চেন ঝেয়ুয়ান
| চেন ঝেয়ুয়ান | |
|---|---|
২০২৪ চনত চেন | |
| জন্ম | ২৯ অক্টোবৰ, ১৯৯৬ (২৯ বছৰ) শ্বেনজেন, গুৱাংডং, চীন |
| শিক্ষা | শ্বেনজেন বিশ্ববিদ্যালয় |
| পেচা | অভিনেতা |
| সক্ৰিয় হৈ থকা সময় | ২০১৫–বৰ্তমান |
| উচ্চতা | ১৮০ ছেণ্টিমিটাৰ |
চেন ঝেয়ুয়ান (জন্ম: ২৯ অক্টোবৰ ১৯৯৬) এগৰাকী চীনদেশীয় অভিনেতা। তেওঁ বিশেষকৈ ২০২০ চনৰ উক্সিয়া ধাৰাবাহিক হেণ্ডছাম ছিবিলিংছ আৰু ২০২১ চনৰ যৌৱনভিত্তিক নাটক আৱাৰ ছিক্ৰেটত তেওঁৰ অভিনয়ৰ বাবে জনাজাত। ২০২৩ চনত প্ৰকাশিত জনপ্ৰিয় ধাৰাবাহিক হিডেন লাভত অভিনয় কৰাৰ পাছত তেওঁ বিশেষ খ্যাতি অৰ্জন কৰে।[1]
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]চেন ঝেয়ুয়ানে ১৯৯৬ চনৰ ২৯ অক্টোবৰত গুৱাংডং প্ৰদেশৰ শ্বেনজেনত জন্মগ্ৰহণ কৰিছিল। শ্বেনজেন বিশ্ববিদ্যালয়ৰ প্ৰদৰ্শন বিভাগৰপৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে।[2][3]
২০১৫ চনত চেনে ভেৰাইটি প্ৰগ্ৰেম কিং অৱ প'পত অংশগ্ৰহণ কৰে আৰু তাৰ পিছত ল'ৰাৰ গ্ৰুপ মিষ্টাৰ বায়'ৰ অংশ হিচাপে মনোৰঞ্জন উদ্যোগত আত্মপ্ৰকাশ কৰে।[4]
কেৰিয়াৰ
[সম্পাদনা কৰক]২০১৭–২০১৯: আৰম্ভণি
[সম্পাদনা কৰক]২০১৭ চনত চেনে Rao Xueman-ৰ উপন্যাসৰ ওপৰত আধাৰিত যৌৱন নাটক অল এবাউট ছিক্ৰেটত অভিনয় কৰি অভিনয়জীৱন আৰম্ভ কৰে।[5] ২০১৮ চনত তেওঁ কাল্পনিক নাটক দ্য লিজেণ্ড অৱ জু ২ আৰু হাস্যৰসাত্মক নাটক Hello Dear Ancestorsত মুখ্যভূমিকাত অভিনয় কৰে।[6] সেই বছৰৰেই কমেডি চলচ্চিত্ৰ মিছ পুফাৰ মাধ্যমেৰে বৃহৎ পৰ্দাত তেওঁৰ অভিষেক ঘটে।[7][8][9][10]
জনপ্ৰিয়তা
[সম্পাদনা কৰক]২০২০ চনত Handsome Siblings নাটকত অভিনয় কৰাৰ পাছত তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰে। এই নাটকখন গু লঙৰ উপন্যাস Juedai Shuangjiaoৰ ওপৰত আধাৰিত।[11] তেওঁ মুখ্য চৰিত্ৰ Xiao Yu'er ("Little Fish")ৰ ভূমিকাত অভিনয় কৰি প্ৰশংসা লাভ কৰে।[12] সেই বছৰে তেওঁ আন এখন নাটক ৰেনেচেন্স আৰু অপৰাধ-ৰহস্য নাটক ডিটেক্টিভ চাইনাটাউনতো অভিনয় কৰে। লগতে তেওঁ ঐতিহাসিক নাটক দ্য গোল্ডেন হেয়াৰপিনত য়াং জিৰ সৈতে আৰু উইনাৰ ইচ কিংত Priest-ৰ শা প' লাং উপন্যাসৰ আধাৰত Tan Jianci-ৰ সৈতে অংশগ্ৰহণ কৰে, য'ত যথাক্ৰমে Yu Xuan (সহায়ক চৰিত্ৰ) আৰু চাং গেং (মূল পুৰুষ চৰিত্ৰ)ৰ ভূমিকাত অভিনয় কৰে।[13]
