সমললৈ যাওক

চোখেৰ বালি (২০০৩ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চোখেৰ বালি
পৰিচালক ঋতুপৰ্ণ ঘোষ
ভিত্তি চোখেৰ বালি
লেখক: ৰবীন্দ্ৰনাথ ঠাকুৰ
প্ৰযোজক শ্ৰীকান্ত মোহতা
মহেন্দ্ৰ চোনী
অভিনয়ত ঐশ্বৰ্য ৰায়
ৰাইমা সেন
প্ৰসেনজিৎ চেতাৰ্জী
টোতা ৰায় চৌধুৰী
লিলি চক্ৰৱৰ্তী
চিত্ৰগ্ৰহণকাৰী অভিক মুখোপধ্যায়
সম্পাদনা অৰ্ঘকমল মিত্ৰ
সংগীত পৰিচালক দেৱজ্যোতি মিশ্ৰ
প্ৰযোজনা
কোম্পানী
শ্ৰীভেংকটেছ ফিল্ম
মুক্তি
২ অক্টোবৰ ২০০৩ (2003-10-02) (India)
দৈৰ্ঘ্য
১৪৩ মিনিট
দেশ ভাৰত
ভাষা বঙালী
বাজেট ২৫ মিলিয়ন ভাৰতীয় টকা [1]

চোখৰ বালি (ইংৰাজী: Chokher Bali) হৈছে ২০০৩ চনত মুক্তি পোৱা এখন বঙালী ভাষাৰ এখন ড্ৰামা বা নাট্যধৰ্মী ছবি। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৯০৩ চনৰ চোখেৰ বালি উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। পৰিচালক আছিল ঋতুপৰ্ণ ঘোষ। ইয়াত ঐশ্বৰ্য ৰায়ে বিনোদিনীৰ চৰিত্ৰত আৰু ৰাইমা সেনে আশালতাৰ চৰিত্ৰত অভিনয় কৰিছে। আশালতা আৰু বিনোদিনীয়ে ইজনে সিজনক চোখেৰ বালি বুলি অভিহিত কৰে। আন আন প্ৰধান চৰিত্ৰত অভিনয় কৰিছে, মহেন্দ্ৰৰ চৰিত্ৰত প্ৰসেনজিৎ চেটাৰ্জীয়ে, মহেন্দ্ৰৰ মাতৃ ৰাজলক্ষ্মীৰ চৰিত্ৰত লিলি চক্ৰৱৰ্তীয়ে, মহেন্দ্ৰৰ ঘনিষ্ঠ বন্ধু বেহাৰীৰ চৰিত্ৰত টোটা ৰায় চৌধুৰীয়ে আৰু এটা সৰু চৰিত্ৰত স্বস্তিকা মুখাৰ্জীয়ে। পিছত ছবিখন হিন্দী ভাষাত ডাব কৰা হয় আৰু সেই ভাষাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুক্তি লাভ কৰে।

মুক্তিৰ লগে লগে চোখৰ বালিয়ে সমালোচনা আৰু বক্স অফিচত ইতিবাচক সমাদৰ লাভ কৰে।[2][3][4]

চোখৰ বালিয়ে বাংলা ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি , শ্ৰেষ্ঠ সাজ-পোছাক ডিজাইন, আৰু শ্ৰেষ্ঠ কলা নিৰ্দেশনা, এই তিনিটা শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ২০০৩ চনত লোকাৰ্নো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনক শ্ৰেষ্ঠ চলচ্চিত্ৰৰ গোল্ডেন লিঅ'পাৰ্ড বঁটাৰ বাবে মনোনীত কৰা হয়।[5] ১৯ অক্টোবৰত ভাৰতৰ ৩৪তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত চোখেৰ বালি প্ৰদৰ্শিত হয়।[6] ২০০৩ চনত চিকাগো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ইয়াক আধিকাৰিক নিৰ্বাচন কৰা হৈছিল। তাৰোপৰি টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱকে ধৰি ২৫টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত এইখন প্ৰদৰ্শিত হৈছিল।[7]

