সমললৈ যাওক

চেক গণৰাজ্যত হিন্দু ধৰ্ম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভগৱান কৃষ্ণ (বাওঁফালে) আৰু তেওঁৰ প্ৰেয়সী ৰাধাৰাণী (সোঁফালে)ৰ মূৰ্তি।

হিন্দু ধৰ্ম হʼল চেক গণৰাজ্যৰ এটি সংখ্যালঘু ধৰ্মীয় বিশ্বাস আৰু ২০২১ চনৰ এক তথ্য অনুসৰি দেশখনৰ মুঠ জনসংখ্যাৰ ০.০২% (২,০২৪ জন) লোকে হিন্দুধৰ্ম অনুসৰণ কৰে।[1] চেক গণৰাজ্যত মুঠ তিনিটা সম্প্ৰদায়ে হিন্দুধৰ্মৰ প্ৰতিনিধিত্ব কৰে। সেইবোৰ হʼল: চেক হিন্দু ধৰ্মীয় সমাজ, হৰে কৃষ্ণ আন্দোলন আৰু বিশ্ব নিৰ্মল ধৰ্ম।[2]

সম্প্ৰদায়সমূহ

[সম্পাদনা কৰক]

চেক হিন্দু ধৰ্মীয় সমাজ

[সম্পাদনা কৰক]
প্ৰাগৰ জ্যুত অৱস্থিত, ভগৱান গণেশক উৎসৰ্গিত এটি হিন্দু মন্দিৰ

Česká Hinduistická Náboženská Společnost (চেক হিন্দু ধৰ্মীয় সমাজ) ২০০২ চনত দেশখনৰ এটি ধৰ্মীয় সম্প্ৰদায় হিচাপে পঞ্জীয়নভুক্ত হৈছিল।[2]

আন্তঃৰাষ্ট্ৰীয় কৃষ্ণভাৱনামৃত সংঘ

[সম্পাদনা কৰক]
চেক গণৰাজ্যৰ প্ৰাগ চহৰত হৰে কৃষ্ণ সাধুসকল

আন্তঃৰাষ্ট্ৰীয় কৃষ্ণভাৱনামৃত সংঘ বা হৰে কৃষ্ণ হৈছে হিন্দু ধৰ্ম বা সনাতন ধৰ্মৰ এটি অংশ।[3] দেশখনত এই সংঘৰ চাৰিটা মন্দিৰ আছে। ইয়াত হৰে কৃষ্ণৰ ২০০ গৰাকী ভক্ত বা অনুগামী আছে।[4] কাল্টৰ দৰে আচৰণৰ বাবে হৰে কৃষ্ণ আন্দোলনৰ সদস্যসকল প্ৰায়েই অভিযুক্ত হয়।[5] ইস্কন কোন ভিন্ন ধৰ্ম নহয়। বৰঞ্চ এই সংগঠনটোৱে হিন্দুধৰ্ম বা সনাতন ধৰ্মক অনুসৰণ কৰে যি এক সম্পূৰ্ণ জীৱনশৈলী।

বিশ্ব নিৰ্মল ধৰ্ম

[সম্পাদনা কৰক]

২০০৭ চনত, বিশ্ব নিৰ্মল ধৰ্ম দেশৰ এক পঞ্জীয়নভুক্ত ধৰ্মীয় সম্প্ৰদায়লৈ পৰিণত হয়।[2]

জনসংখ্যা

[সম্পাদনা কৰক]

চেক গণৰাজ্যত হিন্দু ধৰ্ম অনুসৰণকাৰীসকলৰ জনসংখ্যা:[1]

ঐতিহাসিক জনসংখ্যা
বছৰ জনসংখ্যা ±%
2001 1,061
2011 2,408 +127.0%
2021 2,024 −15.9%
বছৰ শতাংশ বৃদ্ধিৰ হাৰ
২০০১ ০.০১% -
২০১১ ০.০২% +০.০১%
২০২১ ০.০২% -
হিন্দু সম্প্ৰদায় ২০০১ চনৰ লোকপিয়ল ২০১১ চনৰ লোকপিয়ল
হৰে কৃষ্ণ আন্দোলন ২৯৪ ৬৭৩
বিশ্ব নিৰ্মল ধৰ্ম অন্তৰ্ভুক্ত নহয় ১০৯৮
চেক হিন্দু ধৰ্মীয় সমাজ অন্তৰ্ভুক্ত নহয় ৪২৭
অন্যান্য ধাৰা ৭৬৭ ২১০
মুঠ ১০৬১ ২৪০৮

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 "1–18 Obyvatelstvo podle náboženské víry a pohlaví podle výsledků sčítání lidu v letech 1921, 1930, 1950, 1991, 2001 a 2011" (XLS). www.czso.cz. Archived from the original on 2021-11-12. https://web.archive.org/web/20211112050942/https://www.czso.cz/documents/10180/45948568/130055170118.xlsx/e5f9d290-2be8-487c-9f1e-7ccf24df2437?version=1.0। আহৰণ কৰা হৈছে: 2018-12-09. 
  2. 2.0 2.1 2.2 Tretera, Jiří Rajmund; Horák, Záboj (27 November 2019). "Registered religious communities in the Czech Republic". Archived from the original on 31 December 2021. https://web.archive.org/web/20211231021846/https://www.eurel.info/spip.php?article1816=&lang=en&var_ajax_redir=1। আহৰণ কৰা হৈছে: 8 December 2018. 
  3. "Ratha Yarta Hindu festival starts in Prague". Prague Monitor. 17 July 2017. Archived from the original on 9 December 2018. https://web.archive.org/web/20181209124518/http://praguemonitor.com/2017/07/17/ratha-yarta-hindu-festival-starts-prague। আহৰণ কৰা হৈছে: 8 December 2018. 
  4. "Dining with the Krishna". 21 August 2013. Archived from the original on 9 December 2018. https://web.archive.org/web/20181209165201/https://news.expats.cz/czech-food-drink/farma-krishna-dvur/। আহৰণ কৰা হৈছে: 8 December 2018. 
  5. Shim, Jessica (30 October 2008). "Driven by Faith, but Facing Adversity". Prague TV. Archived from the original on 9 December 2018. https://web.archive.org/web/20181209123550/https://prague.tv/en/s72/c206/n1443-driven-by-faith-but-facing-adversity। আহৰণ কৰা হৈছে: 8 December 2018. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]