চুছুমু কিটাগাৱা
| চুছুমু কিটাগাৱা Susumu Kitagawa | |
|---|---|
| জন্ম | ৪ জুলাই, ১৯৫১ (৭৪ বছৰ) কিয়'ট', জাপান |
| ক্ষেত্ৰ | ৰসায়ন বিজ্ঞান |
| কৰ্মস্থান | কিয়টো বিশ্ববিদ্যালয় |
| জনা যায় | ধাতু-জৈৱ কাঠামো |
| উল্লেখনীয় বঁটা | হামবল্ড বঁটা(২০০৮) ক্লেৰিভেট চাইটেচন বঁটা বিজয়ী(২০১০) সন্মানীয় পদক (২০১১) ডি জেনেছ বঁটা (২০১৩) জাপান একাডেমী বঁটা (২০১৬) ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা (২০২৫) |
চুছুমু কিটাগাৱা (ইংৰাজী: Susumu Kitagawa ; জন্ম: ৪ জুলাই ১৯৫১) সমন্বয় ৰসায়ন বিজ্ঞানত বিশেষজ্ঞ জাপানী ৰসায়নবিদ৷ তেওঁ জৈৱিক–অজৈৱিক সংকৰ যৌগ আৰু ছিদ্ৰযুক্ত সমন্বয় পলিমাৰৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্ম, বিশেষকৈ ধাতু-জৈৱিক কাঠামোৰ ওপৰত গৱেষণা কৰে।[1] তেওঁ সহ-প্ৰতিষ্ঠাপক কিয়’ট’ বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ ইণ্টিগ্ৰেটেড চেল-মেটেৰিয়েল চাইন্সেছ (আইচিইএমএছ)ৰ বিশিষ্ট অধ্যাপক। ২০২৫ চনত ৰিচাৰ্ড ৰবছন আৰু ওমৰ এম য়াঘীৰ সৈতে ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।
জীৱন
[সম্পাদনা কৰক]
১৯৫১ চনৰ ৪ জুলাইত কিয়’ট’ত কিটাগাৱাৰ জন্ম হৈছিল।[2]
১৯৭৯ চনত কিয়’ট’ বিশ্ববিদ্যালয়ৰ পৰা হাইড্ৰ’কাৰ্বন ৰসায়ন বিজ্ঞানত কিটাগাৱাই পি এইচ ডি লাভ কৰে৷ তেওঁ একেটা প্ৰতিষ্ঠানতে স্নাতক অধ্যয়নো সম্পূৰ্ণ কৰে। সেই বছৰতে তেওঁ কিণ্ডাই বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে আৰু ১৯৮৩ চনত প্ৰবক্তা আৰু ১৯৮৮ চনত সহযোগী অধ্যাপক হিচাপে পদোন্নতি লাভ কৰে।[1][3]
১৯৯২ চনত তেওঁ টকিঅ' মেট্ৰ'পলিটান বিশ্ববিদ্যালয়ত অজৈৱ ৰসায়ন বিজ্ঞানৰ তেওঁ অধ্যাপক হয়।[1] ১৯৯৮ চনত তেওঁ কিয়'ট' বিশ্ববিদ্যালয়লৈ কৃত্ৰিম ৰসায়ন আৰু জৈৱ ৰসায়ন বিভাগৰ অজৈৱিক কাৰ্য্যকৰী ৰসায়ন বিজ্ঞানৰ অধ্যাপক হিচাপে ঘূৰি আহে।[3][4] ২০০৭ চনত তেওঁ ইনষ্টিটিউট ফৰ ইণ্টিগ্ৰেটেড চেল-মেটেৰিয়েল চাইন্সেছ [ja] (iCeMS)ৰ সহ-প্ৰতিষ্ঠাপক হয়, প্ৰতিষ্ঠাপক উপ-সঞ্চালক হিচাপে কাম কৰে, তাৰ পিছত ২০১৩ চনৰ পৰা ২০২৩ চনলৈকে পৰিচালক হিচাপে কাম কৰে।[5][6] ২০২৪ চনত তেওঁ কিয়'ট' বিশ্ববিদ্যালয়ৰ গৱেষণা প্ৰসাৰৰ কাৰ্যবাহী উপ-সভাপতি হিচাপে নিযুক্তি লাভ কৰে।[7]
