". EarthArchitecture Organization. 11 August 2014. http://eartharchitecture.org/index.php?/archives/675-Chitra-Vishwanath.html। আহৰণ কৰা হৈছে: 19 October 2015.
- ↑ "Chitra Vishwanath, Nick Jones and Chrissa Amuah named Dezeen Awards 2023 judges". Dezeen. 2023-05-23. https://www.dezeen.com/2023/05/23/chitra-vishwanath-nick-jones-chrissa-amuah-dezeen-awards-2023/। আহৰণ কৰা হৈছে: 2024-07-08.
- ↑ Tipnis 2012, পৃষ্ঠা. 167.
- ↑ "Chitra Vishwanath Architect". Rainwaterharvesting in WordPress.com. 27 March 2009. https://rainwaterharvesting.wordpress.com/2009/03/27/chitra-vishwanath-architect/। আহৰণ কৰা হৈছে: 20 October 2015.