২০২১ চনত চেনে মেংগ' টিভিৰ যৌৱন কেম্পাছ নাটক আৱাৰ ছিক্ৰেটত মুখ্য চৰিত্ৰ Zhou Siyue ৰূপে অভিনয় কৰে, য'ত তেওঁ Xu Mengjie-ৰ সৈতে দেখা গৈছিল।[14][15] ২০২২ চনত চেনে ৰোমাণ্টিক ফেণ্টাচী ধাৰাবাহিক Mr. Badত শ্বেন ৱূয়েৰ সৈতে অভিনয় কৰে, আৰু এই দুয়োটা কামেই তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি কৰে।[16][17]
চেনে ২০২৩ চনত ঝু য়িৰ উপন্যাসৰ আধাৰত নিৰ্মিত শ্ৰুতিমধুৰ ধাৰাবাহিক হিডেন লাভত ঝাও লুচিৰ বিপৰীতে মুখ্য ভূমিকাত অভিনয় কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উচ্চ জনপ্ৰিয়তা লাভ কৰে। এই নাটকখন নেটফ্লিক্সৰ মাধ্যমে ১৯০খন দেশে সম্প্ৰচাৰ কৰিছিল। তেওঁ অভিনীত Duan Jiaxu চৰিত্ৰটোৱে বিশেষ প্ৰশংসা লাভ কৰে।
২০২৪ চনত, iQIYI-এ একমাত্ৰভাৱে Sword and Fairy 4 মুকলি কৰে, য’ত চেনে জু জিংয়িৰ সৈতে মুখ্য চৰিত্ৰ Yun Tuanhe ৰূপে অভিনয় কৰে। এই ধাৰাবাহিকখনে প্ৰথম ছয় মাহতে ৮০০ মিলিয়ন ভিউ অতিক্ৰম কৰে। তাৰ পিছত তেওঁৰ পৰৱৰ্তী নাটক Dark Night and Dawn iQIYI আৰু CCTV-8-ত সম্প্ৰচাৰিত হয় আৰু ৩.৬৩৯৭% চূড়ান্ত টিভি ৰেটিং লাভ কৰে, লগতে বিভিন্ন প্লেটফৰ্মত ১.২৪৯ বিলিয়ন ভিউ সংগ্ৰহ কৰে। এই নাটকখনৰ এদিনত মুঠ ভিউ ১০০ মিলিয়নৰো অধিক হৈছিল।
The White Olive Tree ২০২৫ চনৰ ফেব্ৰুৱাৰীত মুকলি হোৱাৰ কথা। এই ধাৰাবাহিকত চেনে মুখ্য চৰিত্ৰ দি জান হিচাপে এখন যুদ্ধবিধ্বস্তু পূৰ্বদেশত প্ৰেৰণ কৰা বোমা-নিষ্ক্ৰিয়কৰণ বাহিনীৰ এজন সদস্যান ৰূপে অভিনয় কৰিছে। চেনে লগতে Li Qin-ৰ সৈতে Fated Hearts নামৰ নতুন নাটক এখনতো অভিনয় কৰিছে, যিখন ২০২৪ চনৰ ৬ জুলাইত Hengdian World Studios-ত শুটিং আৰম্ভ হৈছিল আৰু ২৬ অক্টোবৰত সম্পূৰ্ণ হৈছিল।
ফিল্ম'গ্ৰাফী
[সম্পাদনা কৰক]চলচ্চিত্ৰ
[সম্পাদনা কৰক]| বছৰ | নাম | চৰিত্ৰ | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০১৮ | মিছ পাফ | ৱাং হান | পাৰ্শ্ব চৰিত্ৰ | [7] |
| ২০২১ | ডিটেক্টিভ চাইনাটাউন ৩ | ন’ডা ক’জি | অতিথি শিল্পী | [18] |
টেলিভিছন / ৱেব ধাৰাবাহিক
