চিনা আতাইয়ান ডেনা
চিনা আতাইয়ান ডেনা (১৯৮৩ চনত ইৰানৰ আহভাজত জন্ম) এজন ইৰানী-জাৰ্মান চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ প্ৰযোজক আৰু শিল্পী।
চলচ্চিত্ৰ নিৰ্মাতা
[সম্পাদনা কৰক]চিনা আতাইয়ান ডেনাই তেহৰানৰ সূৰেহ ইউনিভাৰ্চিটি অৱ আৰ্টত চলচ্চিত্ৰ পৰিচালনাৰ অধ্যয়ন কৰিছিল। ২০০৯ চনত তেওঁৰ এনিমেটেড চুটি ছবি এছপেশ্যেলী মিউজিক-এ তেহৰান আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বিজয়ী হৈছিল।[1] ইয়াৰ পিছত চিনা আতাইয়ান ডেনাই তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ প্যৰাডাইজ নিৰ্মাণ কৰে। তেওঁ তেওঁৰ প্ৰযোজনা সহযোগী ইউছুফ পানাহীৰ সৈতে এই ছবিখনৰ লিখা, পৰিচালনা আৰু প্ৰযোজনাৰ দায়িত্বত আছিল। ছবিখনৰ শ্বুটিং সম্পূৰ্ণ হ’বলৈ তিনি বছৰ সময় লাগিছিল, কাৰণ ছবিখনে ইৰানত কোনো চৰকাৰী চিত্ৰগ্ৰহণৰ অনুমতি বা চৰকাৰী পুঁজি পোৱা নাছিল।[2] অন্তৰ্নিহিত হিংসাৰ ওপৰত আধাৰিত নাট্যধৰ্মী চলচ্চিত্ৰ প্যৰাডাইজ-ৰ কাহিনীভাগ আধুনিক তেহৰানৰ এগৰাকী যুৱতীৰ জীৱনক কেন্দ্ৰ কৰি গঢ়ি উঠিছে, যি উপগ্ৰহীয় অঞ্চলৰ এখন ছোৱালী স্কুলত শিক্ষয়িত্ৰী হিচাপে কাম কৰে। ২০১৫ চনত ৬৮সংখ্যক লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱৰ মূল প্ৰতিযোগিতাত প্যৰাডাইজ-ৰ বিশ্ব প্ৰিমিয়াৰ হৈছিল।[3][4] ছবিখন গোল্ডেন লিপাৰ্ড বঁটাৰ বাবে মনোনীত হৈছিল আৰু ইয়াক প্ৰাইজ অৱ দি একুমেনিকেল জুৰী আৰু স্বাচ আৰ্ট পিচ হোটেল এৱাৰ্ড প্ৰদান কৰা হৈছিল।[5] পৰৱৰ্তী সময়ত প্যৰাডাইজ বহুতো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয় আৰু অধিক মনোনয়ন তথা বঁটা লাভ কৰে। ১৫সংখ্যক মাৰাকেচ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ সভাপতি ফ্ৰান্সিস ফৰ্ড কপোলাই চিনা আতাইয়ান ডেনাক প্যৰাডাইজ ছবিৰ বাবে বিশেষ জুৰী বঁটা প্ৰদান কৰে।[6][7]
২০১৮ চনত স্নোৱেক পাব্লিছিঙে প্যৰাডাইজ হেণ্ডবুক প্ৰকাশ কৰে,[8] য’ত দমনকাৰী শাসন-ব্যৱস্থাৰ বাধা-নিষেধসমূহ অতিক্ৰম কৰিবলৈ চলচ্চিত্ৰখনত ব্যৱহাৰ কৰা কৌশলসমূহৰ ৰেখাচিত্ৰ দাঙি ধৰা হৈছে।
