চে গোৱেৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চে গুৱেৰাৰ পৰা পুনঃনিৰ্দেশিত)
চে গোৱেৰা

গুৱেৰিলেৰো হিৰ'ইকি
১৯৬০ চনৰ ৫ মাৰ্চত এলবাৰ্ট' কৰ্ডাই লা কাব'ৰ স্মৃতিচাৰণ সেৱাত গ্ৰহণ কৰা আলোকছবি
জন্ম আৰনেষ্টো গোৱেৰা
১৪ জুন, ১৯২৮[1]
ৰ'ছাৰিঅ', ছাণ্টা ফে প্ৰদেশ,আৰ্জেণ্টিনা
মৃত্যু ৯ অক্টোবৰ, ১৯৬৭ (৩৯ বছৰ)
লা হিগোৱেৰা, ভালেগ্ৰাণ্ডে প্ৰদেশ, ব'লিভিয়া
মৃত্যুৰ কাৰণ বন্দুকৰ গুলীত নিহত
সমাধিস্থল চে গোৱৈৰা সমাধিস্থল
ছাণ্টা ক্লেৰা,কিউবা
শিক্ষানুষ্ঠান বুৱেনছ এয়াৰছ বিশ্ববিদ্যালয়
পেচা চিকিৎসক, লেখক, গেৰিলা,চৰকাৰী বিষয়া
সংস্থা ২৬ জুলাইৰ আন্দোলন, কিউবান সামাজিক বিপ্লৱৰ সংযুক্ত দল,[2] ৰাষ্ট্ৰীয় মুক্তি বাহিনী(ব'লিভিয়া)
জনা যায় গোৱেৰাবাদ
দাম্পত্যসঙ্গী হিল্দা গাডেই (বি. ১৯৫৫; বিবি. ১৯৫৯)
আলেইডা মাৰ্চ (বি. ১৯৫৯)
পিতৃ-মাতৃ আৰ্নেষ্টো গোৱেৰা লিন্স
চেলিয়া দি লা ছাৰ্না ৱাই ল'ছা
সন্তান হিল্দা(১৯৫৬-১৯৯৫)
আলেইডা(১৯৬০ত জন্ম)
কেমিলো(১৯৬২ত জন্ম)
চেলিয়া (১৯৬৩ত জন্ম)
আৰ্নেষ্ট(১৯৬৫ত জন্ম)
স্বাক্ষৰ

আৰ্নেষ্ট' "চে" গোৱেৰা (ইংৰাজী: Ernesto "Che" Guevara; ১৪ জুন ১৯২৮[3] – ৯ অক্টোবৰ ১৯৬৭) আছিল এজন আৰ্জেণ্টেনীয় মাৰ্ক্সবাদী, বিপ্লৱী, চিকিৎসক, গ্ৰন্থকাৰ, গেৰিলা নেতা, কূটনীতিজ্ঞ, আৰু সামৰিক তত্ত্ববিদ। কিউবাৰ বিপ্লৱৰ এক অগ্ৰগণ্য নেতা।[4]

চিকিৎসা বিভাগৰ ছাত্ৰ হৈ থকা সময়ত গোৱেৰাই সমগ্ৰ দক্ষিণ আমেৰিকা ভ্ৰমণ কৰিছিল আৰু জনতাৰ দৰিদ্ৰতা, ক্ষুধা আৰু যন্ত্ৰণা দেখি অত্যন্ত পীড়িত হৈছিল।[5]

গোৱেৰাই ৰাউল আৰু ফিডেল কাষ্ট্ৰ'ৰ সাক্ষাৎ লভি তেওঁলোকে ২৬ জুলাইৰ আন্দোলনত সহযোগ কৰিছিল আৰু কিউবালৈ গৈ আমেৰিকা-সমৰ্থিত একনায়ত্ববাদী কিউবাৰ শাসক ফালগেনচিঅ' বাটিষ্টাক উৎখাত কৰিবলৈ চেষ্টা কৰিছিল।[6] বিদ্ৰোহৰ কালছোৱাত খুব কম সময়ৰ ভিতৰতে গোৱেৰাৰ উত্থান হৈ সহকাৰী অধিনায়কৰ পদত অধিষ্ঠিত হয় আৰু দুবছৰজোৰা সফল গেৰিলা অভিযানৰ নেতৃত্ব দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উল্লেখ্য যে, এই বিদ্ৰোহৰ অন্তত বাটিষ্টা-সাম্ৰাজ্য সিংহাসনচ্যুত হয়।[7]

