সমললৈ যাওক

চুলাজ্জা ফিৰোদিয়া মটৱানী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুলাজ্জা ফিৰোদিয়া মটৱানী
জন্ম চুলাজ্জা ফিৰোদিয়া
২৬ আগষ্ট, ১৯৭০ (৫৫ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা MBA
শিক্ষানুষ্ঠান কাৰ্নেগী মেলন বিশ্ববিদ্যালয়
পেচা ব্যৱসায়ী, ব'ৰ্ড উপদেষ্টা AIESEC, পুনে
নিয়োগকৰ্তা কাইনেটিক ইঞ্জিনিয়াৰিং লিমিটেড (ভাইচ-চেয়াৰ)
কাইনেটিক গ্ৰীণ এনাৰ্জি এণ্ড পাৱাৰ ছলিউচনছ লিমিটেড (প্ৰতিষ্ঠাপক, চিইঅ')
দাম্পত্যসঙ্গী মনীষ মটৱনী
আত্মীয়-স্বজন এইচ. কে ফিৰোডিয়া (ককা দেউতা)

চুলাজ্জা ফিৰোদিয়া মটৱানী (ইংৰাজী: : Sulajja Firodia Motwani ; জন্ম: ২৬ আগষ্ট ১৯৭০) এগৰাকী ভাৰতীয় উদ্যোগী। বৰ্তমান কাইনেটিক ইঞ্জিনিয়াৰিং লিমিটেডৰ ভাইচ চেয়াৰপাৰ্চন আৰু কাইনেটিক গ্ৰীণ এনাৰ্জি এণ্ড পাৱাৰ ছলিউচনছ লিমিটেডৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া।

কাইনেটিক গ্ৰুপ মল্লিকা শ্ৰীনিবাসনৰ নেতৃত্বত উল্লেখনীয় প্ৰসাৰ লাভ কৰিছিল। তেওঁৰ কাৰ্যকালত মপেড, স্কুটাৰৰ পৰা আৰম্ভ কৰি মটৰ চাইকেললৈকে দুচকীয়া বাহনৰ ৰেঞ্জ আগবঢ়াইছিল। শেহতীয়াকৈ তেওঁ গোটটোৰ পুনৰ্গঠন কৰি গোটৰ কাৰ্য্যকলাপক অটোমোটিভ ব্যৱস্থা আৰু সেউজ শক্তিলৈ সম্প্ৰসাৰণ কৰিছে। আটাইতকৈ উল্লেখযোগ্য যে তেওঁ কাইনেটিক গ্ৰীণ এনাৰ্জি এণ্ড পাৱাৰ ছলিউচনছ নামৰ এটা কোম্পানী প্ৰতিষ্ঠা কৰিছে য’ত বিদ্যুৎ-চালিত অ’ট’, বাগী আৰু সৰু সৰু ইলেক্ট্ৰিক টেক্সি মুকলি কৰাৰ লক্ষ্য লৈছে।[1][2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৭০ চনৰ ২৬ আগষ্টত জন্মগ্ৰহণ কৰা চুলাজ্জাই ১৯৯০ চনত পুনে বিশ্ববিদ্যালয়ৰ বৃহন মহাৰাষ্ট্ৰ কলেজ অৱ কমাৰ্চৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। পিটচবাৰ্গৰ কাৰ্নেগী মেলন বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰীধাৰী। [3]তেখেত কাইনেটিক ইঞ্জিনিয়াৰিঙৰ প্ৰতিষ্ঠাপক এইচ কে ফিৰোডিয়াৰ নাতিনী আৰু অৰুণ ফিৰোডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু বৰ্তমানৰ অধ্যক্ষ অৰুণ ফিৰোডিয়াৰ কন্যা (ড° অভয় ফিৰোডিয়া গ্ৰুপ - ফৰ্চ মটৰ্ছ, জয়া হিন্দ ইণ্ডাষ্ট্ৰীজৰ সৈতে জড়িত নহয়) ৷ অত্যন্ত মেধাৱী চুলাজ্জাই পঢ়া-শুনাত প্ৰতিটো পৰীক্ষাতে ৰেংক হোল্ডাৰ হৈ আহিছে। এছ এছ চি পৰীক্ষাত শীৰ্ষস্থান দখলৰ তালিকাত তেওঁৰ নাম আছিল আৰু এইচ এছ চি পৰীক্ষাত তেওঁ ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল। তেওঁ পুনেৰ যুৱ পৰিচালিত সংস্থা এআইইএছইচিৰ উপ-সভানেত্ৰী হৈ আছিল আৰু বৰ্তমান তেওঁ ব'ৰ্ডৰ উপদেষ্টা।[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

চুলাজ্জাই মনীষ মটৱানীৰ সৈতে বিবাহ হয়। তেওঁ ১৯ বছৰীয়া পুত্ৰ সিদ্ধান্তৰ মাতৃ। চুলাজ্জা ফিটনেছ অনুৰাগী আৰু মাৰাথন দৌৰবিদ। ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষকৈ বেডমিণ্টনৰ প্ৰতি উৎসাহী হৈ আহিছে। স্কিইং, স্কাই ডাইভিং আৰু স্কুবা ডাইভিঙৰ দৰে দুঃসাহসিক ক্ৰীড়াও তেওঁ ভাল পায়।[5]

কৰ্ম জীৱন

[সম্পাদনা কৰক]

শেহতীয়াকৈ, মল্লিকা শ্ৰীনিবাসনে টনিনো লেমবৰ্গিনি, এছপিএৰ সৈতে এটা যুক্ত উদ্যোগ (JV) গঠন কৰিছে, যাৰ লক্ষ্য বিদ্যুৎ আৰু সৌৰ-চালিত গল্ফ কাৰ্ট আৰু পৰ্যটন যানবাহনৰ উন্নয়ন। এই যানবাহনসমূহ ভাৰততে উৎপাদন কৰি বিশ্ববাজাৰত বিপণন কৰা হ'ব, য'ত বিশ্বমানদণ্ডৰ আৰ্হি আৰু প্ৰযুক্তি সংযোজন কৰা হৈছে।

তেওঁ কাইনেটিক ইঞ্জিনিয়াৰিং লিমিটেডৰ ভাইচ চেয়াৰপাৰ্চন হিচাপেও কাৰ্য্যনিৰ্বাহ কৰি আছে।কাইনেটিক গ্ৰুপৰ সামগ্ৰিক ব্যৱসায়িক কৌশল আৰু বিকাশৰ বাবে তেওঁ দায়বদ্ধ। কাইনেটিক গ্ৰুপৰ ব্যৱসায়িক আগ্ৰহৰ ভিতৰত আছে অটোম’বাইল মেনুফেকচাৰিং, পাৱাৰট্ৰেইন চিষ্টেম, গ্ৰীণ এনাৰ্জি, মাল্টিলেভেল পাৰ্কিং সমাধান, লিফ্ট আৰু এস্কেলেটৰকে ধৰি অটো কম্পোনেণ্ট। কাইনেটিকৰ অংশীদাৰসকলৰ ভিতৰত হুণ্ডাই, লেমবৰ্গিনি, টাইজিন ইলেক্ট্ৰিকেল, মেগনা আদি কোম্পানী অন্যতম।

তথ্য সূত্ৰ

[সম্পাদনা কৰক]