তেওঁৰ বহিঃৰাজ্যত শৈক্ষিক অভিজ্ঞতাৰ ভিতৰত টেক্সাছ এ এণ্ড এম বিশ্ববিদ্যালয়ত এফ এলবাৰ্ট কটনৰ সৈতে পোষ্ট ডক্টৰেট ফেল'শ্বিপ (১৯৮৬–১৯৮৭) আৰু নিউয়ৰ্কৰ চিটি ইউনিভাৰ্চিটিত অতিথি অধ্যাপক পদ (১৯৯৬) অন্যতম।[1][4][8] ২০১৮ চনত মিউনিখৰ কাৰিকৰী বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।[9]
গৱেষণা
[সম্পাদনা কৰক]| Scholia has a profile for [[:toolforge:scholia/Q11401680|সাঁচ:Ifnoteq then show (Q11401680)]]. |
মাকোটো ফুজিটা (১৯৯৪) আৰু ওমৰ এম য়াঘীৰ (১৯৯৫) আৱিষ্কাৰৰ পিছত কিটাগাৱাই ১৯৯৭ চনত প্ৰমাণ কৰে যে সমন্বয় পলিমাৰ গঠনত গেছ শোষণ ধৰ্ম থাকে, যিটো কাৰ্য্যক্ষম ছিদ্ৰযুক্ত পদাৰ্থৰ বিকাশৰ বাবে এক মূল তথ্য।[4]
তেওঁৰ আটাইতকৈ প্ৰভাৱশালী কৰ্মসমূহৰ ভিতৰত আছে:
- ১৯৯৭ চনত সৰু অণু শোষণৰ বাবে এটা ছিদ্ৰযুক্ত সমন্বয় পলিমাৰ (MOF)ৰ ওপৰত এটা বীজগত প্ৰতিবেদন।[1][10][11]
- ২০০৪ চনৰ কাৰ্য্যক্ষম ছিদ্ৰযুক্ত সমন্বয় পলিমাৰৰ প্ৰাৰম্ভিক পৰ্যালোচনা।[1][12]
- ২০০৯ চনত "কোমল ছিদ্ৰযুক্ত স্ফটিক"ৰ পৰ্যালোচনা, যিয়ে ৰাসায়নিক বা ভৌতিক উদ্দীপনাত বৃহৎ পৰিসৰৰ গাঁথনিগত পৰিৱৰ্তনশীলতাৰ বৈশিষ্ট্য প্ৰদান কৰে।[10][13]
বঁটা আৰু স্বীকৃতি
[সম্পাদনা কৰক]- ২০০৩ –সৃষ্টিশীল কৰ্মৰ বাবে জাপানৰ ৰসায়ন বিজ্ঞান সমাজৰ বঁটা[1]
- ২০০৮ – হামবল্ডট গৱেষণা বঁটা[1]
- ২০০৯ – জাপানৰ ৰসায়ন বিজ্ঞান সমাজ (CSJ) বঁটা [14]
- ২০১০ – থমছন ৰিউটাৰছ ছাইটেছন লৰেটছ[15]
- ২০১১ – পাৰ্পল ৰিবনৰ পদক[16]
- ২০১৩ – ডে জেনেছ বঁটা[17]
- ২০১৬ –জাপান একাডেমী বঁটা[18]
- ২০১৬ – ফ্ৰেড বাছ'ল' পদক, নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়[19]
- ২০১৭ – ফিউছাৰ ছলভেৰ ৰসায়ন বঁটা[20]
- ২০১৭ – ফুজিহাৰা বঁটা[21]
- ২০১৯ – গ্ৰা প্ৰিক্স দে লা ফণ্ডেচন দে লা মেইচন দে লা চিমি[22]
- ২০১৯ – ইমানুৱেল মাৰ্ক প্ৰবক্তা[23]
- ২০১৯ – জাপান একাডেমীৰ সদস্য[24]
- ২০২৩ – ৰয়েল সমাজৰ সভ্য[25]
- ২০২৫ – ৰসায়ন বিজ্ঞানৰ ন'বেল[2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 "Susumu Kitagawa". Angewandte Chemie International Edition খণ্ড 48 (47): 8818–8820. 9 November 2009. doi:10.1002/anie.200904270.
