সমললৈ যাওক

চুফীবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুফীবাদ
الصُّوفِيَّة / التَّصَوُّف

প্ৰায় ১৭৬০ চনৰ ছয়জন ছূফী গুৰুশ্ৰেণী
প্ৰকাৰ ইছলামৰ অন্তৰ্গত ধ্যানমূলক ধৰ্মীয় আচৰণপদ্ধতি
শ্ৰেণীবিভাজন ইছলাম
শাস্ত্ৰ কোৰআন, হাদিছ

চুফীবাদ হৈছে ইছলামৰ ভিতৰত পোৱা ধ্যানমূলক ধৰ্মীয় অনুশীলনপদ্ধতি, যাৰ বৈশিষ্ট্য হৈছে আত্মা পৰিষ্কাৰ, আধ্যাত্মিকতা, ধৰ্মীয় আচাৰ-অনুষ্ঠান আৰু তপস্যাত গুৰুত্ব আৰোপ কৰা।[1]

চুফীবাদৰ অনুসৰ্তাসকলক চুফী বুলি কোৱা হয়।[2] ইসকল সাধাৰণতে তাৰীক (তুৰুক) নামেৰে জনাজাত ধৰ্মীয় সমষ্টিসমূহত অন্তৰ্ভুক্ত থাকে। এই সমষ্টিসমূহ কোনো এজন মহান ৱালী (ধাৰ্মিক সন্ত)ৰ চাৰিওফালে গঢ় লৈ উঠে, যিয়ে মুহাম্মদৰ পৰা আৰম্ভ হোৱা গুৰুশ্ৰেণীৰ শৃংখলাৰ অন্তিম সদস্য হয়। উদ্দেশ্য হ'ল আত্মা পৰিষ্কাৰ (তাজকিয়া)ৰ জৰিয়তে ঈশ্বৰৰ সন্তুষ্টি লাভ কৰা আৰু আধ্যাত্মিক উন্নতিৰ শ্ৰেষ্ঠ অৱস্থা ইহ্‌সানলৈ আগবঢ়া।[3][4][5]

চুফীবাদ ইছলামৰ প্ৰাৰম্ভিক ইতিহাসতে প্ৰকাশ পাইছিল, বিশেষকৈ উমাইয়াদ খিলাফতৰ (৬৬১–৭৫০) প্ৰসাৰণৰ প্ৰতিক্ৰিয়া স্বৰূপ, আৰু হাছান আল-বাছৰীৰ শিষ্যত্বত ইয়াৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ছূফীসকলে ইছলামী আইন (শৰীয়াত) কঠোৰভাৱে পালন কৰিছিল যদিও তেওঁলোকে শুষ্ক আইনকেন্দ্ৰিকতাৰ বিপক্ষে আছিল।[6] অধিকাংশ চুফী ছুন্নী ইছলামৰ অনুসাৰী হ’লেও, মধ্যযুগীয় সময়ত কিছু চুফী চিন্তাধাৰা ছিয়া ইছলামলৈ স্থানান্তৰ হৈছিল, বিশেষকৈ ইৰানৰ ছাফাভিদ ছিয়া ৰূপান্তৰৰ পিছত ইৰফানৰ ধাৰণাৰ অধীনত।[7]

সাধন-ভজনৰ এক গুৰুত্বপূৰ্ণ দিশ হ’ল ঈশ্বৰৰ স্মৰণ যিক্‌ৰ। চুফীসকলে ইছলামী ধৰ্ম প্ৰচাৰ আৰু শিক্ষা-কেন্দ্ৰিক কাৰ্য্যকাণ্ডৰ জৰিয়তে ইছলামৰ প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।[6]

