সমললৈ যাওক

চি এছ ৰাধাদেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চি এছ ৰাধাদেৱী

চি এছ ৰাধাদেৱী
জন্ম ১৯৩১
ট্ৰাভাংকুৰ, ব্ৰিটিছ ভাৰত
মৃত্যু ০৭ জুলাই, ২০২৫ (৯৪ বছৰ)
তিৰুৱনন্তপুৰম, কেৰালা
পেচা একক কণ্ঠশিল্পী, ডাবিং শিল্পী, ৰেডিঅ' শিল্পী
দাম্পত্যসঙ্গী এন নাৰায়ণন নায়াৰ
'সঙ্গীত যাত্ৰা'
সংগীতৰ ধৰণ
  • নেপথ্য কণ্ঠশিল্পী
  • চলচ্চিত্ৰীয়
বাদ্যযন্ত্ৰ কণ্ঠ

চি এছ ৰাধাদেৱী (মালয়ালম: സി.എസ്. രാധാദേവി; ১৯৩১ ৭ জুলাই ২০২৫) আছিল ভাৰতৰ কেৰালাৰ এগৰাকী নেপথ্য কণ্ঠশিল্পী, ডাবিং শিল্পী, ৰেডিঅ' শিল্পী আৰু অভিনেত্ৰী। ৰাধাদেৱী সাতটা দশক ধৰি মালয়ালম ৰেডিঅ' সম্প্ৰচাৰৰ ক্ষেত্ৰখনৰ সৈতে জড়িত আছিল।[1] ৩০বছৰীয়া কেৰিয়াৰত তেওঁ ত্ৰিছখনতকৈও অধিক চলচ্চিত্ৰত কণ্ঠদান কৰিছিল। মালয়ালম চলচ্চিত্ৰলৈ অসামান্য অৱদানৰ বাবে তেওঁ কেৰালা সংগীত নাটক একাডেমী ফেলোশ্বিপ, কেৰালা সংগীত নাটক একাডেমী বঁটা, কেৰালা সংগীত নাটক একাডেমীৰ গুৰুপূজা বঁটা, কেৰালা চলচ্চিত্ৰ সমালোচক বঁটা আৰু কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাকে ধৰি বহুতো সন্মান লাভ কৰিছিল।[2]

চি এছ ৰাধাদেৱীৰ জন্ম হৈছিল ১৯৩১ চনত ট্ৰাভাংকুৰত। তেওঁ শিৱশংকৰ পিল্লাই আৰু চেল্লাম্মাৰ কন্যা আছিল।[3][4] সৰুৰেপৰা তেওঁ নৃত্য আৰু সংগীতৰ প্ৰতি আগ্ৰহী আছিল। ৰাধাদেৱীৰ প্ৰথম গুৰু আছিল ভাইকম মণি আয়াৰ আৰু ইৰাণিয়াল থংকপ্পন।[4] তেওঁ মাদ্ৰাজৰ ৰামনাথ ভাগৱতৰপৰা কৰ্ণাটকী সংগীত শিকিছিল। পৰৱৰ্তী সময়ত তেওঁ থাইকাড সংগীত একাডেমীত এবছৰ ধৰি সংগীত অধ্যয়ন কৰে।[5]

ব্যক্তিগত জীৱন আৰু মৃত্যু

[সম্পাদনা কৰক]

ৰাধাদেৱী আৰু তেওঁৰ স্বামী এন নাৰায়ণন নায়াৰৰ এটা পুত্ৰ সন্তান এন নন্দগোপন আছে। তেওঁৰ স্বামী বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক আছিল।[5] তেওঁ তিৰুৱনন্তপুৰমৰ পুলিমুট্টিলৰ উপ্পালম ৰোডত অৱস্থিত মলিকাপুৰাক্কাল গৃহত বাস কৰিছিল।[6] ২০২৫ চনৰ ৭ জুলাইত তিৰুৱনন্তপুৰমৰ নিজা বাসগৃহত ৰাধাদেৱীৰ মৃত্যু হয়।[7]

কেৰিয়াৰ

[সম্পাদনা কৰক]

ৰাধা দেৱীয়ে ১৩ বছৰ বয়সতে টি এন গোপীনাথন নায়াৰৰ পৰিৱৰ্তনম নাটকত এটা নৃত্যৰ দৃশ্যত অংশ লৈ অভিনয় জীৱনৰ পাতনি মেলিছিল।[8] পৰৱৰ্তী সময়ত তেওঁ বাহাদূৰৰ পৰিচালনাত নিৰ্মিত বল্লাথ পাহায়ন নাটকত মুখ্য চৰিত্ৰত অভিনয় কৰে।[8] প্ৰথম অৱস্থাত তেওঁৰ দেউতাক শিৱশংকৰ পিল্লাই অভিনয়ৰ বিৰোধিতা কৰিছিল।[5]

