চেন্নাকেশৱ মন্দিৰ, বেলুৰ
| চেন্নাকেশৱ মন্দিৰ, বেলুৰ | |
|---|---|
কৰ্ণাটকৰ বেলুৰত অৱস্থিত চেন্নাকেশৱ মন্দিৰৰ প্ৰৱেশদ্বাৰ গোপুৰম আৰু মন্দিৰৰ প্ৰাংগন | |
| স্থান | |
| দেশ | ভাৰত |
| ৰাজ্য | কৰ্ণাটক |
| জিলা | হাছান জিলা |
| এলেকা | বেলুৰ |
| স্থান | কৰ্ণাটক, ভাৰত |
| স্থানাংক | 13°09′47″N 75°51′38″E / 13.162930°N 75.860593°Eস্থানাংক: 13°09′47″N 75°51′38″E / 13.162930°N 75.860593°E |
| স্থাপত্য আৰু সংস্কৃতি | |
| স্থাপত্য শৈলী | হয়চাল স্থাপত্যশৈলী |
| ইতিহাস | |
| প্ৰতিস্থাপক | ৰজা বিষ্ণুবৰ্ধন |
| ৱেবছাইট | শ্ৰী চেন্নাকেশৱ মন্দিৰ |
| আধিকাৰিক নাম | হয়চালৰ পবিত্ৰ সংহতি |
| ধৰণ | সাংস্কৃতিক |
| চৰ্ত | i, ii, iv |
| নিৰ্ধাৰিত | ২০২৩ (৪৫তম অধিবেশন) |
| প্ৰসংগ সংখ্যা | ১৬৭০[1] |
চেন্নাকেশৱ মন্দিৰ (ইংৰাজী: Chennakeshava Temple) ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ হাছান জিলাত অৱস্থিত দ্বাদশ শতিকাৰ এটা হিন্দু মন্দিৰ। ভগৱান বিষ্ণুৰ প্ৰতি সমৰ্পিত এই মন্দিৰ বেলুৰৰ কেশৱ বা বিজয়নাৰায়ণ মন্দিৰ বুলিও কোৱা হয়। ১১১৭ খ্ৰীষ্টাব্দত হয়চাল সাম্ৰাজ্যৰ প্ৰাচীন ৰাজধানী বেলুৰৰ য়গাচী নদীৰ পাৰত ৰজা বিষ্ণুবৰ্ধনে ইয়াক নিৰ্মাণ কৰাইছিল। তিনিটা প্ৰজন্মৰ ভিতৰত এই মন্দিৰটো নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হ'বলৈ ১০৩ বছৰ সময় লাগিছিল।[2] বিভিন্নৰ যুদ্ধৰ সময়ত ইয়াক বাৰে বাৰে ক্ষতিগ্ৰস্ত আৰু লুটপাত কৰা হৈছিল। সেয়ে ইয়াৰ বাৰে বাৰে পুনৰ নিৰ্মাণ আৰু মেৰামতি কৰা হৈছিল। এই মন্দিৰ হাছান চহৰৰ পৰা ই ৩৫ কিলোমিটাৰ আৰু বেংগালুৰুৰ পৰা প্ৰায় ২২০ কিলোমিটাৰ দূৰত অৱস্থিত।[3]
চেন্নাকেশৱ (আক্ষৰিক অৰ্থ, "সুন্দৰ কেশৱ") হিন্দু দেৱতা বিষ্ণুৰ এটা ৰূপ। বিষ্ণুৰ নামত উছৰ্গা কৰা এই মন্দিৰটো আৰম্ভণিৰে পৰাই এক সক্ৰিয় হিন্দু মন্দিৰ হিচাপে পৰিগণিত হৈছে। মধ্যযুগীয় হিন্দু গ্ৰন্থত ইয়াক শ্ৰদ্ধাৰে বৰ্ণনা কৰা হৈছে আৰু বৈষ্ণৱ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ তীৰ্থস্থান হিচাপে বৰ্ণিত।[2][4] স্থাপত্য, ভাস্কৰ্য্য, শিলৰ খোদিত বিভিন্ন আকৃতি, মূৰ্তি, শিলালিপি আৰু ইতিহাসৰ বাবে এই মন্দিৰ বিশেষভাৱে উল্লেখযোগ্য। মন্দিৰৰ শিল্পকৰ্মত দ্বাদশ শতিকাৰ জীৱনৰ দৃশ্য, নৃত্যশিল্পী আৰু সংগীতজ্ঞসকলৰ লগতে ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ দৰে হিন্দু গ্ৰন্থসমূহৰ অসংখ্য দৃশ্য শিলত খোদিত কৰাৰ জৰিয়তে চিত্ৰাংকিত বৰ্ণনা কৰা হৈছে।[2][5][6] ই এক বৈষ্ণৱ মন্দিৰ য’ত শৈৱ আৰু শাক্তধৰ্মৰ বহু বিষয়বস্তুৰ লগতে জৈন ধৰ্মৰ এজন জিন আৰু বৌদ্ধ ধৰ্মৰ বুদ্ধৰ প্ৰতিমূৰ্তিও শ্ৰদ্ধাৰে সন্নিবিষ্ট কৰা হৈছে। চেন্নাকেশৱ মন্দিৰ দ্বাদশ শতিকাৰ দক্ষিণ ভাৰত আৰু হয়চাল সাম্ৰাজ্যৰ শাসনৰ কলাত্মক, সাংস্কৃতিক আৰু ধৰ্মতত্ত্বৰ দৃষ্টিভংগীৰ সাক্ষ্য।[6][7]
বেলুৰত অৱস্থিত এই মন্দিৰ গোটৰ লগতে ওচৰৰ হালেবিডুৰ হয়চালেশ্বৰ মন্দিৰ আৰু সোমনাথপুৰৰ কেশৱ মন্দিৰক ২০২৩ চনত ইউনেস্কোৱে হয়চালৰ পবিত্ৰ সংহতি অংশ হিচাপে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে।[2]
অৱস্থান
[সম্পাদনা কৰক]চেন্নাকেশৱ মন্দিৰ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ হাছান জিলাৰ বেলুৰ তালুকত অৱস্থিত। ই হাছান চহৰৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ (২২ মাইল) উত্তৰ-পশ্চিমে অৱস্থিত।[3] এই মন্দিৰটো হালেবিডুৰ হয়চালেশ্বৰ মন্দিৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ (৯.৯ মাইল) নিলগত অৱস্থিত।[3] বেলুৰৰ ওচৰত কোনো বিমানবন্দৰ নাই আৰু ই বেংগালুৰুৰ পৰা প্ৰায় ২২০ কিলোমিটাৰ (১৩৭ মাইল) পশ্চিমে অৱস্থিত। হাছান বেলুৰৰ ওচৰৰ আটাইতকৈ ওচৰৰ চহৰ আৰু ই কৰ্ণাটকৰ প্ৰধান চহৰসমূহৰ সৈতে ৰেলৱে নেটৱৰ্কৰ দ্বাৰা সংযুক্ত।[3]
চেন্নাকেশৱ মন্দিৰ এটা সক্ৰিয় হিন্দু মন্দিৰ আৰু বৈষ্ণৱসকলৰ অন্যতম প্ৰধান তীৰ্থস্থান।[8] ই হেমাৱতী নদীৰ উপনৈ যগাচি নদীৰ পাৰত অৱস্থিত। ঐতিহাসিক গ্ৰন্থত এই নদীক বদাৰী নদী বুলিও উল্লেখ পোৱা যায়।[9]
ইতিহাস
[সম্পাদনা কৰক]
দক্ষিণ ভাৰতৰ ইতিহাসৰ হয়চাল যুগ প্ৰায় ১০০০ খ্ৰীষ্টাব্দত আৰম্ভ হৈছিল আৰু ১৩৪৬ খ্ৰীষ্টাব্দলৈকে চলিছিল। এই সময়ছোৱাত তেওঁলোকে ৯৫৮টা কেন্দ্ৰত প্ৰায় ১৫০০টা মন্দিৰ নিৰ্মাণ কৰিছিল। পুৰণি শিলালিপি আৰু মধ্যযুগীয় যুগৰ গ্ৰন্থত বেলুৰক বেলুহুৰ, ভেলুৰ বা ভেলাপুৰ বুলি পোৱা গৈছে। ই হয়চাল ৰাজ্যৰ প্ৰাচীন ৰাজধানী আছিল। হয়চালসকলে এই নগৰখনক "পাৰ্থিৱ বৈকুণ্ঠ" (বিষ্ণুৰ বাসস্থান) বুলি অভিহিত কৰিছিল।
