সমললৈ যাওক

চিদলী-চিৰাং বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিদলী-চিৰাং
সমষ্টি নং- ১৯ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাচিৰাং
লোকসভা সমষ্টিকোকৰাঝাৰ
প্ৰতিস্থা২০২৩
সংৰক্ষণঅনুসূচিত জনজাতি
বিধান সভাৰ সদস্য
পদাধিকাৰী
পানীৰাম ব্ৰহ্ম
দল  বিপিএফ
মিত্ৰগোট  এনডিএ
নিৰ্বাচিত বছৰ২০২৬

চিদলী-চিৰাং বিধানসভা সমষ্টি (ইংৰাজী: Sidli–Chirang Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ অন্যতম। ২০২৩ চনৰ ভাৰতীয় নিৰ্বাচন আয়োগৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ অধীনত এই সমষ্টিটো নতুনকৈ ১৯ নম্বৰ বিধানসভা সমষ্টি হিচাপে গঠন কৰা হয়।

ভৌগোলিক অৱস্থিতি

[সম্পাদনা কৰক]

এই সমষ্টিটো অসমৰ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্গত চিৰাং জিলাত অৱস্থিত। এই আসনখন অনুসূচিত জনজাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত আৰু ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অংশ।

বিধানসভাৰ সদস্যসকল

[সম্পাদনা কৰক]

২০২৩ চনৰ নতুন সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই সমষ্টিটোত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ বিধায়কসকলৰ তালিকা তলত দিয়া ধৰণৰ:

নিৰ্বাচনৰ ফলাফল

[সম্পাদনা কৰক]

২০২৬ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বডোলেণ্ড পিপলছ ফ্ৰণ্টৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলৰ ৰঞ্জিত বসুমতাৰীক ৩৮,৬০১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিৰ্বাচিত হয়।[1][2]

অসম বিধানসভা নিৰ্বাচন, ২০২৬: চিদলী-চিৰাং[1]
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
বড়োলেণ্ড পিপলছ ফ্ৰণ্ট পানীৰাম ব্ৰহ্ম ১,০১,২৭৫ ৫৪.৫৬
ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল ৰঞ্জিত বসুমতাৰী 6260074 ৩৩.৭৬
ভাৰতীয় জাতীয় কংগ্ৰেছ মতিলাল নাৰ্জাৰী ১৮,৯৭৫ ১০.২২
ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেচনেল বানিমা ব্ৰহ্ম ২,৬৯৭ ১.৪৫
সংখ্যাগৰিষ্ট ৩৮,৬০১ ২০.৮০
মুঠ ভোটদান ১,৮৫,৬২১
ছুইং

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]