জন্ম আৰু শিক্ষা[সম্পাদনা কৰক]

পিতৃ-মাতৃ আৰু ভ্ৰাতৃ-ভগ্নীৰ সৈতে নাবালক আৰ্নেষ্ট' (বাওঁফালে) ১৯৪৪, তেওঁৰ কাষত বাওঁফালৰ পৰা ক্ৰমে: চেলিয়া (মাতৃ), চেলিয়া (ভগ্নী), ৰবাৰ্ট', জুৱান মাৰ্টিন, আৰ্নেষ্ট' (পিতৃ) আৰু আনা মাৰিয়া

আৰ্নেষ্ট' গোৱেৰাৰ পিতৃ আছিল আৰ্নেষ্ট' গোৱেৰা লিন্স আৰু মাতৃ আছিল চেলিয়া দি লা ছাৰ্ণা ৱাই ল'ছা। তেওঁৰ জন্ম হৈছিল ১৪ জুন ১৯২৮ চনত; আৰ্জেণ্টিনাৰ ৰ'ছাৰিঅ'ত।[3] সেইয়া তেওঁৰ জন্মৰ প্ৰমাণপত্ৰৰ মতে। কিন্তু তেওঁৰ জীৱনী-লেখক জ'ন লি এণ্ডাৰছনৰ গ্ৰন্থ Che Guevara: A Revolutionary Lifeৰ মতে, চেৰ মাতৃয়ে হেনো তেওঁৰ এজন জ্যোতিষীবন্ধুক ১৪ মে' ১৯২৮তহে জন্ম হোৱা বুলি কৈছিল। বিবাহত বান্ধ খোৱাৰ তিনিমাহৰ পূৰ্বতেই গৰ্ভৱতী হোৱাৰ অপবাদৰ পৰা বাচিবলৈ তেওঁ এই পন্থা হাতত লৈছিল বুলি ধাৰণা হয়।[8]

চে গোৱেৰা আছিল এটা মধ্যবিত্ত আৰ্জেণ্টেনীয় পৰিয়ালৰ পাঁচটি সন্তানৰ সকলোতকৈ ডাঙৰজন।[9][10][11] জীৱনৰ প্ৰাৰম্ভিক অৱস্থাতেই আৰ্নেষ্ট'ই দৰিদ্ৰ লোকৰ প্ৰতি এক সহানুভূতি গঢ়ি তুলিছিল।[12] তেওঁৰ পৰিয়ালত বাওঁপন্থীয় ৰাজনীতিৰ আলোচনা-চৰ্চা আদি হৈছিল আৰু সেইবোৰে কিশোৰ গোৱেৰাকো ৰাজনীতিৰ বহুমাত্ৰিক বৈচিত্ৰ্যৰ প্ৰতি উৎসুক কৰি তুলিছিল।[13] তেওঁৰ দেউতাক স্পেনীয় গৃহযুদ্ধৰ ৰিপাব্লিকানসকলৰ এজন জোৰদাৰ সমৰ্থক আছিল, আৰু তেওঁলোকৰ ঘৰত বহু বৰ্ষীয়ান ৰিপাব্লিকানক আপ্যায়ন কৰা হৈছিল।[14]

বৌদ্ধিক আৰু সাহিত্যিক অনুৰাগ[সম্পাদনা কৰক]