২০২৩ চনত ডেনাই আলী আহমদজাদেহ পৰিচালিত ইৰানী সামাজিক নাট্যধৰ্মী চলচ্চিত্ৰ ক্ৰিটিকেল জ’ন-ৰ প্ৰযোজক আৰু নাট্য পৰামৰ্শদাতা হিচাপে কাম কৰিছিল। লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱত দুয়োকে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে গোল্ডেন লিপাৰ্ড বঁটাৰে সন্মানিত কৰা হয়।[9][10] আহমদজাদেহক ছেনজেন অঞ্চলত প্ৰৱেশ কৰাত বাধা দিয়াৰ বাবে আতাইয়ানে অকলেই এই বঁটা গ্ৰহণ কৰিবলগীয়া হৈছিল। নিজৰ ভাষণত আতাইয়ান ডেনাই দমনকাৰী ব্যৱস্থাত শিল্পীসকলে পালন কৰা কেন্দ্ৰীয় ভূমিকাৰ বিষয়ে কয় আৰু সংহতি তথা প্ৰকাশৰ স্বাধীনতাৰ আহ্বান জনায়। এই ভাষণটোৱে ব্যাপক সঁহাৰি লাভ কৰিছিল।[11] চলচ্চিত্ৰখনে হাইফা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু বাটুমি আন্তঃৰাষ্ট্ৰীয় আৰ্ট-হাউছ চলচ্চিত্ৰ মহোৎসৱ আদিটো কেইবাটাও বঁটা লাভ কৰে।[12]
ৰেহানেহ জব্বাৰীৰ জীৱন আৰু নাৰী অধিকাৰৰ বাবে তেওঁ কৰা সংগ্ৰামৰ ওপৰত আধাৰিত ষ্টেফি নিডাৰজোলৰ তথ্যচিত্ৰ চেভেন উইণ্টাৰ্ছ ইন তেহৰান-ৰ সহযোগী প্ৰযোজক আৰু নাট্য পৰামৰ্শদাতা আছিল আতাইয়ান। চলচ্চিত্ৰখনে ২০২৩ চনৰ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কম্পাছ পাৰ্চপেক্টিভ এৱাৰ্ড আৰু পিচ ফিল্ম এৱাৰ্ড, কোপেনহেগেন আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ মহোৎসৱত ইয়াৰ আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰত এফ:এক্ট এৱাৰ্ড আৰু ২০২৪ চনৰ বাভেৰিয়ান ফিল্ম এৱাৰ্ডকে ধৰি বহুতো বঁটা লাভ কৰে।
কিয়া আতাইয়ান ডেনাৰ সৈতে মিলি তেওঁ হেনৰ উইনকলাৰৰ নতুন চলচ্চিত্ৰ ছায়েন্স অৱ হেপিনেছ-ৰ সহ-লেখক হিচাপে কাম কৰিছে। চিত্ৰনাট্যকাৰ আৰু পৰিচালক হিচাপে তেওঁৰ শেহতীয়া কৃতি উল্ফছ হৈছে বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ সহ-প্ৰযোজনা বজাৰৰ প্ৰথমটো এনিমেটেড ধাৰাবাহিক প্ৰকল্প। তেওঁ কাউণ্টাৰইণ্টুইটিভ ফিল্ম নামৰ চলচ্চিত্ৰ প্ৰযোজনা প্ৰতিষ্ঠানটোৰ সহ-প্ৰতিষ্ঠাপক।[13]
তেওঁ জাৰ্মান ফিল্ম এণ্ড টেলিভিছন একাডেমী (ডিএফএফবি) আৰু বাৰ্লিন ইউনিভাৰ্চিটি অৱ দি আৰ্টছ (ইউডিকে)-ত শিক্ষাদান কৰে। তেওঁ সৃষ্টিশীল লিখন, পৰিচালনা, নাট্যশৈলী আৰু অভিনয়ৰ লগতে কম্পিউটাৰ জেনোৰেটেড এনিমেশ্যন পদ্ধতিৰ ওপৰত আলোচনা-চক্ৰ পৰিচালনা কৰে।
শিল্পী
