চেলেনা গোমেজ
| চেলেনা গোমেজ | |
|---|---|
২০২৪ চনত গোমেজ | |
| জন্ম | চেলেনা মেৰী গোমেজ ২২ জুলাই, ১৯৯২ (৩৩ বছৰ) গ্ৰেণ্ড প্ৰেইৰী, টেক্সাছ, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা | অভিনেত্ৰী, গায়িকা, ব্যৱসায়ী, গীতিকাৰ, প্ৰযোজক |
| সক্ৰিয় হৈ থকা সময় | ২০০২–বৰ্তমান |
| সংস্থা | ৰেয়াৰ বিউটি |
| দাম্পত্যসঙ্গী | বেনী ব্লাংকো (বিবাহ ২০২৫) |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ | পপ, ইডিএম |
| বাদ্যযন্ত্ৰ | কণ্ঠ |
| লেবেল | ৱাল্ট ডিজনি, হলিউড, ইণ্টাৰস্কোপ |
| পূৰ্বে | চেলেনা গোমেজ এণ্ড দা চিন |
| ৱেবছাইট | |
| selenagomez | |
চেলেনা মেৰী গোমেজ (ইংৰাজী: Selena Marie Gomez) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা, গীতিকাৰ, ব্যৱসায়ী আৰু প্ৰযোজক। গোমেজে এগৰাকী শিশু অভিনেত্ৰী হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু শিশু টেলিভিছন ধাৰাবাহিক 'বাৰ্ণি এণ্ড ফ্ৰেণ্ডছ' (২০০২–২০০৪)-ত অভিনয় কৰিছিল। পৰৱৰ্তী সময়ত ডিজনি চেনেলৰ চিটকম 'ৱিজাৰ্ডছ অৱ ৱেভাৰ্লি প্লেচ' (২০০৭–২০১২)-ত এলেক্স ৰুছোৰ মুখ্য চৰিত্ৰত অভিনয় কৰি এগৰাকী কিশোৰী আইকন হিচাপে আত্মপ্ৰকাশ কৰে। ২০০৮ চনত তেওঁ হলিউড ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হয় আৰু 'চেলেনা গোমেজ এণ্ড দা চিন' নামৰ বেণ্ডটো গঠন কৰে। এই বেণ্ডটোৱে 'কিছ এণ্ড টেল' (২০০৯), 'এ য়েৰ উইদাউট ৰেইন' (২০১০) আৰু 'ৱেন দা ছান গোজ ডাউন' (২০১১) নামৰ তিনিখন এলবাম মুক্তি দিছিল।
গোমেজে তিনিখন একক এলবাম মুক্তি দিছে। ইয়াৰ ভিতৰত প্ৰথমখন আছিল 'ষ্টাৰছ ডান্স' (২০১৩), য'ত "কাম এণ্ড গেট ইট" গীতটো আছিল। ইয়াৰ পিছত তেওঁ 'ৰিভাইভেল' (২০১৫) মুক্তি দিয়ে আৰু ইয়াৰ একক গীত "গুড ফৰ ইউ" আৰু "ছেম অ'ল্ড লাভ"ৰ জৰিয়তে আমেৰিকাৰ বিলবোৰ্ড হট ১০০-ৰ শীৰ্ষ পাঁচটা স্থানৰ ভিতৰত স্থান লাভ কৰে। 'ৰেয়াৰ' (২০২০) এলবামৰ "লুজ ইউ টু লাভ মি" গীতটো আমেৰিকাত প্ৰথম স্থান লাভ কৰা তেওঁৰ প্ৰথমটো একক গীত হিচাপে পৰিগণিত হয়। তেওঁ স্পেনিছ ভাষাৰ ই পি 'ৰেভেলাচিয়ন' (২০২১) আৰু ২০২৫ চনত স্বামী বেনী ব্লাংকোৰ সৈতে চতুৰ্থখন এলবাম 'আই চেইড আই লাভ ইউ ফাৰ্ষ্ট' মুকলি কৰে। তেওঁৰ অন্যান্য জনপ্ৰিয় গীতসমূহৰ ভিতৰত "উই ডণ্ট টক এনিম’ৰ", "ইট এইণ্ট মি", "ৱল্ভছ", "টাকি টাকি" আৰু "কাম ডাউন" উল্লেখযোগ্য।