গোৱেৰাই দেউতাকৰ পৰা দবা খেলিবলৈ শিকিছিল আৰু ১২ বছৰ বয়সত স্থানীয় প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰিব পৰা হৈছিল। বয়ঃসন্ধিৰ সময়ত আৰু ওৰেটো জীৱনেই তেওঁ কবিতাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিছিল। তেওঁ বিশেষকৈ পাবলো নেৰুদা,জন কিটছ্, এণ্টনিঅ' মাছাড', ৱাল্ট হুইটমেন আদি কবিসকলৰ কবিতা পঢ়িছিল।[15] তেওঁ ৰুডিয়াৰ্ড কিপলিঙৰ "ইফ্" কবিতাটো অন্তঃকৰণেৰে আবৃত্তি কৰিব পাৰিছিল।[15] তেওঁলোকৰ ঘৰত তিনিহাজাৰতকৈও অধিকসংখ্যক কিতাপ আছিল, যিবোৰ কিতাপে গোৱেৰাক এজন উৎসাহী আৰু উদ্যমী পাঠক হ'বলৈ প্ৰেৰণা যোগাইছিল। কাৰ্ল মাৰ্ক্স, উইলিয়াম ফ'কনাৰ, আণ্ড্ৰে গাইড, এমিলিঅ' ছালগাৰি আৰু জুল ভাৰ্ণৰ কিতাপ তাৰ ভিতৰত উল্লেখনীয়।[16] ইয়াৰ উপৰিও তেওঁ জৱাহৰলাল নেহৰু, ফ্ৰান্‌জ কাফ্‌কা, এলবাৰ্ট ক্যামু, ভ্লাডিমিৰ পুটিন, জাঁ পল ছাট্ৰে, এনাটল ফ্ৰান্স, ফ্ৰেডেৰিখ এঞ্জেলছ্, এইচ্ছ. জি. ৱেলছ আৰু ৰবাৰ্ট ফ্ৰ'ষ্টৰ কিতাপো পঢ়িছিল।[17] বয়স বাঢ়ি অহাৰ লগে-লগে তেওঁৰ অধ্যয়নপিপাসু মনটোক লেটিন আমেৰিকাৰ লেখকসকলৰ সৃষ্টিৰাজীয়েও আকৰ্ষিত কৰিছিল।[17]

মটৰ-চাইকেল যাত্ৰা[সম্পাদনা কৰক]

black and white photograph of two men on a raft, fitted with a large hut. The far bank of the river is visible in the far distance
গোৱেৰা (সোঁফালে) আৰু এলবাৰ্ট' গ্ৰানাড' (বাওঁফালে) ১৯৫২ চনৰ জুনত, আমাজান নদীৰ ওপৰত তেওঁলোকে "Mambo-Tango" কাঠৰ নাওখনত, যিখন লিপাৰছে উপহাৰস্বৰূপে তেওঁলোকক দিছিল।[18]

১৯৪৮ চনত গোৱেৰাই বোৱেনছ এয়াৰছ্ বিশ্ববিদ্যালয়ত চিকিৎসা-বিজ্ঞান পঢ়িবলৈ নামভৰ্তি কৰে। গোৱেৰাৰ পৃথিৱী অন্বেষণ কৰাৰ ক্ষুধাই ("hunger to explore the world")[19] তেওঁৰ বিদ্যায়তনিক দিশৰ পৰা আঁতৰাই নি দুটা দীৰ্ঘকালীন যাত্ৰাত মনোনিৱেশ কৰোৱায়, যি দুটা যাত্ৰাই তেওঁক লেটিন আমেৰিকাৰ অৰ্থনৈতিক দিশৰ সমসাময়িক ৰূপটো দেখুৱাই দিয়ে। তেওঁৰ প্ৰথমটো যাত্ৰা আছিল ৪,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ। অকলশৰীয়াকৈ কৰা সেই যাত্ৰাটো হৈছিল ১৯৫০ চনত য'ত তেওঁ উত্তৰ আৰ্জেণ্টিনাৰ গ্ৰামীণ প্ৰদেশবোৰ ভ্ৰমণ কৰিছিল। যাত্ৰাটো সম্পন্ন কৰা এখন বাইচাইকেলত এটা সৰু ইঞ্জিন সংস্থাপিত কৰি লৈছিল।[20] ইয়াৰ পিছৰটো যাত্ৰা গোৱেৰাই সম্পন্ন কৰিছিল তেওঁৰ বন্ধু এলবাৰ্ট' গ্ৰেনাড'ৰ লগত। ১৯৫১ চনত আৰম্ভ কৰা সেইটো এক নমহীয়া যাত্ৰা আছিল য'ত তেওঁলোকে ৮,০০০ কিলোমিটাৰৰ দৈৰ্ঘ্য অতিক্ৰম কৰিছিল। সেই যাত্ৰাটোৱে দক্ষিণ আমেৰিকাক একাংশ সামৰি লৈছিল। যাত্ৰাটো কৰিবৰ বাবে তেওঁ এবছৰৰ বাবে অধ্যয়নৰ পৰা বিৰতি লৈছিল, সৰ্বশেষ কাম হিচাপে তেওঁলোকে পেৰুৰ আমাজান নদীৰ ওপৰত থকা লেপাৰ কলনিত কিছু স্বেচ্ছামূলক কৰ্মত আত্মনিয়োগ কৰিছিল।[21]