[সম্পাদনা কৰক]২০১৮ চনত আতাইয়ান ডেনাই জাৰ্মানিৰ সমসাময়িক কলা বীথিকা ভিলা মেৰ্কেল-ত শিল্পী ফ্ৰান্সিস আলিস আৰু ! মিডিয়ানগ্ৰুপে বিটনিক-ৰ শিল্পকৰ্মৰ সৈতে হিডেন চিক্ৰেট নামৰ প্ৰদৰ্শনীত ফটোগ্ৰাফী আৰু ভিডিঅ' ইনষ্টলেচন অল্টাৰিং ৰিয়েলিটিজ প্ৰদৰ্শন কৰিছিল।[14] বাৰ্লিনৰ মিউজিয়াম ফৰ দি প্ৰেজেণ্ট হামবুৰ্গাৰ বাহনহফ-ত আয়োজিত ষ্টুডিঅ' বচপৰাছ প্ৰদৰ্শনীৰ অংশ হিচাপে ২০১৮ চনত ডেনাই হোম নামৰ ভিডিঅ' ইনষ্টলেচনটো উপস্থাপন কৰিছিল।[15]
২০১৬, ২০১৭ আৰু ২০১৮ চনত চিনা আতাইয়ান ডেনাই ইস্তাম্বুলৰ শিল্পী আৱাস কলা-সংস্কৃতি একাডেমী তাৰাবিয়া-ৰ বাবে গ্যোটে ইনষ্টিটিউটৰপৰা জলপানী লাভ কৰিছিল। ২০১৮-২০১৯ চনত তেওঁ চাংহাইৰ স্বাচ আৰ্ট পিচ হোটেল শিল্পী আৱাসৰ এজন ফেলো আছিল। তেওঁ বৰ্তমান বাৰ্লিনত বসবাস কৰে।
তেওঁ ২০২০ চনত প্ৰতিষ্ঠা হোৱা ৰাজহুৱা প্ৰদৰ্শন কাৰ্যসূচী দল এক্সিলিয়াম-ৰ সহ-প্ৰতিষ্ঠাপক, যিয়ে ২০২৩ চনত বাৰ্লিনৰ কাৰ্নিভাল অৱ দি কালচাৰ্ছত অংশগ্ৰহণ কৰিছিল।
তেওঁৰ গৃহ চহৰ আহভাজ আৰু বিশ্বৰ অন্যান্য প্ৰান্তৰ পৰিৱেশ সম্পৰ্কীয় দুৰ্যোগক লৈ কৰা উত্তেজক শিল্পকৰ্মই বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁৰ ভিডিঅ' আৰ্ট, চিত্ৰ আৰু ফটোগ্ৰাফসমূহ ষ্টাটলিচ কুণ্ঠালে বাডেন-বাডেন আৰু কুন্ষ্টলাৰহাউচ বেথানিয়েন-ৰ দৰে সমসাময়িক কলাৰ প্ৰখ্যাত সংগ্ৰহালয়ৰ লগতে চোমা গেলেৰী বাৰ্লিন-ৰ দৰে কলা বীথিকাসমূহত প্ৰদৰ্শিত হৈছে।
চলচ্চিত্ৰপঞ্জী (নিৰ্বাচিত)
[সম্পাদনা কৰক]পৰিচালক, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক
[সম্পাদনা কৰক]- ২০১৫: প্যৰাডাইজ
- ২০১৩: ৱিণ্ড ইন দি এলি (ভিডিঅ' আৰ্ট)
- ২০১৩: হোমো (ভিডিঅ' আৰ্ট)
- ২০০৬: থৰ্ড জেণ্ডাৰ (তথ্যচিত্ৰ)
- ২০০৪: ফ্ৰিক আউট (ভিডিঅ' আৰ্ট)
পৰিচালক আৰু চিত্ৰনাট্যকাৰ
[সম্পাদনা কৰক]- ২০১২: আৰ্ঘজ (তথ্যচিত্ৰ)
- ২০১০: লাইফ টিউনিং (তথ্যচিত্ৰ)
- ২০০৯: এছপেশ্যেলী মিউজিক (এনিমেশ্যন, চুটি ছবি)
- ২০০৯: য়াৰ-এ-দাৰ (এনিমেশ্যন যুক্ত চুটি ছবি)
নাট্য পৰামৰ্শদাতা আৰু প্ৰযোজক
[সম্পাদনা কৰক]- ২০২৩: ক্ৰিটিকেল জ’ন
- ২০২৩: চেভেন উইণ্টাৰ্ছ ইন তেহৰান
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Cast & Crew – Paradise the Film" (en-US ভাষাত). Archived from the original on 2019-03-23. https://web.archive.org/web/20190323045140/http://paradisethefilm.com/category/cast-crew/। আহৰণ কৰা হৈছে: 2018-12-17.
