সুচাটা চুৱাংশ্ৰী
| সুচাটা চুৱাংশ্ৰী | |
|---|---|
২০২৫ চনত সুচাটা | |
| স্থানীয় নাম | “অ’পাল” สุชาตา ช่วงศรี |
| জন্ম | ২০ ছেপ্টেম্বৰ, ২০০৩ (২২ বছৰ) ফুকেট, থাইলেণ্ড |
| অন্য নাম |
|
| শিক্ষানুষ্ঠান | থামাছাট বিশ্ববিদ্যালয় |
| উচ্চতা | ১.৮০মিটাৰ |
| 'Beauty pageant titleholder' | |
| Title | |
| Years active | ২০২১ৰপৰা-বৰ্তমানলৈ |
| Hair color | ক'লা |
| Eye color | মুগা বৰণীয়া |
| Major competition(s) |
|
সুচাটা চুৱাংশ্ৰী(ইংৰাজী: : Suchata Chuangsri ; জন্ম ২০ ছেপ্তেম্বৰ, ২০০৩), এগৰাকী থাই সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী মহিলা , যি গৰাকীয়ে মিছ ৱৰ্ল্ড ২০২৫ খিতাপ অৰ্জন কৰিছে। মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰা সুচাটা হৈছে প্ৰথম থাই মহিলা। তেওঁক থাই উপনাম “অ’পাল” (থাই: โอปอล) নামেৰেও জনা যায়।
প্ৰাথমিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]২০০৩ চনৰ ২০ ছেপ্টেম্বৰত ফুকেটত পিতৃ থানেট ডনকামনেৰ্ড আৰু মাতৃ সুপাত্ৰা চুৱাংশ্ৰীৰ ঔৰষত সুচাটাই জন্মগ্ৰহণ কৰে । [2]কিছু সূত্ৰৰ মতে, তেওঁ ২০ মাৰ্চত জন্মগ্ৰহণ কৰিছিল।[3][4] টিপিএন গ্লৱেল, সেই সময়ৰ মিছ ইউনিভাৰ্ছ থাইলেণ্ড প্ৰতিযোগিতাৰ আয়োজকৰ মতে তেওঁৰ জন্ম ২০ ছেপ্টেম্বৰত।[5]তেওঁৰ পৰিয়ালে ফুকেটৰ থালাঙত ব্যক্তিগত ব্যৱসায়েৰে জীৱন নিৰ্বাহ কৰিছে । সুচাটাই প্ৰাথমিক আৰু নিম্ন মাধ্যমিক শিক্ষা কাজোংকিয়েচুক্সা স্কুলত সম্পূৰ্ণ কৰে, আৰু ট্ৰিয়াম উডোম চুক্সা স্কুলত উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে বেংককলৈ গুচি যায়, য'ত তেওঁ কলা কাৰ্যসূচীৰ অধীনত চীনা বিষয়ত মেজৰ লৈ শিক্ষা গ্ৰহণ কৰে।
মিছ ইউনিভাৰ্ছ থাইলেণ্ড হোৱাৰ পূৰ্বে সুচাটাই থামাছাট বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পৰা ৰাজনীতি আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত স্নাতক ডিগ্ৰী লাভ কৰিছিল। [3][6]
সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ
[সম্পাদনা কৰক]সুচাতাৰ বয়স যেতিয়া ১৬ বছৰ আছিল, তেতিয়া তেওঁৰ দেহৰ প্ৰতিটো স্তনত ১০ চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ টিউমাৰ পোৱা গৈছিল আৰু টিউমাৰ আঁতৰাবলৈ তেওঁৰ শৰীৰৰ নিদিষ্ট অংশত অস্ত্ৰোপচাৰ কৰিব লগা হৈছিল আৰু সফল হৈছিল। এই সফলতাৰ অভিজ্ঞতাই সুচাতাৰ মনলৈ স্তন কেন্সাৰ প্ৰতি সজাগতাৰ পোষকতা আনে আৰু এই বিষয়টোৰ প্ৰতি সকলো মানুহৰ সজাগতা আনিবলৈ তেওঁ সৌন্দৰ্য্য প্ৰতিযোগিতাৰ পেজেণ্ট্ৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। [7]
২০২২ চনত ১৮ বছৰ বয়সত সুচাটাই মিছ ইউনিভাৰ্ছ থাইলেণ্ড ২০২২ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু তৃতীয় ৰানাৰ্ছ আপ হিচাপে অন্ত পেলায়। [8] পিছলৈ মূল প্ৰথম ৰানাৰ্ছ আপ নিকোলিন লিমছনুকানে পদত্যাগ কৰাৰ পিছত তেওঁক দ্বিতীয় ৰানাৰ্ছ আপলৈ উন্নীত কৰা হয়। [9]
