চুলি শিপা

চুলি শিপা বা শোষক শিপা হৈছে এপিডাৰ্মাল কোষৰ পৰা ওলোৱা, উদ্ভিদৰ শিপাৰ আগত থকা বিশেষ কোষ। ইহঁত এটা কোষৰ পাৰ্শ্বীয় সম্প্ৰসাৰণ আৰু শাখা-প্ৰশাখা খুব কমেইহে থাকে। পৰিপক্ক শিপাৰ অঞ্চলত পোৱা যায়। চুলি শিপাৰ কোষে শিপাৰ পৃষ্ঠৰ ক্ষেত্ৰফল আৰু আয়তনৰ অনুপাত বৃদ্ধি কৰি উদ্ভিদৰ পানী শোষণ উন্নত কৰে যাৰ ফলত চুলি শিপাৰ কোষে অধিক পানী গ্ৰহণ কৰিব পাৰে। শিপাৰ চুলিৰ কোষৰ ভিতৰৰ বৃহৎ ভেকুৱালে এই গ্ৰহণ বহুত বেছি কাৰ্যক্ষম কৰি তোলে। শিপাৰ চুলি শিপাবোৰ পুষ্টিকৰ পদাৰ্থ গ্ৰহণৰ বাবেও গুৰুত্বপূৰ্ণ কাৰণ ই উদ্ভিদ আৰু মাইক’ৰাইজাল ভেঁকুৰৰ মাজৰ মূল সংযোগস্থল।
কাৰ্য
[সম্পাদনা কৰক]সকলো চুলি শিপাৰ কাম হ’ল সমগ্ৰ উদ্ভিদলৈ প্ৰেৰণ কৰিবলৈ মাটিৰ পৰা পানী আৰু খনিজ পুষ্টিকৰ পদাৰ্থ সংগ্ৰহ কৰা। শিপাত বেছিভাগ পানী শোষণ চুলি শিপাৰ জৰিয়তে হয়। চুলি শিপাৰ দৈৰ্ঘ্যৰ বাবে ইহঁতে মাটিৰ কণিকাৰ মাজত সোমাই যাব পাৰে আৰু ক্ষতিকাৰক বেক্টেৰিয়াক জাইলেম আধাৰৰ জৰিয়তে উদ্ভিদত প্ৰৱেশ কৰাত বাধা দিয়ে।[1] এই চুলি শিপাবোৰৰ পৃষ্ঠভাগ বৃদ্ধি কৰিলে উদ্ভিদে পুষ্টিকৰ পদাৰ্থ শোষণ আৰু অণুজীৱৰ সৈতে ক্ৰিয়া কৰাত অধিক কাৰ্যক্ষম হয়।[2] যিহেতু চুলি শিপাৰ কোষবোৰে সালোক সংশ্লেষণ নকৰে, সেয়েহে ইয়াত ক্ল’ৰ’প্লাষ্ট নাথাকে।
গুৰুত্ব
[সম্পাদনা কৰক]চুলি শিপাই গছজোপাৰ বাবে প্ৰয়োজনীয় পানী আৰু পুষ্টিকৰ উপাদানৰ বেছিভাগেই শোষণ কৰিব লাগে বাবে এটা গুৰুত্বপূৰ্ণ পৃষ্ঠ গঠন কৰাৰ প্ৰয়োজন হয়। মাহজাতীয় গছত শিপাৰ নোডুল গঠনৰ লগতো ইহঁত প্ৰত্যক্ষভাৱে জড়িত। চুলি শিপাবোৰ বেক্টেৰিয়াৰ চাৰিওফালে কুটিল হৈ পৰে, যাৰ ফলত বিভাজিত কৰ্টিকেল কোষবোৰত সংক্ৰমণৰ সূতাৰ দৰে গঠন হৈ নোডুল গঠন হয়।[3]


বৃহৎ পৃষ্ঠভাগৰ বাবে চুলি শিপাৰ জৰিয়তে পানী আৰু খনিজ পদাৰ্থৰ সক্ৰিয় গ্ৰহণ অতি কাৰ্যক্ষম। চুলি শিপাৰ কোষবোৰে এচিড (যেনে, মেলিক আৰু চাইট্ৰিক এচিড)ও নিঃসৰণ কৰে, যিয়ে খনিজ পদাৰ্থৰ অক্সিডেচন অৱস্থা সলনি কৰি দ্ৰৱীভূত কৰে, যাৰ ফলত আয়নবোৰ সহজে শোষণ হয়।[4]