তেওঁ 'এনাদাৰ চিণ্ডাৰেল ষ্টোৰী' (২০০৮), 'মণ্টে কাৰ্লো' (২০১১), 'স্প্ৰিং ব্ৰেকাৰ্ছ' (২০১২), 'হোটেল ট্ৰেন্সিলভেনিয়া' চলচ্চিত্ৰ শৃংখলা (২০১২–২০২২), 'দা ফাণ্ডামেণ্টেলছ অৱ কেয়াৰিং' (২০১৬), 'দা ডেড ডণ্ট ডাই' (২০১৯) আৰু 'এমিলিয়া পেৰেজ' (২০২৪) আদি চলচ্চিত্ৰত অভিনয় কৰিছে। গোমেজে '১৩ ৰিজনছ হোৱাই' (২০১৭–২০২০) আৰু 'চেলেনা + চেফ' (২০২০–২০২৩) আদি ধাৰাবাহিক প্ৰযোজনা কৰিছে আৰু ২০২১ চনৰপৰা 'অনলি মাৰ্ডাৰ্ছ ইন দা বিল্ডিং'ত মুখ্য চৰিত্ৰত অভিনয় কৰি আহিছে। তেওঁ এটা আমেৰিকান মিউজিক এৱাৰ্ড, এটা বিলবোৰ্ড মিউজিক এৱাৰ্ড, কান চলচ্চিত্ৰ মহোৎসৱৰ বঁটা, দুটা এমটিভি ভিডিঅ’ মিউজিক এৱাৰ্ড আৰু ১৬টা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছে।
গোমেজ ইউনিচেফৰ এগৰাকী সদ্ভাৱনা দূত আৰু তেওঁ মানসিক স্বাস্থ্য আৰু সমতাৰ হকে কাম কৰে। তেওঁ 'ৰেয়াৰ বিউটি' নামৰ এটা প্ৰসাধন প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰিছে। ২০১৭ চনত বিলবোৰ্ডৰ 'বৰ্ষশ্ৰেষ্ঠ মহিলা' আৰু ২০২৫ চনত 'লেটিন বৰ্ষশ্ৰেষ্ঠ মহিলা' হিচাপে তেওঁ স্বীকৃতি লাভ কৰিছে। তেওঁ ইনষ্টাগ্ৰামত বিশ্বৰ আটাইতকৈ বেছি অনুসৰণকাৰী থকা মহিলা আৰু বিশ্বৰ অন্যতম ধনী সংগীত শিল্পী।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]চেলেনা মেৰী গোমেজৰ জন্ম ১৯৯২ চনৰ ২২ জুলাইত টেক্সাছৰ ডালাছৰ উপকণ্ঠ অঞ্চল গ্ৰেণ্ড প্ৰেইৰীত হৈছিল।[1] তেওঁৰ পিতৃ-মাতৃ হ’ল ৰিকাৰ্ডো জোৱেল গোমেজ আৰু প্ৰাক্তন মঞ্চ অভিনেত্ৰী আমাণ্ডা ডন "মেণ্ডি" টিফী।[2] টেহানো গায়িকা চেলেনা কুইণ্টানিলাৰ নামেৰে তেওঁৰ নাম ৰখা হৈছিল।[3] তেওঁৰ পিতৃ মেক্সিকান মূলৰ আৰু তেওঁৰ মাতৃ ইটালীয় মূলৰ। গোমেজৰ পৈতৃক ককাক-আইতাকে ১৯৭০-ৰ দশকত মেক্সিকৰ মণ্টেৰীৰপৰা টেক্সাছলৈ প্ৰব্ৰজন কৰিছিল।[4] তেওঁ নিজকে এগৰাকী গৌৰৱান্বিত তৃতীয় প্ৰজন্মৰ আমেৰিকান-মেক্সিকান বুলি অভিহিত কৰে। সাত বছৰ বয়সৰপৰা টেলিভিছনত কাম আৰম্ভ কৰাৰ পাছত তেওঁৰ স্পেনিছ ভাষাৰ দক্ষতা হ্ৰাস পাইছিল।
