চূড়ামণি (মহাকাব্য)
চূড়ামণি (Culamani) বা সুলামণি (Sulamani) হ’ল উত্তৰ-সংগম যুগৰ তামিল সাহিত্যৰ ক্ষুদ্ৰ পাঁচখন মহাকাব্যৰ ভিতৰত অন্যতম। এইখন তামিল জৈন পণ্ডিত তোলামোলি থেভাৰে লিখিছিল। এই গ্ৰন্থখনত কোনো এটা নিৰ্দিষ্ট প্ৰধান কাহিনী নাই আৰু ই ১২টা সৰ্গত বিভক্ত ২১৩১টা চতুৰ্পদী শ্লোকৰে গঠিত।
বিৱৰণ
[সম্পাদনা কৰক]গ্ৰন্থখন চীৱক চিন্তামণিৰ দৰেই বিৰুত্তম ছন্দত লিখা হৈছে।[1] ইয়াত ১২টা সৰ্গত সজোৱা ২১৩১টা চতুৰ্পদী শ্লোক আছে।[2] গ্ৰন্থখনত ব্যৱহৃত বহুতো শব্দ সমসাময়িক তামিল ভাষাত ব্যৱহৃত নহয়।[2] পাঠ্যটোত পৌৰাণিক কাহিনী আৰু অলৌকিক উপাদানসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।[1] ইয়াৰ শৈলী চিন্তামণিৰ সৈতে একে হ’লেও, ইয়াৰ শব্দবোৰ অধিক সহজ আৰু মধুৰ।[1][3] স্ৰৱণবেলাগোলাৰ জৈন শিলালিপিত ইয়াৰ উল্লেখ পোৱা যায় আৰু ই মোক্ষ লাভৰ পথ বৰ্ণনা কৰা অন্যান্য ধ্ৰুপদী জৈন গ্ৰন্থৰ সৈতে সামঞ্জস্যপূৰ্ণ।[1]
লেখক
[সম্পাদনা কৰক]এই গ্ৰন্থখন তামিল জৈন পণ্ডিত তোলামোলি থেভাৰে লিখিছিল।[2] তেওঁ সম্ভৱতঃ চিন্তামণিৰ লেখক তিৰুত্তাক্কাদেভাৰৰ পিছৰ সময়ছোৱাত জীৱিত আছিল আৰু তেওঁ দিগম্বৰ পৰম্পৰাৰ অনুগামী আছিল।[3] কিতাপখনৰ পাতনিত উল্লেখ কৰা হৈছে যে গ্ৰন্থখন পাণ্ড্য ৰজা মৰবৰ্মন অৱনিচুলামণিৰ ওচৰত উপস্থাপন কৰা হৈছিল।[4] কিতাপখন প্ৰথমবাৰৰ বাবে থামোথাৰম পিল্লাইয়ে প্ৰকাশ কৰিছিল।[2]
কাহিনীভাগ
[সম্পাদনা কৰক]গ্ৰন্থখনৰ কোনো এটা নিৰ্দিষ্ট প্ৰধান কাহিনী নাই।[5] ই হিন্দু পৌৰাণিক কাহিনীৰ বিভিন্ন কাহিনীৰ এটা জৈন সংস্কৰণ আৰু ইয়াত বিভিন্ন পৌৰাণিক স্থানৰ বৰ্ণনা অন্তৰ্ভুক্ত কৰা হৈছে।[2] ইয়াত গ্ৰাম্য অঞ্চলৰ বিস্তৃত বৰ্ণনা দিয়াৰ লগতে গ্ৰন্থখন ৰচনা কৰা যুগৰ তামিল লোকসকলৰ বিভিন্ন ৰীতি-নীতি, যেনে— গণকৰ প্ৰভাৱ, স্বয়ংবৰ প্ৰথা, বহুবিবাহৰ অস্তিত্ব, বীৰত্বৰ কাৰ্য আৰু বিভিন্ন যুদ্ধৰ বৰ্ণনা কৰা হৈছে।[2][1] ইয়াত এজন আদৰ্শ ৰজাৰ গুণসমূহো বৰ্ণনা কৰা হৈছে।[1]
ইয়াত বলৰাম আৰু কৃষ্ণৰ কাহিনীৰ এক জৈন সংস্কৰণ বৰ্ণনা কৰা হৈছে, য’ত তেওঁলোকৰ নাম ক্ৰমে বিজয়ন আৰু থিভিট্টান বুলি উল্লেখ কৰা হৈছে।[4] প্ৰজাপতি সুৰামাইৰ ৰজা আছিল, যাৰ পত্নী মিকাপাথী আৰু সাকীয়ে ক্ৰমে বিজয়ন আৰু থিভিট্টানক জন্ম দিছিল। ভাতৃদ্বয় তেওঁলোকৰ সৌন্দৰ্য আৰু আকৰ্ষণৰ বাবে পৰিচিত আছিল।[2] থিভিট্টান তেওঁৰ পূৰ্বৰ জন্মত এজন মহাবীৰ আছিল।[3] এজন গণকে ভৱিষ্যদ্বাণী কৰিছিল যে থিভিট্টানে এসপ্তাহৰ ভিতৰত এগৰাকী পৰী ৰাজকুমাৰীক বিয়া কৰাব।[2] একেধৰণৰ ভৱিষ্যদ্বাণী কৰা হৈছিল যে ইৰাথানুপুৰমৰ ৰজাৰ কন্যা পৰী ৰাজকুমাৰী চুয়াম্পিৰাপাইয়ে পৃথিৱীৰ এজন মৰ্ত্যমানুহক বিয়া কৰাব।[2][3] ৰজাই মাৰুচীক প্ৰজাপতিৰ ওচৰলৈ এজন দূত হিচাপে প্ৰেৰণ কৰে, যি প্ৰথমতে ভৱিষ্যদ্বাণীৰ কথাত আচৰিত হৈছিল যদিও পিছলৈ সন্মতি প্ৰদান কৰে। অৱশ্যে, পৰী আৰু যাদুকৰী জগতৰ সম্ৰাট অচুভাকান্দান, যাৰ অধীনত এই ৰজাসকল আছিল, তেওঁ এই বিবাহৰ বাবে প্ৰজাপতিৰ পৰা কৰ দাবী কৰে। যদিও প্ৰজাপতিয়ে দাবী কৰা অনুসৰি অচুভাকান্দানক সোণ আৰু অলংকাৰৰ কৰ দিবলৈ সন্মত হৈছিল, থিভিট্টানে এই অনুৰোধ মানি লবলৈ অস্বীকাৰ কৰে আৰু কয় যে সুৰামাই যাদুকৰী জগতৰ অধীন নহয়।[2]
অচুভাকান্দানে তেওঁৰ ৰাজসভাৰ এজন সদস্যক সিংহৰ ছদ্মবেশত সুৰামাইক আক্ৰমণ কৰিবলৈ পঠিয়াইছিল।[3] প্ৰজাপতিৰ নিৰ্দেশত বিজয়ন আৰু থিভিট্টানে সিংহটোক বিচাৰি উলিয়ায় আৰু এটা গুহাত চুটি যুদ্ধৰ পিছত তাক হত্যা কৰে।[2] গণকে কৰা ভৱিষ্যদ্বাণী অনুসৰি ইৰাথানুপুৰমৰ ৰজাই তেওঁলোকৰ বীৰত্বৰ কাহিনী শুনিলে আৰু চুয়াম্পিৰাপাইক থিভিট্টানৰ সৈতে বিবাহ পাশত আৱদ্ধ কৰালে।[2] যিহেতু এয়া অচুভাকান্দানৰ ইচ্ছাৰ বিৰুদ্ধে ঘটিছিল, তেওঁ খঙাল হৈ পৰিল আৰু সুৰামাইক আক্ৰমণ কৰিবলৈ সৈন্য পঠালে।[3] তাৰ পিছত হোৱা যুদ্ধত অলৌকিক শক্তিৰ অধিকাৰী থিভিট্টানে যাদুকৰ সম্ৰাটজনক হত্যা কৰে।[2] পিছলৈ তেওঁ নিজৰ শহুৰেকক পৰী জগতৰ নতুন সম্ৰাট পাতে।[3] থিভিট্টানে তেওঁৰ পিতৃ আৰু ভাতৃৰ সৈতে ৰাজ্য শাসন কৰে। তেওঁ আৰু চুয়াম্পিৰাপাইৰ এজন পুত্ৰ আমিৰ্থাচেনান আৰু এগৰাকী কন্যা মিনজোথিমালাই জন্ম হয়। থিভিট্টানৰ ভগ্নীয়ে তেওঁৰ পত্নীৰ ভাতৃ অৰুকাকিৰ্থীক বিয়া কৰায় আৰু এজন পুত্ৰ আৰু এগৰাকী কন্যা জন্ম দিয়ে। আমিৰ্থাচেনান আৰু মিনজোথিমালাইক ক্ৰমে তেওঁলোকৰ মোমায়েকৰ কন্যা আৰু পুত্ৰৰ সৈতে বিবাহ কৰোৱা হয়, যাৰ ফলত দুয়োখন জগত একত্ৰিত হয় আৰু এক নতুন বংশৰ সূচনা হয়।[6]
ইন্দ্ৰিয়সুখৰ মৰ্ত্য জীৱন উপভোগ কৰাৰ পিছত প্ৰজাপতিয়ে নিজৰ সিংহাসন ত্যাগ কৰি এজন তপস্বী হিচাপে অৰণ্যলৈ যোৱাৰ সিদ্ধান্ত লয়।[1] তেওঁ জৈন দেৱতা অৰুহাৰ সন্মানত এক ধৰ্মীয় উৎসৱৰ আয়োজন কৰে, যিয়ে মোক্ষ লাভৰ পথ প্ৰকাশ কৰে।[6]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]- Arunachalam, M. (1974). An Introduction to the History of Tamil Literature. Gandhi Vidyalayam. https://books.google.com/books?id=A3sOAAAAYAAJ.
- Das, Sisir Kumar (2005). A History of Indian Literature, 500-1399: From Courtly to the Popular. Sahitya Akademi. ISBN 978-8-126-02171-0. https://books.google.com/books?id=BC3l1AbPM8sC.
- Mukherjee, Sujit (1999). A Dictionary of Indian Literature: Beginnings-1850. Orient Longman. ISBN 81-250-1453-5. https://books.google.com/books?id=YCJrUfVtZxoC.
- Purnalingam Pillai, M. S. (1994). Tamil Literature. Asian Educational Services. ISBN 978-8-120-60955-6. https://books.google.com/books?id=QIeqvcai5XQC&pg=PA142.
- Warder, Anthony Kennedy (1988). Indian Kāvya Literature: The bold style (Śaktibhadra to Dhanapāla). Motilal Banarsidass. ISBN 978-8-120-80450-0. https://books.google.com/books?id=LgBzfaARMNoC.