সমললৈ যাওক

চুজান বাৰ্নাৰ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুজান বাৰ্নাৰ্ট
বাৰ্নাৰ্টে কেমেৰাৰফালে চাই আছে
'লাভ ৰেচিপি'ৰ অডিঅ' মুকলি অনুষ্ঠানত বাৰ্নাৰ্ট
জন্ম ২৬ ছেপ্টেম্বৰ
ডেটমোল্ড, জাৰ্মানী
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০৪–বৰ্তমান
উচ্চতা ৫ ফুট ৭ ইঞ্চি[1]
দাম্পত্যসঙ্গী অখিল মিশ্ৰ (বি. ২০০৯; মৃ. ২০২৩)

চুজান বাৰ্নাৰ্ট (ইংৰাজী: Suzanne Bernert; জন্ম: ২৬ ছেপ্টেম্বৰ)[2] এগৰাকী ভাৰতত বসবাস কৰা জাৰ্মান অভিনেত্ৰী যিয়ে বিভিন্ন ভাষাত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন উদ্যোগত কাম কৰে।[3][4] তেওঁ হিন্দী দূৰদৰ্শন উদ্যোগত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা প্ৰথমগৰাকী বিদেশী অভিনেত্ৰী।[2][1]

বাৰ্নাৰ্টে 'ৰামধনু - দ্য ৰেইনবো', 'হানিমুন ট্ৰেভেলছ প্ৰাইভেট লিমিটেড' আৰু '৭ আৰচিআৰ' তথা 'কচৌটি জিন্দগী কে'ৰ দৰে ধাৰাবাহিকত অভিনয় কৰিছে।[5][6] তেওঁ কালৰ্ছ টিভিৰ ঐতিহাসিক ধাৰাবাহিক 'চক্ৰৱৰ্তিন অশোক সম্ৰাট'ত ৰাণী হেলেনাৰ চৰিত্ৰত অভিনয় কৰি প্ৰশংসা আৰু মনোনয়ন লাভ কৰিছিল।[7] ইয়াৰ উপৰি তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক 'য়ে ৰিষ্টা ক্যা কেহলাতা হ্যায়'তো অভিনয় কৰিছিল।[8] তেওঁ '৭ আৰচিআৰ' ধাৰাবাহিকত ছোনিয়া গান্ধীৰ চৰিত্ৰ ৰূপায়ায়ণ কৰিছিল[9] আৰু হিন্দী ছবি 'দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ'তো একেটা চৰিত্ৰতে অভিনয় কৰিছিল।[10]

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

বাৰ্নাৰ্ট জাৰ্মানীৰ ডেটমোল্ডৰ বাসিন্দা। তেওঁৰ মাতৃ মনিকা আৰু পিতৃ মাইকেল জাৰ্মানীৰ লিণ্ডাউত থাকে। ১৯ বছৰ বয়সত তেওঁ বাৰ্লিনত হাইডেলট ডিলৰ অধীনত তিনিবছৰীয়া অভিনয় পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি তেওঁ এগৰাকী প্ৰশিক্ষিত বেলে (ballet) নৃত্যশিল্পী।[2] ২০০৩ চনত ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা অনন্ত দুচেজাৰ ছবি 'ডেষ্টিনড হাৰ্টছ'ত বাৰ্নাৰ্টে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন সম্পূৰ্ণৰূপে ডুবাইত শ্বুটিং কৰা হৈছিল যদিও কেতিয়াও মুক্তি নাপালে।[11] ৰালফ মাইল্ডেৰ নিৰ্দেশনাত ইয়াছমিনা ৰেজাৰ নাটক '৩এক্সলাইফ'ৰ মুখ্য চৰিত্ৰৰ জৰিয়তে তেওঁ নিউ উলমৰ আউগুছ থিয়েটাৰত মঞ্চাভিনয়ৰ পাতনি মেলে। পৰৱৰ্তী সময়ত মুম্বাইত তেওঁ নিজৰ স্বামী অখিল মিশ্ৰৰ সৈতে নীল চাইমনৰ নাটকৰ অভিযোজন 'হেল্ল’ স্প্ৰিং'ত অভিনয় কৰিছিল।

বাৰ্নাৰ্ট ২০০৫ চনত মুম্বাইলৈ গুচি আহে। জাৰ্মান ভাষাৰ উপৰি তেওঁ হিন্দী, মাৰাঠী আৰু বঙালী ভাষা ক’ব পাৰে।[2] বাৰ্নাৰ্টে মাৰাঠী আৰু বঙালী ভাষাৰ উদ্যোগ আদিকে ধৰি বিভিন্ন চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কাম কৰিছে। তেওঁ টাইটান ঘড়ীৰ এটা বিজ্ঞাপনত আমিৰ খানৰ বিপৰীতে অভিনয় কৰিছে। 'পধাৰো ইণ্ডিয়া' নামৰ এখন চুটি ছবিত অভিনয় কৰি তেওঁ জয়পুৰ পৰ্যটনৰ প্ৰসাৰত সহায় কৰিছিল। বাৰ্নাৰ্ট আছিল প্ৰথমগৰাকী অ-ভাৰতীয় ব্যক্তি যিয়ে লাৱণী চেলিব্ৰিটি ডান্স শ্ব’ 'ঢোলকীচ্যা তালাৱৰ'ৰ ছেমি ফাইনেললৈকে অংশ লৈছিল।[12]

