সমললৈ যাওক

চিৰ’কো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিৰ’কো বতাহ

চিৰ’কো বা চিৰ’ক্কো মানে চাহাৰা মৰুভূমিৰ পৰা বৈ অহা ভূমধ্যসাগৰীয় এক বতাহৰ নাম আৰু ই উত্তৰ আফ্ৰিকা আৰু দক্ষিণ ইউৰোপত বিশেষকৈ গ্ৰীষ্মকালত হাৰিকেনৰ গতি লাভ কৰিব পাৰে।

চিৰ’কোৰ উৎপত্তি হৈছে šurūq (আৰবী: شروق), šaraqa ৰ মৌখিক বিশেষ্য, পূবৰ সৈতে জড়িত, aš-šarq। আন ভাষাত এই বতাহৰ বিভিন্ন নাম হ’ল-

  • ইটালীয়ান: scirocco
  • চাৰদিনিয়ান: bentu de subra
  • চিছিলিয়ান: sciroccu
  • স্পেনিছ: siroco or marin
  • ফ্ৰেন্স: sirocco
  • কাটালান: xaloc
  • মাল্টিজ: xlokk
  • অচিটান: siròc or eisseròc
  • হাংগেৰীয়ান: sirokkó
  • গ্ৰীক: σορόκος, romanized: sorókos, or σιρόκος romanized: sirókos
  • আলবেনিয়ান: jugu (south) or shiroku
  • চাৰ্বো-ক্ৰোৱেছিয়ান: jugo, অৰ্থ. 'দক্ষিণা' (Serbian Cyrillic: југо), in Croatia rarely širok (широк)
  • শ্লোভেন: jugo, lit. 'southern'
  • লিগুৰিয়ান: sciöco or mainasso
  • লিবিয়ান আৰবীক: قبلي, romanized: qibliyy, which means "coming from the Qibla"
  • ইজিপ্তিয়ান আৰবীক: خمسين, romanized: Ḫamsīn, which means "fifty" ("fifty-day wind")
  • টুনিচিয়ান আৰবীক: شلوق, romanized: šlūq, probably from شروق šurūq with the same meaning as šarqiyya; or شهيلي šhīliyy
  • হিব্ৰু: שרקיע, romanized: šarqiyya, from Arabic. Also חמסין Ḫamsīn,again from Arabic.
  • মৰোক্কান আৰবীক: شرقي, romanized: šarquiyy, lit. 'eastern', pronounced širguī (see: Chergui)

ৰোমান কবি হৰেচে খ্ৰীষ্টপূৰ্ব ৩৭ চনত ব্ৰুণ্ডিছিয়ামলৈ কৰা যাত্ৰাৰ বিৱৰণীত আপুলিয়াৰ ট্ৰেভিকোত থকা চিৰ’কোক "আটাবুলাছ" (এটা মেছাপিক শব্দ) বুলি উল্লেখ কৰিছে।[1]

চিৰ’কোৰ উৎপত্তি উষ্ণ, শুকান, গ্ৰীষ্মমণ্ডলীয় বায়ুৰ ভৰৰপৰা হয়, যিবোৰ ভূমধ্য সাগৰৰ ওপৰেৰে পূব দিশলৈ যোৱা কম চাপৰ কোষে উত্তৰ দিশলৈ টানি আনে আৰু এই বতাহৰ উৎপত্তি আৰব বা চাহাৰা মৰুভূমিৰপৰা হয়।[2] গৰম, শুষ্ক মহাদেশীয় বায়ু সামুদ্ৰিক ঘূৰ্ণীবতাহৰ শীতল, তিতা বায়ুৰ সৈতে মিহলি হয় আৰু নিম্ন বায়ুৰ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত চলাচলে মিশ্ৰিত বায়ুক ইউৰোপৰ দক্ষিণ উপকূলৰ মাজেৰে আগুৱাই লৈ যায়।