ৰাবিআ বসৰী, চুফীবাদৰ অন্যতম প্ৰথম গৰাকী ধ্যানী মহিলা

আধুনিক যুগত কিছু পৰিমাণে চুফী সমষ্টিসকলৰ হ্ৰাস দেখা দিলেও আৰু ছালাফী আন্দোলন আৰু ৱাহাবীবাদ আদিৰ দৰে মৌলবাদী ইছলামী গোটৰ সমালোচনাৰ সন্মুখীন হ’লেও, চুফীবাদ ইছলামী বিশ্বত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।[8][9] চুফীবাদ পশ্চিমা আধ্যাত্মিকতা আৰু শৈক্ষিক ক্ষেত্ৰতো ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছে।

সাধাৰণতে চুফীবাদ বুলি অনুবাদ কৰা আৰবী শব্দ তাছাৱ্বুফক পশ্চিমীয়া লেখকসকলে সাধাৰণতে ইছলামিক ৰহস্যবাদ হিচাপে সংজ্ঞায়িত কৰে।[10][11][12] আৰবী শব্দ চুফী ইছলামিক সাহিত্যত চুফীবাদৰ সমৰ্থক তথা বিৰোধী উভয় দলে বহু অৰ্থত ব্যৱহাৰ কৰিছে।[10] ধ্ৰুপদী চুফী গ্ৰন্থসমূহে কোৰআন আৰু চুন্নাহৰ কিছুমান শিক্ষা তথা আচাৰ-ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি তাছাৱ্বুফৰ সংজ্ঞা দিছিল, যিয়ে নৈতিক আৰু আধ্যাত্মিক লক্ষ্যসমূহৰ বৰ্ণনা কৰিছিল,[13] আৰু যিবোৰ লক্ষ্য লাভৰ বাবে শিক্ষাৰ এক পদ্ধতি হিচাপে কাম কৰিছিল। বহুতো বিশেষ আধ্যাত্মিক গুণ আৰু ভূমিকা বৰ্ণনা কৰা শব্দৰ পৰিৱৰ্তে, এই শব্দবোৰ অধিক ব্যৱহাৰিক প্ৰসংগত ব্যৱহাৰ হৈছিল।[10][11]

আধুনিক কিছুমান পণ্ডিতে চুফীবাদৰ আন কিছুমান সংজ্ঞা ব্যৱহাৰ কৰিছে; যেনে: "ইছলামী বিশ্বাস আৰু আচাৰ-ব্যৱহাৰৰ তীব্ৰ ৰূপ"[10] আৰু "নৈতিক আৰু আধ্যাত্মিক আদৰ্শসমূহৰ বাস্তৱায়নৰ প্ৰক্ৰিয়া"।[11]

চুফীবাদ শব্দটো ইউৰোপীয় ভাষাত প্ৰথমে ১৮শ শতিকাত প্ৰৱৰ্তন কৰিছিল প্ৰাচ্যবাদী পণ্ডিতসকলে, যিসকলে ইয়াক মূলত ইছলামৰ বন্ধ্যা একেশ্বৰবাদৰ বৌদ্ধিক মতবাদ আৰু সাহিত্যিক পৰম্পৰা হিচাপে বিবেচনা কৰিছিল। ইয়াক ইছলামৰ সাধাৰণ আৰু আইনভিত্তিক ধাৰাৰ বিপৰীতে এক সাৰ্বজনীন ৰহস্যবাদ বুলি ভুলকৈ লোৱা হৈছিল।[14] শেহতীয়া ইতিহাসবিদ নীল গ্ৰীনে এই ধৰণৰ পাৰ্থক্যৰ বিৰুদ্ধে যুক্তি আগবঢ়াইছে, তেওঁ কৈছে যে মধ্যযুগত চুফী আৰু ইছলাম মূলত একে আছিল।[15] আধুনিক পণ্ডিতসকলৰ ব্যৱহাৰত, এই শব্দটোৱে চুফীসকলৰ সৈতে জড়িত বহুতো সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু ধৰ্মীয় পৰিঘটনা বৰ্ণনা কৰিবলৈ ব্যৱহৃত হয়।[11]