হয়চাল বংশৰ ৰজা বিষ্ণুবৰ্ধনে ১১১০ খ্ৰীষ্টাব্দত ক্ষমতালৈ আহিছিল। তেওঁ ১১১৭ খ্ৰীষ্টাব্দত বিষ্ণুৰ নামত উৎসৰ্গিত চেন্নকেশৱ মন্দিৰ নিৰ্মাণৰ দায়িত্ব প্ৰদান কৰে। এই মন্দিৰক তেওঁৰ উত্তৰাধিকাৰৰ "পাঁচটা ভেটি"ৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।[8][10] ভাৰতীয় মন্দিৰ স্থাপত্য আৰু মন্দিৰ ইতিহাসৰ পণ্ডিত ঢকীৰ মতে – এই মন্দিৰত ৰামানুজাচাৰ্যৰ উদীয়মান সমৃদ্ধি, ৰাজনৈতিক শক্তি, শ্ৰী বৈষ্ণৱ ধৰ্মৰ প্ৰতি গভীৰ আধ্যাত্মিক সমৰ্পণ প্ৰতিফলিত হৈছে আৰু ই তেওঁৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ কীৰ্তি। মূল মন্দিৰটোৰ নাম বিজয়-নাৰায়ণ আৰু ইয়াৰ কাষতে তেওঁৰ ৰাণী শান্তলা দেৱীয়ে নিৰ্মাণ কৰা সৰু মন্দিৰটোক তেওঁৰ যুগৰ শিলালিপিত চেন্নাকেশৱ বুলি কোৱা হৈছিল যদিও এই দুটা মন্দিৰক বৰ্তমান ক্ৰমে চেন্নাকেশৱ মন্দিৰ আৰু চেন্নীগৰায় মন্দিৰ বুলি কোৱা হয়।[11]
বেলুৰৰ মূল চেন্নাকেশৱ মন্দিৰটো ১১১৭ খ্ৰীষ্টাব্দত সম্পূৰ্ণ কৰা হৈছিল।[11] অৱশ্যে পিছলৈ ১০০ৰো অধিক বছৰকাল এই মন্দিৰৰ সম্প্ৰসাৰণ কৰা হৈছিল।[2] বিষ্ণুবৰ্ধনে নিজৰ ৰাজধানী ডোৰাসমুদ্ৰলৈ (যাক দ্বাৰাসমুদ্ৰ বুলিও কোৱা হয়, বৰ্তমান হালেবিডু বুলিও কোৱা হয়) স্থানান্তৰিত কৰে। ই শিৱৰ বাবে উৎসৰ্গিত হয়চালেশ্বৰ মন্দিৰৰ বাবে বিখ্যাত। ১১৪০ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যুৰ আগলৈকে ইয়াৰ নিৰ্মাণ চলি থাকিল। তেওঁৰ এই উত্তৰাধিকাৰ অব্যাহত ৰাখিছিল তেওঁৰ বংশধৰসকলে ১১৫০ খ্ৰীষ্টাব্দত হয়চালেশ্বৰ মন্দিৰ আৰু প্ৰায় ২০০ কিলোমিটাৰ দূৰৈৰ অন্যান্য মন্দিৰ যেনে ১২৫৮ খ্ৰীষ্টাব্দত সোমনাথপুৰৰ চেন্নাকেশৱ মন্দিৰ নিৰ্মাণ কৰাইছিল। হয়চালসকলে বহুতো বিখ্যাত স্থপতিবিদ আৰু শিল্পী নিয়োগ কৰিছিল। এই শিল্পীসকলে এক নতুন স্থাপত্য পৰম্পৰা গঢ়ি তুলিছিল যাক শিল্প ইতিহাসবিদ এডাম হাৰ্ডিয়ে কৰ্ণাট দ্ৰাবিড় পৰম্পৰা বুলি অভিহিত কৰিছে।[12]
হয়চাল সাম্ৰাজ্য আৰু ইয়াৰ ৰাজধানী চতুৰ্দশ শতিকাৰ আৰম্ভণিতে দিল্লী চুলতানী শাসক আলাউদ্দিন খিলজীৰ সেনাপতি মালিক কাফুৰে আক্ৰমণ, লুণ্ঠন আৰু ধ্বংস কৰে।[13] বেলুৰ আৰু হালেবিডু ১৩২৬ খ্ৰীষ্টাব্দত আন এটা দিল্লী চুলতানী সেনাই লুণ্ঠন আৰু ধ্বংসৰ লক্ষ্য হৈ পৰে।[14] পিছলৈ এই ভূখণ্ড বিজয়নগৰ সাম্ৰাজ্যৰ অধীনলৈ আহে।[13] জেমছ চি হাৰ্লে কয় যে চতুৰ্দশ শতিকাৰ মাজভাগত হয়চাল শৈলীৰ অন্ত পৰিছিল। হয়চাল ৰজা তৃতীয় বীৰ বল্লাল মুছলমান মাদুৰাই চুলতানীৰ সৈতে হোৱা যুদ্ধত নিহত হৈছিল আৰু তাৰ পিছত তেওঁৰ পুত্ৰও নিহত হয়।[15] এই ঘটনাৰ পিছত হয়চালসকলৰ পতন ঘটে।
শিলালিপিসমূহ
[সম্পাদনা কৰক]
ইতিহাসবিদসকলে এই মন্দিৰ গোটত ১১১৭ খ্ৰীষ্টাব্দৰ পৰা ১৮ শতিকাৰ ভিতৰত ১১৮টা শিলালিপি উদ্ধাৰ কৰিছে। এই শিলালিপিসমূহত মন্দিৰৰ ইতিহাস, চেন্নাকেশৱ মন্দিৰক ইয়াৰ ৰক্ষণাবেক্ষণৰ বাবে দিয়া অনুদান আৰু পৰৱৰ্তী সময়ত মেৰামতিৰ বাবে দিয়া অনুদানৰ বিৱৰণ আদি পোৱা যায়।
- মন্দিৰৰ মূল মণ্ডপৰ উত্তৰ প্ৰৱেশদ্বাৰৰ ওচৰত পূব দেৱালত পোৱা এটা শিলালিপিত উল্লেখ আছে যে বিষ্ণুবৰ্ধনে ১১১৭ খ্ৰীষ্টাব্দত বিজয়নাৰায়ণ দেৱতাৰ বাবে মন্দিৰ নিৰ্মাণৰ দায়িত্ব দিছিল।[17] কিছুমান ইতিহাসবিদে এই শিলালিপিৰ ব্যাখ্যা কৰিছে যে চেন্নাকেশৱ মন্দিৰৰ কাম ১১১৭ খ্ৰীষ্টাব্দত সম্পূৰ্ণ হৈছিল।[18]
- চেন্নিগৰায় মন্দিৰটো মূল মন্দিৰৰ সমান্তৰালভাৱে নিৰ্মাণ কৰা হৈছিল আৰু ৰাণীয়ে ইয়াৰ পৃষ্ঠপোষকতা কৰিছিল।[19]
- হয়চাল বংশৰ ৰজা প্ৰথম নৰসিংহই মন্দিৰটোৰ ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ বাবে অনুদান আগবঢ়াইছিল।[19]
- ১১৭৫ খ্ৰীষ্টাব্দত দ্বিতীয় বল্লালে দক্ষিণ-পূব কোণত পাকঘৰ আৰু শস্য সংৰক্ষণৰ বাবে মন্দিৰ ভৱন আৰু মন্দিৰৰ উত্তৰ-পূব কোণত পুখুৰীৰ সংযোজন কৰে।[19][20]
- মূল মন্দিৰটোৰ সীমা দেৱালবিহীন আছিল। ভক্তসকলে মন্দিৰৰ ভিতৰৰ মূল মণ্ডপত খোদিত জটিল শিল্পকৰ্মসমূহ চাবলৈ আৰু প্ৰশংসা কৰিবলৈও মুকলি আছিল। পিছলৈ মন্দিৰৰ নিৰাপত্তাৰ বাবে মন্দিৰৰ চাৰিওফালে ওখ দেৱাল নিৰ্মাণ কৰা হৈছিল। কাঠ আৰু ইটাৰ দুৱাৰ আৰু তৃতীয় বীৰা বল্লালৰ (১২৯২–১৩৪৩) শাসনকালত সৌম্য দনায়কে যোগ কৰা দুৱাৰ নিৰ্মাণ কৰা হৈছিল। লগতে মুকলি মণ্ডপটো ছিদ্ৰযুক্ত শিলৰ পৰ্দাৰে আবৃত কৰা হৈছিল। নতুন পৰ্দাবোৰে মন্দিৰৰ ভিতৰখন আন্ধাৰ কৰি তুলিছিল যাৰ ফলত শিল্পকৰ্মসমূহ দেখাত অসুবিধা হৈছিল যদিও গৰ্ভগৃহ দৰ্শনৰ বাবে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা আছিল।[19][20]