চিৰ’কোৰ প্ৰভাৱ: ফ্ৰান্সৰ ভিট্ৰ’লছত চাহাৰাৰ ধূলি।

চিৰ’কোৰ ফলত আফ্ৰিকাৰ উত্তৰ উপকূলত ধূলিময় শুকান পৰিস্থিতি, ভূমধ্য সাগৰত ধুমুহা আৰু দক্ষিণ ইউৰোপত উষ্ণ আৰ্দ্ৰ বতৰৰ সৃষ্টি হয়। ইউৰোপৰ আন অঞ্চলত চিৰ’কোৰ কোনো প্ৰভাৱ নপৰে। চিৰ’কোৰ সময় কেইঘণ্টামান হ’ব পাৰে বা কেইবাদিনো থাকিব পাৰে। ভূমধ্য সাগৰৰ ওপৰেৰে পাৰ হৈ যোৱাৰ সময়ত চিৰ’কোই আৰ্দ্ৰতা আহৰণ কৰি লয়; ইয়াৰ ফলত ইটালীৰ দক্ষিণ অংশত বৰষুণ হয়, যাক স্থানীয়ভাৱে "ৰক্ত বৃষ্টি" বুলি জনা যায় কাৰণ বৰষুণৰ সৈতে মিহলি হোৱা ৰঙা বালি।

চিৰ’কোক সাধাৰণতে মানুহৰ অস্বস্তি আৰু খিংখিঙীয়া মেজাজৰ সৃষ্টি কৰা বুলি ধৰা হয়।[3] ইয়াৰ উপৰি বহুতে স্বাস্থ্যজনিত সমস্যাৰ কাৰণ বতাহৰ কাৰণ বুলি কয়, হয় আফ্ৰিকাৰ উপকূলীয় অঞ্চলৰপৰা অনা গৰম আৰু ধূলিৰ বাবে, নহয় ইউৰোপৰ আৰু অধিক উত্তৰ দিশত থকা শীতল আৰ্দ্ৰতাৰ বাবে। চিৰ’কো বতাহত থকা ধূলিয়ে যান্ত্ৰিক যন্ত্ৰত ঘৰ্ষণৰ সৃষ্টি কৰিব পাৰে আৰু অট্টালিকাত সোমাই যাব পাৰে।

শৰৎ আৰু বসন্ত কালত ১০০ কিলোমিটাৰ প্ৰতি ঘণ্টা (৬২ মাইল প্ৰতি ঘণ্টা; ৫৪ কিলোমিটাৰ) বেগেৰে বতাহ বেছিকৈ হয়। মাৰ্চ মাহত আৰু নৱেম্বৰ মাহত যেতিয়া অতি গৰম হয় তেতিয়া ইহঁতৰ প্ৰভাৱ চূড়ান্ত হয়।

বৃদ্ধি পোৱা জোৱাৰৰ সৈতে মিলি গ’লে চিৰ’কোই ভেনিচৰ লেগুনত একুৱা আলটা পৰিঘটনাৰ সৃষ্টি কৰিব পাৰে।

এই বতাহে মাছ ধৰাৰ ক্ষেত্ৰতো প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে, বাৰ্কোলাৰ ওচৰৰ ট্ৰাইষ্ট উপসাগৰত ধৰা এঞ্চোভি, যিবোৰৰ সুস্বাদু খাদ্য হিচাপে অতি চাহিদা থাকে, কেৱল চিৰ’কোতহে ধৰা হয়। ঠাণ্ডা বতাহত বৰাৰ দৰে মাছবোৰ এড্ৰিয়াটিক নদীত নোহোৱা হৈ যায়।[4]

তথ্যসূত্ৰ

[উৎস সম্পাদনা]
  1. Horace, Satires, 1.5.78.
  2. Golden Gate Weather Services. Names of Winds. Retrieved on 2006-12-28.
  3. "Južina značenje, definicija i primjeri" (hr ভাষাত). Jezikoslovac. https://jezikoslovac.com/word/8lip আহৰণ কৰা হৈছে: 13 July 2020.
  4. Georges Desrues, "Eine Lange Nacht am Meer", In: Triest - Servus Magazin (2020), p 73.