বাৰ্নাৰ্টে ২০১৯ চনৰ ১১ জানুৱাৰীত মুক্তি পোৱা 'দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ' ছবিত ছোনিয়া গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছিল।[13] ২০১৮ চনৰ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁক 'ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শনলৈ আগবঢ়োৱা অসামান্য অৱদান'ৰ বঁটাৰে সন্মানিত কৰা হয়। ২০১৮ চনৰ ১ অক্টোবৰত আহমেদাবাদত অনুষ্ঠিত গুজৰাটৰ কামা বঁটাত তেওঁক 'দ্য ইণ্টাৰনেচনেল ডিভা অৱ বলীউড' সন্মানেৰে বিভূষিত কৰা হয়। বাৰ্নাৰ্টক 'মজনু কী জুলিয়েট' নামৰ চুটি ছবিখনতো দেখা গৈছে।[14]

২০২০ চনত বাৰ্নাৰ্টে তেওঁৰ প্ৰথম ৱেব চিৰিজ 'ষ্টেট অৱ চিজ: ২৬/১১'ত অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ মুম্বাইত জাৰ্মান কনচুলেটৰ এগৰাকী চেলিব্ৰিটি অতিথি হিচাপে মুম্বাইৰ অক্ট’বাৰফেষ্ট মুকলি কৰিছিল। ২০২১ চনৰ শেষৰফালে তেওঁ 'দ্য দিৱালী গিফ্ট' নামৰ তেওঁৰ প্ৰথমখন চুটি গল্প প্ৰকাশ কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "The Bollywood star from Detmold". deutschland.de. 23 October 2010. https://www.deutschland.de/en/topic/culture/suzanne-bernert-the-bollywood-star-from-detmold.
  2. 1 2 3 4 Mani Mahesh Arora (25 September 2015). "Suzanne Bernert's Birthday Special". The Times of India. https://timesofindia.indiatimes.com/suzanne-bernerts-birthday-special/photostory/49102777.cms.
  3. "Tadka in Marathi Movies". http://lite.epaper.timesofindia.com/mobile.aspx?article=yes&pageid=23&sectid=edid=&edlabel=TOIPU&mydateHid=17-09-2011&pubname=&edname=&articleid=Ar02301&publabel=Foreign.
  4. Dangor, Kimi (9 October 2006). "German actor Suzanne Bernert to make Bollywood debut in Honeymoon Travels Pvt Ltd". India Today. https://www.indiatoday.in/magazine/eyecatchers/story/20061009-german-actor-suzanne-bernert-bollywood-debut-in-honeymoon-travels-782273-2006-10-09.
  5. "Suzanne Bernert bags a film". The Times of India. 16 September 2013. https://timesofindia.indiatimes.com/entertainment/tv/news-and-gossip/Suzanne-Bernert-bags-a-film/articleshow/22629874.cms.
  6. "rediff.com: Meet the only gori bahu on TV!". Rediff.com. http://specials.rediff.com/movies/2007/sep/19sld1.htm.
  7. "I am leaving 'Chakravartin Ashoka Samraat' with a heavy heart, says Queen Helena aka Suzanne Bernert". The Times of India. 28 July 2016. https://timesofindia.indiatimes.com/tv/news/hindi/I-am-leaving-Chakravartin-Ashoka-Samrat-with-a-heavy-heart-says-Queen-Helena-aka-Suzanne-Bernert/articleshow/53428673.cms.
  8. "Yeh Rishta Kya Kehlata Hai is a big leap for me, says Suzanne Bernert - The Times of India". 30 June 2016. https://timesofindia.indiatimes.com/tv/news/hindi/Yeh-Rishta-Kya-Kehlata-Hai-is-a-big-leap-for-me-says-Suzanne-Bernert/articleshow/52988568.cms.
  9. InpaperMagazine, From (9 February 2014). "Playing Sonia Gandhi". প্ৰকাশক Pakistan: Dawn. http://www.dawn.com/news/1085735/playing-sonia-gandhi আহৰণ কৰা হৈছে: 17 April 2016.
  10. Giridhar Jha (17 January 2019). "I've Been Sonia Before, Had To Do This: Suzanne Bernert". Outlook. https://www.outlookindia.com/magazine/story/entertainment-news-ive-been-sonia-before-had-to-do-this/301089 আহৰণ কৰা হৈছে: 12 February 2019.
  11. German lady finds Indian link through telly Archived 13 March 2014 at the Wayback Machine
  12. "Videsi Mems on Desi TV". The Times of India. 10 August 2015. https://timesofindia.indiatimes.com/international-celebs-on-indian-television/photostory/48425201.cms আহৰণ কৰা হৈছে: 10 August 2015.
  13. "The Accidental Prime Minister: German actor Suzanne Bernert to play Sonia Gandhi in Anupam Kher starrer". 6 April 2018. http://indianexpress.com/article/entertainment/bollywood/suzanne-bernert-sonia-gandhi-the-accidental-prime-minister-5125948/.
  14. Ghosh, Sankha (4 June 2019). "'Majnu ki Juliet', a sweet story of a rikshawalla, a young man and a dupatta - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/entertainment/bengali/movies/news/majnu-ki-juliet-a-sweet-story-of-a-rikshawalla-a-young-man-and-a-dupatta/articleshow/69644901.cms.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]