সমললৈ যাওক

চোখেৰ বালি (১৯৩৮ চনৰ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চোখেৰ বালি হৈছে এখন বাংলা নাট্য চলচ্চিত্ৰ, যিখন ৰবীন্দ্ৰনাথ ঠাকুৰএকেই নামৰ উপন্যাসৰ ওপৰত ভিত্তি কৰি সতু সেনে পৰিচালনা কৰিছিল।[1][2] এই চলচ্চিত্ৰটো ৩০ জুলাই ১৯৩৮ তাৰিখে এছ’চিয়েটেড প্ৰডিউচাৰ্ছৰ অধীনত মুক্তি লাভ কৰিছিল।[3] এই ছবিখন চোখেৰ বালি উপন্যাসৰ প্ৰথমটো চলচ্চিত্ৰ ৰূপান্তৰ আছিল।[4]

এই চলচ্চিত্ৰখন এগৰাকী যৌৱনা বিধৱা বিনোদিনী আৰু মহেন্দ্ৰৰ অবৈধ প্ৰেম সম্পৰ্কক কেন্দ্ৰীভূত। মহেন্দ্ৰৰ পত্নী আশালতা বিনোদিনীৰ এক ঘনিষ্ঠ বান্ধৱী। স্নেহ আৰু মৰমৰ বাবে বিনোদিনীয়ে মহেন্দ্ৰৰ পৰিয়ালৰ সৈতে বাস কৰিবলৈ আহে। মহেন্দ্ৰৰ শৈশৱৰ ঘনিষ্ঠ বন্ধু বিহাৰীয়ো বিনোদিনীৰ প্ৰতি মানসিকভাৱে আকৰ্ষিত হৈ পৰে।[5][6]

অভিনেতা-অভিনেত্ৰী

[সম্পাদনা কৰক]
  • ছাবি বিশ্বাস — বিহাৰী
  • ৰমা বেনাৰ্জী — অন্নপূৰ্ণা
  • মনোৰঞ্জন ভট্টাচাৰ্য — সাধুচৰণ
  • হৰেণ মুখোপাধ্যায় — মহেন্দ্ৰ
  • সুৱপ্ৰভা মুখোপাধ্যায় — বিনোদিনী
  • শান্তিলতা ঘোষ — ৰাজলক্ষ্মী
  • ইন্দিৰা ৰায় — আশালতা
  • অট্ৰি গুহ ঠাকুৰতা
  • শিৱকালী চট্টোপাধ্যায়


ঠাকুৰৰ প্ৰতিক্ৰিয়া

[সম্পাদনা কৰক]

ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই এই চলচ্চিত্ৰখন জোড়াসাঁকোত থাকোঁতে চাইছিল[7] আৰু পিছত ১৯৩৮ চনৰ ৪ আগষ্ট তাৰিখে শান্তিনিকেতনৰ পৰা এখন পত্ৰত লিখিছিল:

কলিকাতাত থাকোঁতে মোৰ ''চিনেমা-নাট্য'' "চোখেৰ বালি" চোৱাৰ সুযোগ হৈছিল। বিশেষকৈ অভিনয় কলাৰ প্ৰশংসনীয় দক্ষতা মোৰ মনত গভীৰ প্ৰভাৱ পেলালে। অভিনেতাসকলে যি ধৰণে নায়ক-নায়িকাৰ গভীৰ মানসিক দ্বন্দ্ব উদ্ভাৱন কৰি এটা উত্তেজনাপূৰ্ণ নাটক সৃষ্টি কৰিছে, তাৰ যোগেদি তেওঁলোকৰ প্ৰকৃত পৰিশ্ৰম প্ৰকাশ পাইছে...

[4][8]

আৰু চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

চোখেৰ বালি (১৯৩৮ চনৰ চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Chokher Bali (1938)" (en ভাষাত). The A.V. Club. https://www.avclub.com/film/reviews/chokher-bali-1938। আহৰণ কৰা হৈছে: 2024-06-07. 
  2. FilmiClub. "Chokher Bali (1938)" (en-US ভাষাত). FilmiClub. Archived from the original on 2024-06-07. https://web.archive.org/web/20240607065226/https://www.filmiclub.com/movie/chokher-bali-1938-bengali-movie। আহৰণ কৰা হৈছে: 2024-06-07. 
  3. "Chokher Bali (1938)". Indiancine.ma. https://indiancine.ma/CNT। আহৰণ কৰা হৈছে: 2024-06-07. 
  4. 4.0 4.1 Rai, Anugamini; Rai, Shri Krishan (2015-10-05) (en ভাষাত). Adaptations: Some Journeys from Words to Visuals. Cambridge Scholars Publishing. ISBN 978-1-4438-8409-9. https://books.google.com/books?id=pJbWCgAAQBAJ&pg=PA10. 
  5. Hawker, Philippa (2005-09-28). "Chokher Bali: A Passion Play" (en ভাষাত). The Age. https://www.theage.com.au/entertainment/movies/chokher-bali-a-passion-play-20050929-ge0yg9.html। আহৰণ কৰা হৈছে: 2024-06-07. 
  6. Chakraborty, Mridula Nath (2014-03-26) (en ভাষাত). Being Bengali: At Home and in the World. Routledge. ISBN 978-1-317-81890-8. https://books.google.com/books?id=DUgsAwAAQBAJ&dq=Chokher+Bali+1938&pg=PA110. 
  7. Service, Statesman News (2020-05-11). "Page to Screen" (en ভাষাত). The Statesman. https://www.thestatesman.com/opinion/page-to-screen-1502886892.html। আহৰণ কৰা হৈছে: 2024-06-07. 
  8. Some Journeys from Words to Visuals. "Adaptations". Archived from the original on 7 June 2024. https://web.archive.org/web/20240607074104/https://www.cambridgescholars.com/resources/pdfs/978-1-4438-7466-3-sample.pdf। আহৰণ কৰা হৈছে: 7 June 2024.