১৯৫৩ চনত তেওঁ চিকিৎসকৰ ডিগ্ৰীটো গ্ৰহণ কৰে।[22]

এলবাৰ্ট গ্ৰেনাড'ৰ সৈতে সম্পন্ন কৰা ১৯৫২ চনৰ যাত্ৰাটোৰ মানচিত্ৰীয় আভাস (ৰঙা কাঁড়বোৰে আকাশী-যাত্ৰাক চিহ্নিত কৰিছে। )

কিউবাৰ বিপ্লৱ আৰু বিদ্ৰোহ[সম্পাদনা কৰক]

১৯৫৪ চনত গোৱেৰা মেক্সিকোলৈ ৰাওনা হয় আৰু তাৰ পিছৰ বছৰতেই তেওঁ কিউবাৰ বিপ্লৱী নেতা ফিডেল কাষ্ট্ৰ'ক লগ পায়। ১৯৫৫ চনত তেওঁ বিবাহপাশত আৱদ্ধ হয়। গোৱেৰাই কাষ্ট্ৰ'ৰ ২৬ জুলাইৰ আন্দোলনত যোগদান কৰে আৰু কিউবাৰ একনায়কত্ববাদী শাসক বাটিষ্টাৰ বিৰুদ্ধে গেৰিলা যুদ্ধৰ জৰিয়তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।[23]

কাষ্ট্ৰ'ৱে ১৯৫৯ চনত বাটিষ্টাক ক্ষমতাচ্যুত কৰিবলৈ সক্ষম হয় আৰু কিউবাৰ ক্ষমতা নিজৰ হাতলৈ আনে। ১৯৫৯ চনৰ পৰা ১৯৬১ চনলৈকে গোৱেৰা নেশ্যনেল বেংক আৱ কিউবাৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু তাৰপিছত উদ্যোগৰ মন্ত্ৰী হিচাপে নিজৰ দায়িত্ব পালন কৰে। এই স্থানত থাকিয়েই কিউবাৰ ৰাষ্ট্ৰদূত হিচাপে তেওঁ পৃথিৱীৰ বিভিন্ন ঠাই ভ্ৰমণ কৰে।[23]

ছ'ভিয়েট সংঘৰ লগত সন্মিলিত হ'বৰ বাবে কাষ্ট্ৰ'লৈ তেওঁ বিভিন্ন দিহা আগবঢ়ায়। কিন্তু আমেৰিকাৰ কিছুমান ঔদ্যোগিক নীতি আৰু কিছুমান অসফল সংস্কাৰৰ বাবে কিউবাৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হয়। এই দুৰ্যোগপূৰ্ণ সময়তে গোৱেৰা আৰু কিউবাৰ নেতাসকলৰ মাজত ক্ৰমাৎ এক পাৰ্থক্য আহি পৰে। ১৯৬৫ চনত কাষ্ট্ৰ'ৱে গোৱেৰাই কিউবা ত্যাগ কৰি যোৱা বুলি ঘোষণা কৰে।[23]

কংগো, বলিভিয়া আৰু মৃত্যু[সম্পাদনা কৰক]

১৯৬৫ চনত যেতিয়া কিউবাৰ অৰ্থনীতি বিপন্ন হয়, তেতিয়া তেওঁ বিশ্বৰ বিভিন্ন ঠাইত নিজৰ বৈপ্লৱিক আদৰ্শ প্ৰচাৰ কৰিবলৈ প্ৰয়াস কৰে। তেওঁ প্ৰথমতে কংগোলৈ যায় আৰু তাত গৈ গেৰিলা যুদ্ধশৈলীৰ প্ৰশিক্ষণ দিয়ে আৰু বিপ্লৱৰ সূচনা কৰিবলৈ চেষ্টা কৰে কিন্তু সেই প্ৰচেষ্টা ব্যৰ্থ হোৱাত তেওঁ পৰৱৰ্তী বছৰ কংগো ত্যাগ কৰে। ১৯৬৬ চনত গোৱেৰা বলিভিয়ালৈ যায় আৰু লগত লৈ যায় কিছু বিদ্ৰোহী। সেই যাত্ৰাৰো উদ্দেশ্য আছিল বিপ্লৱৰ সূচনা কৰা। কিন্তু তেওঁক বলিভিয়ান আৰ্মীয়ে আটক কৰে আৰু ১৯৬৭ চনত বলিভিয়াৰ লা হিগোৱেৰা গাঁৱত তেওঁক প্ৰাণদণ্ড দিয়া হয়।[24] তেওঁৰ দেহটো এক অজ্ঞাত স্থানত সমাধিস্থ কৰা হয়।[23]