- মহম্মদ বিন টোগলকৰ (১৩২৪–১৩৫১) বাবে কাম কৰা এজন মুছলমান সেনাপতি ছালাৰ আৰু তেওঁৰ সৈন্যই মন্দিৰটোত অভিযান চলাই ক্ষতিগ্ৰস্ত কৰে আৰু ইয়াৰ প্ৰৱেশদ্বাৰা জ্বলাই দিয়ে।[20][21]
- দ্বিতীয় হৰিহৰৰ (১৩৭৭–১৪০৪) পৃষ্ঠপোষকতাত বিজয়নগৰ সাম্ৰাজ্যই এই মন্দিৰ মেৰামতি কৰে। ১৩৮১ চনত তেওঁলোকে চাৰিটা গ্ৰেনাইটৰ খুঁটা যোগ কৰে; ১৩৮৭ চনত মালাগাৰাছাই মণ্ডপৰ ওপৰৰ নতুন স্তম্ভ এটাত সোণ খটুৱা কলহ সংযোজন কৰে; ই ১৩৯৭ চনত ধ্বংসপ্ৰাপ্ত প্ৰৱেশদ্বাৰৰ ঠাইত নতুন সাতমহলীয়া ইটাৰ গোপুৰম সংযোজন কৰে।[19][20][21]
- বিজয়নগৰ সাম্ৰাজ্যৰ যুগত এটা আন্দল মন্দিৰ, সৌম্যনায়কী মন্দিৰ, প্ৰৱেশদ্বাৰত থকা দীপ-স্তম্ভ, ৰাম আৰু নৰসিংহ মন্দিৰ সংযোজন কৰা হৈছিল।[19]
- মূল মন্দিৰত শিখৰ আছিল যদিও এতিয়া সেইটো নোহোৱা হৈছে আৰু মন্দিৰৰ শিখৰ অংশ সমতল ৰূপত দেখা যায়। শিলালিপিৰ পৰা অনুমান কৰিব পাৰি যে মূল স্তম্ভটো কাঠ, ইটা আৰু শিলৰ সংমিশ্ৰণেৰে নিৰ্মিত আছিল। ইয়াক কেইবাবাৰো ধ্বংস কৰি পুনৰ নিৰ্মাণ কৰা হৈছিল।[20]
- বিজয়নগৰ সাম্ৰাজ্যই মন্দিৰ গোটৰ ভিতৰত দেৱীসকলৰ বাবে উৎসৰ্গিত সৰু সৰু মন্দিৰ আৰু নাগনায়কন মণ্ডপ সংযোজনৰ পৃষ্ঠপোষকতা কৰিছিল। বেলুৰ অঞ্চলৰ অন্যান্য ভাঙি পেলোৱা মন্দিৰৰ যুদ্ধৰ ধ্বংসাৱশেষ সংগ্ৰহ কৰি পুনৰ ব্যৱহাৰ কৰি এইবোৰ নিৰ্মাণ কৰা হৈছিল।[20]
- চুলতানৰ মিত্ৰজোঁটে বিজয়নগৰ সাম্ৰাজ্য ধ্বংস কৰাৰ পিছত পুনৰ মন্দিৰ চৌহদ ক্ষতিগ্ৰস্ত হয়। ১৭০৯ চনত প্ৰথম মেৰামতি কৰা হয়, তাৰ পিছত ১৭১৭ আৰু ১৭৩৬ চনত ইয়াৰ সংযোজন কৰা হয়।[19] ১৭৭৪ চনত হাইদৰ আলীৰ এজন বিষয়াই এই মন্দিৰটো মেৰামতি কৰিছিল। সেই সময়ত হাইদৰ আলী ৱাডিয়াৰ বংশৰ হৈ বাস্তৱিক শাসক আছিল।[20]
- ১৯ শতিকাৰ শেষৰ ফালে মণ্ডপ ওপৰৰ ভাঙি পৰা স্তম্ভৰ তলৰ স্তৰবোৰক বচাবলৈ আঁতৰাই পেলোৱা হৈছিল আৰু কেতিয়াও সলনি কৰা হোৱা নাছিল। ১৯৩৫ চনত মহীশূৰ চৰকাৰৰ বিত্তীয় সাহায্য আৰু ৱাডিয়াৰ বংশৰ অনুদানৰ সহায়ত মন্দিৰৰ কিছু অংশ পৰিষ্কাৰ আৰু পুনৰুদ্ধাৰ কৰা হয়। চেন্নীগৰয়াৰ মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হয়, ৰামানুজ আৰু গৰুড়ৰ নতুন মূৰ্তিৰ লগতে মন্দিৰত আন বহুতো সুবিধা উন্নয়ন আৰু মেৰামতিৰ কামো সংযোজন কৰা হয়। এই মেৰামতিসমূহৰ বৰ্ণনা পূৰ্বৰ শিলালিপিসমূহৰ দৰেই ঐতিহাসিক অভিলেখৰ বাবে শিলত লিখা হৈছিল।[22]
বৰ্ণনা
[সম্পাদনা কৰক]
বেলুৰৰ চেন্নাকেশৱ মন্দিৰ চৌহদৰ দীঘ ৪৪৩.৫ ফুট আৰু ৩৯৬ ফুট প্ৰস্থৰ দৰবাৰে গঠিত আৰু ইয়াৰ ভিতৰত কেইবাটাও হিন্দু মন্দিৰ আৰু সৰু সৰু পৱিত্ৰস্থল আছে।[23][note 1] বিজয়নগৰ সাম্ৰাজ্য যুগৰ মেৰামতিৰ সময়ত সংযোজন কৰা গোপুৰমৰ মাজেৰে পূবৰ পৰা চৌহদটোত প্ৰৱেশ কৰা হয়।[24] দেৱালযুক্ত মন্দিৰ চৌহদৰ ভিতৰত পোৱা মন্দিৰ আৰু কীৰ্তিচিহ্নসমূহ হ’ল-
- চেন্নাকেশৱ মন্দিৰ বা কেশৱ মন্দিৰ বুলি পৰিচিত মন্দিৰ ইয়াৰ মূল মন্দিৰ। ই মন্দিৰ চৌহদৰ মাজত গোপুৰমৰ সন্মুখৰ পূব দিশত অৱস্থিত। পিছত যোগ কৰা গঠনসমূহ অন্তৰ্ভুক্ত কৰিলে ইয়াৰ আকাৰ ১৭৮ ফুট x ১৫৬ ফুট। প্ৰায় ৩ ফুট ওখ বহল বেদীত (জাগতি) মন্দিৰটো অৱস্থিত। এই মন্দিৰটো কেশৱ ৰূপত বিষ্ণুৰ নামত উছৰ্গা কৰা হৈছে।[23]
- কেশৱ মন্দিৰৰ দক্ষিণে ১২৪ ফুট x ১০৫ ফুট জোখৰ কাপ্পে চেন্নীগাৰায় মন্দিৰ অৱস্থিত। ইয়াৰ ভিতৰত দুটা গৰ্ভগৃহ আছে, এটা বেণুগোপাল আৰু আনটো চেন্নীগাৰায় (চেন্নাকেশৱৰ স্থানীয় জনপ্ৰিয় নাম, বিষ্ণু)ৰ বাবে উৎসৰ্গিত। স্থানীয় কিংবদন্তি অনুসৰি এসময়ত চেন্নীগাৰায় মূৰ্তিৰ নাভিৰ ওচৰত এটা কাপ্পে (ভেকুলী) পোৱা গৈছিল বাবে মন্দিৰটোৰ নাম কাপ্পে চেন্নীগাৰায়। এই সৰু মন্দিৰটো ৰাণীয়ে মূল মন্দিৰৰ সমান্তৰালভাৱে নিৰ্মাণ কৰিছিল আৰু ইয়াক একেধৰণৰ সৰু সংস্কৰণ বুলি বিশ্বাস কৰা হয়।[25]
- চালিৰ তলত নমস্ত ভংগিমাত কাষে কাষে থিয় হৈ থকা দম্পতী থকা শিলৰ ফলক এখন। এই স্মৃতিসৌধটোৰ যথেষ্ট ক্ষতিসাধন হৈছে।[26]
চেন্নাকেশৱ মন্দিৰত কেইবাটাও সৰু সৰু মন্দিৰ আৰু কীৰ্তিচিহ্ন সন্নিবিষ্ট আছে | |||||||