গোমেজৰ পাঁচ বছৰ বয়সতে পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু তেওঁ মাতৃৰ ওচৰত থাকে।[5] পৰৱৰ্তী সময়ত তেওঁৰ মাতৃ আৰু মাহী-পিতৃ ব্ৰায়ান টিফীৰ ২০১৩ চনত গ্ৰেচী এলিয়ট টিফী নামৰ এজনী কন্যা সন্তান জন্ম হয়। পিতৃ আৰু তেওঁৰ দ্বিতীয় পত্নী ছাৰাৰফালৰপৰা তেওঁৰ ভিক্টোৰিয়া "টোৰী" গোমেজ নামৰ এগৰাকী সতীয়া ভগ্নী আৰু মাৰ্কাছ নামৰ এজন সতীয়া ভাতৃ আছে।[6]
শিল্পকলা
[সম্পাদনা কৰক]সংগীত শৈলী আৰু গীত ৰচনা
[সম্পাদনা কৰক]গোমেজ এগৰাকী পপ শিল্পী যাৰ সংগীতত মূলতঃ ডান্স-পপ অন্তৰ্ভুক্ত।[7] 'চেলেনা গোমেজ এণ্ড দা চিন'ৰ সৈতে তেওঁৰ প্ৰাৰম্ভিক ৰেকৰ্ডিংসমূহত ইলেক্ট্ৰনিক ৰক আৰু পপ ৰকৰ প্ৰভাৱ আছিল, যিবোৰ পিছৰ মুক্তিপ্ৰাপ্ত এলবামসমূহত ডান্স-পপ আৰু ইলেক্ট্ৰোপপলৈ পৰিৱৰ্তিত হৈছিল। 'ষ্টাৰছ ডান্স' এলবামত ইলেক্ট্ৰনিক, ডিছক’, টেকনো আৰু ডান্সহলৰ প্ৰভাৱ থকা এক ইডিএম-পপ শব্দ গ্ৰহণ কৰা হৈছিল, যাক তেওঁ "বেবী ডাবষ্টেপ" বুলি বৰ্ণনা কৰিছিল। ২০১৪ চনৰ একক গীত "দা হাৰ্ট ৱাণ্টছ হোৱাট ইট ৱাণ্টছ"ক গোমেজৰ সংগীতৰ দিশত এক মোৰ হিচাপে চিহ্নিত কৰা হয়, য’ত তেওঁ অধিক ব্যক্তিগত আৰু গম্ভীৰ বিষয়-বস্তুৰ উপস্থাপন কৰিছিল।
'ৰিভাইভেল' এলবামটো ডান্স-পপ, ইলেক্ট্ৰোপপ আৰু আৰ এণ্ড বিৰ সংমিশ্ৰণ আছিল। এই এলবামটোৰ জৰিয়তে গোমেজৰ কেৰিয়াৰত এক পৰিপক্ব শৈল্পিক পৰ্যায়ৰ সূচনা হোৱা বুলি কোৱা হয়। গোমেজে কৈছিল যে তেওঁৰ আগৰ মুক্তিপ্ৰাপ্ত এলবামসমূহৰ তুলনাত এই এলবামটোৰ গীত ৰচনা প্ৰক্ৰিয়াত তেওঁ অধিক সৃজনমূলকভাৱে জড়িত আছিল। 'বিলবোৰ্ড'ৰ মতে, এই এলবামটোৱে গোমেজৰ এক সংযত কণ্ঠশৈলী— যাক প্ৰায়ে "কোমল, সূক্ষ্ম আৰু ফুচফুচিয়া" বুলি বৰ্ণনা কৰা হয়— তাক প্ৰকাশ কৰিছিল। ইয়াৰ পিছৰ এলবাম 'ৰেয়াৰ'ত গোমেজৰ নিজৰ অভিজ্ঞতাৰদ্বাৰা অনুপ্ৰাণিত অধিক ব্যক্তিগত আৰু অন্তৰ্মুখী বিষয়-বস্তু দেখা গৈছিল। তেওঁৰ স্পেনিছ ভাষাৰ ই পি 'ৰেভেলাচিয়ন'ত ৰেগেটন, লেটিন পপ আৰু আৰ্বানো সংগীতৰ প্ৰভাৱ আছিল।