- ↑ 2.0 2.1 Nobel Prize in Chemistry 2025 – Susumu Kitagawa
- ↑ 3.0 3.1 "CV : Susumu KITAGAWA". Kitagawa.icems.kyoto-u.ac.jp. http://www.kitagawa.icems.kyoto-u.ac.jp/wp-content/uploads/2016/10/CV.Susumu-Kitagawa1610111.pdf। আহৰণ কৰা হৈছে: 12 October 2017.
- ↑ 4.0 4.1 4.2 Rebecca Trager (9 October 2025). "Meet the three scientists who have just won the Nobel prize in chemistry". Chemistry World. https://www.chemistryworld.com/news/meet-the-three-scientists-who-have-just-won-the-nobel-prize-in-chemistry/4022291.article। আহৰণ কৰা হৈছে: 11 October 2025.
- ↑ "物質-細胞統合システム拠点(iCeMS) 1拠点構想等の概要(京都大学)" (ja ভাষাত). Ministry of Education, Culture, Sports, Science and Technology. 2009. https://www.mext.go.jp/a_menu/kagaku/toplevel/07120413/003.htm। আহৰণ কৰা হৈছে: 11 October 2025.
- ↑ "Timeline". Institute for Integrated Cell-Material Sciences. https://www.icems.kyoto-u.ac.jp/en/about/timeline। আহৰণ কৰা হৈছে: 11 October 2025.
- ↑ "Profile: Susumu Kitagawa" (en ভাষাত). Kyoto University Institute for Advanced Study. https://kuias.kyoto-u.ac.jp/e/profile/kitagawa। আহৰণ কৰা হৈছে: 12 October 2025.
- ↑ (ja ভাষাত) 集積型金属錯体: クリスタルエンジニアリングからフロンティアオービタルエンジニアリングへ. Kodansha. 20 June 2001. ISBN 978-4-06-153395-0. https://www.kinokuniya.co.jp/f/dsg-01-9784061533950। আহৰণ কৰা হৈছে: 11 October 2025.
- ↑ "Nobel Prize in Chemistry for TUM Honorary Doctor Kitagawa". Technical University of Munich. 8 October 2025. https://www.tum.de/en/news-and-events/all-news/press-releases/details/nobel-prize-in-chemistry-for-tum-honorary-doctor-kitagawa। আহৰণ কৰা হৈছে: 11 October 2025.
- ↑ 10.0 10.1 Koester, Vera (8 October 2025). "Nobel Prize in Chemistry 2025". ChemistryViews. https://www.chemistryviews.org/nobel-prize-in-chemistry-2025/.
- ↑ Kondo, Mitsuru; Yoshitomi, Tomomichi; Matsuzaka, Hiroyuki; Kitagawa, Susumu; Seki, Kenji (1997). "Three-Dimensional Framework with Channeling Cavities for Small Molecules: ". Angewandte Chemie International Edition খণ্ড 36 (16): 1725–1727. doi:10.1002/anie.199717251.
- ↑ Kitagawa, Susumu; Kitaura, Ryo; Noro, Shin-Ichiro (2004). "Functional Porous Coordination Polymers". Angewandte Chemie International Edition খণ্ড 43 (18): 2334–2375. doi:10.1002/anie.200300610. PMID 15114565.