[সম্পাদনা কৰক]| বছৰ | নাম | চৰিত্ৰ | নেটৱৰ্ক | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১৭ | অল এবাউট চিক্ৰেটছ | দুয়ান বোৱেন | iQIYI | ৱেব ধাৰাবাহিক; মুখ্য চৰিত্ৰ | [5] |
| ২০১৮ | দ্য লেজেণ্ড অৱ জু ২ | য়ু ইনকি | iQIYI, ঝেজিয়াং টিভি | মুখ্য চৰিত্ৰ | [6] |
| শ্বি ইজ বিউটিফুল | লু শিয়াওৱেই | মেংগো টিভি, শ্বেনঝেন টিভি | পাৰ্শ্ব চৰিত্ৰ | [19] | |
| হেল্ল’ ডিয়াৰ এনচেষ্টৰ | ঝেন জুন | iQIYI | ৱেব ধাৰাবাহিক; মুখ্য চৰিত্ৰ | [8] | |
| ২০২০ | ডিটেক্টিভ চাইনাটাউন | ন’ডা ক’জি | ৱেব ধাৰাবাহিক; মুখ্য চৰিত্ৰ (খণ্ড ৯-১২) | [9] | |
| হেণ্ডচাম চিবলিংছ | জিয়াং শিয়াওয়ু | iQIYI, CCTV-8, নেটফ্লিক্স | মুখ্য চৰিত্ৰ | [20] | |
| ৰেনাচেন্স | ইয়ে জুনচিং | iQIYI, মেংগো টিভি | ৱেব ধাৰাবাহিক; মুখ্য চৰিত্ৰ | [21] | |
| বাতিল | উইনাৰ ইজ কিং | চাং গেং | টেনচেণ্ট | মুক্তি স্থগিত | [22] |
| ২০২১ | টুৱেল্ভ লেজেণ্ডছ | বাই য়ুশ্বু | ইউকু | ৱেব ধাৰাবাহিক; বিশেষ ভূমিকা (খণ্ড ১-২) | [23] |
| আৱাৰ চিক্ৰেট | ঝৌ চিইয়ুয়ে | iQIYI, মেংগো টিভি | ৱেব ধাৰাবাহিক; মুখ্য চৰিত্ৰ | [24] | |
| ২০২২ | মিষ্টাৰ বেড | শিয়াও ৱুডি | iQIYI | [25] | |
| ২০২৩ | হিডেন লাভ | দুয়ান জিয়াশ্বু | ইউকু, নেটফ্লিক্স | [26] | |
| দ্য প্ৰিন্সেছ এণ্ড দ্য ৱেৰউল্ফ | কুই মুলাং / লি শিয়ং | ইউকু | [27] | ||
| ২০২৪ | স্বৰ্ড এণ্ড ফেয়াৰী ৪ | য়ুন তিয়ানহে | iQIYI | [28] | |
| ডাৰ্ক নাইট এণ্ড ডন | লিন শিয়াওবাই | iQIYI, CCTV-8 | মুখ্য চৰিত্ৰ | [29] | |
| ২০২৫ | দ্য হোৱাইট অলিভ ট্ৰী | লি জান | iQIYI | [30] | |
| ফেটেড হাৰ্টছ | ফেং চুইগে | [31] | |||
| ঘোষণা হ’ব | দ্য গোল্ডেন হেয়াৰপিন | য়ু খুয়ান | টেনচেণ্ট | পাৰ্শ্ব চৰিত্ৰ | [32] |
| চেচিং ড্ৰিমছ | টাং চিয়ানজি | মুখ্য চৰিত্ৰ | [33] | ||
| লাইট দ্য ডাৰ্ক | চেন শ্বান | iQIYI | [34] | ||
| জিয়াং শ্বান ৱেই পিন | ইয়িং গুয়া | হুনান টিভি, মেংগো টিভি | [35] |
ৰিয়েলিটী টেলিভিছন শ্ব'
[সম্পাদনা কৰক]| বছৰ | নাম | ভূমিকা | নেটৱৰ্ক | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০১৫