গঠন
[সম্পাদনা কৰক]চুলি শিপাৰ কোষবোৰৰ ব্যাস ১৫ৰ পৰা ১৭ মাইক্ৰ’মিটাৰ আৰু দৈৰ্ঘ্য ৮০ৰ পৰা ১৫০০ মাইক্ৰ’মিটাৰৰ ভিতৰত হয়।[5] চুলি শিপা কেৱল শিপাৰ পৈণত অঞ্চলতহে পোৱা যায়।[6] ইহঁত দীঘলীয়া অঞ্চলত পোৱা নাযায়, কাৰণ সম্ভৱতঃ শিপা দীঘলীয়া হৈ মাটিৰ মাজেৰে যোৱাৰ লগে লগে পুৰণি চুলি শিপাবোৰ কাটি পেলোৱা হয়।[7] চুলি শিপাবোৰ দ্ৰুতভাৱে বৃদ্ধি পায়, অন্ততঃ ১ মাইক্ৰ’মিটাৰ/মিনিট, যাৰ ফলত ইহঁত কোষ প্ৰসাৰণৰ ওপৰত গৱেষণাৰ বাবে বিশেষভাৱে উপযোগী।[2] চুলি শিপা কোষৰ বিকাশৰ ঠিক আগতে আৰু সময়ত ফচফৰাইলেজৰ কাৰ্যকলাপ বৃদ্ধি পায়।[8]
ভেঁকুৰৰ পাৰস্পৰিক ক্ৰিয়া
[সম্পাদনা কৰক]বিশেষকৈ সহজীৱী ভেঁকুৰৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়াৰ জৰিয়তে উদ্ভিদৰ সুস্থ পুষ্টিৰ বাবে শিপাৰ চুলি অতি প্ৰয়োজনীয়। সহজীৱী ভেঁকুৰ আৰু চুলি শিপাই মাইক’ৰাইজাল সহজীৱী সৃষ্টি কৰে যেনে এ এম ভেঁকুৰৰ দ্বাৰা গঠিত আৰ্বাস্কুলাৰ মাইক’ৰাইজা আৰু ই এম ভেঁকুৰৰ দ্বাৰা গঠিত এক্ট'মাইক'ৰাইজা।[9] এইবোৰ অতি সাধাৰণ,[10] ৯০% স্থলজ উদ্ভিদ প্ৰজাতিত দেখা যায়,[11] কাৰণ ই ভেঁকুৰ আৰু উদ্ভিদ উভয়ৰে বাবে কঢ়িয়াই অনা উপকাৰ।
ই এম ভেঁকুৰৰ বাবে এই সম্পৰ্ক গঠন আৰম্ভ হয় চুলি শিপাৰ বিস্তাৰৰ পৰা। এই প্ৰক্ৰিয়া আৰম্ভ হয় যেতিয়া ই এম ভেঁকুৰ মাটিৰ পৰা চুলি শিপাৰ লগত লাগি থাকে।[12] তাৰ পিছত ভেঁকুৰে বিস্তাৰযোগ্য কাৰক নিঃসৰণ কৰে, যাৰ প্ৰতি চুলি শিপাবোৰ অতি সংবেদনশীল, যাৰ ফলত হাইফেবোৰ এপিডাৰ্মাল কোষত প্ৰৱেশ কৰি শিপাৰ কৰ্টেক্সৰ প্ৰথম স্তৰত হাৰ্টিগ জালৰ সৃষ্টি কৰে।[12] এই অতি শাখাযুক্ত গঠনে দুয়োটা জীৱৰ মাজত সংযোগস্থল হিচাপে কাম কৰে কাৰণ ভেঁকুৰৰ কোষবোৰে উদ্ভিদ আৰু ভেঁকুৰৰ মাজত হোৱা বিনিময়ৰ সৈতে খাপ খায়।[13] এই প্ৰক্ৰিয়াটো এ এম ভেঁকুৰে চুলি শিপাত উপনিবেশ স্থাপন কৰাৰ দৰেই, কিন্তু বিস্তাৰযোগ্য কাৰকৰ পৰিৱৰ্তে ইহঁতে হাইড্ৰ’লেজ নিঃসৰণ কৰি কোষবেৰ শিথিল কৰে, যাৰ ফলত হাইফে প্ৰৱেশ কৰিব পাৰে আৰু ইয়াত কোনো হাৰ্টিগ জাল নাথাকে।[12]