১৯৪৪ চনত ১৩ বছৰ বয়সত আতাৰ পৰমেশ্বৰন পিল্লাইৰ যাচকমোহিনী চলচ্চিত্ৰত টি কে বালচন্দ্ৰনৰ সৈতে মুৰুলী মুৰুলী নী ৰাধা মানসহাৰী গীতটিত কণ্ঠদান আৰু নৃত্য কৰি তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে, কিন্তু এই চলচ্চিত্ৰখন মুক্তি নাপালে।[8] তামিল চলচ্চিত্ৰ অম্বিকাপথীতো তেওঁ শিশু অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল।[9] ১৯৪৮ চনত থিক্কুৰিছি সুকুমাৰন নায়াৰ অভিনীত স্ত্ৰী চলচ্চিত্ৰত তেওঁ দ্বিতীয় নায়িকা হিচাপে অভিনয় কৰে।[5] যিহেতু তেওঁৰ পৰিয়ালে চলচ্চিত্ৰত অভিনয় কৰাটো ভাল পোৱা নাছিল, সেয়েহে তেওঁ অভিনয় জীৱন অব্যাহত ৰাখিব নোৱাৰিলে।[8]

মালয়ালম চলচ্চিত্ৰৰ প্ৰাৰম্ভিক কালৰেপৰা ৰাধাদেৱী নেপথ্য কণ্ঠশিল্পী হিচাপে সক্ৰিয় আছিল। থিৰুনায়নৰকুৰিচি মাধৱন নায়াৰে ৰাধাদেৱীক নেপথ্য কণ্ঠশিল্পৰ জগতলৈ আনিছিল।[5] তেওঁ প্ৰথমবাৰৰ বাবে ১৯৫০ চনত মুক্তিপ্ৰাপ্ত নাল্লাথাংকা চলচ্চিত্ৰত দক্ষিণামূৰ্তিৰ সংঙ্গীত পৰিচালনাত য়েছুদাসৰ পিতৃ অগাষ্টিন জোচেফৰ সৈতে এটা দ্বৈত গীত গাইছিল।[5] ৩০বছৰীয়া কেৰিয়াৰত তেওঁ ত্ৰিছখনতকৈও অধিক চলচ্চিত্ৰত কণ্ঠদান কৰিছিল।[10]

ৰাধাদেৱী সাতটা দশক ধৰি মালয়ালম ৰেডিঅ' সম্প্ৰচাৰৰ ক্ষেত্ৰখনৰ সৈতে জড়িত আছিল।[10] তেওঁ ১৯৪২ চনত ট্ৰাভাংকুৰ ৰেডিঅ' কেন্দ্ৰত সংগীত অনুষ্ঠান পৰিচালনা কৰিবলৈ আৰম্ভ কৰে আৰু ১৯৫০ চনত অল ইণ্ডিয়া ৰেডিঅ'ত শিল্পী হিচাপে যোগদান কৰে।[10] অল ইণ্ডিয়া ৰেডিঅ'ত কৰ্মৰত অৱস্থাতে ৰাধাদেৱীয়ে ডাবিং উদ্যোগত প্ৰৱেশ কৰে আৰু মালয়ালম, তামিল তথা তেলুগু চলচ্চিত্ৰত কণ্ঠদান কৰে।[5]

ডাবিং শিল্পী হিচাপে ৰাধা দেৱীয়ে প্ৰথমবাৰৰ বাবে জি বিশ্বনাথৰ পৰিচালনাত নিৰ্মিত বনমালা (১৯৫১) চলচ্চিত্ৰত এগৰাকী শিশু অভিনেত্ৰীৰ বাবে কণ্ঠদান কৰিছিল।[11] নায়িকাৰ বাবে তেওঁৰ প্ৰথম ডাবিং আছিল জ্ঞানসুন্দৰী (১৯৬১) চলচ্চিত্ৰত।[11] ইয়াৰ উপৰি তেওঁ সীতা, স্নাপক য়োহান্নান, ভক্তকুচেলা, কডল আৰু আনা ৱালৰ্থিয়া ৱানাম্বাদী আদি মালয়ালম চলচ্চিত্ৰৰ চৰিত্ৰত কণ্ঠদান কৰিছিল।[9]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