'দ্য গাৰ্ডিয়ান'ৰ বাবে লিখা লেখাত পিটাৰ ৰবিনছনে গোমেজে "উইছপাৰ পপ" (whisper pop) জনপ্ৰিয় কৰাৰ কৃতিত্ব দিছে, যিটো কোমল আৰু শান্ত কণ্ঠশৈলীৰ বাবে পৰিচিত। "গুড ফৰ ইউ" আৰু "বেড লায়াৰ"ৰ দৰে গীতসমূহক এই শৈলীৰ শ্ৰেষ্ঠ উদাহৰণ হিচাপে বৰ্ণনা কৰা হৈছে। প্ৰযোজক টেইনীয়ে তেওঁৰ কণ্ঠক স্বকীয় বুলি অভিহিত কৰিছে আৰু কৈছে যে তেওঁ শক্তিৰ পৰিৱৰ্তে "সূক্ষ্মতা"ৰ জৰিয়তে আৱেগ প্ৰকাশ কৰে। গোমেজে কৈছে যে এগৰাকী গায়িকা হিচাপে তেওঁৰ শক্তি গল্প কোৱা আৰু কোমল সুৰত নিম্ন স্বৰত গীত পৰিৱেশন কৰাৰ মাজত নিহিত হৈ আছে। সমালোচকসকলে গোমেজৰ শৈল্পিক বহুমুখী প্ৰতিভাক আলোকপাত কৰিছে আৰু তেওঁক এগৰাকী অত্যন্ত দক্ষ সংগীতজ্ঞ বুলি অভিহিত কৰিছে।
গোমেজে গীত ৰচনা কাৰ্য্যক এক আৱেগিক মাধ্যম হিচাপে বৰ্ণনা কৰিছে আৰু কৈছে যে সংগীত লিখাটোৱে তেওঁক নিজৰ ভাবনাসমূহ প্ৰক্ৰিয়াকৰণ কৰাত সহায় কৰে। তেওঁ ইয়াক "শ্ৰেষ্ঠ চিকিৎসা" (the best therapy) বুলি অভিহিত কৰিছে।[8] গীতিকাৰ আলী টাম্পোচিয়ে তেওঁক "অত্যন্ত সহযোগিতামূলক" বুলি বৰ্ণনা কৰিছে আৰু লক্ষ্য কৰিছে যে গীত ৰচনাৰ সময়ত তেওঁ বহুতো ধাৰণা আগবঢ়ায় আৰু নিজৰ গীতৰ কথাবোৰত স্পষ্টবাদী হ’বলৈ ইচ্ছুক।
প্ৰভাৱ
[সম্পাদনা কৰক]গোমেজে ব্ৰিটনী স্পিয়াৰ্ছ, ক্ৰীষ্টিনা এগুইলেৰা, জেনেট জেকচন আৰু এন ছিনক (NSYNC) নামৰ বয় বেণ্ডটোৰ দৰে শিল্পীসকলৰ গান শুনি ডাঙৰ-দীঘল হৈছিল।[9] গোমেজে তেওঁৰ পৰিৱেশনৰ বাবে স্পিয়াৰ্ছক এগৰাকী অন্যতম প্ৰধান অনুপ্ৰেৰণা হিচাপে উল্লেখ কৰিছে আৰু ডিজনীৰ ভাবমূৰ্তি ত্যাগ কৰিবলৈ চেষ্টা কৰাৰ সময়ত স্পিয়াৰ্ছক "বিশাল অনুপ্ৰেৰণা" বুলি বৰ্ণনা কৰিছিল। তেওঁ কৈছিল যে স্পিয়াৰ্ছ আৰু জেকচনৰ দৰে পৰিৱেশকসকলে তেওঁৰ 'ষ্টাৰছ ডান্স ট্যুৰ'ৰ নৃত্য-কেন্দ্ৰিক ধাৰণাটোক প্ৰভাবিত কৰিছিল। ইয়াৰ উপৰি তেওঁ 'ষ্টাৰছ ডান্স'ৰ সংগীতৰ ওপৰত ইডিএম প্ৰযোজক স্ক্ৰিলেক্সৰ প্ৰভাৱৰ কথা উল্লেখ কৰিছে। তেওঁ ক্ৰীষ্টিনা এগুইলেৰাৰ এলবাম 'ষ্ট্ৰিপড্' (২০০২)-ক নিজৰ প্ৰিয় বুলি কৈছে আৰু ই তেওঁৰ এলবাম 'ৰিভাইভেল'ৰ ধাৰণাটোত প্ৰভাৱ পেলাইছিল বুলি জানিবলৈ দিছে। 'ৰেভেলাচিয়ন'ৰ বিষয়ে আলোচনা কৰোঁতে গোমেজে কৈছিল যে তেওঁ ৰেগেটন সংগীতৰ এগৰাকী ডাঙৰ অনুৰাগী আৰু তেওঁৰ প্ৰিয় শিল্পীসকলৰ ভিতৰত নিকী জাম, ডডী য়াংকী, জে বালভিন, ওজুনা আৰু বেড বানিৰ নাম উল্লেখ কৰিছে।