মৃত্যুৰ পিছত গোৱেৰা এক বিশ্ববিশ্ৰুত ৰাজনৈতিক ব্যক্তিত্বলৈ পৰিণত হয়। বিপ্লৱ, বিদ্ৰোহ আৰু সমাজবাদৰ প্ৰসংগ ওলালেই তেওঁৰ নাম উচ্চাৰিত হয়। গোৱেৰাৰ জীৱনক লৈ এখন ছবিও নিৰ্মাণ কৰা হয়। সেইখনৰ নাম আছিল "দ্য মটৰচাইকেল ডায়েৰিছ।" ২০০৪ চনত ছবিখনে মুক্তি লভিছিল। তেওঁৰ জীৱন আৰু আদৰ্শক সুঁৱৰি এতিয়াও বহুতো গ্ৰন্থ, সাহিত্য ৰচনা হৈ আছে।[25]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Sinclair, Andrew Annandale. "Che Guevara". Encyclopædia Britannica Online. Retrieved 4 October 2018. 
  2. পাৰ্টিড' ইউনিড' দে লা ৰিভ'লিউচিয়ন ছছিয়েলিষ্টা ডি কিউবা,PURSC হিচাপেও জনাজাত
  3. 3.0 3.1 The date of birth recorded on his birth certificate was 14 June 1928, although one tertiary source, (Julia Constenla, quoted by Jon Lee Anderson), asserts that he was actually born on 14 May of that year. Constenla alleges that she was told by Che's mother, Celia de la Serna, that she was already pregnant when she and Ernesto Guevara Lynch were married and that the date on the birth certificate of their son was forged to make it appear that he was born a month later than the actual date to avoid scandal. (Anderson 1997, pp. 3, 769.)
  4. Casey 2009, p. 128.
  5. On Revolutionary Medicine Speech by Che Guevara to the Cuban Militia on 19 August 1960. "Because of the circumstances in which I traveled, first as a student and later as a doctor, I came into close contact with poverty, hunger and disease; with the inability to treat a child because of lack of money; with the stupefaction provoked by the continual hunger and punishment, to the point that a father can accept the loss of a son as an unimportant accident, as occurs often in the downtrodden classes of our American homeland. And I began to realize at that time that there were things that were almost as important to me as becoming a famous or making a significant contribution to medical science: I wanted to help those people."
  6. Beaubien, NPR Audio Report, 2009, 00:09–00:13.
  7. "Castro's Brain", 1960.
  8. [1] The New York Times, 1997.
  9. Che's last name Guevara derives from the Castilianized form of the Basque Gebara, a habitational name from the province of Álava, while his grandmother, Ana Lynch, was a descendant of Patrick Lynch, who emigrated from County Galway, Ireland in the 1740s.
  10. Guevara Lynch 2007, pp. i. "The father of Che Guevara, Ernesto Guevara Lynch was born in Argentina in 1900 of Irish and Basque origin."
  11. The Origins of Guevara's Name Archived 2016-06-28 at the Wayback Machine - written in Spanish
  12. Kellner 1989, p. 23.
  13. Argentina: Che's Red Mother Archived 2013-08-26 at the Wayback Machine Time Magazine, 14 July 1961.
  14. Anderson 1997, pp. 22–23.
  15. 15.0 15.1 Hart 2004, p. 98.
  16. Haney 2005, p. 164.
  17. 17.0 17.1 (Anderson 1997, pp. 37–38).
  18. Anderson 1997, p. 89.
  19. Anderson 1997, p. 64.
  20. Anderson 1997, p. 59–64.
  21. Anderson 1997, pp. 83.
  22. https://www.biography.com/political-figure/che-guevara
  23. 23.0 23.1 23.2 23.3 "Che Guevara (1928 - 1967)". http://www.bbc.co.uk/history/historic_figures/guevara_che.shtml. 
  24. https://www.biography.com/political-figure/che-guevara
  25. https://www.biography.com/political-figure/che-guevara