চেলিনা জেটলী
| চেলিনা জেটলী | |
|---|---|
২০১৪ চনত জেটলী | |
| জন্ম | ২৪ নৱেম্বৰ, ১৯৮১ (৪৪ বছৰ) চিমলা, হিমাচল প্ৰদেশ, ভাৰত |
| শিক্ষানুষ্ঠান | ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় |
| পেচা | অভিনেত্ৰী, মডেল |
| দাম্পত্যসঙ্গী | পিটাৰ হাগ (বি. ২০১১) |
| সন্তান | ৪ (১ গৰাকী মৃত) |
| 'Beauty pageant titleholder' | |
| Title | ফেমিনা মিছ ইণ্ডিয়া ২০০১ |
| Years active | ২০০১–২০২০ |
| Major competition(s) |
ফেমিনা মিছ ইণ্ডিয়া ২০০১ (বিজেতা) মিছ ইউনিভাৰ্চ ২০০১ (চতুৰ্থ ৰানাৰ্ছ আপ) |
চেলিনা জেটলী[1] (জন্ম: ২৪ নৱেম্বৰ ১৯৮১)[2][3] এগৰাকী ভাৰতীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত কাম কৰিছিল। তেওঁ ২০০১ চনত ফেমিনা মিছ ইণ্ডিয়া খিতাপ জয় কৰিছিল আৰু ২০০১ চনৰ মিছ ইউনিভাৰ্চ প্ৰতিযোগিতাত চতুৰ্থ ৰানাৰ্ছ আপ হৈছিল।[4] তেওঁ ২০০৩ চনৰ থ্ৰিলাৰ ছবি জানচিনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল।[5] তেওঁৰ উল্লেখযোগ্য চৰিত্ৰসমূহৰ ভিতৰত আছে নো এণ্ট্ৰী (২০০৫), আপনা চপনা মানি মানি (২০০৬), গোলমাল ৰিটাৰ্ণছ (২০০৮), আৰু থ্যাংক ইউ (২০১১), যাৰ ভিতৰত প্ৰথম তিনিখন ছবি বক্স অফিচত সফল আছিল।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]জেটলীৰ জন্ম ভাৰতৰ হিমাচল প্ৰদেশৰ চিমলাত হৈছিল।[6][7] তেওঁৰ পিতৃ কৰ্ণেল বিক্ৰম কুমাৰ জেটলী এজন পঞ্জাবী হিন্দু আছিল আৰু মাতৃ মিতা ফ্ৰাংকলি এ এগৰাকী খ্ৰীষ্টান ধৰ্মাৱলম্বী মহিলা আছিল, যি মনোবিজ্ঞান আৰু সাহিত্যৰ অধ্যাপিকা আছিল।[8] তেওঁৰ ককাক (মাতৃৰফালৰ) কৰ্ণেল এৰিক ফ্ৰাংকলিচে ভাৰতীয় সেনাবাহিনীৰ ৰাজপুতানা ৰাইফলছত সেৱা আগবঢ়াইছিল।[9][10] তেওঁৰ আইতাক (মাতৃৰফালৰ) উষা এটা পঞ্জাবী খ্ৰীষ্টান পৰিয়ালৰ আছিল আৰু তেওঁৰ আফগান হিন্দু আইতাকৰ জৰিয়তে তেওঁ এগৰাকী দ্বিতীয় প্ৰজন্মৰ আফগান-ভাৰতীয় আছিল।[6][11][12][13]
ডাঙৰ হৈ তেওঁ নিজৰ পিতৃৰ দৰেই পাইলট অথবা চিকিৎসক হিচাপে সেনাবাহিনীত যোগদান কৰিব বিচাৰিছিল।[14] তেওঁৰ শৈশৱৰ বেছিভাগ সময় ভাৰতৰ বিভিন্ন ঠাইত অতিবাহিত হৈছিল কিয়নো তেওঁৰ পিতৃৰ ভাৰতৰ বিভিন্ন চহৰ আৰু নগৰলৈ বদলি হৈছিল—যাৰ ফলত তেওঁ এক ডজনতকৈও অধিক বিভিন্ন স্কুলত পঢ়িবলগীয়া হৈছিল।