ইয়াৰ পাছত ২০২৪ চনত সুচাটাক বেংককক প্ৰতিনিধিত্ব কৰি মিছ ইউনিভাৰ্ছ থাইলেণ্ড ২০২৪ প্ৰতিযোগিতাত নিযুক্তি দিয়া হয়। [10]ইয়াৰ ওপৰি মিছ চাৰ্মিং টেলেণ্ট আৰু মিছ বিউটি এণ্ড কনফিডেন্সকে ধৰি কেইবাটাও বিশেষ বঁটা লাভ কৰে। [11] প্ৰতিযোগিতাৰ শেষত তেওঁক মিছ ইউনিভাৰ্ছ থাইলেণ্ড ২০২৪ৰ মুকুট পিন্ধোৱা হয়।
২০২৪ চনৰ ১৭ নৱেম্বৰত মেক্সিকো চহৰত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছ ২০২৪ত থাইলেণ্ডক সুচাটাই প্ৰতিনিধিত্ব কৰিছিল । তাত তেওঁ তৃতীয় ৰানাৰ্ছ আপ হিচাপে স্থান লাভ কৰে [12] আৰু ভইচ ফৰ চেঞ্জ ৰূপৰ বঁটা লাভ কৰে। [13][14]
কিন্তু ২০২৫ চনৰ ২২ এপ্ৰিলত মিছ ৱৰ্ল্ডত থাইলেণ্ডৰ প্ৰতিনিধি হিচাপে নিযুক্তি পোৱাৰ পিছত মিছ ইউনিভাৰ্ছ অৰ্গেনাইজেশ্যনে তেওঁক তৃতীয় ৰানাৰ্ছ আপৰ পদৰ পৰা অপসাৰণ কৰাৰ কথা ঘোষণা কৰে [15] কাৰণ তেওঁ আন এটা খিতাপ গ্ৰহণ কৰাৰ পূৰ্বে ১২ মাহ বা এবছৰ সম্পূৰ্ণ কৰিব লাগিব। [16]
মিছ ৱৰ্ল্ড ২০২৫
[সম্পাদনা কৰক]২০২৫ চনৰ ২২ এপ্ৰিলত সুচাটাক মিছ ৱৰ্ল্ড থাইলেণ্ড অৰ্গেনাইজেশ্যনে — টেৰ’ এণ্টাৰটেইনমেণ্ট আৰু টিপিএন গ্ল’বেলৰ সহযোগত — ভাৰতত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড ২০২৫ত থাইলেণ্ডক প্ৰতিনিধিত্ব কৰিবলৈ নিযুক্তি দিয়ে। মাল্টিমিডিয়া চেলেঞ্জত জয়ী হোৱাৰ পিছত সুচাটাই শীৰ্ষ ৪০ ৰ ভিতৰত স্থান লাভ কৰে। এই প্ৰতিযোগিতা ২০২৫ চনৰ ৩১ মে'ত হায়দৰাবাদত অনুষ্ঠিত হয়। [17] ২০২৫ চনৰ মিছ ৱৰ্ল্ড হিচাপে তেওঁক এই খিতাপ দখল কৰা প্ৰথমগৰাকী থাই আৰু দ্বিতীয় দক্ষিণ-পূব এছিয়ান হিচাপে অভিষিক্ত কৰা হয়। [18][19]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "ประกาศปลด "นิโคลีน" ไม่สามารถปฏิบัติหน้าที่ตามระเบียบขององค์กร MUT". ผู้จัดการออนไลน์. 14 October 2022. https://mgronline.com/entertainment/detail/9650000098695.
- ↑ "ฝันที่เกือบจะไปถึง "โอปอล สุชาตา" คว้ารองอันดับ 3 มิสยูนิเวิร์ส 2024" (th ভাষাত). Amarin TV. 17 November 2024. https://www.amarintv.com/news/entertain/500454.
- ↑ 3.0 3.1 "'โอปอล' สุชาตา ช่วงศรี พลิกปมด้อยเป็นปมเด่น สู่เวทีผู้ประกวดสาวงาม". เดลินิวส์. 30 January 2022. https://www.dailynews.co.th/articles/714475/.
- ↑ "ย้อนประวัติ "โอปอล สุชาตา" รองอันดับ 3 มิสยูนิเวิร์ส 2024". Post Today. https://www.posttoday.com/lifestyle/715818.
- ↑ "Happy Birthday to the UNIVERSE✨🇹🇭 Opal Suchata" (th ভাষাত). TPN GlobalTPN GLOBAL Facebook page. 20 September 2024. https://www.facebook.com/TPNGlobalOfficial/posts/1058769315653527/। আহৰণ কৰা হৈছে: 7 May 2025.
- ↑ "เปิดชีวิต "โอปอล สุชาตา ช่วงศรี" Miss Universe Thailand 2024 ทำดีที่สุดแล้ว คว้ารอง 3 Miss Universe 2024 จากวิกฤต "รอดตาย" ผ่าก้อนเนื้อ เสี่ยงมะเร็งเต้านม ก้าวสู่เส้นทางนางงาม" (th ভাষাত). Komchadluek. 17 November 2024. https://www.komchadluek.net/entertainment/579608.
