সমললৈ যাওক

চেলাৰ্ডি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চেলাৰ্ডি বা চিয়েলাৰ্ডি বা সম্ভৱতঃ মেলাৰ্ডি, উৰাৰ্টুৰ চন্দ্ৰ দেৱতা। এই দেৱতাক নাৰী বুলি সাধাৰণতে বিশ্বাস কৰা হৈছিল যদিও শেহতীয়াকৈ সমসাময়িক কিছুমান পণ্ডিতে এই বিশ্বাসৰ সৈতে একমত নহয়।[1]

চেলাৰ্ডি বেবিলনৰ চন্দ্ৰ দেৱতা “চিন’’ৰ (Sin (mythology)) প্ৰতিৰূপ বুলি বিশ্বাস কৰা হৈছিল। নিকোলাছ এডণ্টজে তত্ত্ব আগবঢ়ায় যে "চিয়েলাৰ্ডি" নামটো "চিয়েলা"ৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে "মহিলা" বা "ভগ্নী" আৰু "আৰ্ডি" শব্দৰ অৰ্থ হৈছে, আৰ্মেনিয়ান ভাষাত "সূৰ্য্য দেৱতা।" তেওঁ কয় যে, প্ৰাচীন পূবত চন্দ্ৰক তেওঁৰ পত্নী নহয়, সূৰ্য্যৰ ভগ্নী বুলি গণ্য কৰা হৈছিল।

আন আন পণ্ডিতসকলে এই দেৱতা পুৰুষ আছিল বুলি যুক্তি আগবঢ়ায় আৰু তেওঁৰ নাম মেলাৰ্ডি বুলি পঢ়িব লাগে বুলি বিশ্বাস কৰে। ইয়াক উৰাৰ্টুৰ ৰাজকুমাৰ প্ৰথম ৰুছাৰ পুত্ৰ মেলাৰ্টুয়াৰ নামৰ সৈতে তুলনা কৰা হৈছে। ইয়াৰ সৈতে সম্ভৱতঃ "মেঘাৰ্ড" (մեղարդ, অৰ্থাৎ "চন্দ্ৰ") শব্দটোৰ সম্পৰ্ক আছে, যিটো ইয়েৰেমিয়া মেঘ্ৰেট্চিৰ মধ্যযুগীয় আৰ্মেনিয়ান অভিধানত উল্লেখ কৰা হৈছে।[2]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  • Chahin, M. (1987) The Kingdom of Armenia, Dorset Press, আই.এচ.বি.এন. 0-88029-609-7
  1. Yervand Grekyan. "Urartian State Mythology". Yerevan Institute of Archaeology and Ethnography Press. 2018. p. 34. https://www.researchgate.net/publication/351107801_Biaynili-Owrartu_Astvacner_tacarner_pastamunk_BIAINILI-URARTU_GODS_TEMPLES_CULTS
  2. Yervand Grekyan. "Urartian State Mythology". Yerevan Institute of Archaeology and Ethnography Press. 2018. p. 34. https://www.researchgate.net/publication/351107801_Biaynili-Owrartu_Astvacner_tacarner_pastamunk_BIAINILI-URARTU_GODS_TEMPLES_CULTS