- কেশৱ মন্দিৰৰ পশ্চিমে ৭০ ফুট x ৫৬ ফুট জোখৰ বীৰনাৰায়ণ মন্দিৰ আছে। নৱৰংগ (ন বৰ্গক্ষেত্ৰৰ প্ৰেক্ষাগৃহ) আৰু বাহিৰৰ দেৱালত ৫৯টা বৃহৎ কলেৱৰৰ ভাস্কৰ্য থকা গৰ্ভগৃহ থকা সৰু কিন্তু সম্পূৰ্ণ মন্দিৰ। এই ভাস্কৰ্যসমূহ বিষ্ণু, শিৱ, ব্ৰহ্মা, ভৈৰৱ (ক্ৰোধিত শিৱৰ অৱতাৰ), লক্ষ্মী, পাৰ্বতী, সৰস্বতী আদিৰ বাবে উৎসৰ্গা কৰা হৈছে। কিছুমান ভাস্কৰ্যৰ লানিত মহাভাৰতৰ পৰা ভীমৰ কাহিনী অংকন কৰা হৈছে। এই মন্দিৰটো দ্বাদশ শতিকাৰ বুলিও কোৱা হয়।[26]

বীৰনাৰায়ণ মন্দিৰ - কেশৱ মন্দিৰৰ দক্ষিণ-পশ্চিমে সোম্যানায়কী (লক্ষ্মী দেৱীৰ ৰূপ)ৰ বাবে উৎসৰ্গিত এটা সৰু দ্বাদশ শতিকাৰ মন্দিৰ আছে। কিন্তু পিছলৈ এই মন্দিৰটো সম্প্ৰসাৰিত আৰু বৰ্ধিত কৰা হয়। এই মন্দিৰটো উল্লেখযোগ্য কাৰণ স্থানীয় পৰম্পৰা অনুসৰি ইয়াৰ শিখৰ এসময়ত মূল কেশৱ মন্দিৰৰ ওপৰত উঠি অহা প্ৰধান শিখৰৰ ক্ষুদ্ৰ সংস্কৰণ।[27]
- কেশৱ মন্দিৰৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত আণ্ডাল মন্দিৰ অৱস্থিত। ইয়াক ৰংগনায়কী মন্দিৰ বুলিও কোৱা হয়। ইয়াৰ বাহিৰৰ দেৱালত হাতী আৰু প্ৰকৃতিৰ দৰে শিল্পকৰ্মৰে সজাই তোলা হৈছে। ইয়াৰ উপৰিও ইয়াত হিন্দু ধৰ্মৰ বৈষ্ণৱ, শৈৱ আৰু শক্তিবাদৰ পৰম্পৰাৰ ৩১টা বৃহৎ দেৱতাৰ প্ৰতিমূৰ্তি প্ৰদৰ্শন কৰা হৈছে। ইয়াত বেণুগোপাল, মোহিনী আৰু লক্ষ্মীক জটিলভাৱে খোদিত কৰা হৈছে, লগতে পুৰাণৰ কিংবদন্তি দেখুওৱা ভাস্কৰ্য আছে।[28]
- এই মন্দিৰ চৌহদৰ ভিতৰত কেইবাটাও সৰু সৰু মন্দিৰ আছে। কাপ্পে-চেন্নীগাৰায় মন্দিৰৰ পূব দিশত ভক্তি আন্দোলন কালৰ নৰসিংহ, ৰাম, জিয়াৰ আৰু আলভাৰৰ বাবে মন্দিৰ আছে। অণ্ডল মন্দিৰৰ পূবে কৃষ্ণৰ বাবে মন্দিৰ, আৰু বৈষ্ণৱ ধৰ্মৰ পণ্ডিত দেশীকাৰ, ভাষ্যকৰ আৰু বিশিষ্টদ্বৈত বেদান্তবাদী ৰামানুজৰ মন্দিৰ। আলভাৰৰ প্ৰতি উছৰ্গিত মন্দিৰৰ ভূমিত ৰামায়ণৰ কাহিনী দেখুওৱা ভাস্কৰ্য আছে। এই মন্দিৰসমূহৰ কিছুমান পিছলৈ সংযোজন কৰা হয় কাৰণ দেশিকৰ দৰে এই পণ্ডিতসকলৰ মাজৰ কমসংখ্যকেহে দ্বাদশ শতিকাৰ পিছত বাস কৰিছিল।[28]
- মন্দিৰ চৌহদত দুটা প্ৰধান স্তম্ভ পোৱা যায়। মূল মন্দিৰৰ সন্মুখত থকা স্তম্ভটো, গৰুড় স্তম্ভ বিজয়নগৰ যুগত স্থাপন কৰা হৈছিল আনহাতে সোঁফালে থকা স্তম্ভ দীপ স্তম্ভ) হয়চাল যুগৰ। বীৰনাৰায়ণ মন্দিৰৰ ওচৰতে এটা মণ্ডপ আছে য’ত বাৰ্ষিক শোভাযাত্ৰাৰ ৰাথ আৰু মন্দিৰৰ বাহনসমূহ পৰম্পৰাগতভাৱে মজুত কৰি ৰখা হৈছে। ইয়াক বাহন মণ্ডপ বোলা হয়।[28] ইয়াৰ দক্ষিণ-পূব কোণত অনুষ্ঠানৰ বাবে কল্যাণ-মণ্ডপো আছে। ১৭ শতিকাত ইয়াক সংযোজন কৰা হৈছিল।[29]
- মন্দিৰ চৌহদৰ উত্তৰ-পশ্চিম কোণত খাদ্যৰ মজুত ৰখাৰ বাবে এটা ভঁৰাল পোৱা যায়। চৌহদৰ উত্তৰ দিশৰ সৰু প্ৰৱেশদ্বাৰ আছে। ইয়াৰ ওচৰতে ত্ৰয়োদশ শতিকাত নিৰ্মিত এটা পাকশাল বা সমূহীয়া পাকঘৰ আছে। উত্তৰ-পূব কোণত এটা খটখটিযুক্ত পুখুৰী পোৱা যায়। এই পুখুৰীটোক শিলালিপিত কল্যাণী বা বাসুদেৱ-সৰোৱৰ বুলি কোৱা হয়। ইয়াৰ কাষত দুটা শিলৰ হাতী পোৱা যায়।[28]
এই মন্দিৰ চৌহদত আন বহুতো সৰু সৰু কীৰ্তিচিহ্ন আৰু বৈশিষ্ট্য আছে, যেনে গোপুৰমৰ ঠিক দক্ষিণে থকা আনে-বাগিলু বা "হাতীৰ প্ৰৱেশদ্বাৰ" আৰু উত্তৰ-পশ্চিম অংশত স্তম্ভ আৰু মূৰ্তিৰ আকৃতিত অতীতৰ ধ্বংসৰ স্মৃতিসৌধ।[30]
মুখ্য মন্দিৰ: কেশৱ
[সম্পাদনা কৰক]
চেন্নাকেশৱৰ মন্দিৰ ১০.৫ মিটাৰ দীঘৰ বৰ্গাকৃতিৰ একাকুটা বিমান আৰ্হিৰ একক মন্দিৰ। ইয়াত উত্তৰ ভাৰতীয় নাগৰ আৰু দক্ষিণ ভাৰতীয় কৰ্ণাট শৈলীৰ স্থাপত্যৰ উপাদানসমূহৰ সংমিশ্ৰণ ঘটিছে।[5] মন্দিৰটোৰ গৰ্ভগৃহৰ চাৰিওফালে প্ৰদক্ষিণ পথ হিচাপে ডিজাইন কৰা মুকলি আৰু বহল মঞ্চৰে যুক্ত। আৰম্ভণিতে মন্দিৰ আৰু মঞ্চখন দেৱালবিহীন আছিল আৰু মঞ্চখনে মন্দিৰৰ ৰূপৰেখা অনুসৰণ কৰি এটা মুকলি মণ্ডপক আগুৰি ধৰিছিল। এজন দৰ্শকে মঞ্চৰ পৰাই মুকলি মণ্ডপৰ অলংকৃত খুঁটাবোৰ চাব পাৰিছিল।[31] পিছলৈ দেৱাল আৰু শিলৰ পৰ্দা সংযোজন কৰা হ’ল। ইয়াৰ ফলত এটা বন্ধ দালান আৰু মণ্ডপৰ সৃষ্টি হ’ল। কিন্তু ভিতৰৰ শিল্পকৰ্মৰ প্ৰশংসা কৰিবলৈ অত্যধিক আন্ধাৰ অৱস্থাৰ সৃষ্টি হ’ল। দালানে প্ৰদক্ষিণ মঞ্চক মণ্ডপৰ সৈতে সংযোগ কৰে। মন্দিৰৰ বাহিৰত আৰু ভিতৰত জটিল আৰু প্ৰচুৰ শিল্পকৰ্ম আছে।[32]