গোমেজে ব্ৰুনো মাৰ্ছ আৰু ৰিহানাকো তেওঁৰ শৈল্পিক প্ৰভাৱৰ ভিতৰত অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ উপৰি তেওঁ টেলৰ চুইফটৰ গীত ৰচনা আৰু বিভিন্ন সংগীত শৈলীৰ মাজত খোজ পেলোৱাৰ দক্ষতাক প্ৰশংসা কৰি তেওঁক এগৰাকী অনুপ্ৰেৰণা বুলি অভিহিত কৰিছে। গোমেজে লগতে কৈছে যে তেওঁ পূৰ্বৰ যুগৰ গায়িকা যেনে— বিলী হলিডে, পেটছি ক্লাইন, কেৰল কিং আৰু এলা ফিৎজাৰাল্ডৰদ্বাৰাও অনুপ্ৰাণিত। তেওঁ এই শিল্পীসকলৰ কণ্ঠৰ কোমলতা আৰু স্বকীয় সুৰৰ প্ৰতি আকৰ্ষিত বুলি জানিবলৈ দিছে।
অভিনয়ৰ ক্ষেত্ৰত গোমেজে কৈছে যে 'ফ্ৰেণ্ডছ' ধাৰাবাহিকত ৰেচেল গ্ৰীণৰ চৰিত্ৰত জেনিফাৰ এনিষ্টনৰ অভিনয়ে তেওঁক এলেক্স ৰুছোৰ চৰিত্ৰটো ফুটাই তোলাত সহায় কৰিছিল। ২০১১ চনৰ এক সাক্ষাৎকাৰত তেওঁ শ্বিয়া লাবিউফৰ কেৰিয়াৰৰ কথা উল্লেখ কৰিছিল; যিয়ে ডিজনী চেনেলৰপৰা চলচ্চিত্ৰ জগতলৈ সফল যাত্ৰা কৰিছিল। তেওঁ মেৰিল ষ্ট্ৰিপকো এগৰাকী অনুপ্ৰেৰণা হিচাপে বৰ্ণনা কৰিছে আৰু কৈছে যে 'অনলি মাৰ্ডাৰ্ছ ইন দা বিল্ডিং'ত কাম কৰাৰ সময়ত তেওঁ ষ্ট্ৰিপৰ নম্ৰতা, পেছাদাৰীত্ব আৰু কামৰ প্ৰতি থকা দায়বদ্ধতাৰপৰা বহুত শিকিছে।
প্ৰভাৱ
[সম্পাদনা কৰক]জনপ্ৰিয় সংস্কৃতিৰ ওপৰত গোমেজৰ এক বিশাল প্ৰভাৱ আছে। 'বিলবোৰ্ড'-এ তেওঁক ২০১০-ৰ দশকৰ শীৰ্ষ শিল্পীৰ তালিকাত ৩৮ নম্বৰ স্থান দিছিল[10] আৰু তেওঁ স্পটিফাইত ২০১০-ৰ দশকৰ অষ্টম সৰ্বাধিক ষ্ট্ৰীম কৰা মহিলা শিল্পী আছিল। 'ফৰ্বছ'ৰ হিউ মেকিনটায়াৰে উল্লেখ কৰিছে যে গোমেজৰ পোষ্টবোৰ সদায় লাখ লাখ মানুহে পছন্দ কৰে আৰু আনকি আন এজন তাৰকাৰ পোষ্টত চেলেনা গোমেজৰ মাত্ৰ উল্লেখ কৰিলেই সেই পোষ্টটো পছন্দ কৰা মানুহৰ সংখ্যা বৃদ্ধি পায়, যিয়ে তেওঁৰ শক্তি প্ৰমাণ কৰে। ২০২২ চনত তেওঁক ছচিয়েল মিডিয়াৰ এক নম্বৰ ইতিবাচক প্ৰভাৱশালী ব্যক্তি হিচাপে ঘোষণা কৰা হৈছিল।[11] 'ডব্লিউ' আলোচনীৰ ডেভিদ এমচডেনে তেওঁক "আমেৰিকাৰ আটাইতকৈ জনপ্ৰিয় ছোৱালী" বুলি অভিহিত কৰি লিখিছে যে তেওঁ আমেৰিকাৰ জনপ্ৰিয়তাৰ এক বিশেষ ধাৰাক প্ৰতিনিধিত্ব কৰে। 