সমললৈ যাওক

চুকৌনী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুকৌনী

চুকৌনী (চুকাউনী)
প্ৰকাৰ আচাৰ
প্ৰকাৰ আচাৰ
উৎপত্তিৰ স্থান নেপাল
অঞ্চল পাল্পা জিলা, গণ্ডকী প্ৰদেশ
ৰন্ধনৰ সময়
মুখ্য উপাদান সিজোৱা আলু, দৈ, নিমখ, মচলা

চুকৌনী বা চুকাউনী হৈছে নেপালৰ পাল্পা জিলাত উদ্ভৱ হোৱা আলুৰপৰা তৈয়াৰ কৰা আচাৰৰ এটা স্বাদিষ্ট পৰম্পৰাগত নেপালী খাদ্য।[1] এই আচাৰটো সিজোৱা আলুত দৈ, পিঁয়াজ, ধনিয়া আৰু মচলা লগাই তৈয়াৰ কৰা হয়। সাধাৰণতে ৰুটি, চেল ৰুটি, নাইবা ভাতৰ সৈতে ইয়াক খোৱা হয়।[2][3]

এই আচাৰটো গৰম বা ঠাণ্ডা দুয়ো ধৰণে খোৱা যায়। ই সহজ উপকৰণেৰে বনাব পৰা এটা জনপ্ৰিয় আচাৰ।[4][5] ই মূলতঃ আলু আৰু দৈৰ আচাৰ। নেপালৰ পশ্চিমাঞ্চলত বিশেষকৈ পাল্পা জিলাত ইয়াৰ উৎপত্তি হৈছিল আৰু এতিয়া ৰূপন্দেহী, চ্যাংজা, নৱলপাৰাসি, অৰ্ঘাখাঁচি আদি জিলাতো বহুলভাৱে প্ৰচলিত। কাঠমাণ্ডু চহৰতো এই আচাৰ ৰেষ্টুৰেণ্ট আৰু মানুহৰ ঘৰত জনপ্ৰিয়।

প্ৰধান উপকৰণ

[সম্পাদনা কৰক]

চুকৌনী বনোৱাৰ পদ্ধতি

[সম্পাদনা কৰক]
  1. ৫০০ গ্ৰাম আলু সিজাই তাৰ পিছত টুকুৰা কৰিব।
  2. ৪০-৫০ গ্ৰাম পিঁয়াজ কুচি কৰি, নিমখ স্বাদ অনুসৰি যোগ কৰিব।
  3. ২ চামুচ তোৰী বা সূৰ্যমুখীৰ তেল গৰম কৰি, তাত মেথি আৰু জলকীয়া দি ভাজি ল’ব।
  4. তাৰ পিছত অলপ পৰিমাণে হালধি গুঁৰি তাত দি, সেই তেল আলুত ঢালি মিহলাই ল’ব।
  5. তাৰ পিছত আধা লিটাৰ দৈ যোগ কৰি ভালদৰে মিহলাই, ওপৰত ধনিয়া পাত ছটিয়াই দি পৰিৱেশন কৰিব।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. পোখৰেল, লক্ষ্মণ. "পৰ্যটক তানে পাল্পাৰ চুকৌনী" (ne ভাষাত). Sampurna Weekly. Archived from the original on 2022-10-12. https://web.archive.org/web/20221012170648/https://sampurnaweekly.com/news/1141 আহৰণ কৰা হৈছে: 2022-04-16.
  2. "Chukauni from Palpa district – Boss Nepal" (en ভাষাত). Archived from the original on 2021-04-14. https://web.archive.org/web/20210414013813/http://bossnepal.com/chukauni-palpa-district/ আহৰণ কৰা হৈছে: 2021-03-03.
  3. "ৰৈথানে স্বাদঃ এইদৰে বনোৱা হয় পাল্পালী চুকাউনী" (ne ভাষাত). Online Khabar. https://www.onlinekhabar.com/2019/04/759433 আহৰণ কৰা হৈছে: 2022-04-16.
  4. "The culture, history and recipe of batuk" (en ভাষাত). Kathmandu Post. https://kathmandupost.com/recipes/2020/08/28/the-culture-history-and-recipe-of-batuk আহৰণ কৰা হৈছে: 2021-10-31.
  5. "Recipe of Chukauni" (en ভাষাত). My Republica. http://myrepublica.nagariknetwork.com/news/87885/ আহৰণ কৰা হৈছে: 2021-10-31.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]