চুলি শিপাত ভেঁকুৰৰ উপনিবেশিকৰণৰ বিভিন্ন প্ৰভাৱে দেখুৱাইছে যে এই সম্পৰ্ক উদ্ভিদ আৰু ভেঁকুৰৰ প্ৰজাতি উভয়ৰে বাবে উপকাৰী, কিন্তু মূল প্ৰভাৱ চুলি শিপাৰ বৃদ্ধিৰ ওপৰত। ভেঁকুৰে প্ৰকৃততে চুলি শিপাৰ বৃদ্ধিত প্ৰভাৱ পেলায় যদিহে পানী বা পুষ্টিকৰ উপাদানৰ অভাৱ হয়।[12] যিহেতু এই দুয়োটা জীৱৰ বাবে পুষ্টি আৰু পানীৰ প্ৰয়োজন, সেয়েহে ইহঁতৰ পাৰস্পৰিক অস্তিত্ব ৰক্ষাৰ বাবে ইহঁতৰ সহযোগিতা অতি প্ৰয়োজনীয়। অভাৱ ধৰা পৰাৰ লগে লগে উদ্ভিদৰ খৰাং চাপৰ প্ৰতিক্ৰিয়া আৰম্ভ হয়, যাৰ ফলত চুলি শিপাবোৰ বৃদ্ধি পায়।[11] তাৰ পিছত ভেঁকুৰৰ মাইক'ৰাইজাই ইয়াৰ বৰ্ধিত ব্যৱস্থাটো ব্যৱহাৰ কৰি উদ্ভিদটোক পুষ্টিৰ সঠিক অঞ্চল বিচাৰি উলিওৱাত সহায় কৰে, যাৰ ফলত শিপাবোৰ কি দিশত বৃদ্ধি হ'ব লাগে তাৰ সংকেত দিয়ে।[12] ইয়াৰ ফলত শিপাৰ বৃদ্ধি অধিক কাৰ্যক্ষম হয়, অন্যান্য বিপাকীয় প্ৰক্ৰিয়াৰ বাবে শক্তি সংৰক্ষণ হয়, যিয়ে পাছলৈ সেই বিপাকীয় সামগ্ৰীসমূহ খাদ্য গ্ৰহণ কৰা ভেঁকুৰটোক উপকৃত কৰে।
জীৱন
[সম্পাদনা কৰক]যেতিয়া এটা নতুন চুলি শিপাৰ কোষ বাঢ়ে তেতিয়া ই ওচৰৰ কোষত চুলি শিপাৰ বৃদ্ধিত বাধা দিয়া হৰম’ন এটা নিৰ্গত কৰে। ইয়াৰ ফলত এই কোষবোৰৰ প্ৰকৃত চুলিৰ সমান আৰু কাৰ্যক্ষম বিতৰণ নিশ্চিত হয়।[উদ্ধৃতিৰ প্ৰয়োজন]
উদ্ভিদ পুনৰ ৰোপন বা প্ৰতিস্থাপন কৰিলে চুলি শিপাৰ কোষবোৰ আগাতপ্ৰাপ্ত হ’ব পাৰে, হয়তো যথেষ্ট পৰিমাণে, যাৰ ফলত মৰহি যাব পাৰে।[14]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Water Balance in Plants" (en-US ভাষাত). The Wonder of Science. https://thewonderofscience.com/water-balance-in-plants। আহৰণ কৰা হৈছে: 2021-11-16.
- ↑ 2.0 2.1 Grierson, C.; Schiefelbein, J. (2002). "Root Hairs". The Arabidopsis Book খণ্ড 1. doi:10.1199/tab.0060. PMID 22303213.
- ↑ Mergaert, Peter; Uchiumi, Toshiki; Alunni, Benoît; Evanno, Gwénaëlle; Cheron, Angélique; Catrice, Olivier; Mausset, Anne-Elisabeth; Barloy-Hubler, Frédérique et al. (28 March 2006). "Eukaryotic control on bacterial cell cycle and differentiation in the Rhizobium–legume symbiosis" (en ভাষাত). Proceedings of the National Academy of Sciences খণ্ড 103 (13): 5230–5235. doi:10.1073/pnas.0600912103. PMID 16547129.
- ↑ Gerke, Jörg; Römer, Wilhelm; Jungk, Albrecht (1994). "The excretion of citric and malic acid by proteoid roots of Lupinus albus L.; effects on soil solution concentrations of phosphate, iron, and aluminum in the proteoid rhizosphere in samples of an oxisol and a luvisol" (en ভাষাত). Zeitschrift für Pflanzenernährung und Bodenkunde খণ্ড 157 (4): 289–294. doi:10.1002/jpln.19941570408.
- ↑ Dittmar, cited in Esau, 1965
- ↑ "Woody Plants BI237". Colby College. 27 February 2025. https://www.colby.edu/biology/BI237/roots.pdf.
- ↑ "Roots | Boundless Biology". courses.lumenlearning.com. https://courses.lumenlearning.com/boundless-biology/chapter/roots/। আহৰণ কৰা হৈছে: 2021-11-16.
- ↑ Dosier, Larry W.; Riopel, J. L. (1977). "Differential Enzyme Activity During Trichoblast Differentiation in Elodea Canadensis" (en ভাষাত). American Journal of Botany খণ্ড 64 (9): 1049–1056. doi:10.1002/j.1537-2197.1977.tb10794.x.
- ↑ Ezawa, Tatsuhiro; Smith, Sally E.; Smith, F. Andrew (2002-07-01). "P metabolism and transport in AM fungi" (en ভাষাত). Plant and Soil খণ্ড 244 (1): 221–230. doi:10.1023/A:1020258325010. ISSN 1573-5036.
- ↑ Parniske, Martin (October 2008). "Arbuscular mycorrhiza: the mother of plant root endosymbioses". Nature Reviews Microbiology খণ্ড 6 (10): 763–775. doi:10.1038/nrmicro1987. PMID 18794914. https://www.nature.com/articles/nrmicro1987.
- ↑ 11.0 11.1 Frary, Amy (2015). "Plant Physiology and DevelopmentPlant Physiology and Development edited by Lincoln Taiz, Eduardo Zeiger, Ian Max Moller, and Angus Murphy. 2014. . ISBN 978-1-60535-255-8 $123.96 (casebound); $80.58 (looseleaf). Sinauer Associates Inc., Sunderland, MA.". Rhodora খণ্ড 117 (971): 397–399. doi:10.3119/0035-4902-117.971.397. ISSN 0035-4902.
- ↑ 12.0 12.1 12.2 12.3 12.4 Zou, Ying-Ning; Zhang, De-Jian; Liu, Chun-Yan; Wu, Qiang-Sheng (2018-10-30). "Relationships between mycorrhizas and root hairs". Pakistan Journal of Botany খণ্ড 51 (2). doi:10.30848/pjb2019-2(39). ISSN 0556-3321.
- ↑ Nehls, U. (2008-02-16). "Mastering ectomycorrhizal symbiosis: the impact of carbohydrates" (en ভাষাত). Journal of Experimental Botany খণ্ড 59 (5): 1097–1108. doi:10.1093/jxb/erm334. ISSN 0022-0957. PMID 18272925.
- ↑ "2.2: The regions of the root" (en ভাষাত). Biology LibreTexts. 2021-06-03. https://bio.libretexts.org/Bookshelves/Botany/Botany_in_Hawaii_(Daniela_Dutra_Elliott_and_Paula_Mejia_Velasquez)/02%3A_Roots/2.02%3A_The_regions_of_the_root। আহৰণ কৰা হৈছে: 2024-06-27.