মন্দিৰটোৰ সহজ হয়চালৰ পৰিকল্পনাৰে নিৰ্মিত আৰু ইয়াত মাত্ৰ এটা গৰ্ভগৃহ আছে। চেন্নাকেশৱ মন্দিৰত ব্যৱহৃত নিৰ্মাণ সামগ্ৰী হৈছে ক্লৰিটিক শ্বিষ্ট ( ইয়াক সাধাৰণতে চাবোন শিল বুলি জনা যায়)। ই এবিধ কোমল শিল আৰু ইয়াৰ সহায়ত শিল্পীসকলে সহজে খোদিত কৰিব পাৰে। সময়ৰ লগে লগে এই শিল কঠিন হৈ পৰে।[33][34] এই হয়চাল মন্দিৰত শিল্প সমালোচক তথা ইতিহাসবিদ ছেত্তৰৰ মতে প্ৰথমে আইহোলে, বাদামী আৰু পট্টাডাকালত গঢ় লৈ উঠা পশ্চিমীয়া চালুক্য শিল্পী আৰু তেওঁলোকৰ পৰম্পৰাক নিয়োগ কৰা হৈছিল। এই মন্দিৰৰ গঠন পৰৱৰ্তী পৰ্যায়ৰ হয়চাল মন্দিৰতকৈ (হালেবিডুৰ হয়চালেশ্বৰ মন্দিৰ আৰু সোমনাথপুৰাৰ কেশৱ মন্দিৰকে ধৰি) অধিক সৰল।

বেদী
[সম্পাদনা কৰক]
মন্দিৰটো জগতি (আক্ষৰিক অৰ্থত "জাগতিক")ৰ ওপৰত নিৰ্মাণ কৰা হৈছে। এয়া হৈছে প্ৰতীকী লৌকিক মঞ্চৰ সৈতে প্ৰদক্ষিণৰ বাবে বহল খোজ কঢ়াৰ স্থান (প্ৰদক্ষিণ-পথ)।[35] জগতিলৈ এটা পথ যায় আৰু আনটো পথ মণ্ডপৰ ফালে যায়। জগতিৰ জৰিয়তে ভক্তই মন্দিৰত প্ৰৱেশ কৰাৰ আগতে মন্দিৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰাৰ সুযোগ লাভ কৰে। জগতিখনে মণ্ডপৰ[36] বৰ্গক্ষেত্ৰৰ ডিজাইন আৰু মন্দিৰৰ তৰাৰ আকৃতিক সযতনে অনুসৰণ কৰে।
বাহিৰৰ দেৱালসমূহ
[সম্পাদনা কৰক]জগতি মঞ্চৰ ওপৰেৰে মন্দিৰৰ প্ৰদক্ষিণ কৰাৰ সময়ত দৰ্শকে অনুভূমিক শাৰীত অসংখ্য শিল্পকৰ্ম দেখা পায়। তলৰ শাৰীত বিভিন্ন অভিব্যক্তিৰ হাতীৰে সমগ্ৰ গঠনটোৰ প্ৰতীকী সমৰ্থক হিচাপে ব্যৱহাৰ কৰা হৈছে।[5][37] ইয়াৰ ওপৰত এটা খালী স্তৰ, তাৰ পিছত কেইবাটাও শাৰীত সিংহৰ মুখৰ সৈতে সজ্জাৰ কাম। মন্দিৰৰ পিছফালে বাহিৰৰ দেৱালত বিভিন্ন ঘোঁৰা চলোৱা অৱস্থাত ঘোঁৰাচালকৰ শাৰী চিত্ৰিত কৰা হৈছে।[37]
পঞ্চমটো খোদিত শাৰী সৰু সৰু মূৰ্তিৰে গঠিত। ইয়াৰ বেছিভাগেই মহিলায়ে দৰ্শকৰ ফালে বিভিন্ন অভিব্যক্তিৰে চাই থকা অৱস্থাৰ চিত্ৰণ। আনহাতে মাজে মাজে মন্দিৰৰ ভিতৰৰ ফালে মুখ কৰি থকা যক্ষসকলো ইয়াত অন্তৰ্ভুক্ত কৰা হয়। এই স্তৰত বহুতো নৃত্যশিল্পী আৰু সংগীতজ্ঞৰ লগতে তেওঁলোকৰ বাদ্যযন্ত্ৰৰ সৈতে দেখুৱা হৈছে।[38][39] ওপৰৰ শাৰীৰ কিছুমানৰ মাজত খোদিত ধৰ্মনিৰপেক্ষ আকৃতি বেছিভাগেই মহিলা আৰু দম্পতীৰ চিত্ৰণ। একেবাৰে ওপৰৰ শাৰীত গছ-লতিকাৰ এডাল শাৰীয়ে মন্দিৰটোক মেৰিয়াই ৰাখিছে। এই শাৰীত ৰামায়ণ মহাকাব্যৰ দৃশ্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। এই স্তৰৰ ওপৰত কাম, অৰ্থ আৰু ধৰ্মৰ চিত্ৰণ কৰা সাধাৰণ জীৱনৰ দৃশ্য। ইয়াত প্ৰেমৰ সম্পৰ্ক, কামুকতা আৰু যৌন দৃশ্যত দম্পতী অন্তৰ্ভুক্ত কৰা হৈছে, তাৰ পিছত সন্তান থকা দম্পতী, অৰ্থনৈতিক আৰু উৎসৱমুখৰ কাৰ্য্যকলাপ দেখুৱা হৈছে।[38] উত্তৰ বাহিৰৰ বেৰৰ ফালে মহাভাৰতৰ দৃশ্য চিত্ৰিত কৰা হৈছে।[38]

এই শাৰীবোৰৰ ওপৰত উত্তৰ দিশত ১০টা ছিদ্ৰযুক্ত শিলৰ খিৰিকী আৰু পৰ্দা আৰু মন্দিৰৰ দক্ষিণ দিশত ১০টা পিছলৈ নিৰ্মাণ কৰা হৈছে। পৰৱৰ্তী কালৰ শিল্পীসকলে এই পিছৰ সংযোজনসমূহৰ দহটাত পুৰাণৰ দৃশ্য খোদিত কৰিছিল আৰু বাকী দহটাত জ্যামিতিক ফুলৰ ডিজাইন আছে।[15][37] চৰিত্ৰ থকা ছিদ্ৰযুক্ত পৰ্দাবোৰত দেখুৱা দৃশ্যসমূহ হ'ল:[40]
- হয়চাল দৰবাৰৰ দৃশ্য, ৰজা, ৰাণী, বিষয়া, পৰিচাৰক আৰু দুজন গুৰুৰ সৈতে তেওঁলোকৰ শিষ্যসকলৰ সৈতে
- হনুমান আৰু গৰুড়ৰ সৈতে কেশৱ,
- বামন, বালি আৰু ত্ৰিবিক্ৰমৰ কিংবদন্তি,
- কৃষ্ণ কালীয়ামৰ্দন কিংবদন্তি, গণেশ আৰু কাৰ্তিকেয়ৰ সৈতে নন্দীৰ ওপৰত শিৱ,
- প্ৰহ্লাদ, হিৰণ্যকশিপু আৰু নৰসিংহ কিংবদন্তি (প্ৰহ্লাদৰ কপালত থেংকলাই নম শৈলীৰ উৰ্ধৱ পুন্দ্ৰৰ প্ৰতীকৰ বাবে উল্লেখযোগ্য),
- হনুমান আৰু গৰুড়ৰ সৈতে যোগ-নৰসিংহ,
- সমুদ্ৰ মন্থন কিংবদন্তি,
- কৃষ্ণৰ কংসবধৰ কিংবদন্তি,
- শেষনাগৰ ওপৰত হেলান দি থকা ৰূপত ৰংগনাথ,
- শিৱলিংগ কিংবদন্তিক লৈ হনুমান আৰু গৰুড়ৰ যুদ্ধ।


ছিদ্ৰযুক্ত পৰ্দাবোৰৰ ওপৰৰ খুঁটাবোৰৰ মুখ্যস্থানত মদনিকা বা শালভাঞ্জিকাৰ মূৰ্তি আছে। প্ৰথমে ইয়াত ৪০টা মদনিকাৰ মূৰ্তি আছিল। ইয়াৰে ৩৮টা বৰ্তমান ক্ষতিগ্ৰস্ত বা নিখুঁত ৰূপত আছে। ইয়াৰে দুগৰাকী হৈছে দুৰ্গা, তিনিগৰাকী ধনু লৈ থকা চিকাৰী, আন কিছুমান নাট্য শাস্ত্ৰ অভিনয় মুদ্ৰা (অভিনয়ৰ ভংগিমা)ত নৃত্যশিল্পী, সংগীতজ্ঞ, সাজ-পোছাক পিন্ধা বা ৰূপসজ্জা কৰা মহিলা, পোহনীয়া ভাটৌৰ সৈতে এগৰাকী মহিলা, সংগীত সৃষ্টিকাৰী পুৰুষ।[41][42] এই মদনিকা মূৰ্তিসমূহৰ অধিকাংশই প্ৰাদক্ষিণ পথৰ চাৰিওফালে বাহিৰৰ বেৰৰ ষষ্ঠৰ শাৰীত ক্ষুদ্ৰ ৰূপত খোদিত কৰা হৈছে।[41]