|
কিং অৱ পপ | প্ৰতিযোগী | iQIYI | [36] | |
| ২০১৮
|
ছুপাৰ নোভা গেমছ | টেনচেণ্ট ভিডিঅ’ | টিম গুয়াংডং | ||
| ২০২০
|
ৱাণ্ডাৰফুল লিটল ফৰেষ্ট | কাষ্ট মেম্বাৰ | মেংগো টিভি | খণ্ড ৬-১২ | |
| ছুপাৰ নোভা গেমছ ৩ | প্ৰতিযোগী | টেনচেণ্ট ভিডিঅ’ | অভিনেতাৰ দল | ||
| ২০২২
|
দ্য ফিষ্ট | সূত্ৰধাৰ (Host) | ঝেজিয়াং টেলিভিছন | ||
| দ্য ডিটেক্টিভ এডভেঞ্চাৰ চিজন ২ | অতিথি | ||||
| কিপ ৰানিং: লেটছ বিল্ড এ বেটাৰ লাইফ | |||||
| ২০২৩
|
হাহাহাহাহা চিজন ৩ | টেনচেণ্ট ভিডিঅ’ | |||
| কিপ ৰানিং চিজন ১১ | ঝেজিয়াং টেলিভিছন | ||||
| ইয়ুথ পেৰিপ্লাচ চিজন ৪ | কাষ্ট মেম্বাৰ | ||||
| ২০২৪
|
ৰেণ্ডম ট্যুৰ | মেংগো টিভি | |||
| গেম অৱ কিউবছ: দ্য নিউ ইউটোপিয়া | |||||
| গ্ৰেট এস্কেপ চিজন ৬ | |||||
| হু ইজ দ্য মাৰ্ডাৰাৰ চিজন ৯ | অতিথি | ||||
| হেল্ল’ চাটাৰ্ডে | |||||
| কিপ ৰানিং চিজন ১২ | ঝেজিয়াং টেলিভিছন | ||||
| ২০২৫
|
নেচাৰেল হাই চিজন ৩ | অতিথি | টেনচেণ্ট ভিডিঅ’ | খণ্ড ৭ | [37] |
ডিস্ক'গ্ৰাফী
[সম্পাদনা কৰক]চাউণ্ডট্ৰেকত অংশগ্ৰহণ
[সম্পাদনা কৰক]| বছৰ | ইংৰাজী নাম | চীনা নাম | এলবাম | তথ্যসূত্ৰ |
|---|---|---|---|---|
| ২০১৭ | "Secret" | 秘密 | অল এবাউট চিক্ৰেটছ OST | |
| ২০১৮ | "Fried Chicken Fried Problems" | 炸鸡炸烦恼 | দ্য লেজেণ্ড অৱ জু ২ OST | |
| "Just Like You" | 就是喜欢你 | |||
| ২০২০ | "I Don't Believe You" | 别轻易相信 | ডিটেক্টিভ চাইনাটাউন OST | |
| ২০২২ | "Be My Warrior" (শ্বেন য়ুৱেৰ সৈতে) | 做我的勇士 | মিষ্টাৰ বেড OST |
বঁটা আৰু মনোনয়ন
[সম্পাদনা কৰক]| বছৰ | বঁটা প্ৰদান অনুষ্ঠান | শ্ৰেণী | মনোনীত কাম | ফলাফল | তথ্যসূত্ৰ |
|---|---|---|---|---|---|
| ২০২০ | চীনৰ হেংডিয়ান চিনেমা আৰু টিভি ফেষ্টিভেল | ফিউচাৰ ষ্টাৰ | হেণ্ডচাম চিবলিংছ | বিজয়ী | [38] |
| ২০২২ | ৱেবো টিভি এণ্ড ইণ্টাৰনেট ভিডিঅ' ছামিট | বছৰৰ নতুন অভিনেতা | মিষ্টাৰ বেড | বিজয়ী | |
| ৱেবো নাইট অ্যাৱাৰ্ডছ | প্ৰগ্ৰেছ এক্টৰ অৱ দ্য ইয়াৰ | বিজয়ী | |||
| ২০২৩ | iQIYI স্ক্ৰীম নাইট অ্যাৱাৰ্ডছ | এছিয়া-পেচিফিক পপুলাৰ এক্টৰ অৱ দ্য ইয়াৰ | হিডেন লাভ | বিজয়ী | |
