চেণ্ড্ৰা টাৰ্টে
| ড° চেণ্ড্ৰা টাৰ্টে | |
|---|---|
| ৰাষ্ট্ৰীয়তা | ফিজিয়ান |
| শৈক্ষিক পটভূমি | |
| মাতৃশিক্ষানুষ্ঠান | মেলবৰ্ণ ইউনিভাৰ্ছিটি, অষ্ট্ৰেলিয়ান নেশ্যনেল ইউনিভাৰ্ছিটি, টকিঅ’ ইউনিভাৰ্ছিটি |
| শৈক্ষিক কৰ্ম | |
| প্ৰতিষ্ঠানসমুহ | ইউনিভাৰ্ছিটি অৱ দ্য ছাউথ পেচিফিক |
ড° চেণ্ড্ৰা টাৰ্টে ফিজিৰ এগৰাকী শিক্ষাবিদ আৰু ৰাজনৈতিক মন্তব্যকাৰী।
পটভূমি
[সম্পাদনা কৰক]টাৰ্টে ফিজিত ডাঙৰ-দীঘল হয়। তেওঁ মেলবৰ্ণ ইউনিভাৰ্ছিটিৰপৰা ৰাজনীতি বিজ্ঞানত বিএ ডিগ্ৰী আৰু অষ্ট্ৰেলিয়ান নেশ্যনেল ইউনিভাৰ্ছিটিৰপৰা পূব এছীয় অধ্যয়নত পিএইচডি ডিগ্ৰী লাভ কৰে। তেওঁ টকিঅ’ ইউনিভাৰ্ছিটিতো অধ্যয়ন কৰিছিল।[1]
কেৰিয়াৰ
[সম্পাদনা কৰক]টাৰ্টেই তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ফিজি টাইমছ আৰু আইলেণ্ড বিজনেছ আলোচনীত সাংবাদিক হিচাপে কাম কৰি।[2]
১৯৯৫ চনৰপৰা টাৰ্টে ছুভাত অৱস্থিত ইউনিভাৰ্ছিটি অৱ দ্য ছাউথ পেচিফিকত অধ্যাপিকা আৰু জ্যেষ্ঠ অধ্যাপিকা হিচাপে কাম কৰি আহিছে। বৰ্তমান তেওঁ ব্যৱসায় আৰু অৰ্থনীতি অনুষদৰ চৰকাৰ, উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়-বস্তু বিদ্যালয়ৰ সহযোগী অধ্যাপিকা আৰু বিভাগীয় মুৰব্বী। ইয়াৰ পূৰ্বে তেওঁ ২০০৭ চনৰপৰা ২০০৯ চনলৈ কলা আৰু আইন অনুষদৰ সমাজবিজ্ঞান বিদ্যালয়ৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[3]
টাৰ্টেৰ প্ৰকাশিত গ্ৰন্থসমূহৰ ভিতৰত দ্য নিউ পেচিফিক ডিপ্লমেচি (২০১৫, গ্ৰেগ ফ্ৰাইৰ সৈতে সহ-সম্পাদনা কৰা),[4] জাপান’ছ এইড ডিপ্লমেচি এণ্ড দ্য পেচিফিক আইলেণ্ডছ (১৯৯৮)[5] আৰু ডিপ্লমেটিক ষ্ট্ৰাটেজিজ: দ্য পেচিফিক আইলেণ্ডছ এণ্ড জাপান (১৯৯৭) উল্লেখযোগ্য।[6]
তেওঁ বহুতো একাডেমিক গৱেষণা প্ৰবন্ধৰো লেখিকা। তেওঁৰ গৱেষণা প্ৰবন্ধসমূহ দ্য কণ্টেম্পোৰেৰী পেচিফিক[7] আৰু জাৰ্নেল অৱ পেচিফিক ষ্টাডিজ[8] আদিত প্ৰকাশ পাইছে।
টাৰ্টেৰ একাডেমিক গৱেষণাৰ মুখ্য ক্ষেত্ৰ হৈছে পেচিফিক অঞ্চল, বিশেষকৈ আঞ্চলিক সহযোগিতা আৰু ৰাজনীতি। তেওঁ ছাউথ পেচিফিক ফ’ৰাম ফিছাৰিজ এজেঞ্চি, ছাউথ পেচিফিক ৰিজিয়নেল এনভাইৰণমেণ্ট প্ৰগ্ৰাম আৰু গ্ৰীণপিছ (পেচিফিক) আদি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ বাবে পৰামৰ্শদাতা হিচাপে কাম কৰিছে।[9]
তেওঁ বৰ্তমান পেচিফিক লিডাৰশ্বিপ ফ’ৰামৰ উপদেষ্টা পেনেলৰ সদস্যা[10] আৰু লিডাৰশ্বিপ ফিজিৰ নিয়মীয়া বক্তা।[11]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Faculty of Business and Economics: Assoc. Prof Sandra Tarte". University of the South Pacific. http://www.usp.ac.fj/index.php?id=8812#.WgwLJ4JpykY। আহৰণ কৰা হৈছে: 15 November 2017.
- ↑ "Dr. Sandra Tarte - Pacific Leadership Program". Pacific Leadership Forum. Archived from the original on 15 November 2017. https://web.archive.org/web/20171115205834/http://www.plp.org.fj/our-advisory-panel/sandra-tarte/। আহৰণ কৰা হৈছে: 15 November 2017.
- ↑ "Dr. Sandra Tarte - Pacific Leadership Program". Pacific Leadership Forum. Archived from the original on 15 November 2017. https://web.archive.org/web/20171115205834/http://www.plp.org.fj/our-advisory-panel/sandra-tarte/। আহৰণ কৰা হৈছে: 15 November 2017.
- ↑ Fry, Greg; Tarte, Sandra (2015). The New Pacific Diplomacy. ANU Press. ISBN 978-1925022810. https://books.google.com/books?id=OstPjwEACAAJ.
- ↑ Tarte, Sandra (1998). Japan's Aid Diplomacy and the Pacific Islands. National Centre for Development Studies. ISBN 0731523636. https://books.google.com/books?id=VlC0AAAAIAAJ.
- ↑ Tarte, Sandra (1997). Diplomatic Strategies: the Pacific Islands and Japan. Australia-Japan Research Centre. ISBN 0864132115.
- ↑ Tarte, Sandra (Fall 2002). "Melanesia in Review: Issues and Events, 2001". The Contemporary Pacific খণ্ড 14 (2): 439–476. doi:10.1353/cp.2002.0070.
- ↑ Tarte, Sandra; Naidu, Vijay (2015). "No Ordinary Election: The Fiji General Election of 2014". Journal of Pacific Studies খণ্ড 35 (2).
- ↑ "Faculty of Business and Economics: Assoc. Prof Sandra Tarte". University of the South Pacific. http://www.usp.ac.fj/index.php?id=8812#.WgwLJ4JpykY। আহৰণ কৰা হৈছে: 15 November 2017.
- ↑ "Dr. Sandra Tarte - Pacific Leadership Program". Pacific Leadership Forum. Archived from the original on 15 November 2017. https://web.archive.org/web/20171115205834/http://www.plp.org.fj/our-advisory-panel/sandra-tarte/। আহৰণ কৰা হৈছে: 15 November 2017.
- ↑ "Leadership Fiji Newsletter Issue 1, 2016". Leadership Fiji. 2016. Archived from the original on 15 November 2017. https://web.archive.org/web/20171115204754/http://www.leadershipfiji.org.fj/Documents/Newsletter_01_Leadership_Fiji_2016.pdf। আহৰণ কৰা হৈছে: 15 November 2017.