[14] পৰিয়ালটো বিভিন্ন চহৰত থকাৰ সময়ত তেওঁ লক্ষ্ণৌৰ চিটি মণ্টেছৰী স্কুল (ষ্টেচন ৰোড) আৰু ৰাণীকেন্তৰ কেন’ছা কনভেণ্ট স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। ওড়িশাৰ ব্ৰহ্মপুৰত থকাৰ সময়ত তেওঁ ইগনুৰ অধীনৰ খাল্লিকোট কলেজ অধ্যয়ন কেন্দ্ৰৰপৰা একাউণ্টেন্সী (সন্মানীয়) সহ বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[15] তেওঁৰ মাতৃয়ে তাত থকা ডি পল স্কুলত শিক্ষকতা কৰিছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত জেটলীয়ে পশ্চিমবংগৰ কলকাতাত এটা চেল ফোন কোম্পানীত কিছুদিনৰ বাবে মাৰ্কেটিং এক্সিকিউটিভ হিচাপে কাম কৰিছিল। পৰিয়ালটো বৰ্তমান মহৌ চহৰত স্থায়ীভাৱে বসবাস কৰিছে।[16]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]চেলিনা জেটলী অষ্ট্ৰিয়াৰ উদ্যমী আৰু হোটেল ব্যৱসায়ী পিটাৰ হাগৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০১২ চনৰ মাৰ্চ মাহত তেওঁলোক যমজ পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হয়।[17] ২০১৭ চনত জেটলীয়ে দ্বিতীয়বাৰৰ বাবে যমজ পুত্ৰ সন্তান জন্ম দিয়ে, যাৰ ভিতৰত এজনৰ হৃদযন্ত্ৰৰ বিসংগতিৰ বাবে মৃত্যু হয়।[18]
২০২৪ চনৰ ছেপ্টেম্বৰ মাহত জেটলীৰ ভাতৃ তথা ভাৰতীয় সেনাবাহিনীৰ এজন অৱসৰপ্ৰাপ্ত বিষয়া মেজৰ (অৱসৰপ্ৰাপ্ত) বিক্ৰান্ত জেটলী ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত এক অভিযোগত সংযুক্ত আৰৱ আমিৰশ্বাহীত বন্দী হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত জেটলীয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপে আৰু ইয়াৰ ফলস্বৰূপে ২০২৫ চনৰ নৱেম্বৰ মাহত ন্যায়ালয়ে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ক জেটলীৰ ভাতৃক আইনী সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিয়ে।[19][20][21]
২০২৫ চনৰ নৱেম্বৰ মাহত জেটলীয়ে স্বামীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰি মুম্বাইৰ এখন আদালতত ঘৰুৱা হিংসা আইনৰ অধীনত গোচৰ ৰুজু কৰে।[22] জেটলীয়ে ৫০ কোটি টকাৰ ক্ষতিপূৰণ, সন্তানৰ ভৰণ-পোষণ আৰু জিম্মাৰ বাবে মাহে ১০ লাখ টকাৰ দাবী উত্থাপন কৰা বুলি জানিব পৰা গৈছে।[23] দাবী কৰা এই ক্ষতিপূৰণ তেওঁৰ উপাৰ্জনৰ হানি, সম্পত্তিৰ ক্ষতি আৰু আৱেগিক, শাৰীৰিক, যৌন তথা মৌখিক নিৰ্যাতনৰ প্ৰভাৱৰ বাবে বিচৰা হৈছে বুলি অভিযোগত উল্লেখ কৰা হৈছে।[24]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Webonautics. "Celina Jaitly (Actress) – Official website – celinajaitlyofficial.com". celinajaitlyofficial.com. Archived from the original on 29 June 2019. https://web.archive.org/web/20190629051004/https://www.celinajaitlyofficial.com/। আহৰণ কৰা হৈছে: 23 July 2012.