| ৱেবো নাইট অ্যাৱাৰ্ডছ | লিপ এক্টৰ অৱ দ্য ইয়াৰ | বিজয়ী | |||
| ২০২৪ | iQIYI স্ক্ৰীম নাইট অ্যাৱাৰ্ডছ | ব্ৰেকথ্ৰু এক্টৰ অৱ দ্য ইয়াৰ | ডাৰ্ক নাইট এণ্ড ডন | বিজয়ী |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "新一代男神!甜寵劇《偷偷藏不住》陳哲遠男團出道靠臉就紅、不健身維持少年感,超精壯身材照曝光!" (zh-TW ভাষাত). ELLE. July 14, 2023. https://www.elle.com/tw/beauty/health/g44533965/chen-zhe-yuan-workouts-2023/। আহৰণ কৰা হৈছে: August 2, 2023.
- ↑ HOME, CPOP (August 10, 2021). "Chen Zheyuan (陈哲远) Profile" (en-US ভাষাত). CPOP HOME. https://www.cpophome.com/chen-zheyuan-profile-1996/। আহৰণ কৰা হৈছে: July 15, 2023.
- ↑ "小鲜肉陈哲远上节目受热捧 表现抢眼" (zh ভাষাত). Sina. May 17, 2016. http://ent.sina.com.cn/s/m/2016-05-17/doc-ifxsenvm0527820.shtml.
- ↑ Master, Web (July 6, 2023). "Chen Zheyuan showbiz" (en-US ভাষাত). Showbiz Hut. https://showbizhut.com/chen-zheyuan-biography-wife-gf/। আহৰণ কৰা হৈছে: July 15, 2023.
- 1 2 "All About Secrets drama info". MyDramaList. https://mydramalist.com/22613-all-about-secrets। আহৰণ কৰা হৈছে: July 15, 2023.[সংযোগবিহীন উৎস]
- 1 2 "The Legend of Zu 2 Cast & Info". MyDramaList. https://mydramalist.com/22645-the-legend-of-zu-2। আহৰণ কৰা হৈছে: July 15, 2023.[সংযোগবিহীন উৎস]
- 1 2 "Miss Puff (2018) film details". MyDramaList. https://mydramalist.com/27235-miss-puff। আহৰণ কৰা হৈছে: July 15, 2023.[সংযোগবিহীন উৎস]
- 1 2 "Hello Dear Ancestors drama info". MyDramaList. https://mydramalist.com/30094-hello-dear-ancestors। আহৰণ কৰা হৈছে: July 15, 2023.[সংযোগবিহীন উৎস]
- 1 2 "Hello Dear Ancestors (Cast & Details)". Viki. https://www.viki.com/tv/36506c-hello-dear-ancestors। আহৰণ কৰা হৈছে: July 15, 2023.[সংযোগবিহীন উৎস]
- ↑ "Chen Zhe Yuan Profile and Facts (Updated! )" (en-US ভাষাত). Kpop Profiles. November 16, 2021. https://kprofiles.com/chen-zhe-yuan-profile-and-facts/। আহৰণ কৰা হৈছে: July 15, 2023.
