চেতনা প্ৰৱাহ
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
চেতনা প্ৰৱাহ কথাষাৰ পোন প্ৰথম উইলিয়াম জেমছে তেওঁৰ Prniciples of psychology নামৰ গ্ৰন্থখনত প্ৰয়োগ কৰে। চেতন মনৰ ভাৱ, চিন্তা, আৰু উপলব্ধিৰ অবিছিন্নতা বুজাবলৈ তেওঁ ইয়াক প্ৰয়োগ কৰিছিল। আজিকালি ঘাইকৈ চেতনা প্ৰৱাহ বুলিলে উপন্যাসত ব্যৱহৃত এটা বিৱৰণ কৌশলকহে বুজোৱা হয়।
চেতনা প্ৰৱাহধৰ্মী ৰচনাত চৰিত্ৰ বিশেষৰ অৱধাৰণা আৰু চিন্তা এনেদৰে উপস্থাপন কৰা হয়, যেন সেইবোৰ কোনো বিশেষ উদ্দেশ্যে প্ৰণোদিতন হয় বা সেইবোৰৰ কোনো বিশেষ লক্ষ্য নাই বা সেইবোৰ দেখাত যুক্তিসিদ্ধও নহয়। আচলতে ই এক বিৱৰণাত্মক কৌশলহে আৰু ইয়াত ভাব আৰু ইন্দ্ৰিয়ানুভূতি এনেদৰে প্ৰকাশ কৰা হয় যে তাত কোনো যুক্তিসিদ্ধ ধাৰাবাহিকতা বিচাৰি পোৱা টান। বাস্তৱৰ বিভিন্ন পৰ্যায়ৰ (যেনে চেতন, অৱস্থা, নিদ্ৰিত অৱস্থা) মাজত পাৰ্থক্য কি দেখুওৱা নহয় বা বাক্যবিন্যাসো সকলো সময়তে ঠিক ব্যাকৰণসিদ্ধ নহয়। এই কৌশলে চৰিত্ৰবিশেষৰ অন্তঃস্থ ভাৱ আৰু চিন্তাক প্ৰাত্যাহিক জগতৰ আপাতবিশৃংখল ধৰণৰ অনুগামীকৈ উপস্থাপন কৰিব খোজে।
কেইজনমান চেতনাপ্ৰবাহধৰ্মী লেখক হ'ল: ৱ'লফ, ডৰথি ৰিছাৰ্ডছন, উইলিয়াম ফকনাৰ। [1]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ সাহিত্য সংজ্ঞা কোষ : ড° প্ৰফুল্ল কটকী