- ↑ "I am unlucky in love: Celina". The Hindu (Chennai, India). 25 November 2008. http://www.hindu.com/thehindu/holnus/009200811251560.htm.
- ↑ Gavin Rasquinha, Reagan (19 November 2006). "On your guard". The Times of India. http://timesofindia.indiatimes.com/City_Supplements/Lucknow_Times/On_your_guard/articleshow/481635.cms.
- ↑ "Miss Universe Pageant Palace – Where the Miss Universe Really Reigns!". missuniversepageantpalace.50megs.com. http://missuniversepageantpalace.50megs.com/coverage_2001.html। আহৰণ কৰা হৈছে: 1 October 2017.
- ↑ "Celina Jaitley Movies and Shows - Apple TV" (en-US ভাষাত). Apple TV. https://tv.apple.com/us/person/celina-jaitley/umc.cpc.588drtattfk5hx744qo9c9owz। আহৰণ কৰা হৈছে: 2025-11-08.
- 1 2 Jaitly, Celina [@CelinaJaitly] (4 November 2009). "x I was not born in kabul .. i was born in shimla .. mum is afghan though .. 3 rd gen indian-afghan :)". https://twitter.com/CelinaJaitly/status/5426688357। আহৰণ কৰা হৈছে: February 29, 2024.
- ↑ Khan, Mohd Salman (8 November 2012). "Film production's tougher than acting: Celina Jaitley". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/film-productions-tougher-than-acting-celina-jaitley/articleshow/17129750.cms। আহৰণ কৰা হৈছে: 12 February 2022.
- ↑ "Celina Jaitly's mom loses battle against cancer, actor shares a touching note". Hindustan Times. 13 June 2018. https://www.hindustantimes.com/bollywood/celina-jaitly-s-mom-loses-battle-against-cancer-actor-shares-a-touching-note/story-wGCXFaZmWJrUZdn6mGqN4N.html.
- ↑ "Celina Jaitley Pays Heartfelt Tribute to Her Soldier Father on Kargil Vijay Diwas". The Daily Guardian. 26 July 2025. https://thedailyguardian.com/glamorama/bollywood/celina-jaitley-pays-heartfelt-tribute-to-her-soldier-father-on-kargil-vijay-diwas-628070/.
- ↑ "Celina Jaitly Says Her Father Vikram Kumar Was "Critically Wounded" During The 1971 War: "He Lost Complete Hearing"". NDTV. 12 May 2025. https://www.ndtv.com/entertainment/celina-jaitly-says-her-father-vikram-kumar-was-critcally-wounded-during-the-1971-war-he-lost-complete-hearing-8393689.
- ↑ "Celina Jaitley Recalls Rare Pregnancy Condition That Almost Took Her Babies: 'I Was Terrified'". News18. 19 June 2025. https://www.news18.com/movies/bollywood/celina-jaitley-recalls-rare-pregnancy-condition-that-almost-took-her-babies-i-was-terrified-ws-kl-9394180.html.
- ↑ Jaitly, Celina. "My great grandfather's mother (from my maternal side) was a beautiful Afghan refugee from an affluent family escaping protection from oppression. In India she got the opportunity to excel in the field of medicine until her journey ended while giving birth to twins. Her legacy runs within my blood with great fondness for my Afghan lineage that comes from her. My fondness for the country and love for its people makes my blood scream with pain at the current circumstances. The fall of Afghanistan comes despite the cost of trillions of dollars and endless amount of bloodshed leaving Afghanistan with a lot of children, but little childhood. Just a few days have changed the course of a lifetime for all Afghani people. What a disgraceful waste of many million sacrifices. My heart breaks as I watch this grim reality helplessly. Heart broken as for my Afghan brothers and sisters.". Instagram. https://www.instagram.com/tv/CSwr5s7qmf9/। আহৰণ কৰা হৈছে: 19 August 2021.
- ↑ Jaitly, Celina. "Lahore 1890's". Instagram. https://www.instagram.com/p/DAoHsAeoXNQ/। আহৰণ কৰা হৈছে: 2 October 2024.
