সমললৈ যাওক

চেনাইট ফিচেহা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চেনাইট ফিচেহা
স্থানীয় নাম ሰናይት ፍሰሃ
জন্ম চেনাইট ফিচেহা
আদিছ আদাবা, ইথিঅ'পিয়া[1]
বোৰ্ডৰ সদস্য  প্ৰতিষ্ঠাপক, আন্তঃৰাষ্ট্ৰীয় প্ৰজনন স্বাস্থ্য প্ৰশিক্ষণ কেন্দ্ৰ (CIRHT)[2]

চেনাইট ফিচেহা (ইংৰাজী: Senait Fisseha) এগৰাকী ইথিঅ'পিয়ান-আমেৰিকীয় চিকিৎসক, অধিবক্তা আৰু প্ৰসূতি-স্ত্ৰীৰোগ বিশেষজ্ঞ। তেওঁ মিচিগান বিশ্ববিদ্যালয়ত এণ্ডক্ৰাইন'লজীত বিশেষজ্ঞতা লাভ কৰে আৰু চাউদাৰ্ণ ইলিনয় বিশ্ববিদ্যালয়ৰ পৰা জুৰিছ ডাক্তৰ লাভ কৰে।[3] বৰ্তমান তেওঁ চুজান থম্পছন বাফেট ফাউণ্ডেশ্যনৰ আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ উপ-সভানেত্ৰী। কভিড-১৯ মহামাৰীৰ সময়ত আফ্ৰিকান নেতা আৰু প্ৰতিষ্ঠানসমূহৰ সৈতে কাম কৰি তেওঁ বিশ্বব্যাপী সমতাৰ সমৰ্থক হৈ পৰিছিল।[4][5]ইয়াৰ উপৰি তেওঁ ২০১৬-১৭ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰথম আফ্ৰিকান সঞ্চালক প্ৰধান টেড্ৰ'ছ আধানমৰ নিৰ্বাচনী প্ৰচাৰ আৰু পৰিৱৰ্তনৰ অধ্যক্ষতা কৰে।[6]

