চু ৱিনচি
| ডাক্টৰ চু ৱিনচি | |||||||||
|---|---|---|---|---|---|---|---|---|---|
২০০৮ চনত চু ৱিনচি | |||||||||
| জন্ম | ২৬ অক্টোবৰ, ১৯৮৫ (৪০ বছৰ) পেতালিং জায়া, চেলানগৰ, মালয়েছিয়া[1] | ||||||||
| শিক্ষা |
| ||||||||
| পেচা |
| ||||||||
| সক্ৰিয় হৈ থকা সময় | ২০০৪–বৰ্তমান | ||||||||
| |||||||||
চু ৱিনচি (চীনা ভাষা: 苏盈之; জন্ম: ২৬ অক্টোবৰ ১৯৮৫) এগৰাকী মালয়েছিয়াৰ গায়িকা, অভিনেত্ৰী, সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী আৰু মডেল। তেওঁ ২০০৮ চনত মিছ ৱৰ্ল্ড মালয়েছিয়াৰ মুকুট লাভ কৰিছিল আৰু মিছ ৱৰ্ল্ড ২০০৮ প্ৰতিযোগিতাত মালয়েছিয়াক প্ৰতিনিধিত্ব কৰিছিল।[1] ২০১৩ চনত হলিউডৰ ইণ্ডিপেণ্ডেণ্ট ক্ৰিটিকছে তেওঁক বিশ্বৰ ১০০ গৰাকী আটাইতকৈ ধুনীয়া মহিলাৰ ভিতৰত এগৰাকী হিচাপে নিৰ্বাচিত কৰিছিল।[2] ২০১৬ চনত তেওঁক "শীৰ্ষ ১০ গৰাকী আটাইতকৈ অসাধাৰণ যুৱ মালয়েছিয়ান বঁটা" প্ৰদান কৰা হয়।[3] ২০১৮ চনত চীনা সংবাদ মাধ্যমে তেওঁক "আটাইতকৈ ধুনীয়া ডাক্টৰ" (The Most Beautiful Dr) বুলি অভিহিত কৰিছিল।[4] মালয়েছিয়া বুক অৱ ৰেকৰ্ডছত তেওঁৰ চাৰিটা ভুক্তি আছে।[5]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]চু ৰিডিং বিশ্ববিদ্যালয়ৰ (যুক্তৰাজ্য) পৰা আইনৰ স্নাতক, ছানচাইন ক’ষ্ট বিশ্ববিদ্যালয়ৰপৰা এমবিএ ডিগ্ৰীধাৰী আৰু অ’পেন ইউনিভাৰ্ছিটী মালয়েছিয়াৰপৰা ব্যৱসায় প্ৰশাসনত পিএইচডি ডিগ্ৰী লাভ কৰা এগৰাকী ব্যক্তি।[6] তেওঁ অ’পেন ইউনিভাৰ্ছিটী মালয়েছিয়াৰপৰা পিএইচডিৰ বাবে জলপানী লাভ কৰিছিল।[7]
২০১৬ চনত তেওঁ নিজৰ পিএইচডি গৱেষণা সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় আৰু ২০১৬ চনৰ ৩১ মে’ত তেওঁ মৌখিক পৰীক্ষাত (viva voce) উত্তীৰ্ণ হয়।[6]
২০১৭ চনত তেওঁ দ্বিতীয়টো স্নাতকোত্তৰ ডিগ্ৰী লাভৰ বাবে বাৰ্কলী কলেজ অৱ মিউজিক ভেলেন্সিয়াত নামভৰ্তি কৰে। তেওঁ দ্বিতীয়টো স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে পোষ্ট-মাষ্টাৰ ফেল’শ্বিপ লাভ কৰে।[8]
২০১৮ চনত তেওঁ মিউজিক প্ৰডাকচন, ইন’ভেচন এণ্ড টেকন’লজি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু পৰৱৰ্তী সময়ত ২০১৯ চনত বাৰ্কলী কলেজ অৱ মিউজিকৰপৰা পোষ্ট মাষ্টাৰ ডিগ্ৰী ফেল’শ্বিপ লাভ কৰে।
২০১৯ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগে লগে তেওঁক মালয়েছিয়া বুক অৱ ৰেকৰ্ডছৰ তৰফৰপৰা দুটা অভিলেখ প্ৰদান কৰা হয়, সেয়া হ’ল— "আটাইতকৈ বেছি ডিগ্ৰী অৰ্জন কৰা সৌন্দৰ্য ৰাণী" আৰু "আটাইতকৈ বেছি ডিগ্ৰী অৰ্জন কৰা ৰেকৰ্ডিং শিল্পী।" [5] তেওঁ নিজৰ দ্বিতীয়টো পিএইচডি ডিগ্ৰীৰ বাবে পলিটেকনিক ইউনিভাৰ্ছিটী অৱ ভেলেন্সিয়াতো নামভৰ্তি কৰিছে।[9]
অন্যান্য কাৰ্যকলাপ
[সম্পাদনা কৰক]মুখপাত্ৰ
[সম্পাদনা কৰক]২০১০ চনত চুক মালয়েছিয়াৰ এভন প্ৰডাক্টছ এনিউ স্কিনৰ মুখপাত্ৰ হিচাপে নিৰ্বাচিত কৰা হৈছিল।[10]
লিখনী
[সম্পাদনা কৰক]২০১৭ চনত তেওঁ তেওঁৰ প্ৰথমখন কিতাপ আৰু অডিঅ’ বুক ইনৱিনচিঅ’বল এক্স লিখি উলিয়াইছিল আৰু প্ৰযোজনা কৰিছিল।[11]
সজাগতা দূত
[সম্পাদনা কৰক]২০২০ চনৰ জানুৱাৰীত তেওঁক মালয়েছিয়াৰ থিয়ান হাউ টেম্পলৰ সাংস্কৃতিক দূত হিচাপে নিৰ্বাচিত কৰা হৈছিল।[12]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 "Miss World 2008: Soo Wincci heads for South Africa". MalaysiaKini. 6 November 2008. https://www.malaysiakini.com/news/92548। আহৰণ কৰা হৈছে: 10 July 2019.
- ↑ Mei Mei Chu (27 December 2013). "Soo Wincci Makes Malaysia Proud In Independent Critics' 100 Most Beautiful Faces Of 2013". says.com. Archived from the original on 10 July 2019. https://web.archive.org/web/20190710033545/https://says.com/my/entertainment/soo-wincci-in-the-independent-critics-list-of-the-100-most-beautiful-face-of-2013। আহৰণ কৰা হৈছে: 10 July 2019.
- ↑ "10 awarded for excellence in their respective fields" (en ভাষাত). The Star. 28 November 2016. https://www.thestar.com.my/metro/community/2016/11/28/10-awarded-for-excellence-in-their-respective-fields। আহৰণ কৰা হৈছে: 13 June 2021.
- ↑ "China". sohu.com. https://www.sohu.com/a/219595049_118040। আহৰণ কৰা হৈছে: 19 January 2018.
- 1 2 "World of Buzz". worldofbuzz.com. 9 July 2019. https://worldofbuzz.com/beauty-queen-soo-wincci-becomes-msia-book-of-records-holder-again-after-earning-5th-degree/। আহৰণ কৰা হৈছে: 9 July 2019.
- 1 2 Ting, Loong Wai (2016-06-09). "You may call her Dr Soo Wincci now". NST Online. https://www.nst.com.my/news/2016/06/150766/you-may-call-her-dr-soo-wincci-now। আহৰণ কৰা হৈছে: 2024-01-04.
- ↑ Soo is no sleeping beauty Archived 22 June 2011 at the Wayback Machine, The Star (Malaysia), 20 November 2010
- ↑ "The Star". thestar.com. 11 July 2018. https://www.thestar.com.my/news/nation/2018/07/11/actress-soo-receives-second-masters-degree। আহৰণ কৰা হৈছে: 19 July 2018.
- ↑ "2nd PhD". nst.com. 16 June 2020. https://www.nst.com.my/lifestyle/groove/2020/06/601089/showbiz-soo-wincci-sets-her-sights-2nd-phd। আহৰণ কৰা হৈছে: 16 June 2020.
- ↑ "Avon goes beyond the simple 'white'". theborneopost.com. 16 May 2010. http://www.theborneopost.com/2010/05/16/avon-goes-beyond-the-simple-%E2%80%98white%E2%80%99/। আহৰণ কৰা হৈছে: 19 May 2018.
- ↑ "Inwinccible X: The Inwinccible Personal Journey & Strategies". mphonline.com. Archived from the original on 5 July 2018. https://web.archive.org/web/20180705180317/http://www.mphonline.com/books/nsearchdetails.aspx?&pcode=9789671492413। আহৰণ কৰা হৈছে: 19 May 2018.
- ↑ "Thean Hou". thestar.com. https://www.thestartv.com/v/thean-hou-temple-ushers-in-year-of-the-mouse-with-ambassador-soo-wincci। আহৰণ কৰা হৈছে: 19 January 2020.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Soo Wincci সম্পৰ্কীয় মিডিয়া ফাইল আছে। |