দেৱালখনত মন্দিৰৰ চাৰিওফালে ৮০টা বৃহৎ ভাস্কৰ্য আছে। ইয়াৰে ৩২টা বিষ্ণুৰ, ৯টা তেওঁৰ অৱতাৰ (নৰসিংহ, বৰাহ, বামন, ৰংগনাথ, বলৰাম); ৪টা শিৱৰ নাটৰাজকে ধৰি বিভিন্ন ৰূপত (পাৰ্ৱতী থকা বা অবিহনে); ২টা ভৈৰৱৰ (উগ্ৰ শিৱ); ২টা হৰিহৰৰ (অৰ্ধ শিৱ, অৰ্ধ বিষ্ণু); ৪টা সূৰ্য্যৰ (সূৰ্য্য দেৱতা); ৫টা দুৰ্গা আৰু মহিষাসুৰমৰ্দিনিৰ; কামদেৱ আৰু ৰতিৰ ১টা; গণেশ, ব্ৰহ্মা, সৰস্বতী, গৰুড় আৰু চন্দ্ৰৰ ১টাকৈ ভাস্কৰ্য আছে। আন আন ভাস্কৰ্যসমূহ হ’ল অৰ্জুনে দ্ৰৌপদী জয় কৰিবলৈ কাঁড় মৰা দৃশ্য; ৰাৱণে কৈলাস উত্তোলন কৰা দৃশ্য; দক্ষ, বালি আৰু শুক্ৰাচাৰ্য্য ইত্যাদি।[41][43]
ইয়াত থকা কিছুমান মূৰ্তিত ব্যতিক্ৰমী ৰূপত সবিশেষ উপস্থাপন কৰা হৈছে। উদাহৰণস্বৰূপে, এটা মদনিকা মূৰ্তি ফলমূলৰ গছৰ চালিৰে দেখুওৱা হৈছে, য’ত ফলটোৰ ওপৰত সৰু মাখি এটা বহি থকা দেখা গৈছে আৰু ওচৰতে এটা জেঠী মাখিটোৰ ওপৰত আক্ৰমণ কৰিবলৈ সাজু হৈছে। আন এখনত ঈগলে শাৰভক আক্ৰমণ কৰা দেখা গৈছে, যিয়ে পাছলৈ সিংহক আক্ৰমণ কৰি আছে, যিয়ে পাছলৈ হাতী এটাক আক্ৰমণ কৰি আছে, যিটোৱে নিজেই সাপ এটাক জব্দ কৰি আছে, যিটো পাছলৈ এন্দুৰক গিলি পেলোৱাৰ কাৰ্য্যত দেখুওৱা হৈছে – যিটো দৃশ্যত এজন চিন্তাশীল ঋষিও অন্তৰ্ভুক্ত।[44] এই ছবিবোৰত ধৰ্মনিৰপেক্ষ জীৱন দেখুওৱা হৈছে; যেনে কোনো শিল্পীয়ে অংকন কৰা বা সংগীতজ্ঞসকলে নিজৰ সংগীতত হেৰাই যোৱাৰ প্ৰতিচ্ছবি। এটা উল্লেখযোগ্য প্ৰতিচ্ছবি হৈছে দ্বাদশ শতিকাৰ ৰুদ্ৰ-বীণা আৰু লাস্য নৃত্যৰ ভংগিমাৰ চিত্ৰণ।[45] ইয়াৰ উপৰিও জৈন ধৰ্মৰ এজন জিনৰ প্ৰতিচ্ছবিও অন্তৰ্ভুক্ত কৰা হৈছে।[46]

ভিতৰৰ মন্দিৰৰ পূব প্ৰৱেশদ্বাৰৰ কাষৰ বাহিৰৰ দেৱালত ভৈৰৱ আৰু দুৰ্গা খোদিত কৰা আছে। মন্দিৰৰ দক্ষিণ প্ৰৱেশদ্বাৰৰ কাষৰ বাহিৰৰ দেৱালত তাণ্ডৱেশ্বৰ আৰু ব্ৰহ্মণী খোদিত কৰা আছে। মন্দিৰৰ উত্তৰ প্ৰৱেশদ্বাৰৰ বাহিৰৰ ফালে বিষ্ণু আৰু মহিষাসুৰমৰ্দিনি খোদিত কৰা আছে।[47]
অভ্যন্তৰীণ
[সম্পাদনা কৰক]চেন্নাকেশৱ মন্দিৰৰ তিনিটা প্ৰৱেশদ্বাৰ আছে আৰু ইয়াৰ দুৱাৰমুখৰ দুয়োফালে দ্বাৰপালক (দুৱাৰৰক্ষী) নামৰ ভাস্কৰ্যৰে সজোৱা আছে।[48]কেন্দ্ৰীয় প্ৰেক্ষাগৃহ (নৱৰংগ) প্ৰথমে পশ্চিমৰ বাহিৰে বাকী সকলো ফালে খোলা আছিল যদিও পিছলৈ সকলো ফালে ছিদ্ৰযুক্ত শিলৰ পৰ্দাৰে বন্ধ কৰা হৈছিল।[49] ইয়াৰ ফলত পোহৰৰ পৰিমাণ বহু পৰিমাণে হ্ৰাস পাইছিল আৰু গৌণ পোহৰ অবিহনে জটিল শিল্পকৰ্মৰ দেখা কৰাটো কঠিন হৈ পৰে। প্ৰেক্ষাগৃহৰ তিনিটা প্ৰৱেশদ্বাৰত প্ৰৱেশৰ পৰাই শিল্পকৰ্ম আৰম্ভ হয়। প্ৰত্যেকেই দুয়োফালে উঠা বাৰাণ্ডালৈ লৈ যায়। প্ৰেক্ষাগৃহৰ জটিল কাৰুকাৰ্যৰে অলংকৃত স্তম্ভ আছে আৰু মাজত এটা ডাঙৰ গম্বুজযুক্ত চিলিং আছে।[48] মণ্ডপত ৬০টা অংশ আছে।[50]
বেলুৰৰ কেশৱ মন্দিৰৰ নৱৰংগটো যিকোনো হয়চাল মন্দিৰৰ ভিতৰত আটাইতকৈ ডাঙৰ। জেমছ হাৰ্লেৰ মতে ই ত্ৰিৰথ হীৰা আকৃতিৰ।[15]

চিলিং আৰু অলংকৃত স্তম্ভসমূহ
[সম্পাদনা কৰক]
নৱৰংগ গৃহত আঠচল্লিশটা অলংকৃত স্তম্ভ আছে। কেন্দ্ৰীয় চাৰিটাৰ বাহিৰে বাকী সকলোবোৰেই এক অনন্য ধৰণে খোদিত কৰা হৈছে। কেন্দ্ৰীয় চাৰিটা স্তম্ভ পিছৰ সংযোজন। ক্ষতিগ্ৰস্ত মন্দিৰৰ অভ্যন্তৰীণ গঠনক স্থিৰ ৰাখিবলৈ ১৩৮১ খ্ৰীষ্টাব্দত বিজয়নগৰ সাম্ৰাজ্যৰ যুগত সংযোজন কৰা হৈছিল।[48] স্তম্ভবোৰ তিনিটা আকাৰৰ। দুটা স্তম্ভ বিশেষভাৱে উল্লেখযোগ্য। এটা হ'ল তথাকথিত নৰসিংহ স্তম্ভ যিটো ওপৰৰ পৰা তললৈ ক্ষুদ্ৰ আকৃতিৰে খোদিত কৰা হৈছে, যেনে এটা ক্ষুদ্ৰ বলধ (কদলে বসৱ)।[48] স্থানীয় কিংবদন্তি অনুসৰি এই স্তম্ভটো এনেকৈ যুক্ত কৰা হৈছিল যে এসময়ত ই ঘূৰিব পাৰিছিল। কিন্তু ইয়াক বৰ্তমান ঘূৰাব নোৱাৰি।[48] আনটো স্তম্ভ হৈছে মোহিনী স্তম্ভ।[51] বিষ্ণুৰ নাৰী অৱতাৰৰ বাহিৰেও এই স্তম্ভটোত ব্ৰহ্মা, বিষ্ণু, শিৱ, তাৰ পিছত বিষ্ণুৰ দহটা অৱতাৰ, অষ্টদিশৰ দেৱতা, সিংহৰ শৰীৰ থকা পৌৰাণিক প্ৰাণী কিন্তু অন্যান্য বন্যপ্ৰাণীৰ মুখকে ধৰি আঠটা খোদিত শিল্পকৰ্ম আছে।[48] চাৰিটা কেন্দ্ৰীয় স্তম্ভ হাতেৰে খোদিত হোৱাৰ বাবে উল্লেখযোগ্য আৰু বাকীবোৰ ঘুৰ্ণণ যন্ত্ৰত ঘূৰাই কাটি সজা হৈছিল।[52]

