চুজেট জৰ্ডান
চুজেট জৰ্দান Suzette Jordan | |
---|---|
![]() নিজৰ মেকুৰীটোৰ সৈতে চুজেট জৰ্দান | |
জন্ম | ২১ অক্টোবৰ, ১৯৭৪ কলিকতা, ভাৰত |
মৃত্যু | ১৫ মাৰ্চ, ২০১৫ (৪০ বছৰ) কলিকতা, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | মহিলা অধিকাৰৰ কৰ্মী |
সন্তান | ২ |
ছুজেট জৰ্ডান (ইংৰাজী: Suzette Jordan, ২১ অক্টোবৰ ১৯৭৪ – ১৩ মাৰ্চ ২০১৫) আছিল কলকাতা, ভাৰতৰ এগৰাকী বিশিষ্ট নাৰী-অধিকাৰ কৰ্মী আৰু ধৰ্ষণ বিৰোধী আন্দোলনৰ অভিযানকাৰী।
২০১২ চনত দলবদ্ধ ধৰ্ষণৰ ঘটনা
[সম্পাদনা কৰক]২০১২ চনৰ ৬ ফেব্ৰুৱাৰীৰ সন্ধিয়া জৰ্ডানে পাৰ্ক ষ্ট্ৰীটৰ এটা নৈশ ক্লাবত প্ৰথমবাৰৰ বাবে পাঁচজন যুৱক (কাদেৰ খান, এম ডি আলী, নাছিৰ খান, ৰুমান খান আৰু সুমিত বাজাজ)ক লগ পায় যিয়ে তেওঁক ঘৰলৈ লৈ যোৱাৰ প্ৰস্তাৱ দিছিল। কিছু সময়ৰ ভিতৰতে চলন্ত গাড়ীত পাঁচজনে তেওঁক দলবদ্ধ ধৰ্ষণ কৰে আৰু পিছত কলিকতা ক্লাবৰ বিপৰীতে থকা এক্সাইড ক্ৰছিঙৰ ওচৰত পেলাই দিয়ে। পুৱা প্ৰায় ৩:৩০ বজাত তেওঁ টেক্সি এখনত উঠি বেহালাত থকা নিজৰ বাসগৃহলৈ যায়।[1]
আত্মপৰিচয় উন্মোচন
[সম্পাদনা কৰক]সংবাদ মাধ্যম আৰু আৰক্ষীয়ে প্ৰথমতে ভুক্তভোগীৰ নামৰ তথ্য গোপনে ৰাখিছিল৷ কিন্তু চুজেট জৰ্দানে ৰাজহুৱাভাৱে নিজৰ পৰিচয় দাঙি ধৰে আৰু কয় যে তেওঁ এগৰাকী ৩৭ বছৰীয়া মহিলা আৰু তেওঁ দুটা সন্তানৰ মাতৃ৷ তেওঁ নিজৰ তথ্য ৰাজহুৱা কৰাৰ উদ্দেশ্য আছিল আনসকলকো উৎসাহিত কৰা৷[2][3]
নিজৰ পৰিচয় প্ৰকাশ কৰাৰ পিছত জৰ্ডানে কয়, "যিহেতু মোৰ কোনো দোষ নাছিল, তেনেস্থলত মই কিয় মোৰ পৰিচয় লুকুৱাই ৰাখিম? মই কিয় লাজ পাম? মই নিষ্ঠুৰতাৰ বলি হৈছিলোঁ৷ মোক অত্যাচাৰ কৰা হৈছিল আৰু মোক ধৰ্ষণকৰা হৈছিল, আৰু মই যুঁজি আছোঁ আৰু মই যুঁজিম।"[3][4]তেওঁৰ মৃত্যুৰ সময়ত পাঁচজন ধৰ্ষণকাৰীৰ মাজৰ পৰা তিনিজনক কৰায়ত্ত কৰা হৈছে যদিও তেওঁলোকে অভিযোগ অস্বীকাৰ কৰিছিল৷ মূল সন্দেহযুক্ত লোককে ধৰি বাকী দুজনক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল।[5]পলাতক অৱস্থাত থকা অভিযুক্তসকলৰ নাম হৈছে মহম্মদ আলী আৰু কাদেৰ খান (তেতিয়াৰ নুছৰত জাহানৰ প্ৰেমিক)৷ আনহাতে জিম্মাত থকা কেইজন হৈছে নাছিৰ খান, ৰুমান খান (ৰুমান খান ওৰফে টুছি) আৰু সুমিত বাজাজ।[6][7]
আইনী প্ৰক্ৰিয়াৰ পৰিণতি
[সম্পাদনা কৰক]চুজেট জৰ্দান ধৰ্ষণ কাণ্ডৰ লগত জড়িত প্ৰধান অভিযুক্তসকলৰ ভিতৰত এজন আছিল বাংলা টেলিভিছন তাৰকা নুছৰত জাহান[8][9] (যি পিছলৈ বসিৰহাটৰ পৰা সংসদৰ সদস্য হৈছিল)ৰ তেতিয়াৰ প্ৰেমিক কাদেৰ খান। পাঁচ বছৰৰ পিছত নয়ডাৰ এক আত্মগোপনস্থলীৰ পৰা পশ্চিম বংগ আৰক্ষীয়ে খানক তুলি লৈছিল।[10]
আনকেইগৰাকী অভিযুক্ত নাছেৰ খান, ৰুমান খান আৰু সুমিত বাজাজক ২০১২ চনৰ ফেব্ৰুৱাৰী মাহত গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১৫ চনৰ ১০ ডিচেম্বৰত কলিকতা চহৰৰ অধিৱেশন আদালতে পাঁচোজন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল। অভিযুক্তসকলক ১২০ (বি) (অপৰাধমূলক ষড়যন্ত্ৰ), ৫০৬ (অপৰাধমূলক ভয় দেখুৱাই), ৩২৩ (স্বেচ্ছাই আঘাত কৰা), ৩৪ (সাধাৰণ উদ্দেশ্য), আৰু ৩৭৬(২)(ছ) (দলবদ্ধ ধৰ্ষণ)ৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে। এনকেফেলাইটিছত আক্ৰান্ত হৈ চুজেট জৰ্দানৰ মৃত্যু হোৱাৰ পাছত জিম্মাত থকা তিনিজন অভিযুক্ত (নাছেৰ, ৰুমান আৰু সুমিত)ক ১০ বছৰৰ কাৰাদণ্ড বিহা হয়।[11][12][13][14]
এই কাণ্ডৰ চাৰি বছৰৰ পাছত ২০১৬ চনৰ ৩০ ছেপ্টেম্বৰত নয়ডাত প্ৰধান অভিযুক্ত কাদেৰ খান আৰু মহম্মদ আলীক গ্ৰেপ্তাৰ কৰি কলকাতালৈ ঘূৰাই অনা হয় আৰু আদালতত হাজিৰ কৰা হয়।[15][16] ২০২০ চনৰ জুন মাহৰ মাজভাগত সুমিত বাজাজক শাস্তি শেষ হোৱাৰ ২০ মাহৰ আগতে 'ভাল আচৰণ'ৰ বাবে মুকলি কৰি দিয়া হয়৷[17]
ব্যক্তিগত জীৱন আৰু মৃত্যু
[সম্পাদনা কৰক]জৰ্দানৰ দুগৰাকী জীয়েক আছিল৷ ২০১৫ চনৰ ১৩ মাৰ্চত, ৪০ বছৰ বয়সত তেওঁ মেনিংগো এনকেফেলাইছিত আক্ৰান্ত হৈ মৃত্যু হয়৷ [2]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "All you need to know about the Park Street rape case". 10 December 2015. https://www.dnaindia.com/india/report-all-you-need-to-know-about-the-park-street-rape-case-2154310। আহৰণ কৰা হৈছে: 10 September 2020.
- ↑ 2.0 2.1 "Suzette Jordan: India anti-rape campaigner dies after illness". BBC News. 13 March 2015. https://www.bbc.com/news/world-asia-india-31865472। আহৰণ কৰা হৈছে: 13 March 2015.
- ↑ 3.0 3.1 "Park Street Rape Survivor Suzette Jordan, Who Took On Bengal Government, Dies". NDTV www.ndtv.com. ndtv.com. 13 March 2015. http://www.ndtv.com/india-news/park-street-rape-survivor-suzette-jordan-who-took-on-bengal-government-dies-746256। আহৰণ কৰা হৈছে: 14 March 2015.
- ↑ Jha, Rupa (21 June 2013). "Why an India rape victim disclosed her identity". BBC News. https://www.bbc.com/news/world-asia-india-22999478। আহৰণ কৰা হৈছে: 13 March 2015.
- ↑ "Park Street rape victim Suzette Jordan dies in Kolkata". Press Trust of India india.com. us.india.com. 13 March 2015. http://us.india.com/news/india/park-street-rape-victim-suzette-jordan-dies-in-kolkata-314829/। আহৰণ কৰা হৈছে: 14 March 2015.
- ↑ Bandyopadhyay, Krishnendu (20 February 2012). "Good backgrounds, bad company". The Times of Indiatimesofindia.indiatimes.com. http://timesofindia.indiatimes.com/city/kolkata/Good-backgrounds-bad-company/articleshow/11955686.cms। আহৰণ কৰা হৈছে: 2016-06-26.
- ↑ "Brothers Khan fight rape charge". Telegraph Indiawww.telegraphindia.com. 21 February 2012. http://www.telegraphindia.com/1120221/jsp/calcutta/story_15159107.jsp#.VmmHQ7iGSko। আহৰণ কৰা হৈছে: 2016-06-26.
- ↑ "Park Street rape case: Why influential Bengali actress not named in chargesheet ?". https://timesofindia.indiatimes.com/city/kolkata/Park-Street-rape-case-Why-influential-Bengali-actress-Nusrat-Jahan-not-named-in-chargesheet/articleshow/54655060.cms। আহৰণ কৰা হৈছে: 10 Sep 2020.
- ↑ "Bengali actor in rape controversy". https://www.deccanherald.com/content/573906/bengali-actor-rape-controversy.html। আহৰণ কৰা হৈছে: 10 Sep 2020.
- ↑ "Kader Khan, Prime accused in Park street gang rape case arrested after nearly five years". https://www.hindustantimes.com/kolkata/kader-khan-prime-accused-in-park-street-gang-rape-case-arrested-after-nearly-five-years/story-u5Ws1ShdEplNFrQflx0bCP.html। আহৰণ কৰা হৈছে: 10 Sep 2020.
- ↑ Mehta, Pooja (10 December 2015). "Park Street rape case: Three accused found guilty by Kolkata court" (en-US ভাষাত). www.dnaindia.com. http://www.dnaindia.com/india/report-park-street-rape-case-all-five-accused-found-guilty-three-convicted-by-kolkata-court-2154075। আহৰণ কৰা হৈছে: 2016-06-26.
- ↑ Sen, Shreeja (2015-12-10). "Park Street rape case: Kolkata court finds three accused guilty". www.livemint.com. http://www.livemint.com/Politics/qR8vrujadJxaNuicIoyQGN/Park-Street-rape-case-Kolkata-court-finds-three-accused-gui.html। আহৰণ কৰা হৈছে: 2016-06-26.
- ↑ Hebbar, Prajakta (10 December 2015). "Three Convicted In Kolkata Park Street Gangrape Case". The Huffington Post. http://www.huffingtonpost.in/2015/12/10/park-street-rape-accused-guilty_n_8767376.html। আহৰণ কৰা হৈছে: 2016-06-26.
- ↑ "Park Street rape case: Three convicts found guilty". 10 December 2015. http://www.business-standard.com/article/news-ani/park-street-rape-case-three-convicts-found-guilty-115121000491_1.html.
- ↑ "Kolkata Park Street rape case: Main accused Kader Khan arrested from Delhi". India Todayindiatoday.intoday.in. 30 September 2016. http://indiatoday.intoday.in/story/kolkata-park-street-rape-case-main-accused-arrested-delhi/1/776826.html। আহৰণ কৰা হৈছে: 30 September 2016.
- ↑ "Park street gangrape: After four and a half years, prime accused Kader Khan nabbed". Indian Expresswww.newindianexpress.com/. http://www.newindianexpress.com/cities/kolkata/Park-street-gangrape-After-four-and-a-half-years-prime-accused-Kader-Khan-nabbed/2016/09/30/article3633456.ece। আহৰণ কৰা হৈছে: 30 September 2016.
- ↑ "Park Street gangrape convict released". https://timesofindia.indiatimes.com/city/kolkata/park-st-gang-rape-convict-released/articleshow/76539815.cms। আহৰণ কৰা হৈছে: 10 Sep 2020.