সমললৈ যাওক

চিৰোম ইন্দিৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ক্ষেত্ৰিমায়ু ইন্দিৰা দেৱী
জন্ম ইম্ফল পশ্চিম জিলা, মণিপুৰ
ৰাষ্ট্ৰীয়তা ভৰতীয়
শিক্ষা ৰাজনীতি বিজ্ঞান
শিক্ষানুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ হাৰ্ডৱেৰ টেকন'লজি, গুৱাহাটী
পেচা উদ্যোগী, ডিজাইনাৰ, সমাজকৰ্মী
জনা যায় হস্ততাঁত বোৱা আৰু ডিজাইন বিকাশ
বঁটা, সন্মান, পুৰস্কাৰ আদি হস্ততাঁত সামগ্ৰীৰ ডিজাইন বিকাশৰ ৰাষ্ট্ৰীয় বঁটা (২০১৫)
নাৰী শক্তিপুৰস্কাৰ
ভাৰত ৰূপান্তৰিত মহিলা

চিৰোম ইন্দিৰা ইংৰাজী: : Kshetrimayum Indira Devi ; নামেৰে পৰিচিত ক্ষেত্ৰিমায়ুম ইন্দিৰা দেৱী এগৰাকী ভাৰতীয় উদ্যোগী, ডিজাইনাৰ, আৰু সমাজকৰ্মী।

মণিপুৰৰ ইম্ফলৰ পশ্চিম জিলাত জন্মগ্ৰহণ কৰিছিল দেৱীৰ। পিতৃ-মাতৃৰ ছয়টা সন্তানৰ ভিতৰত তেওঁ হল জেষ্ঠ ।[1] ৰাজনীতি বিজ্ঞানৰ স্নাতক যদিও গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ হাৰ্ডৱেৰ টেকন’লজিত বয়ন বিষয়তো অধ্যয়ন কৰিছিল আৰু ১৯৯৪ চনত তেওঁৰ প্ৰথম চাকৰি আছিল ওচৰতে GOENKA woolen mills litd ত।

২০০৩ চনত তেওঁ আৰু তেওঁৰ স্বামীয়ে হস্ততাঁত তৈয়াৰী সামগ্ৰীৰ বাবে এটা ৰপ্তানি কোম্পানী স্থাপন কৰে।[2]

২০১৫ চনত বস্ত্ৰ মন্ত্ৰালয়ে তেওঁৰ এই কামক স্বীকৃতি দিয়ে আৰু তেওঁ হস্ততাঁত সামগ্ৰীৰ ডিজাইন ডেভেলপমেণ্টৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।[3]

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত দেৱীক হাতেৰে বোৱা কামৰ বাবে নাৰী শক্তিপুৰস্কাৰ[4] বঁটা প্ৰদান কৰা হয়।[3] নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত (ৰাষ্ট্ৰপতি ভৱন) ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মeনেকা সঞ্জয় গান্ধীয়েও অংশগ্ৰহণ কৰি এই বঁটা প্ৰদান কৰে। সেই বছৰ প্ৰায় ৩০ জন লোক আৰু ৯ টা সংস্থাক সন্মান জনোৱা হয় আৰু এই বঁটা আৰু ১ লাখ টকাকৈ পুৰস্কাৰ লাভ কৰে।[5][6] সেইদিনা সন্মানিত হোৱা আন এজন ব্যক্তি আছিল মধু জৈন যিয়ে বস্ত্ৰশিল্পতো পাৰদৰ্শিতা দেখুৱাইছিল।[7] সেই বঁটাৰ একেদিনাই পোন্ধৰগৰাকী মহিলাৰ বাবে মহিলা ৰূপান্তৰকাৰী ভাৰত বঁটা লাভৰ বাবে মনোনয়ন মুকলি আছিল যিটোৰ বাবে তেওঁ মনোনীত হৈছিল আৰু সেই বছৰৰ শেষৰ ফালে তেওঁক বঁটা প্ৰদান কৰা হৈছিল।[1]

২০১৮ চনৰ ভিতৰত তেওঁ ১৯৯২ চনত গঠন হোৱা অল ইণ্ডিয়া হেণ্ডলুম ব'ৰ্ড[1] ৰ সদস্য হৈ পৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "Kshetrimayum Indira Devi of Manipur conferred Women Transforming India Award 2018 by NITI Aayog & United Nations India | Times Of Manipur %" (en-US ভাষাত). Times Of Manipur. 2018-12-17. Archived from the original on 2021-01-18. https://web.archive.org/web/20210118223740/https://www.timesofmanipur.com/kshetrimayum-indira-devi-of-manipur-conferred-women-transforming-india-award-2018-by-niti-aayog-united-nations-india/। আহৰণ কৰা হৈছে: 2021-01-15. 
  2. "Chirom Indira Promoter of Manipuri Handlooms products". e-pao.net. http://e-pao.net/epSubPageExtractor.asp?src=reviews.arts.Chirom_Indira_Promoter_of_Manipuri_Handlooms_products। আহৰণ কৰা হৈছে: 2021-01-15. 
  3. 3.0 3.1 "Manipur's Chirom Indira awarded Nari Shakti Puraskar 2017" (en-US ভাষাত). NORTHEAST NOW. https://nenow.in/north-east-news/manipur/manipurs.html। আহৰণ কৰা হৈছে: 2021-01-15. 
  4. "Nari Shakti Puraskar - Gallery". narishaktipuraskar.wcd.gov.in. http://narishaktipuraskar.wcd.gov.in/gallery। আহৰণ কৰা হৈছে: 2021-01-13. 
  5. "On International Women’s Day, the President conferred the prestigious Nari Shakti Puraskars to 30 eminent women and 9 distinguished Institutions for the year 2017". pib.gov.in. https://pib.gov.in/Pressreleaseshare.aspx?PRID=1523402। আহৰণ কৰা হৈছে: 2021-01-14. 
  6. "International Women's Day: President Kovind honours 39 achievers with 'Nari Shakti Puraskar'". The New Indian Express. https://www.newindianexpress.com/nation/2018/mar/09/international-womens-day-president-kovind-honours-39-achievers-with-nari-shakti-puraskar-1784159.html। আহৰণ কৰা হৈছে: 2021-01-08. 
  7. "Madhu Jain Honoured by Ministry of Textiles' Award for Special Recognition in Textile Sector" (en ভাষাত). The Times of India. 6 January 2019. https://timesofindia.indiatimes.com/life-style/fashion/designers/madhu-jain-honoured-by-ministry-of-textiles-award-for-special-recognition-in-textile-sector/articleshow/67395430.cms। আহৰণ কৰা হৈছে: 2021-01-16.