প্ৰেক্ষাগৃহৰ মাজত এটা ডাঙৰ মুকলি চৌহদ আছে। ইয়াৰ ওপৰত প্ৰায় ১০ ফুট ব্যাস আৰু ৬ ফুট গভীৰ গম্বুজযুক্ত চিলিং আছে।[53] ওপৰত ব্ৰহ্মা, বিষ্ণু আৰু শিৱ খোদিত কৰা পদুম কলি অৱস্থিত। গম্বুজৰ তলত ৰামায়ণ কাহিনীৰ ধাৰাবাহিক ভাস্কৰ্য আছে।{{sfn|Narasimhacharya|1987|p=11} চাৰিটা স্তম্ভৰ কেন্দ্ৰত মদনিকা বা শালভঞ্জিকা আছে। এগৰাকীয়ে জ্ঞান, কলা আৰু সংগীত আৰু নৃত্যৰ দেৱী সৰস্বতীক প্ৰতিনিধিত্ব কৰে। বাকী কেইগৰাকী বেলেগ বেলেগ অভিব্যক্তিৰে নিয়মীয়া নৃত্যশিল্পী। এগৰাকীয়ে তেওঁৰ কেশসজ্জা কৰিছে, আন এগৰাকীয়ে নাট্য ভংগিমাত আৰু চতুৰ্থগৰাকীৰ হাতত ভাটৌ এটা বহি আছে। শিলৰ পৰা তৈয়াৰী মূৰ আৰু ডিঙিৰ গহনাবোৰ মুক্তভাৱে পিন্ধোৱা হৈছে আৰু ইয়াক লৰচৰ কৰিব পৰা যায়। বাজুবন্ধ সমূহো একেদৰেই লৰচৰযোগ্য।[53] চিলিঙৰ ডিজাইন হিন্দু গ্ৰন্থসমূহ অনুসৰণ কৰে, আৰু ই এক পৰিৱৰ্তিত উক্তচিপ্ত শৈলীৰ সৈতে সমকেন্দ্ৰিক আঙুঠিত ছবি স্থাপন কৰা ৰূপত সজ্জিত।[15]

প্ৰেক্ষাগৃহৰ ভিতৰৰ আন আন ভাস্কৰ্যসমূহৰ ভিতৰত বিষ্ণু অৱতাৰৰ বৃহৎ ছবি, বৈদিক আৰু পুৰাণিক ইতিহাসৰ দৃশ্যায়ন আৰু ৰামায়ণৰ দৃশ্য আদি উল্লেখযোগ্য।[54]
গৰ্ভগৃহ
[সম্পাদনা কৰক]
মণ্ডপটোৰ পৰা স্তম্ভ আৰু এটা দুৱাৰৰ কাষেৰে আগবাঢ়ি গৰ্ভগৃহলৈ যোৱা পথ। দুৱাৰখনৰ দুয়োফালে দ্বাৰপাল জয় আৰু বিজয় অৱস্থিত। গৰ্ভগৃহৰ মুধচত লক্ষ্মীনাৰায়ণৰ মূৰ্তি আছে।[48] ইয়াৰ তলত দ্বাদশ শতিকাৰ বাদ্যযন্ত্ৰ বজোৱা সংগীতজ্ঞসকল অৱস্থিত। কাষত দুটা মকৰ আছে আৰু ইয়াৰ ওপৰত বৰুণ আৰু বৰুণীয়ে একেলগে বহি আছে। বৰ্গক্ষেত্ৰৰ গৰ্ভগৃহৰ ভিতৰত কেশৱৰ বা শিলালিপিত ইয়াক উল্লেখ কৰাৰ দৰে "বিজয়নাৰায়ণ"ৰ প্ৰতিমূৰ্তি আছে। এই মূৰ্তি ৩ ফুট উচ্চতাৰ বেদীৰ ওপৰত অৱস্থিত থিয় হৈ আছে। কেশৱৰ মূৰ্তিটো প্ৰায় ৬ ফুট ওখ আৰু ইয়াৰ প্ৰভামণ্ডল আছে।[48] ইয়াৰ চাৰিখন হাত আছে, ওপৰৰ হাতত চক্ৰ আৰু শংখ আৰু তলৰ হাতত গদা আৰু পদুম অৱস্থিত। বিষ্ণুৰ দহটা অৱতাৰ – মৎস্য, কুৰ্ম, বাৰহ, নৰসিংহ, বামন, পৰশুৰাম, ৰাম, কৃষ্ণ, বুদ্ধ আৰু কল্কিৰ চক্ৰীয় খোদিত এই প্ৰভাত আছে। মন্দিৰটো এটা সক্ৰিয় পূজাঘৰ। সেয়ে ইয়াত কেশৱ মূৰ্তিৰ সাজ-পোছাক আৰু সজ্জাৰে সজ্জিত। পুৰোহিত উপস্থিতিত ভক্তসকলে ইয়াক দৰ্শন কৰে।[48]
অধিগাঁথনি
[সম্পাদনা কৰক]মন্দিৰৰ এটা স্তম্ভ বাৰে বাৰে ক্ষতিগ্ৰস্ত হৈছিল আৰু ধ্বংস হৈছিল আৰু ইয়াক কেইবাবাৰো পুনৰ নিৰ্মাণ কৰা হৈছিল। ১৯ শতিকাৰ পুনৰুদ্ধাৰত মন্দিৰটো স্তম্ভ নোহোৱাকৈয়ে ৰখা হৈছিল। ফ’কেমাৰ মতে, স্তম্ভটো থকাৰ সময়ত ভূমিজ শৈলীৰ হ’লহেঁতেন আৰু বিমানৰ আকৃতি অনুসৰণ কৰা নিয়মীয়া তৰা আকৃতিৰ স্তম্ভটো নহ’লহেঁতেন। প্ৰেক্ষাগৃহৰ প্ৰৱেশদ্বাৰত থকা ক্ষুদ্ৰ মন্দিৰবোৰত অক্ষত অৱস্থাত থকা ভূমিজ শৈলীৰ স্তম্ভসমূহ আচলতে এক প্ৰকাৰৰ নাগৰ (উত্তৰ ভাৰতীয়) স্তম্ভ। ইয়াৰ আকৃতি বক্ৰৰেখাৰ।[55] বিশুদ্ধ দ্ৰাবিড় স্থাপত্যৰ স্তম্ভ এই আকৃতি একেবাৰে অস্বাভাৱিক।
শিল্পীসকল
[সম্পাদনা কৰক]হয়চালৰ কিছুমান শিল্পীয়ে শিলালিপিৰ ৰূপত নিজৰ কৰ্মত স্বাক্ষৰ কৰিছিল। তেনে কৰাৰ সময়ত তেওঁলোকে কেতিয়াবা নিজৰ, পৰিয়াল আৰু উৎপত্তিস্থলৰ বিষয়ে সবিশেষ প্ৰকাশ কৰিছিল। শিলালিপি আৰু তামৰ ফলিৰ লিপিয়ে ইয়াৰ বিষয়ে অধিক তথ্য প্ৰদান কৰে। ৰুভাৰী মাল্লিতাম্মা নামৰ শিল্পী এগৰাকীয়ে ৪০টাতকৈও অধিক ভাস্কৰ্য্য নিৰ্মাণ কৰা বুলি গণ্য কৰা হয়। বৰ্তমান শিৱমোগ্গা জিলাৰ বাল্লিগাভী পৰা অহা দসোজা আৰু তেওঁৰ পুত্ৰ চাভানাই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। পাঁচ গৰাকী মদনিকাৰ কামৰ কৃতিত্ব চাভানাক দিয়া হয় আৰু ইয়াৰে চাৰিটা মদনিকাৰ কাম দশোজাই সম্পন্ন কৰে। মালিয়ান্না আৰু নগোজাই নিজৰ ভাস্কৰ্যত চৰাই আৰু জীৱ-জন্তুৰ সৃষ্টি কৰিছিল। চিক্কাহাম্পা আৰু মালোজা আদি শিল্পীয়ে মণ্ডপত থকা কিছুমান ভাস্কৰ্য্যৰ কৃতিত্ব লাভ কৰে। এই শিল্পীসকলে বেলুৰৰ পৰা ৫০ কিলোমিটাৰৰ ভিতৰত পোৱা অন্যান্য প্ৰধান হয়চাল মন্দিৰত পোৱা শিল্পকৰ্মতো অৰিহণা যোগাইছিল।[56][57]
চিত্ৰমালা
[সম্পাদনা কৰক]-
কিন্নৰী বীণা বজাই থকা অৱস্থাত এগৰাকী নাৰীমূৰ্তি
-
দাপোনৰ সৈতে এগৰাকী শৈলবালিকা
-
শৈলবালিকা
-
শৈলবালিকা
-
শৈলবালিকা
-
শিলত খোদিত বিভিন্ন নক্সা
-
মূল গৰ্ভগৃহৰ সন্মুখত জয় আৰু বিজয়
-
অলংকৃত স্তম্ভ
-
অলংকৃত স্তম্ভৰ শাৰী
-
গজাসুৰসংহাৰ: শিৱ আৰু গজাসুৰৰ যুদ্ধ
-
গৰুড় স্তম্ভৰ পৰা গোপুৰমৰ দৃশ্য
-
অলংকৃত দেৱাল
-
শিলত খোদিত বিভিন্ন নক্সাৰে সৈতে মকৰ
-
মদনিকা
-
ভিতৰৰ মন্দিৰৰ প্ৰাংগনত উত্তৰ-পূব কোণৰ পৰা চেন্নাকেশৱ মন্দিৰৰ কেন্দ্ৰীয় গঠন।
-
শিলত খোদিত ভাস্কৰ্য
টোকা
[সম্পাদনা কৰক]তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Sacred Ensembles of the Hoysalas". UNESCO World Heritage Centre. https://whc.unesco.org/en/list/1670। আহৰণ কৰা হৈছে: 2023-09-24.