- ↑ "Chen Zhe Yuan". www.gdatamart.com. https://www.gdatamart.com/50986/Chen-Zhe-Yuan-Bio-Profile-Education-Career-Girlfriend-Family-Awards। আহৰণ কৰা হৈছে: July 15, 2023.
- ↑ "《绝代双骄》圆满收官 陈哲远灵动演绎武侠经典" (zh ভাষাত). Netease. February 17, 2020. http://ent.163.com/20/0217/14/F5JHB51S00038793.html.
- ↑ "Winner Is King drama information". MyDramaList. https://mydramalist.com/59205-winner-is-king। আহৰণ কৰা হৈছে: July 15, 2023.[সংযোগবিহীন উৎস]
- ↑ Beijing News (August 9, 2021). "陈哲远徐梦洁《暗格里的秘 密》定档8月10日 [Chen Zheyuan and Xu Mengjie's Secrets in the Lattice will be released on August 10]" (zh ভাষাত). NetEase. https://3g.163.com/dy/article/GGV2NLO10512D3VJ.html?spss=adap_pc। আহৰণ কৰা হৈছে: August 9, 2021.
- ↑ 车影故事 (August 29, 2021). "经典校园言情小说改编,陈哲远徐梦洁出演,双向暗恋的故事 [Adapted from a classic campus romance novel, starring Chen Zheyuan and Xu Mengjie, a two-way secret love story]" (zh ভাষাত). News Baidu. https://baijiahao.baidu.com/s?id=1709416126134830186&wfr=spider&for=pc&sa=vs_ob_realtime। আহৰণ কৰা হৈছে: August 29, 2021.
- ↑ "《偷偷藏不住》6大看點!趙露思暗戀陳哲遠7年,「乖戾少女vs鄰家暖男」校園純愛修成正果" (zh-TW ভাষাত). Harper's BAZAAR. June 19, 2023. https://www.harpersbazaar.com/tw/culture/drama/g44252030/hidden-love/। আহৰণ কৰা হৈছে: August 2, 2023.
- ↑ "《偷偷藏不住》熱度破歷史紀錄!趙露思純愛戰神治癒陳哲遠,獲封暗戀BE教科書" (zh-TW ভাষাত). Marie Claire 美麗佳人. June 26, 2023. https://www.marieclaire.com.tw/entertainment/tvshow/73320। আহৰণ কৰা হৈছে: August 2, 2023.
- ↑ "《唐人街探案3》主创大团圆 王宝强刘昊然肖央 "神合影"" (zh ভাষাত). Xinhua. January 15, 2020. Archived from the original on August 30, 2021. https://web.archive.org/web/20210830021935/http://www.xinhuanet.com/ent/2020-01/15/c_1125464797.htm। আহৰণ কৰা হৈছে: April 18, 2026.
- ↑ "《她很漂亮》首曝主演 张歆艺牵手郭京飞" (zh ভাষাত). Netease. June 1, 2016. http://ent.163.com/16/0601/12/BOFMU5P000034VDC.html.
- ↑ "胡一天陈哲远的新版《绝代双骄》定档 将在央视播" (zh ভাষাত). Netease. January 9, 2020. http://ent.163.com/20/0109/18/F2FGKAEN00038FO9.html.
- ↑ "陈哲远挑大梁演绎战神 《凤唳九天》角色各异精彩纷呈" (zh ভাষাত). Netease. October 10, 2018. http://ent.163.com/18/1010/14/DTOUE51R00038793.html.