- 1 2 Vajir Singh and Hiren Kotwani (14 August 2008). "Bollywood beauties chant I-Day mantra". Hindustan Times. Archived from the original on 9 February 2011. https://web.archive.org/web/20110209080457/http://www.hindustantimes.com/Bollywood-beauties-chant-I-Day-mantra/Article1-331185.aspx। আহৰণ কৰা হৈছে: 28 February 2011.
- ↑ "Celina Jaitley". The Times of India. 10 December 2002. http://timesofindia.indiatimes.com/articleshow/30891361.cms। আহৰণ কৰা হৈছে: 11 November 2008.
- ↑ "Celina Jaitly's father passes away due to prolonged illness" (en ভাষাত). News Nation English. https://english.newsnationtv.com/entertainment/bollywood/celina-jaitly-father-passes-away-due-to-prolonged-illness-176153.html। আহৰণ কৰা হৈছে: 30 August 2020.
- ↑ "Celina to tie the knot in Egypt". The Times of India. 9 January 2011. https://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Celina-to-tie-the-knot-in-Egypt/articleshow/7242058.cms.
- ↑ "Celina Jaitly welcomes her second set of twins but the announcement is "bittersweet"". The Indian Express. 1 October 2017. http://indianexpress.com/article/entertainment/bollywood/celina-jaitly-welcomes-her-second-set-of-twins-bittersweet-4869266/। আহৰণ কৰা হৈছে: 1 October 2017.
- ↑ "Actress Celina Jaitly’s brother detained in UAE for a year, Delhi HC directs Centre to provide him legal aid" (en ভাষাত). The Indian Express. 2025-11-04. https://indianexpress.com/article/cities/delhi/actress-celina-jaitlys-brother-detained-uae-delhi-hc-centre-legal-aid-10343814/। আহৰণ কৰা হৈছে: 2025-11-25.
- ↑ "Celina Jaitly remembers ‘final’ call with brother detained in UAE: ‘More pain than words’" (en ভাষাত). Hindustan Times. 2025-11-23. https://www.hindustantimes.com/india-news/celina-jaitly-remembers-final-call-with-brother-detained-in-uae-more-pain-than-words-101763893528101.html। আহৰণ কৰা হৈছে: 2025-11-25.
- ↑ "What happened to Major (Retd.) Vikrant Jaitly, brother of actress Celina Jaitly" (en ভাষাত). The Week. https://www.theweek.in/news/india/2025/11/04/what-happened-to-major-retd-vikrant-jaitly-brother-of-actress-celina-jaitly.html। আহৰণ কৰা হৈছে: 2025-11-25.
- ↑ "Actor Celina Jaitly alleges domestic violence from husband Peter Haag" (en ভাষাত). The Indian Express. 2025-11-25. https://indianexpress.com/article/entertainment/bollywood/celina-jaitly-accuses-austrian-husband-of-domestic-violence-demands-rs-50-cr-damages-rs-10-lakh-monthly-maintenance-10385016/। আহৰণ কৰা হৈছে: 2025-11-25.
- ↑ "Celina Jaitly vows to 'show no mercy after being wronged' in first statement on divorce, domestic abuse case on husband" (en ভাষাত). Hindustan Times. 2025-11-25. https://www.hindustantimes.com/entertainment/bollywood/celina-jaitly-breaks-silence-on-divorce-domestic-abuse-allegations-against-husband-peter-haag-101764066040440.html। আহৰণ কৰা হৈছে: 2025-11-25.
- ↑ "Celina Jaitly files Rs 50 crore domestic violence case from husband Peter Haag in Mumbai court" (en ভাষাত). The Financial Express. 2025-11-25. https://www.financialexpress.com/life/entertainment-celina-jaitly-files-rs-50-crore-domestic-violence-case-against-husband-peter-haag-in-mumbai-court-4055482/। আহৰণ কৰা হৈছে: 2025-11-25.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Celina Jaitly সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Celina Jaitly সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Official Website
- Bollywood Fans Website
- The Welcome