১৯৮৩ চনত ৰাধাদেৱীয়ে কেৰালা সংগীত নাটক একাডেমী বঁটা লাভ কৰে।[12] ২০১৮ চনত তেওঁক কেৰালা সংগীত নাটক একাডেমী ফেলোশ্বিপ প্ৰদান কৰা হয়।[10] ইয়াৰ উপৰি তেওঁ কেৰালা সংগীত নাটক একাডেমীৰদ্বাৰা গুৰুপূজা বঁটা, কেৰালা চলচ্চিত্ৰ সমালোচক বঁটা, ঠাকুৰ জয়ন্তী বঁটা, মালয়ালম চলচ্চিত্ৰলৈ অসামান্য অৱদানৰ বাবে কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, নাট্যগৃহম বঁটা, টি আৰ সুকুমাৰন নায়াৰ স্মৃতি বঁটা, স্বাতীথিৰুনাল সংগীতসভা বঁটা, স্বৰম বঁটা, ভাৰতীয়কলাপিডম সংগীত সংগম পুৰস্কাৰ আৰু ৬০বছৰীয়া সেৱাৰ বাবে অল ইণ্ডিয়া ৰেডিঅ' বঁটাকে ধৰি বহুতো সন্মান লাভ কৰিছিল।[5][4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "C. S. Radhadevi passes away". Mathrubhumi. https://mathrubhumi.com আহৰণ কৰা হৈছে: ২০২৬-০৭-২৫.
  2. "Veteran artist C. S. Radhadevi honored". The Hindu. ২০২৫-০৭-০৮.
  3. Kerala Sangeetha Nataka Academy Award 2019, Handbook. Kerala Sangeetha Nataka Academi. 2019.
  4. 1 2 3 "Profile of Malayalam Singer CS Radhadevi". malayalasangeetham.info. Archived from the original on 2024-02-04. https://web.archive.org/web/20240204163743/https://malayalasangeetham.info/displayProfile.php?category=singers&artist=CS%20Radhadevi আহৰণ কৰা হৈছে: 2026-07-25.
  5. 1 2 3 4 5 6 7 8 "ശ്രുതിസാന്ദ്രമായ മധুരഗാനം" (en ভাষাত). Mathrubhumi Archives. https://archives.mathrubhumi.com/thiruvananthapuram/nagaram/article-1.4006349.
  6. "തീരാ‍ത്ത പാട്ടുകള്‍, തോരാത്ത ഓര്‍മ്മകള്‍" (ml ভাষাত). Deshabhimani. https://www.deshabhimani.com/music/g-venugopal-on-c-s-radhadevi/609249.
  7. "From duet with Yesudas's father to silver screen stardom: Remembering AIR artist CS Radhadevi" (en ভাষাত). @mathrubhumi. 8 July 2025. https://english.mathrubhumi.com/news/kerala/from-duet-with-yesudass-father-to-silver-screen-stardom-remembering-air-artist-cs-radhadevi-u49gwtwx.
  8. 1 2 3 4 "മലയാളിയുടെ റേഡിയോക്കാരി" (ml ভাষাত). Deshabhimani. https://www.deshabhimani.com/women/profile/write-up-about-cs-radhadevi-97474.
  9. 1 2 "ആദ്യകാല ചലച്ചിത്ര, നാടക നടിയും പിന്നണി ഗായികയുമായ സി എസ് രാധാദേവി അന്തരിച്ചു" (en-US ভাষাত). Janayugom Online. 2025-07-07. https://janayugomonline.com/early-film-and-theater-actress-and-playback-singer-cs-radhadevi-passes-away/ আহৰণ কৰা হৈছে: 2025-07-18.
  10. 1 2 3 4 "ശബ്‌ദനായിക – സി എസ് രാധാദേവി – പൂക്കാലം". Government of Keralapookalam.kerala.gov.in. https://pookalam.kerala.gov.in/2022/03/11/the-heroine-of-the-sound-art-cs-radhadevi/.[সংযোগবিহীন উৎস]
  11. 1 2 "'യേശുദാസ് താമസമെന്തേ പാടി; കോരിത്തരിപ്പോടെ ഞാൻ കേട്ടിരുന്നു'" (en ভাষাত). Mathrubhumi. 3 June 2021. https://www.mathrubhumi.com/movies-music/columns/singer-cs-radhadevi-birthday-special-randidangazhi-movie-song-1.5718933 আহৰণ কৰা হৈছে: 2022-06-07.
  12. "Kerala Sangeetha Nataka Akademi Award: Prakshepana Kala". Department of Cultural Affairs, Government of Kerala. http://www.keralaculture.org/prakshepana-kala-a-ksna/474 আহৰণ কৰা হৈছে: 26 February 2023.