চুফীবাদক বিভিন্ন ধৰণে ইছলামিক ৰহস্যবাদ[16][17][18], ইছলামিক বিশ্বাসৰ ৰহস্যময় প্ৰকাশ[19], ইছলামৰ আভ্যন্তৰীণ দিশ[20][21], ইছলামৰ ভিতৰত ৰহস্যবাদৰ পৰিঘটনা[12][22], আৰু ইছলামী অনুশীলনৰ মূল, গুৰুত্বপূৰ্ণ আৰু কেন্দ্ৰীয় আধ্যাত্মিক ৰূপ হিচাপে বৰ্ণনা কৰা হৈছে।[23][24] আনহাতে, ইয়াক "ইছলামিক বিশ্বাস আৰু আচাৰৰ অন্তৰ্নিহিতকৰণ তথা তীব্ৰকৰণ" হিচাপেও দেখা হয়।[25]

ব্যুৎপত্তিবিজ্ঞান

[সম্পাদনা কৰক]

চুফী শব্দটোৰ মূল অৰ্থ হৈছে "উল পিন্ধাজন" আৰু ইছলাম বিশ্বকোষে আন ব্যুৎপত্তিগত ব্যাখ্যাবোৰক "অসহনীয়" বুলি অভিহিত কৰিছে।[12][10] উলৰ কাপোৰ পৰম্পৰাগতভাৱে তপস্বী আৰু ৰহস্যবাদীৰ সৈতে জড়িত।[12] আল-কুশাইৰী আৰু ইবনে খালদুনে ভাষাগতভাৱে ছুফৰ বাহিৰে অন্য সকলো সম্ভাৱনাক নাকচ কৰিছিল।[26]

আন এটা ব্যাখ্যাই এই শব্দটোৰ মূল সন্ধান কৰে আৰবী শব্দ শাফাৰ পৰা, যাৰ অৰ্থ "বিশুদ্ধতা"। এই প্ৰসংগত ইছলামৰ আন এটা সমান্তৰাল ধাৰণা হ'ল তাজকিয়াহ (অৰ্থাৎ আত্মশুদ্ধি), যিটো চুফী অনুশীলনত বহুলভাৱে ব্যৱহৃত। এই দুভয় ব্যাখ্যাৰ সংমিশ্ৰণ দিছিল চুফী আল-ৰুধাবাৰীয়ে (মৃত্যু: ৩২২ হিজৰী), যিয়ে কৈছিল: "চুফী হৈছে সেইজন, যিয়ে বিশুদ্ধতাৰ ওপৰত উল পিন্ধে।"[27][28]

আন কিছুমানে কৈছে যে এই শব্দটো আহে আহল আল-ছুফফাহ, যিসকল মহম্মদৰ দৰিদ্ৰ সংগীসকলৰ এটা দল আছিল যিয়ে নিয়মীয়াকৈ জিকিৰৰ অনুশীলন কৰিছিল।[29] তেওঁলোকৰ ভিতৰত অন্যতম বিশিষ্ট সহযোগী আছিল আবু হুৰাইৰা। নবীৰ মছজিদত বহি থকা এই পুৰুষ-মহিলাসকলক কিছুমানে প্ৰথম চুফী বুলি গণ্য কৰে।[30][31]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Bosworth, C. E., ed. (2012). "Taṣawwuf". Encyclopaedia of Islam, Second Edition. 10. Leiden: Brill Publishers. ISBN 978-90-04-11211-7. doi:10.1163/1573-3912_islam_COM_1188. 
  2. Tariqa. Encyclopedia Britannica. 2014-02-04. Retrieved 29 May 2015. 
  3. Nasr, Seyyed Hossein (2008). The Garden of Truth: The Vision and Promise of Sufism, Islam's Mystical Tradition. HarperOne. ISBN 978-0-06-162599-2. http://worldcat.org/oclc/191932004. 
  4. "Back to Basics | Tazkiyah: An Introduction to Spiritually Blossoming This Islamic New Year". Amaliah. https://www.amaliah.com/post/66929/back-basics-tazkiyah-introduction-spiritually-blossoming-islamic-new-year। আহৰণ কৰা হৈছে: 2023-09-19. 
  5. 6.0 6.1 Schimmel, Annemarie. "Sufism". Encyclopædia Britannica. Retrieved 2018-06-26. 
  6. Bos, Matthijs van den (2002). Mystic regimes : Sufism and the state in Iran, from the late Qajar era to the Islamic Republic. Brill. ISBN 1-4175-0678-4. 
  7. Piraino, Francesco; Sedgwick, Mark J. (2019). Global Sufism: Boundaries, Structures and Politics. ISBN 978-1-78738-134-6. https://www.worldcat.org/oclc/1091678717. 
  8. Newlon, Brendan (2017-07-01). "Nationalism, Language, and Muslim Exceptionalism". American Journal of Islam and Society খণ্ড 34 (3): 156–158. doi:10.35632/ajis.v34i3.789. 
  9. 10.0 10.1 10.2 10.3 10.4 Ernst, Carl W. (2011). Sufism: An Introduction to the Mystical Tradition of Islam. Shambhala Publications. ISBN 978-1-59030-925-4. 
  10. 11.0 11.1 11.2 11.3 Nasr, Seyyed Hossein (2007). The Garden of Truth: The Vision and Promise of Sufism, Islam's Mystical Tradition. HarperOne. ISBN 978-0-06-079722-1. 
  11. 12.0 12.1 12.2 12.3 Chittick, William C. (2000). Sufism: A Short Introduction. Oneworld. ISBN 978-1-85168-211-4. 
  12. Trimingham, J. Spencer. The Sufi Orders in Islam. Oxford University Press, 1998, p. 103.
  13. Ernst, Carl W. Following Muhammad: Rethinking Islam in the Contemporary World. University of North Carolina Press, 2005.
  14. Green, Nile. "The Religious and the Secular in Premodern Islam: Sufism, Education and the Enlightening of Indostan." Past & Present, no. 222 (2014): 83–115.
  15. Renard, John. Historical Dictionary of Sufism. Scarecrow Press, 2005.
  16. Lewisohn, Leonard. The Heritage of Sufism. Oneworld Publications, 1999.
  17. Schimmel, Annemarie. Mystical Dimensions of Islam. University of North Carolina Press, 1975.
  18. Chittick, William C. The Sufi Path of Knowledge. SUNY Press, 1989.
  19. Nasr, Seyyed Hossein. Sufi Essays. SUNY Press, 1991.
  20. Schuon, Frithjof. Understanding Islam. World Wisdom, 2003.
  21. Geoffroy, Eric. Introduction to Sufism: The Inner Path of Islam. World Wisdom, 2010.
  22. Murata, Sachiko and Chittick, William C. The Vision of Islam. Paragon House, 1994.
  23. Nasr, Seyyed Hossein. Islamic Life and Thought. State University of New York Press, 1981.
  24. Leaman, Oliver. The Qur'an: An Encyclopedia. Routledge, 2006.
  25. al-Qushayri, Abu’l-Qasim. Al-Risala al-Qushayriyya fi 'ilm al-tasawwuf. Trans. Alexander D. Knysh, Garnet Publishing, 2007.
  26. Smith, Margaret. An Early Mystic of Baghdad: A Study of the Life and Teaching of Harith B. Asad Al-Muhasibi. Cambridge University Press, 1935.
  27. al-Kalabadhi, Abu Bakr. The Doctrine of the Sufis. Trans. A.J. Arberry, Cambridge University Press, 1935.
  28. Hujwiri, Ali ibn Uthman. Kashf al-Mahjub. Trans. Reynold A. Nicholson, Luzac & Co, 1911.
  29. Schimmel, Annemarie. And Muhammad Is His Messenger: The Veneration of the Prophet in Islamic Piety. UNC Press, 1985.
  30. Trimingham, J. Spencer. The Sufi Orders in Islam. Oxford University Press, 1998.