সমললৈ যাওক

চেন জিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চেন জিং
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা চীন
চীন প্ৰজাতন্ত্ৰ (টাইৱান)
জন্ম ২০ ছেপ্টেম্বৰ, ১৯৬৮ (৫৭ বছৰ)
উহান, চীন
শিক্ষা চাউথ চাইনা নৰ্মাল ইউনিভাৰ্চিটি
উচ্চতা ৫' ৭"
ক্ৰীড়া
ক্ৰীড়া টেবুল টেনিছ

চেন জিং (ইংৰাজী: Chen Jing; জন্ম ২০ ছেপ্টেম্বৰ ১৯৬৮) এগৰাকী অৱসৰপ্ৰাপ্ত টেবুল টেনিছ খেলুৱৈ। তেওঁ চীনৰ হৈ অলিম্পিক স্বৰ্ণ পদক আৰু পৰৱৰ্তী সময়ত চীনা টাইপেইৰ হৈ অলিম্পিক পদক লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৬৮ চনৰ ২০ ছেপ্টেম্বৰত হুবেই প্ৰদেশৰ উহানত চেন জিং জন্মগ্ৰহণ কৰিছিল। ১১ বছৰ বয়সত তেওঁ উহানৰ চিলড্ৰেনছ পেলেচে আয়োজন কৰা এটা টেবুল টেনিছ প্ৰতিযোগিতাত যুৱ শাখাৰ চেম্পিয়ন হৈছিল আৰু হুবেই প্ৰদেশৰ দলটোৰ বাবে নিৰ্বাচিত হৈছিল। ১৮ বছৰ বয়সত তেওঁ চীনৰ ৰাষ্ট্ৰীয় দলৰ বাবে নিৰ্বাচিত হয়।

পেছাদাৰী কেৰিয়াৰ

[সম্পাদনা কৰক]

তেওঁ চিউলত অনুষ্ঠিত ১৯৮৮ গ্ৰীষ্মকালীন অলিম্পিকএকক শাখাত স্বৰ্ণ পদক আৰু ডাবলছ শাখাত ৰূপৰ পদক লাভ কৰিছিল।[1][2]

১৯৯০ চনত চীনৰ ৰাষ্ট্ৰীয় দলত স্থান লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছত ১৯৯১ চনত তেওঁ টাইৱানলৈ গুচি যায়। তাত তেওঁ টাইৱানৰ ৰাষ্ট্ৰীয় টেবুল টেনিছ প্ৰতিযোগিতাত জয়লাভ কৰে আৰু টাইৱানৰ ৰাষ্ট্ৰীয় দলত যোগদান কৰে। চীনা টাইপেইৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ আটলাণ্টাত অনুষ্ঠিত ১৯৯৬ গ্ৰীষ্মকালীন অলিম্পিকত ৰূপৰ পদক লাভ কৰে,[3] যিটো আছিল টেবুল টেনিছ শিতানত টাইৱানৰ বাবে প্ৰথমটো পদক। ইয়াৰ পিছত তেওঁ চিডনীত অনুষ্ঠিত ২০০০ গ্ৰীষ্মকালীন অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৯২ চনত তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ত অধ্যয়ন আৰম্ভ কৰে। তাত তেওঁ প্ৰিন্সটন টেবুল টেনিছ দলৰ প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰাৰ লগতে ইংৰাজী ভাষাৰ শিক্ষা গ্ৰহণ কৰে। ১৯৯৬ চনৰ অলিম্পিকৰ পিছত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভৰ বাবে টাইপেই ফিজিকেল এডুকেচন কলেজলৈ উভতি আহে। ২০০৩ চনত তেওঁ ক্ৰীড়া মনোবিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভৰ বাবে চাউথ চাইনা নৰ্মাল ইউনিভাৰ্চিটিত অধ্যয়ন আৰম্ভ কৰে।[4]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "ITTF_Database". http://www.ittf.com/ittf_stats/All_events3.asp?ID=1171। আহৰণ কৰা হৈছে: 2011-11-11. 
  2. "1988 Summer Olympics – Seoul, South Korea – Tabletennis" Archived 2011-05-17 at the Wayback Machine databaseOlympics.com (Retrieved on June 7, 2008)
  3. "1996 Summer Olympics – Atlanta, United States – Table Tennis" Archived 2008-08-22 at the Wayback Machine databaseOlympics.com (Retrieved on June 7, 2008)
  4. "陈静 - 运动与休闲学系" (zh-cn ভাষাত). 华南师范大学体育科学学院. http://sport.scnu.edu.cn/team/jiaoxuekeyanrenyuan/xiuxianxi/2021/1230/144.html। আহৰণ কৰা হৈছে: 2022-03-15.