- ↑ Horike, Satoshi; Shimomura, Satoru; Kitagawa, Susumu (2009). "Soft porous crystals". Nature Chemistry খণ্ড 1 (9): 695–704. doi:10.1038/nchem.444. PMID 21124356.
- ↑ "2008 – Pioneering and Developing Studies on Chemistry od [sic Coordination Space"]. The Chemical Society of Japan. 2014-09-20. https://www.chemistry.or.jp/en/awards/2014/pioneering-and-developing-studies-on-chemistry-od-coordination-space.html। আহৰণ কৰা হৈছে: 2025-10-08.
- ↑ "2010 – Thomson Reuters Predicts Nobel Laureates". Thomson Reuters. 2010-09-21. https://ir.thomsonreuters.com/news-releases/news-release-details/thomson-reuters-predicts-nobel-laureates-0। আহৰণ কৰা হৈছে: 2025-10-08.[সংযোগবিহীন উৎস]
- ↑ "Susumu Kitagawa Decorated with Medal with Purple Ribbon (Kyoto University iCeMS)". 京都大学アイセムス. 2011-06-15. https://www.icems.kyoto-u.ac.jp/e/pr/2011/06/15-tp.html। আহৰণ কৰা হৈছে: 2025-10-08.
- ↑ "Royal Society of Chemistry Prize Winners 2013". Angewandte Chemie International Edition খণ্ড 52 (38): 9890–9891. 2013-09-16. doi:10.1002/anie.201305312. ISSN 1433-7851. https://onlinelibrary.wiley.com/doi/10.1002/anie.201305312। আহৰণ কৰা হৈছে: 2025-10-08.
- ↑ "Recipients of the Imperial Prize, the Japan Academy Prizes and the Duke of Edinburgh Prize elected". The Japan Academy. 14 March 2016. https://www.japan-acad.go.jp/en/news/2016/031401.html। আহৰণ কৰা হৈছে: 11 October 2025.
- ↑ "2016 – Fred Basolo Medal for Outstanding Research in Inorganic Chemistry: Department of Chemistry". Northwestern University. https://chemistry.northwestern.edu/about/events/basolo.html। আহৰণ কৰা হৈছে: 2025-10-08.
- ↑ "The 2017 Prize – Solvay". Solvay.com. Archived from the original on 28 June 2018. https://web.archive.org/web/20180628204946/https://www.solvay.com/en/company/innovation/solvay-prize/2017-prize/index.html। আহৰণ কৰা হৈছে: 12 October 2017.
- ↑ "Fujihara Award (2015–2019)" (ja ভাষাত). 藤原科学財団. https://www.fujizai.or.jp/e-in7.html#005। আহৰণ কৰা হৈছে: 2025-10-09.
- ↑ "Les lauréats de l'année" (fr ভাষাত). Actions. https://actions.maisondelachimie.com/les-prix-de-la-fondation/grand-prix-de-la-fondation/les-laureats-de-lannee/। আহৰণ কৰা হৈছে: 18 May 2019.
- ↑ "Emanuel Merck Lectureship – Research | Merck KGaA, Darmstadt, Germany". www.emdgroup.com. http://www.emdgroup.com/en/research/grants-and-awards/emanuel-merck-lectureship.html। আহৰণ কৰা হৈছে: 18 May 2019.
- ↑ "Distinguished Professor and iCeMS Director Susumu Kitagawa elected as member of Japan Academy". KUIAS Kyoto University Institute for Advanced Study. 2 September 2021. https://kuias.kyoto-u.ac.jp/e/news/2019/12/12_ho। আহৰণ কৰা হৈছে: 11 October 2025.
- ↑ "Professor Susumu Kitagawa FRS". Royal Society. https://royalsociety.org/people/susumu-kitagawa-36227/। আহৰণ কৰা হৈছে: 2025-10-08.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Dr. Susumu KITAGAWA | Japan-Taiwan Symposium (Fu Jen Catholic University)
- চুছুমু কিটাগাৱা on Nobelprize.org

উৎস: https://www.nobelprize.org/prizes/about/prize-announcement-dates/