- ↑ Barth, Alec; Bokaie, Reyhan (2018). Paradise: Handbook. Andreas Baur. ISBN 978-3864422485.
- ↑ "Ma dar Behesht - Discontent and its many children". www.locarnofestival.ch. Archived from the original on 2018-12-14. https://web.archive.org/web/20181214164315/https://www.locarnofestival.ch/en/pardo/pardo-live/today-at-festival/2015/day-2/ci-paradise। আহৰণ কৰা হৈছে: 2018-12-14.
- ↑ Ristau, Reece (2015-08-07). "Locarno: Iranian Team Behind 'Paradise' Talks 'Violence in Daily Life'" (en ভাষাত). Variety. https://variety.com/2015/film/festivals/locarno-iranian-team-behind-paradise-talks-violence-in-daily-life-1201558183/। আহৰণ কৰা হৈছে: 2018-12-14.
- ↑ Ma dar behesht, https://www.imdb.com/title/tt4856674/awards, আহৰণ কৰা হৈছে: 2018-12-14
- ↑ "Home – Paradise the Film" (en-US ভাষাত). Archived from the original on 2018-12-09. https://web.archive.org/web/20181209121802/http://paradisethefilm.com/। আহৰণ কৰা হৈছে: 2018-12-14.
- ↑ "Sina Ataeian Dena". IMDb. https://www.imdb.com/name/nm4951626/। আহৰণ কৰা হৈছে: 2018-12-14.
- ↑ "Snoeck". www.snoeck.de. https://www.snoeck.de/book/507/Paradise-Handbook। আহৰণ কৰা হৈছে: 2024-02-02.[সংযোগবিহীন উৎস]
- ↑ Ntim, Zac (2023-08-12). "Locarno Film Festival Winners: ‘Critical Zone’ By Persecuted Iranian Filmmaker Ali Ahmadzadeh Takes Top Prize" (en-US ভাষাত). Deadline. https://deadline.com/2023/08/locarno-film-festival-winners-critical-zone-ali-ahmadzadeh-iran-golden-leopard-1235460883/। আহৰণ কৰা হৈছে: 2024-02-02.
- ↑ "The Pardo d’oro at Locarno76 goes to Mantagheye bohrani (Critical…" (en ভাষাত). Locarno Film Festival. https://www.locarnofestival.ch/press/press-releases/2023/the-pardo-d-oro-at-locarno76-goes-to-mantagheye-bohrani-critical-zone.html। আহৰণ কৰা হৈছে: 2024-02-02.
- ↑ (en ভাষাত) The Pardo d'oro Award Ceremony left us all in awe as the producer of “Mantagheye bohrani (Critical Zone)”, Sina Ataeian Dena, took the stage and... | By Locarno Film Festival | Facebook, https://www.facebook.com/LocarnoFilmFestival/videos/the-pardo-doro-award-ceremony-left-us-all-in-awe-as-the-producer-of-mantagheye-b/251558024376487/, আহৰণ কৰা হৈছে: 2024-02-02
- ↑ "CRITICAL ZONE" (en-US ভাষাত). Luxbox. http://www.luxboxfilms.com/critical-zone। আহৰণ কৰা হৈছে: 2024-02-02.
- ↑ "counterintuitive film | berlin-based-filmproduction-company" (de ভাষাত). CounterIntuitiveFilm. https://www.counterintuitivefilm.de/। আহৰণ কৰা হৈছে: 2024-02-02.
- ↑ "Villa Merkel: 2018". www.villa-merkel.de. https://www.villa-merkel.de/index.php?id=22&L=1। আহৰণ কৰা হৈছে: 2018-12-17.
- ↑ Berlin, Staatliche Museen zu. "Studio Bosporus. Tarabya Cultural Academy in Berlin" (en ভাষাত). www.smb.museum. http://www.smb.museum/en/events/detail/studio-bosporus-kulturakademie-tarabya-zu-gast-in-berlin.html?tx_smb_pi1%5BbackPid%5D=52&cHash=2a50ede3070424b90515eab10218b1fd। আহৰণ কৰা হৈছে: 2018-12-17.