- ↑ "โอปอล สุชาตา รอง MUT2022 เผยปมในใจที่เข้าประกวด ลั่นสักปีมงจะลงหัวหนู" (Thai ভাষাত). Thairath. 5 August 2022. https://www.thairath.co.th/entertain/news/2465066.
- ↑ "รู้จัก โอปอล สุชาตา สาว 18 หน้าไทย ได้ภาษา รอง 3 MUT 2022" (th ভাষাত). thairath.co.th. 30 July 2022. https://www.thairath.co.th/entertain/news/2459326। আহৰণ কৰা হৈছে: 30 April 2025.
- ↑ "ประกาศปลด "นิโคลีน" ไม่สามารถปฏิบัติหน้าที่ตามระเบียบขององค์กร MUT" (th ভাষাত). MGR ONLINE. 14 October 2022. https://mgronline.com/entertainment/detail/9650000098695। আহৰণ কৰা হৈছে: 30 April 2025.
- ↑ "ประวัติ โอปอล สุชาตา Miss Universe Thailand 2024 สาวเก่งจากรั้ว มธ." (th ভাষাত). sanook.com. 17 November 2024. https://www.sanook.com/campus/1425131/। আহৰণ কৰা হৈছে: 30 April 2025.
- ↑ "โอปอล-สุชาตา ช่วงศรี จากกรุงเทพมหานคร คว้ามงกุฎ Miss Universe Thailand 2024..." (th ভাষাত). 14 July 2024. https://www.prachachat.net/d-life/news-1607276। আহৰণ কৰা হৈছে: 30 April 2025.
- ↑ "ประวัติ "โอปอล-สุชาตา ช่วงศรี" เส้นทางนางงาม สู่ตำแหน่งรองชนะเลิศอันดับ 3 Miss Universe 2024" (th ভাষাত). Mono 29. 15 November 2024. https://mono29.com/life/women/498094.html। আহৰণ কৰা হৈছে: 30 April 2025.
- ↑ ""โอปอล สุชาตา" คว้ารองอันดับ 3 นางงามจักรวาล Miss Universe 2024" (th ভাষাত). Thai PBS. 17 November 2024. https://www.thaipbs.or.th/news/content/346381। আহৰণ কৰা হৈছে: 30 April 2025.
- ↑ "รางวัลแรกมาแล้ว! "โอปอล สุชาตา" คว้ารางวัลระดับ Silver รางวัลพิเศษ Voice for Change" (th ভাষাত). PPTV. 15 November 2024. https://www.pptvhd36.com/news/%E0%B8%82%E0%B9%88%E0%B8%B2%E0%B8%A7%E0%B8%9A%E0%B8%B1%E0%B8%99%E0%B9%80%E0%B8%97%E0%B8%B4%E0%B8%87/236692। আহৰণ কৰা হৈছে: 30 April 2025.
- ↑ "Miss Universe Organization withdraws title from Miss Universe 2024 3rd runner-up Suchata Chuangsri of Thailand" (th ভাষাত). GMA News. 22 April 2025. https://www.gmanetwork.com/news/lifestyle/content/943585/miss-universe-organization-withdraws-title-from-miss-universe-2024-3rd-runner-up-suchata-chuangsri-of-t/story/। আহৰণ কৰা হৈছে: 30 April 2025.
- ↑ "เดือดปลด "โอปอล" จากรอง 3 มิสยูนิเวิร์ส เหตุละเมิดสัญญาเข้าประกวดเวทีอื่น... อ่านข่าวต้นฉบับได้ที่" (th ভাষাত). prachachat.net. 22 April 2025. https://www.prachachat.net/d-life/news-1797284। আহৰণ কৰা হৈছে: 30 April 2025.
- ↑ "เปิดตัว โอปอล สุชาตา เป็นมิสเวิลด์ไทยแลนด์ 2025 พร้อมชิงมงฟ้ามิสเวิลด์ที่อินเดีย" (th ভাষাত). 22 April 2025. https://www.thairath.co.th/entertain/news/2854276.
- ↑ "Opal Suchata Chuangsri of Thailand is Miss World 2025!" (en ভাষাত). GMA News Online. 2025-06-01. https://www.gmanetwork.com/news/lifestyle/artandculture/947980/opal-suchata-chuangsri-of-thailand-is-miss-world-2025/story/। আহৰণ কৰা হৈছে: 2025-05-31.
- ↑ "Thailand's Opal Suchata crowned Miss World 2025" (en ভাষাত). India Today. 2025-05-31. https://www.indiatoday.in/lifestyle/what-s-hot/story/thailand-opal-suchata-crowned-miss-world-2025-winner-2733756-2025-05-31। আহৰণ কৰা হৈছে: 2025-05-31.
উদ্ধৃতি ত্ৰুটি: <ref> টেগ্সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্ পোৱা নগ'ল