- ↑ "《杀破狼》官宣阵容 檀健次陈哲远演绎侠义少年" (zh ভাষাত). Ynet. July 2, 2020. Archived from the original on July 3, 2020. https://web.archive.org/web/20200703022205/http://ent.ynet.com/2020/07/02/2700598t1254.html। আহৰণ কৰা হৈছে: April 18, 2026.
- ↑ "单元剧《十二谭》即将上线,古力娜扎陈哲远上演凄美绝恋" (zh ভাষাত). Yule. April 2, 2020. Archived from the original on 2021-08-30. https://web.archive.org/web/20210830021936/http://www.yulefm.com/news/2020-04-02/233656.html। আহৰণ কৰা হৈছে: 2026-04-18.
- ↑ "陈哲远徐梦洁《暗格里的秘密》定档8月10日" (zh ভাষাত). August 9, 2021. https://3g.163.com/dy/article/GGV2NLO10512D3VJ.html?spss=adap_pc.
- ↑ (en ভাষাত) Mr. BAD– Download APP to Enjoy Now!, September 30, 2022, https://www.iq.com/album/11co6fpv46d?lang=en_us
- ↑ "趙露思《偷偷藏不住》10大亮點" (zh-TW ভাষাত). ELLE. June 27, 2023. https://www.elle.com/tw/entertainment/drama/g44293438/crush/.
- ↑ "The Princess and the Werewolf Sets Premiere" (en ভাষাত). DramaPanda. July 16, 2023. https://dramapanda.com/2023/07/the-princess-and-the-werewolf-featuring-wu-xuanyi-and-chen-zheyuan-in-a-love-triangle-sets-premiere.html.
- ↑ "Sword and Fairy 4 Trailer". YouTube. January 17, 2024. https://www.youtube.com/watch?v=WXJu1aho5oI.
- ↑ "Chen Zheyuan Attempts a Very Different Role in "Dark Night and Dawn"" (en ভাষাত). DramaPanda. July 12, 2023. https://dramapanda.com/2023/07/chen-zheyuan-attempts-a-very-different-role-in-dark-night-and-dawn.html.
- ↑ "陈哲远、梁洁主演《白色橄榄树》定档" (zh ভাষাত). 极目新闻. January 27, 2025. https://www.ctdsb.net/c1742_202501/2362038.html.
- ↑ "《一笑随歌》杀青" (zh ভাষাত). Tencent QQ. October 28, 2024. https://news.qq.com/rain/a/20241028A03KZ300.
- ↑ "杨紫又一部新剧《青簪行》" (zh ভাষাত). Sina News. January 18, 2025. https://k.sina.cn/article_7931690445_1d8c3fdcd00101omkk.html?from=ent&subch=tv.
- ↑ "陈哲远新剧《梦花廷》" (zh ভাষাত). Tencent QQ. November 19, 2025. https://news.qq.com/rain/a/20251119A04FT700.
- ↑ "蒋欣、陈哲远新剧《把黑夜点燃》" (zh ভাষাত). NetEase. June 17, 2025. https://m.163.com/dy/article/K29HGQGA0537AYPP.html.
- ↑ "吴谨言陈哲远领衔神仙阵容!" (zh ভাষাত). 360 Entertainment. December 21, 2025. https://yule.360.com/detail/4757447.
- ↑ "《流行之王》收官 吴奇隆祝福MR.BIO男团成立" (zh ভাষাত). Netease. January 9, 2015. http://ent.163.com/15/1109/13/B800PPIJ000333J5.html.
- ↑ "全员颜值开挂!《现在就出发》最新路透" (en ভাষাত). m.sohu.com. https://m.sohu.com/a/959460933_121738121। আহৰণ কৰা হৈছে: 2025-11-28.
- ↑ "第五届"文荣奖"揭晓" (zh ভাষাত). Beijing News. October 22, 2020. http://www.bjnews.com.cn/ent/2018/10/22/513026.html.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- চেন ঝেয়ুয়ান সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰাম