চুল্লাচাকি


চুল্লাচাকি (ইংৰাজী: Chullachaki[1]) পেৰু আৰু ব্ৰাজিলৰ আমাজান অৰণ্যত বাস কৰে বুলি বিশ্বাস কৰা এক প্ৰকাৰৰ কিংবদন্তিমূলক জীৱ। এই জীৱটোক চুল্লাচাকী (Chullachaqui) আৰু শ্বাপিছিকো (Shapishico) বুলিও কোৱা হয়৷
ব্যুৎপত্তি
[সম্পাদনা কৰক]কেচুয়া ভাষাত চুল্লা (chulla) বা চ'উল্লাৰ (ch'ulla) শব্দৰ অৰ্থ একক, অদ্ভুত, বিযোৰ, অসমতাপূৰ্ণ আৰু চাকি (chaki) শব্দৰ অৰ্থ হৈছে ভৰি, এতেকে চুল্লাচাকি (Chullachaki) মানে "এটা ভৰি থকা"৷[2][3][4] এই বানানটো কেতিয়াবা স্পেনিছ ভাষাতো ব্যৱহাৰ কৰা হয়৷[5]
বিৱৰণ
[সম্পাদনা কৰক]চুল্লাচাকি সাধাৰণতে চুটি আৰু কুৎসিত বুলি বৰ্ণনা কৰা হয়,[6] তেওঁৰ এখন ভৰি আনখনতকৈ চুটি আৰু এখন ভৰি আনখনতকৈ ডাঙৰ,[7] ভৰিৰ আঙুলিবোৰ পিছলৈ মূৰকৰি থাকে[6][7] বা জন্তুৰ খুৰাৰ দৰে আকৃতি ধাৰণ কৰে।[8]
কোৱা হয় যে তেওঁ নিজৰ ভুক্তভোগীসকলক তেওঁৰ পিছে পিছে জংঘলৰ গভীৰতালৈ লৈ যায় আৰু অভিজ্ঞ অভিযানকাৰী সকলেও উভতি অহাৰ পথ বিচাৰি নাপায়। তেওঁ পৰিয়ালৰ কোনো সদস্য বা বহুদিনৰ পৰা দেখা নোপোৱা আপোনজনৰ ৰূপ লৈ বা চিকাৰৰ প্ৰাণীৰ বেশ ধাৰণ কৰি এইদৰে ভুক্তভোগীক মোহিত কৰে।[6] আনৰ স্বভাৱ অনুকৰণ কৰাৰ অলৌকিক ক্ষমতাই তেওঁৰ ছদ্মবেশক ধৰা পেলোৱাটো অসম্ভৱ কৰি তোলে৷ কেৱল তেওঁৰ সাদৃশ্যহীন ভৰি কেইটা চালেহে তেওঁক চিনাক্ত কৰিব পাৰি।
অন্য কিছুমানে কিংবদন্তিৰ মতে তেওঁ ফটা-চিটা কাপোৰ পিন্ধা অতি চাপক মানুহৰ আকৃতিত দেখা দিয়ে আৰু হাতৰ মুঠি দুটা বন্ধ কৰি জোকাৰি জোকাৰি যুঁজিবলৈ বিচাৰে। এই ক্ষেত্ৰত স্থানীয় লোকসকলে বিশ্বাস কৰে যে যদি কোনো লোকে তেওঁৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি তেওঁক উপৰ্যুপৰি প্ৰহাৰ কৰে তেতিয়া তেওঁ অৰণ্যত লুকুৱাই ৰখা সকলো ধন-সম্পত্তি উলিয়াই দিয়ে। যিজনে এই প্ৰত্যাহ্বান নাকচ কৰে তেওঁ চিকাৰ কৰিব নোৱাৰা হয় আৰু দূৰ্ভাগ্যই লগ লয়: পৰিয়াল আৰু বন্ধু-বান্ধৱী শত্ৰুলৈ পৰিণত হয়, পত্নী পৰ পুৰুষৰ সৈতে গুচি যায় ইত্যাদি।
চুল্লাচাকি বৰ্ষাৰণ্যৰ যিকোনো প্ৰাণীলৈ ৰূপান্তৰিত হোৱাৰ ক্ষমতা আছে বুলি কোৱা হয়। তেওঁ এক প্ৰকাৰৰ অৰণ্য আত্মা যিয়ে মাটি আৰু জীৱ-জন্তুবোৰক পহৰা দিয়ে আৰু বনাঞ্চলত কোনো নিষেধাজ্ঞা ভংগ কৰিলে বা অন্য কোনো ধৰণে অবুদ্ধিমান কাম কৰিলে শাস্তি দিয়ে। স্থানীয় কিংবদন্তি অনুসৰি চুল্লাচাকি এটা প্ৰাচীন জীৱ প্ৰজাতি, মানৱ জাতিৰ আৱিৰ্ভাবৰ বহু আগতেই তেওঁলোক ইয়াত বাস কৰিছিল। বেছিভাগ সময়তে তেওঁলোকে মানুহৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ নকৰে। মানুহৰ বাসস্থানৰ পৰা বহু দূৰৰ অৰণ্যৰ বাস কৰে, য’ত তেওঁলোকৰ নিজা বাৰী আৰু পথাৰ থাকে। যদি কোনো মানুহে সেই বাগিচাবোৰৰ অতি ওচৰত বাস কৰে তেন্তে হয়তো তেওঁলোকে সেই মানুহজনক আক্ৰমণ কৰি মন্ত্ৰ মাৰিব পাৰে। কেতিয়াবা চুল্লাচাকিয়েও মানুহৰ সন্তান এটা চুৰি কৰি নি নিজৰ সন্তান হিচাপে ডাঙৰ-দীঘল কৰিব পাৰে নাইবা শাৰীৰিক সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে মানুহক ফান্দত পেলাবলৈ যত্ন কৰিব পাৰে। এইদৰে চুল্লাচাকিয়ে চুৰি কৰা মানুহজন তেওঁলোকৰ সদস্য হৈ পৰে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Juan Carlos Galeano. Folktales of the Amazon. Libraries Unlimited, 2009. Chullachaki: Owner of Trees and Animals, p. 43. The Flute of the Chullachaki, p. 53.
- ↑ Fabián Potosí C. et al., Ministerio de Educación del Ecuador: Kichwa Yachakukkunapa Shimiyuk Kamu, Runa Shimi - Mishu Shimi, Mishu Shimi - Runa Shimi. Quito (DINEIB, Ecuador) 2009.
- ↑ Teofilo Laime Ajacopa: Iskay simipi yuyayk'ancha - Diccionario Bilingüe. La Paz - Bolivia, 2007.
- ↑ Academia Mayor de la Lengua Quechua: Simi Taqe Qheswa - Español - Qheswa. Qosqo, Perú 2006.
- ↑ Gustavo Rodríguez. El chullachaki en la otra selva. Lima: QG editores, 2011. 48 pp. (Colección Sobrenatural del diario Correo, 2011)
- ↑ 6.0 6.1 6.2 [Fairies: The Myths, Legends, & Lore], Skye Alexander, pg 202
- ↑ 7.0 7.1 "The Legend of Chullachaqui" Archived 2018-07-14 at the Wayback Machine, The Iquitos Times
- ↑ "The Penguin book of world folk tales", Milton Rugoff, page 604