'ভেৰাইটি'য়ে তেওঁক বিশ্বজোৰা সংবাদ মাধ্যমৰ এগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিত্ব বুলি গণ্য কৰে, যাৰ কৃতিত্ব তেওঁৰ সংগীত, চলচ্চিত্ৰ, টেলিভিছন, প্ৰসাধন সামগ্ৰী আৰু সামাজিক সক্ৰিয়তাৰ বহুমুখী উপস্থিতিৰ বাবে দিয়া হয়।
২০২১ চনত 'ৰোলিং ষ্টোন ইণ্ডিয়া'ই তেওঁক তেওঁৰ সময়ৰ অন্যতম প্ৰভাৱশালী পপ সংস্কৃতিৰ আইকন হিচাপে গণ্য কৰিছিল। ২০১৭ চনত 'টাইম' আলোচনীয়ে তেওঁক "বিশ্বক সলনি কৰা মহিলা"সকলৰ ভিতৰত এগৰাকী হিচাপে সন্মানিত কৰিছিল। গোমেজক ২০২২ চনৰপৰা ২০২৪ চনলৈকে একেৰাহে 'দ্য হলিউড ৰিপোৰ্টাৰ'ৰ পাৱাৰ ১০০ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁক তেওঁৰ প্ৰজন্মৰ অন্যতম বিশ্বব্যাপী আৰু সাংস্কৃতিকভাৱে সমাদৃত শিল্পী, অভিনেতা, প্ৰযোজক, উদ্যমী আৰু জনহিতকৰ ব্যক্তি হিচাপে নামকৰণ কৰা হৈছে। 'পিপল' আলোচনীয়ে গোমেজক "আজিৰ সংগীত উদ্যোগক সলনি কৰা" ১৫ গৰাকী মহিলাৰ ভিতৰত এগৰাকী হিচাপে ঘোষণা কৰিছে। 'ভৌগ ইণ্ডিয়া'ই তেওঁক এই প্ৰজন্মক অনুপ্ৰাণিত কৰা মহিলাসকলৰ ভিতৰত অন্যতম বুলি অভিহিত কৰিছে।
২০১০ চনৰপৰা হলিউড, নিউয়ৰ্ক চিটি, ৱাশ্বিংটন আৰু বাৰ্লিনৰ 'মেডাম তুচো' মমৰ সংগ্ৰহালয়ত গোমেজৰ মমৰ মূৰ্তি প্ৰদৰ্শিত হৈছে। গোমেজৰ কৰ্মৰাজিৰদ্বাৰা বিলী আইলিছ, হেইলী ষ্টেইনফেল্ড আৰু ভেনেছা হাজেন্সৰ দৰে শিল্পী আৰু মনোৰঞ্জনকাৰীসকল অনুপ্ৰাণিত বা প্ৰভাবিত হৈছে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Selena Gomez Biography". The Biography Channel. http://www.biography.com/people/selena-gomez-504530। আহৰণ কৰা হৈছে: April 12, 2013.
- ↑ Bonner, Mehera (May 10, 2018). "Everything You Need to Know About Selena Gomez's Mom, Mandy Teefey". Cosmopolitan. https://www.cosmopolitan.com/entertainment/celebs/a20646261/who-is-mandy-teefey/। আহৰণ কৰা হৈছে: May 24, 2020.
- ↑ Roiz, Jessica Lucia (May 3, 2016). "Selena Gomez Talks Selena Quintanilla; Reveals Why She Was Named After 'Queen of Tejano'". Latin Times. http://www.latintimes.com/selena-gomez-talks-selena-quintanilla-reveals-why-she-was-named-after-queen-tejano-383518.