- ↑ 2.0 2.1 2.2 2.3 2.4 Permanent Delegation of India to UNESCO (2014), Sacred Ensembles of the Hoysala, UNESCO
- ↑ 3.0 3.1 3.2 3.3 V. K. Subramanian (2003). Art Shrines of Ancient India. Abhinav Publications. পৃষ্ঠা. 75–77. ISBN 978-81-7017-431-8. https://books.google.com/books?id=LcMhnC9sYS8C.
- ↑ Gerard Foekema 1996, পৃষ্ঠা. 47-49.
- ↑ 5.0 5.1 5.2 Kirsti Evans 1997, পৃষ্ঠা. 9-10.
- ↑ 6.0 6.1 Narasimhacharya 1987, পৃষ্ঠা. 2-9.
- ↑ Winifred Holmes (1938). C.P. Snow. ed. Discovery: Mysore's Medieval Sculpture. Cambridge University Press. পৃষ্ঠা. 85. https://books.google.com/books?id=CgI-AAAAIAAJ&pg=PA85.
- ↑ 8.0 8.1 Foekema (1996), p. 47
- ↑ Narasimhacharya 1987, পৃষ্ঠা. 1-2.
- ↑ Kamath (2001), p. 124
- ↑ 11.0 11.1 Madhusudan A. Dhaky; Michael Meister (1996). Encyclopaedia of Indian Temple Architecture, Volume 1 Part 3 South India Text & Plates. American Institute of Indian Studies. পৃষ্ঠা. 313–314. ISBN 978-81-86526-00-2. https://books.google.com/books?id=a1VJAQAAIAAJ.
- ↑ Hardy (1995), pp. 6– 7
- ↑ 13.0 13.1 Roshen Dalal (2002). The Puffin History of India for Children, 3000 BC - AD 1947. Penguin Books. পৃষ্ঠা. 195. ISBN 978-0-14-333544-3. https://books.google.com/books?id=U2gRUVIF2joC.
- ↑ B. L. Rice (2001). Gazetteer of Mysore. Asian Educational Services. পৃষ্ঠা. 353–354. ISBN 978-81-206-0977-8. https://books.google.com/books?id=p0wSoEIub1YC&pg=PA353.
- ↑ 15.0 15.1 15.2 15.3 15.4 James C. Harle (1994). The Art and Architecture of the Indian Subcontinent. Yale University Press. পৃষ্ঠা. 261–267. ISBN 978-0-300-06217-5. https://archive.org/details/artarchitectureo00harl.
- ↑ 16.0 16.1 Epigraphia carnatica, B. Lewis Rice, Mysore Government Press, pages 98-129.
- ↑ Narasimhacharya 1987, পৃষ্ঠা. 2-3.
- ↑ Krishna 1937, পৃষ্ঠা. 3, Quote: "As designed and completed in 1117 A.C., the ....".
- ↑ 19.0 19.1 19.2 19.3 19.4 19.5 19.6 M.H. Krishna 1966, পৃষ্ঠা. 331-332.
- ↑ 20.0 20.1 20.2 20.3 20.4 20.5 20.6 Krishna 1937, পৃষ্ঠা. 3-4.
- ↑ 21.0 21.1 SRI CHENNAKESHAVA SWAMY TEMPLE, Hindu Religious Institutions & Charitable Endowments Department, Government of Karnataka
- ↑ M.H. Krishna 1966, পৃষ্ঠা. 332-333.
- ↑ 23.0 23.1 Narasimhacharya 1987, পৃষ্ঠা. 3-4.
- ↑ Kamath (2001), p. 183
- ↑ Narasimhacharya 1987, পৃষ্ঠা. 13-14.
- ↑ 26.0 26.1 Narasimhacharya 1987, পৃষ্ঠা. 15-16.
- ↑ Narasimhacharya 1987, পৃষ্ঠা. 16-17.
- ↑ 28.0 28.1 28.2 28.3 Narasimhacharya 1987, পৃষ্ঠা. 17-18.
- ↑ Narasimhacharya 1987, পৃষ্ঠা. 18.
- ↑ Narasimhacharya 1987, পৃষ্ঠা. 3.
- ↑ Foekema (1996), p. 48
- ↑ Narasimhacharya 1987, পৃষ্ঠা. 1-4.
- ↑ Kamath (2001), p. 136
- ↑ Quote:"The Western Chalukya carvings were done on green schist (soapstone). This technique was adopted by the Hoysalas too" Takeo Kamiya. "Architecture of the Indian subcontinent, 20 September 1996". Gerard da Cunha-Architecture Autonomous, Bardez, Goa, India. http://www.indoarch.org/। আহৰণ কৰা হৈছে: 2006-11-12.
- ↑ Quote:"The jagati serves as a pradakshina-patha or path for circumambulation, as the shrine has no such arrangement", Kamath (2001), p. 135
- ↑ Quote:"The Hoysala plan for open mantapa is almost always staggered square. This results in many projections and recesses", Foekema (1996), p. 22
- ↑ 37.0 37.1 37.2 Narasimhacharya 1987, পৃষ্ঠা. 3-6.
- ↑ 38.0 38.1 38.2 Narasimhacharya 1987, পৃষ্ঠা. 3-5.
- ↑ Krishna 1937, পৃষ্ঠা. 8-12.
- ↑ Narasimhacharya 1987, পৃষ্ঠা. 4-6.
- ↑ 41.0 41.1 41.2 Narasimhacharya 1987, পৃষ্ঠা. 6-7.
- ↑ Krishna 1931, পৃষ্ঠা. 33-42.
- ↑ Krishna 1937, পৃষ্ঠা. 8-17.
- ↑ Narasimhacharya 1987, পৃষ্ঠা. 8.
- ↑ Krishna 1937, পৃষ্ঠা. 12-17.
- ↑ Narasimhacharya 1987, পৃষ্ঠা. 8-9.
- ↑ Narasimhacharya 1987, পৃষ্ঠা. 9-10.
- ↑ 48.0 48.1 48.2 48.3 48.4 48.5 48.6 48.7 48.8 Narasimhacharya 1987, পৃষ্ঠা. 10-11.
- ↑ Krishna 1931, পৃষ্ঠা. 26-28.
- ↑ Quote:"A bay is a square or rectangular compartment in the hall", Foekema (1996), p. 93
- ↑ Krishna 1931, পৃষ্ঠা. 42-43.
- ↑ Quote:"This is a common feature of Western Chalukya-Hoysala temples", Kamath (2001), p. 117
- ↑ 53.0 53.1 Narasimhacharya 1987, পৃষ্ঠা. 11.
- ↑ Narasimhacharya 1987, পৃষ্ঠা. 11-12.
- ↑ Foekema (1996), p. 50
- ↑ Collyer, Kelleson (1990). The Hoysala Artists, Their Identity and Styles. Directorate of Archaeology and Museums. পৃষ্ঠা. 41–48, 79–82, 110–111. https://books.google.com/books?id=AnDqAAAAMAAJ.
- ↑ Collyer, K. (1986). The Identification of Artists and Styles in the Hoysaḷa Period. University of Melbourne. https://books.google.com/books?id=1RZsNQAACAAJ.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত চেন্নাকেশৱ মন্দিৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
