সমললৈ যাওক

চোখামেলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাধু চোখামেলা

পান্ধৰপুৰৰ সমাধিত সন্ত চোখামেলাৰ প্ৰতিমূৰ্তি
জন্ম মেহুনা ৰাজা, দেউলগাঁও ৰাজা তালুক, বুলধনা জিলা
উপাধি/সন্মান সন্ত (संत)
পান্ধৰপুৰৰ বিথোবা মন্দিৰৰ মুখ্য দুৱাৰ। দুৱাৰৰ সম্মুখত থকা সৰু নীলা মন্দিৰটো সাধু চোখামেলাৰ স্মৃতিসৌধ (সমাধি)।

চোখামেলা ত্ৰয়োদশ–চতুৰ্দশ শতিকাৰ ভাৰতৰ মহাৰাষ্ট্ৰৰ এজন সাধু আছিল।[1] তেওঁ মহাৰ জাতিৰ অন্তৰ্গত আছিল,[2] যিটো সেই সময়ত ভাৰতৰ অন্যতম নিম্ন বৰ্ণ বুলি গণ্য কৰা হৈছিল।[3][4] বুলধনা জিলাৰ দেউলগাঁও ৰজা তালুকৰ মেহুনা ৰাজা নামৰ গাঁৱত তেওঁৰ জন্ম হৈছিল। তেওঁ মহাৰাষ্ট্ৰৰ মংগলবেধাত বাস কৰিছিল। তেওঁ বহুতো অভংগ ৰচনা কৰিছিল। তেওঁৰ অন্যতম পৰিচিত অভংগ হৈছে 'আবিৰ গুলাল উধলিত ৰং'। সমাজ কৰ্মী অৰবিন্দ প্ৰভাকৰ কায়াণ্ডে দেউলগাঁও ৰাজাত "চোখামেলা উৎসৱ" উদ্‌যাপন কৰিবলৈ আৰম্ভ কৰে।[5] তেওঁ ভাৰতৰ প্ৰথম নিম্নবৰ্ণৰ কবিসকলৰ ভিতৰত অন্যতম।

জীৱন আৰু পৰিয়াল

[সম্পাদনা কৰক]

চোখামেলাই পত্নী সোয়াৰাবাই আৰু পুত্ৰ কৰ্মমেলাৰ সৈতে মংগলবেধাত বাস কৰিছিল। চোখামেলাৰ কাম আছিল উচ্চবৰ্ণৰ লোকৰ খেতিপথাৰত পহৰা দিয়া। তেওঁৰ পৰিয়ালেও ৱাৰকাৰী পন্থা অনুসৰণ কৰিছিল।[6]

চোখামেলাক ভক্তি (আধ্যাত্মিকতা)ৰ দীক্ষা কবি-সাধু নামদেৱৰ (১২৭০-১৩৫০ খ্ৰীষ্টাব্দ) দ্বাৰা দিয়া হৈছিল। এবাৰ পান্ধৰপুৰ ভ্ৰমণৰ সময়ত তেওঁ শান্ত নামদেৱৰ কীৰ্ত্তন শুনিছিল। ইতিমধ্যে বিত্থল (বিথোবা)ৰ ভক্ত চোখা নামদেৱৰ শিক্ষাত আপ্লুত হৈছিল।

পিছত তেওঁ পান্ধৰপুৰলৈ গুচি যায়। পৰম্পৰাগত কাহিনীমতে, পান্ধৰপুৰৰ উচ্চ বৰ্ণৰ লোকসকলে তেওঁক মন্দিৰত প্ৰৱেশ কৰিবলৈ নিদিলে,[8] মন্দিৰৰ দুৱাৰমুখত থিয় হ’বলৈও নিদিলে, সেয়েহে তেওঁ তাৰ পৰিৱৰ্তে চন্দ্ৰভাগ নদীৰ সিপাৰে এটা জুপুৰি সাজি থাকিবলৈ ল’লে।

পান্ধৰপুৰৰ সমীপৱৰ্তী মংগলবেধাত এখন দেৱাল নিৰ্মাণৰ কাম কৰি থাকোঁতে দেৱালখন ভাঙি পৰাৰ ফলত একাংশ শ্ৰমিকক মহতিয়াই পেলায়। তাৰ ভিতৰত চোখাও আছিল অন্যতম। তেওঁৰ সমাধি পান্ধৰপুৰৰ বিঠাল মন্দিৰৰ সন্মুখত আছে, য’ত বৰ্তমানেও ইয়াক দেখা পোৱা যায়। এটা কিংবদন্তি অনুসৰি মৃত চোখামেলাৰ হাড়বোৰে তেতিয়াও বিত্থল মন্দিৰ দৰ্শন কৰিবলৈ হাহাকাৰ কৰি “বিত্থল, বিত্থল’’ জপ কৰি আছিল। হাড়বোৰ বিত্থল মন্দিৰৰ দুৱাৰমুখত পুতি থোৱা হৈছিল।[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Lele, Jayant (1981) (en ভাষাত). Tradition and Modernity in Bhakti Movements. Brill Archive. পৃষ্ঠা. 136–137. ISBN 978-90-04-06370-9. https://books.google.com/books?id=kLs3AAAAIAAJ&q=Chokhamela. 
  2. Prasad, Amar Nath; Gaijan, M. B. (2007) (en ভাষাত). Dalit Literature: A Critical Exploration. Sarup & Sons. পৃষ্ঠা. 9–10. ISBN 978-81-7625-817-3. https://books.google.com/books?id=cW8SR26tnVYC&q=Chokhamela. 
  3. "In Chokhamela's Bhakti, Past Transforms into Radical Present" (en ভাষাত). NewsClick. 2019-11-16. https://www.newsclick.in/in-chokhamela-bhakti-past-transforms-radical-present। আহৰণ কৰা হৈছে: 2022-12-04. 
  4. "A Dalit at the temple door" (en ভাষাত). Mintlounge. 2017-10-20. https://lifestyle.livemint.com//news/talking-point/a-dalit-at-the-temple-door-111646976678518.html। আহৰণ কৰা হৈছে: 2022-12-04. 
  5. "Abeer Gulaal - Abhang by Sant Chokhamela | Amritha Varshini". https://amrithavarshini.proboards.com/thread/940/abeer-gulaal-abhang-sant-chokhamela. 
  6. 6.0 6.1 Zelliot, Eleanor (2008). "Chokhamela, His Family and the Marathi Tradition". In Aktor, Mikael; Deliège, Robert. From Stigma to Assertion: Untouchability, Identity and Politics in Early and Modern India. প্ৰকাশক Copenhagen: Museum Tusculanum Press. পৃষ্ঠা. 76–85. ISBN 978-8763507752. 
  7. 7.0 7.1 7.2 Harrisson, Tom (1976). "A Historical Introduction to the Warakari Movement". Living Through the Blitz. Cambridge University Press. পৃষ্ঠা. 40. ISBN 9780002160094. https://archive.org/details/livingthroughbli0000harr_f9s9/page/40. 
  8. Prasad, Amar Nath (2007). Dalit Literature. Sarup & Sons. পৃষ্ঠা. 10–12. ISBN 978-81-7625-817-3. 
  9. Zelliot, Eleanor (1981). "Chokhamela and Eknath: Two Bhakti Modes of Legitimacy for Modern Change". In Lele, Jayant. Tradition and Modernity in Bhakti movements. প্ৰকাশক Leiden: Brill. পৃষ্ঠা. 136–142. ISBN 9004063706.