- ↑ Exposito, Suzy (March 11, 2021). "How Selena Gomez embraced her Mexican heritage as 'a source of healing'". Los Angeles Times. https://www.latimes.com/entertainment-arts/music/story/2021-03-11/selena-gomez-revelacion-spanish-language-record.
- ↑ Richards, Olly (July 14, 2013). "The wonderful world of Selena Gomez". The Guardian. https://www.theguardian.com/film/2013/jul/14/selena-gomez-justin-bieber-disney.
- ↑ Bradley, Faye (January 30, 2024). "Who is Selena Gomez's low-profile biological dad, Rick Gomez?". South China Morning Post. https://www.scmp.com.
- ↑ Collar, Matt. "Selena Gomez". AllMusic. https://www.allmusic.com/artist/selena-gomez-mn0000996096। আহৰণ কৰা হৈছে: March 12, 2026.
- ↑ "Selena Gomez On Processing Feelings Through Songwriting: 'It's The Best Therapy'". NBC. https://www.nbc.com/the-kelly-clarkson-show/video/selena-gomez-on-processing-feelings-through-songwriting-its-the-best-therapy/ACCN230469666.
- ↑ O'Donnell, Kevin (August 31, 2015). "Selena Gomez previews 'Revival". Entertainment Weekly. https://ew.com/article/2015/08/31/selena-gomez-revival-preview/। আহৰণ কৰা হৈছে: March 13, 2026.
- ↑ "Top Artists - 2010s". Billboard. https://www.billboard.com/charts/decade-end/top-artists/। আহৰণ কৰা হৈছে: November 3, 2022.
- ↑ Gomez, Shirley (September 16, 2022). "2022 statistics reveal Selena Gomez as the #1 positive influencer in the world". https://www.hola.com/us/celebrities/20220916337144/selena-gomez-as-the-1-positive-influencer-in-the-world/। আহৰণ কৰা হৈছে: November 23, 2024.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত চেলেনা গোমেজ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |