সমললৈ যাওক

চেলিনা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চেলিনা

১৯৯৪ চনত চেলিনা
জন্ম চেলিনা কুইণ্টানিলা
১৬ এপ্ৰিল, ১৯৭১
লেক জেকচন, টেক্সাছ, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ৩১ মাৰ্চ, ১৯৯৫ (২৩ বছৰ)
কৰ্পাছ ক্ৰীষ্টি, টেক্সাছ, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যুৰ কাৰণ গুলীচালনাৰ ফলত হোৱা আঘাত
স্মৃতিচিহ্ন মিৰাডৰ ডি লা ফ্ল’ৰ
অন্য নাম চেলিনা কুইণ্টানিলা-পেৰেজ
শিক্ষানুষ্ঠান কেলিফৰ্ণিয়া মিৰামাৰ ইউনিভাৰ্ছিটি
পেচা গায়িকা, গীতিকাৰ, ফেশ্বন ডিজাইনাৰ, নৃত্যশিল্পী, মডেল, উদ্যমী
সক্ৰিয় হৈ থকা সময় ১৯৮১–১৯৯৫
দাম্পত্যসঙ্গী ক্ৰীছ পেৰেজ (বিবাহ ১৯৯২)
পিতৃ-মাতৃ মাৰ্চেলা অফেলিয়া চামোৰা, আব্ৰাহাম আইজাক কুইণ্টানিলা জুনিয়ৰ
আত্মীয়-স্বজন এ.বি. কুইণ্টানিলা (ভাতৃ), চুজ্যেট কুইণ্টানিলা (ভনী)
বঁটা, সন্মান, পুৰস্কাৰ আদি চেলিনাই লাভ কৰা বঁটা আৰু মনোনয়নৰ সম্পূৰ্ণ তালিকা
'সঙ্গীত যাত্ৰা'
সংগীতৰ ধৰণ টেহানো, টেক্স-মেক্স কুম্বিয়া, লেটিন পপ
লেবেল কিউ-প্ৰডাকচনছ, কেপিটল লেটিন, ইএমআই, ইউনিভাৰ্চেল মিউজিক লেটিন, এছবিকে ৰেকৰ্ডছ
পূৰ্বে চেলিনা ই লছ ডিনোছ
ৱেবছাইট
q-productions.com

চেলিনা কুইণ্টানিলা-পেৰেজ (ইংৰাজী: Selena Quintanilla-Pérez) এগাৰাকী আমেৰিকান গায়িকা আৰু গীতিকাৰ আছিল। "টেহানো সংগীতৰ ৰাণী" হিচাপে পৰিচিত চেলিনা জনপ্ৰিয় সংগীত আৰু ফেশ্বন জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে বিংশ শতিকাৰ শেষৰফালৰ অন্যতম জনপ্ৰিয় মেক্সিকান-আমেৰিকান শিল্পী হিচাপে পৰিগণিত হয়।[1] সাজ-পাৰৰ বাবে সংবাদ মাধ্যমে তেওঁক "টেহানো মেডোনা" বুলিও মাতিছিল। তেওঁক সৰ্বকালৰ আটাইতকৈ প্ৰভাৱশালী লেটিন শিল্পীসকলৰ ভিতৰত গণ্য কৰা হয় আৰু টেহানো সংগীতক মূলসুঁতিৰ বজাৰত জনপ্ৰিয় কৰি তোলাৰ কৃতিত্ব তেওঁক দিয়া হয়।[2][3]

কুইণ্টানিলা পৰিয়ালৰ কনিষ্ঠ সন্তান চেলিনাই তেওঁৰ জ্যেষ্ঠ ভাতৃ এ.বি. কুইণ্টানিলা আৰু ভনী চুজ্যেট কুইণ্টানিলাৰ সৈতে 'চেলিনা ই লছ ডিনোছ' নামৰ বেণ্ডটোৰ সদস্য হিচাপে সংগীত জগতত প্ৰৱেশ কৰিছিল। ১৯৮০-ৰ দশকত পুৰুষপ্ৰধান টেহানো সংগীত পৰিৱেশন কৰাৰ বাবে টেক্সাছৰ বিভিন্ন স্থানত তেওঁক প্ৰায়ে সমালোচনা কৰা হৈছিল। অৱশ্যে ১৯৮৭ চনত তেওঁ 'বৰ্ষশ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী'ৰ টেহানো মিউজিক এৱাৰ্ড লাভ কৰাৰ পাছত তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি পায় আৰু এই বঁটা তেওঁ একেৰাহে নবাৰ লাভ কৰে।

চেলিনাই ১৯৯২ চনত 'এণ্ট্ৰে এ মি মুণ্ডো' মুক্তি দিয়ে, যিটো বিলবোৰ্ডৰ আঞ্চলিক মেক্সিকান এলবাম চাৰ্টত একেৰাহে আঠ মাহ ধৰি প্ৰথম স্থানত আছিল। ইয়াৰ অন্যতম জনপ্ৰিয় গীত আছিল "কোমো লা ফ্ল’ৰ।" ১৯৯৩ চনত মুক্তি পোৱা 'লাইভ! ' এলবামটোৱে ১৯৯৪ চনত গ্ৰেমী বঁটা লাভ কৰে আৰু এই সন্মান লাভ কৰা তেওঁ প্ৰথমগৰাকী টেহানো শিল্পী হিচাপে পৰিগণিত হয়। ১৯৯৪ চনত তেওঁ 'আমোৰ প্ৰহিবিদো' মুক্তি দিয়ে, যি আমেৰিকা যুক্তৰাষ্ট্ৰৰ অন্যতম সৰ্বাধিক বিক্ৰী হোৱা লেটিন এলবাম হিচাপে পৰিগণিত হয়।

১৯৯৫ চনৰ ৩১ মাৰ্চত চেলিনাৰ বন্ধু তথা তেওঁৰ বুটিকৰ প্ৰাক্তন পৰিচালক য়োলেণ্ডা ছালডিভাৰে তেওঁক গুলীয়াই হত্যা কৰে।[4] ছালডিভাৰক হত্যাৰ অপৰাধত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। চেলিনাৰ মৃত্যুৰ দুসপ্তাহ পিছত টেক্সাছৰ গভৰ্ণৰ জৰ্জ ডব্লিউ বুশ্বে ১৬ এপ্ৰিল তাৰিখটো টেক্সাছত "চেলিনা দিৱস" হিচাপে ঘোষণা কৰে। ১৯৯৫ চনত মৰণোত্তৰভাৱে মুক্তি পোৱা তেওঁৰ ইংৰাজী এলবাম 'ড্ৰিমিং অৱ ইউ' বিলবোৰ্ড ২০০ চাৰ্টৰ শীৰ্ষ স্থানত আছিল। ১৯৯৭ চনত ৱাৰ্নাৰ ব্ৰাদাৰ্ছে তেওঁৰ জীৱনৰ ওপৰত নিৰ্মিত 'চেলিনা' বোলছবিখন মুক্তি দিয়ে, য’ত জেনিফাৰ লোপেজে অভিনয় কৰিছিল। চেলিনাই বিশ্বজুৰি প্ৰায় ১৮ নিযুত ৰেকৰ্ড বিক্ৰী কৰিছে।

শিল্পশৈলী

[সম্পাদনা কৰক]

চেলিনাৰ কণ্ঠৰ পৰিসৰ আছিল চ’প্ৰানোপ্ৰকাৰৰ। জীৱিতকালত তেওঁ গ্ল’ৰিয়া এষ্টেফানৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধা ব্যক্ত কৰিছিল। চেলিনাৰ ওপৰত প্ৰভাৱ পেলোৱা আন শিল্পীসকল হ'ল— মেডোনা, ৰোচিঅ’ ডুৰকাল,[5] পউলা আব্দুল,[6] মাইকেল জেকচন, জেনেট জেকচন, মাৰায়া কেৰী আৰু হুইটনী হিউষ্টন। ইয়াৰ উপৰি এচি/ডিচি আৰু কিছৰ দৰে ৰক বেণ্ডৰদ্বাৰাও তেওঁ প্ৰভাবিত হৈছিল।

১৯৯৫ চনত বিলবোৰ্ড আলোচনীক দিয়া এটা সাক্ষাৎকাৰত বেহাৰে কৈছিল যে চেলিনাৰ শৈলী আৰু কণ্ঠ আছিল জেনেট জেকচন আৰু হুইটনী হিউষ্টনৰ এক মিশ্ৰণ।[7] তেওঁ টেহানো সংগীতৰ সৈতে আৰ এণ্ড বি, লেটিন পপ, টেকন’পপ, কাণ্ট্ৰী এণ্ড ৱেষ্টাৰ্ণ আৰু ডিছক’ সংগীতক একত্ৰিত কৰিছিল। ডালাছ মৰ্ণিং নিউজৰ মাৰিঅ’ তাৰাডেলৰ মতে, চেলিনাই টেহানো ছন্দৰ সৈতে আৰ এণ্ড বি, ছ’ল, ৰেগেই আৰু ফাংক সংগীতক অতি সুন্দৰভাৱে মিহলি কৰিছিল। চেলিনাৰ গীতসমূহে প্ৰেম, বেদনা আৰু শক্তি প্ৰকাশ কৰিছিল।

তেওঁ কেইবাটাও নাৰী সবলীকৰণ বিষয়ক গীত যেনে— "ছি লা কুইৰেছ", "কুৱে ক্ৰিয়াছ?", "য়া ভেছ" আৰু "য়া নো" ৰেকৰ্ড কৰিছিল। দ্য নিউয়ৰ্ক টাইমছৰ পিটাৰ ৱাট্ৰাউছে চেলিনাৰ কণ্ঠৰ প্ৰশংসা কৰি ইয়াক এক নিৰ্ভেজাল আৱেগ বুলি বৰ্ণনা কৰিছিল।[8] নিউচউইক আলোচনীয় চেলিনাৰ ইংৰাজী ৰেকৰ্ডিংসমূহক আৰবান পপ আৰু লেটিন উষ্মতাৰ মিশ্ৰণ বুলি অভিহিত কৰিছিল।[9]

জনহিতকৰ কাম

[সম্পাদনা কৰক]

শৈশৱতে চেলিনাই 'টয়েজ ফৰ টট্ছ'ৰ দৰে সংস্থাক সহায় কৰিছিল। তেওঁ আমেৰিকাৰ লেটিনো সমাজত সক্ৰিয় আছিল আৰু শিক্ষাৰ গুৰুত্বৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক শিক্ষিত কৰিছিল। অষ্টিিনৰ এখন বিদ্যালয়ত তেওঁ প্ৰায় দুশগৰাকী ছাত্ৰ-ছাত্ৰীক ইতিবাচক দৃষ্টিভংগীৰ বিষয়ে জ্ঞান দিছিল। চেলিনাই শিশুবোৰক মদ্যপান আৰু ড্ৰাগছৰপৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল। তেওঁ ৱাশ্বিংটন ডি.চি.-ত 'কংগ্ৰেছনেল হিষ্টেনিক ককাছ'ৰ উদ্‌যাপনৰ বাবে অনুষ্ঠান পৰিৱেশন কৰিছিল। হাৰিকেন এণ্ড্ৰিউৰ পিছত তেওঁ সাহায্য কনচাৰ্ট কৰি ভুক্তভোগীসকলক সহায় কৰিছিল।

১৯৯৪ চনৰ আগষ্টত চেলিনাই দাতব্য সংস্থাৰ বাবে ধন সংগ্ৰহ কৰিবলৈ এখন ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। তেওঁ 'ডেয়াৰ' দৰে নাগৰিক সংস্থাক সময় দিছিল আৰু এইডছ ৰোগীসকলক সহায় কৰিবলৈ পৰিকল্পনা কৰিছিল। তেওঁৰ শিক্ষা সম্পৰ্কীয় ভিডিঅ'সমূহৰ ভিতৰত "মাই মিউজিক" অন্যতম আছিল। ১৯৯৫ চনৰ জানুৱাৰীত তেওঁ ছান এণ্টনিঅ'ত 'টিচ দা চিলড্ৰেন' উৎসৱৰ নেতৃত্ব দিছিল যিয়ে দুখীয়া শিশুক বিদ্যালয়ৰ সামগ্ৰী যোগান ধৰিছিল। চেলিনাই নিৰ্যাতিত মহিলাসকলৰ বাবেও এগৰাকী মুখপাত্ৰ হিচাপে কাম কৰিছিল।

উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

লেটিন সংগীত আৰু ইয়াৰ উপ-শৈলীসমূহ পুনৰ সংজ্ঞায়িত কৰাৰ কৃতিত্ব চেলিনাক দিয়া হয়। তেওঁক বিংশ শতিকাৰ শেষৰফালৰ অন্যতম গুৰুত্বপূৰ্ণ মেক্সিকান-আমেৰিকান গায়িকা হিচাপে গণ্য কৰা হয়। চেলিনাক "টেহানো সংগীতৰ ৰাণী" বুলি কোৱা হয় আৰু তেওঁ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয় টেহানো তাৰকা আছিল। তেওঁৰ মৃত্যু আছিল টেহানো সংগীতৰ ইতিহাসত আটাইতকৈ শোকাৱহ ক্ষতি।

চেলিনাৰ মৃত্যুৰ পাছত তেওঁ আমেৰিকান পপ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছিল। আমেৰিকান সংস্কৃতিত মেৰিলিন মনৰো বা মেডোনাৰ যি স্থান, হিষ্টেনিক সমাজত চেলিনাৰ স্থান ঠিক তেনেকুৱাই আছিল। তেওঁৰ মৃত্যুৰ পাছত টেহানো সংগীতৰ জনপ্ৰিয়তা কমি আহে। চেলিনাৰ ইংৰাজী এলবাম 'ড্ৰিমিং অৱ ইউ' ১৯৯৫ চনৰ জুলাইত মুক্তি দিয়া হয় আৰু ই মুক্তিৰ প্ৰথমদিনাই আমেৰিকাত এক অভিলেখ সৃষ্টি কৰিছিল। চেলিনা আছিল প্ৰথমগৰাকী হিষ্টেনিক শিল্পী যাৰ এলবামে বিলবোৰ্ড ২০০ চাৰ্টৰ শীৰ্ষ স্থান লাভ কৰিছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Selena's enduring legacy as a music icon is evident in her posthumous Medal of Arts". NBC News. October 22, 2024. https://www.nbcnews.com.
  2. Flores, Daniel (March 28, 2015). "Selena's Legacy: Queen of Tejano still reigns". Valley Star News. Archived from the original on February 16, 2007. http://webarchive.loc.gov/all/20070216231002/http://www.valleymorningstar.com/.
  3. "The 30 Most Influential Latin Artists of All-Time". Billboard. http://www.billboard.com আহৰণ কৰা হৈছে: April 29, 2015.
  4. "Selena's killer, Yolanda Saldívar, speaks out in Oxygen series about the murder case". KHOU. February 6, 2024. https://www.khou.com.
  5. Shawn Stockman's On That Note (2025-07-02). Keeping Selena Alive | Suzette Quintanilla Opens Up On Selena's Tragic Passing, Legacy, & Upbringing. Retrieved 2025-11-27 via YouTube.
  6. Balzano, Cata (April 16, 2021). "On What Would Have Been Selena Quintanilla's 50th Birthday, How the Late Tejano Star Still Influences Today". Variety. https://variety.com আহৰণ কৰা হৈছে: August 27, 2024.
  7. Burr, Ramiro (April 15, 1995). "EMI Set Honors Selena's Memory". Billboard খণ্ড 107 (15). https://books.google.com আহৰণ কৰা হৈছে: February 2, 2015.
  8. Watrous, Peter (July 30, 1995). "Recordings View; ; Inklings of What Might Have Been". The New York Times. https://www.nytimes.com.
  9. "Selena's Posthumous Triumph". Newsweek. July 31, 1995. http://www.newsweek.com আহৰণ কৰা হৈছে: February 28, 2015.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]