ইথিঅ'পিয়াৰ আদিছ আবাবাত ফিছেহাৰ জন্ম হৈছিল। তেখেতে টিকুৰ আনবেছা (ব্লেক লায়ন মেডিকেল স্কুল)ত কিছু সময়ৰ বাবে অধ্যয়ন কৰে আৰু তাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰোজাৰী কলেজ (বৰ্তমান ডমিনিকান বিশ্ববিদ্যালয়)লৈ স্থানান্তৰিত হয় আৰু তাৰ পৰাই তেওঁ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[7] পিছলৈ চেনাইটে দক্ষিণ ইলিনয় বিশ্ববিদ্যালয়ত যৌথ জুৰিছ ডাক্তৰ (জে.ডি.)/ডক্টৰ অৱ মেডিচিন (এম.ডি.) কাৰ্যসূচী গ্ৰহণ কৰে য'ত তেওঁ সন্মানেৰে স্নাতক ডিগ্ৰী লাভ কৰে[8] আৰু আলফা ওমেগা আলফা অনাৰ ছ'চাইটিত অন্তৰ্ভুক্ত হয়।[7]তেওঁ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিজ্ঞানত ৰেচিডেন্সি চূড়ান্ত কৰে আৰু মিচিগান বিশ্ববিদ্যালয়ৰ চিকিৎসা কেন্দ্ৰত প্ৰজনন এণ্ডক্ৰাইন'লজী আৰু বন্ধ্যাত্বত ফেল'শ্বিপ সম্পূৰ্ণ কৰে।[9]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ফিচেহাই ২০১৪ চনত মিচিগান বিশ্ববিদ্যালয়ত চেণ্টাৰ ফৰ ইণ্টাৰনেশ্যনেল প্ৰজনন স্বাস্থ্য প্ৰশিক্ষণ (CIRHT) স্থাপন কৰে আৰু ২০১৫ চনলৈকে তেওঁ ইয়াৰ কাৰ্যবাহী সঞ্চালিকা হৈ থাকে।[10] ইউনিভাৰ্চিটি অৱ মিচিগান অধ্যাপক আৰু উপ-চাহাৰা আফ্ৰিকা আৰু দক্ষিণ-পূব এছিয়াৰ চিকিৎসা প্ৰতিষ্ঠানৰ অধ্যাপকসকলৰ বাবে সহযোগিতামূলক মঞ্চ হিচাপে কাম কৰিবলৈ চিআইআৰএইচটি প্ৰতিষ্ঠা কৰা হৈছিল য'ত ৰিপ'ৰ্ট কৰা মাতৃৰ মৃত্যুৰ হাৰ অধিক।[11] ফিচেহাৰ নিষ্ঠাই মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱাত অৰিহণা যোগাইছে। তদুপৰি ইথিঅ'পিয়াত মিচু নামৰ এটা উদ্ভাৱনীমূলক আৰু প্ৰগতিশীল পৰিয়াল পৰিকল্পনা আৰু প্ৰজনন স্বাস্থ্য কেন্দ্ৰ স্থাপন কৰাত তেওঁ যথেষ্ট সহায় কৰিছে।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "SENAIT FISSEHA (M.D)". Archived from the original on 2019-04-27. https://web.archive.org/web/20190427012101/http://www.awib.org.et/woe-2017/woe-2016/item/983-senait-fisseha-m-d.html. 
  2. "Ethiopian-born doctor, mother of 4, leads mission to save women's lives in developing world". Regents of the University of MichiganuofMhealthblogs.org. 8 Oct 2014. https://uofmhealthblogs.org/womens/ethiopian-born-doctor-mother-of-4-leads-mission-to-save-womens-lives-in-developing-world/17948/। আহৰণ কৰা হৈছে: 21 Jan 2019. 
  3. Lane, Richard (October 19, 2019). "Senait Fisseha: empowering women through reproductive health". The Lancet খণ্ড 394 (10207): 1405. doi:10.1016/S0140-6736(19)32308-6. PMID 31631846. https://doi.org/10.1016/S0140-6736(19)32308-6. 
  4. "Commission Advisors" (en-US ভাষাত). O'Neill. Archived from the original on 2023-10-19. https://web.archive.org/web/20231019132207/https://oneill.law.georgetown.edu/projects/the-oneill-lancet-commission-on-racism-structural-discrimination-and-global-health/commission-advisors/। আহৰণ কৰা হৈছে: 2023-10-18. 
  5. "Africa: Progress for Women and Girls Is Essential Amid Covid-19 – Dr. Senait Fisseha" (en ভাষাত). allAfrica.com. 2020-08-09. https://allafrica.com/stories/202008090050.html. 
  6. Bali, Sulzhan; Dhatt, Roopa (2022), Morgan, Rosemary; Hawkins, Kate; Dhatt, Roopa et al., eds., "Interview with Senait Fisseha, Clinical Professor of Obstetrics and Gynecology, University of Michigan Medical School, and Director of International Programs at the Susan T. Buffett Foundation" (en ভাষাত), Women and Global Health Leadership: Power and Transformation (Cham: Springer International Publishing): pp. 235–242, doi:10.1007/978-3-030-84498-1_23, ISBN 978-3-030-84498-1, https://doi.org/10.1007/978-3-030-84498-1_23, আহৰণ কৰা হৈছে: 2023-10-18 
  7. 7.0 7.1 Insight, Addis (2019-01-31). "Dr.Senait Fisseha Awarded the Membership of Royal College of Obstetrician and Gynaecologists (RCOG)" (en-US ভাষাত). Addis Insight. https://www.addisinsight.net/2019/01/31/dr-senait-fisseha-awarded-the-membership-of-royal-college-of-obstetrician-and-gynaecologists-rcog/। আহৰণ কৰা হৈছে: 2020-05-14. 
  8. Mihret Lema (2014-10-11), Who Is Who Senait Fisseha an associate professor of obstetrics and gynecology, https://www.youtube.com/watch?v=A7KtwSFdsfg, আহৰণ কৰা হৈছে: 2018-11-28 
  9. "Senait Fisseha" (en-US ভাষাত). EADG. Archived from the original on 2023-10-19. https://web.archive.org/web/20231019132209/https://new.ethioamericandoctors.com/profile/senait-fisseha-md/। আহৰণ কৰা হৈছে: 2023-10-18. 
  10. "Expanding Women's Health Care in Ethiopia" (en ভাষাত). www.michiganmedicine.org. 2017-02-08. https://www.michiganmedicine.org/health-lab/empowering-local-doctors-expand-womens-health-care-ethiopia। আহৰণ কৰা হৈছে: 2023-10-18. 
  11. "CIRHT Founder Dr. Senait Fisseha honored with University of Michigan Bicentennial Alumni Award". Center for International Reproductive Health Training. http://cirht.med.umich.edu/2017/12/20/cirht-founder-dr-senait-fisseha-honored-with-university-of-michigan-bicentennial-alumni-award/। আহৰণ কৰা হৈছে: 2018-11-28. 
  12. admin (2017-07-01). "MICHU: Serving Women's Quality Reproductive Health Need" (en-US ভাষাত). AWiB Ethiopia. https://awibethiopia.org/pinnacle/michu-serving-womens-quality-reproductive-health-need/। আহৰণ কৰা হৈছে: 2023-10-18.