চাউণ্ডট্ৰেক

[সম্পাদনা কৰক]

ছবিখনৰ নেপথ্য সংগীত দেৱজ্যোতি মিশ্ৰৰ আৰু উল্লেখযোগ্য যে ইয়াত কোনো নেপথ্য গীত নাই। চোখেৰ বালিত শ্ৰীলা মজুমদাৰে ঐশ্বৰ্য ৰায়ৰ বাবে আৰু সুদীপ্ত চক্ৰৱৰ্তীয়ে ৰাইমা সেনৰ বাবে ডাব কৰিছিল।

সমালোচনা

[সম্পাদনা কৰক]

বিনোদিনীৰ চৰিত্ৰত অভিনয় কৰি ঐশ্বৰ্যই সমালোচকৰ প্ৰশংসা লাভ কৰে।[8][9][10][11] আনন্দবজাৰ পত্ৰিকাত চন্দ্ৰিল ভট্টাচাৰ্যই ছবিখনৰ পৰিচালনা, চিত্ৰনাট্য, নেপথ্য সংগীত, শব্দ ডিজাইন, চিত্ৰগ্ৰহণ, প্ৰডাকচন ডিজাইনৰ লগতে সুদীপ্ত চক্ৰৱৰ্তীৰ ডাবিঙৰ বাবে প্ৰশংসা কৰে। প্লেনেট বলীউডৰ একাংশু খেৰাই ছবিখনক ৮/১০ ৰেটিং প্ৰদান কৰে। তেওঁ চিত্ৰগ্ৰহণ সুন্দৰ বুলি বিবেচনা কৰিছিল আৰু গানৰ দৃশ্য গ্ৰহণত লিপ-চিংক নোহোৱাত আনন্দিত হৈছিল। অৱশ্যে তেওঁ কয় যে "ডাবিঙত বহুখিনি কম থাকি গ’ল" আৰু তেওঁ বিচাৰিছিল যে কোনোবা বেলেগ পৰিচালকে হিন্দীত ডাব কৰক। তেওঁ লগতে উল্লেখ কৰে যে ছবিখনে "পৰিৱেশ আৰু বিচাৰধাৰাই এক নিৰ্দিষ্ট দৰ্শকক আকৰ্ষণ কৰে।"[12] এবিচি অষ্ট্ৰেলিয়াৰ মাৰ্গাৰেট প'মেৰেঞ্জেই ছবিখনক ৫ টা তাৰকাৰ ভিতৰত ৩ টা তাৰকা প্ৰদান কৰি কয় যে "ভাৰতীয় সংস্কৃতি আৰু ৰীতি-নীতিৰ ক্ষেত্ৰত যি অন্তৰ্দৃষ্টি দিয়ে, সেয়া আকৰ্ষণীয় আৰু ই আৱেগৰ অতিৰিক্ত বোজাৰ সৈতে সামান্য অধৈৰ্য্যতাক অতিক্ৰম কৰাৰ প্ৰৱণতা থাকে।" এবিচিৰ ডেভিদ ষ্ট্ৰেটনে ছবিখনক ৫ টা তাৰকাৰ ভিতৰত ৩.৫ তাৰকা দি মন্তব্য কৰিছিল যে ছবিখনৰ সংস্কৰণটো কেনেকৈ ৪০ মিনিট চুটিকৈ সম্পাদনা কৰা হৈছিল, অথচ ছবিখনৰ অভিনয় সুন্দৰ আৰু আকৰ্ষণীয়।[13]

আৰু চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Ghosh, Tanmoy (2003). "Chokher Bali". Filmfare. Archived from the original on 4 December 2003. https://web.archive.org/web/20031204162138/http://movies.indiatimes.com/articleshow/218111.cms. 
  2. "Alluring Ash". The Hindu (Chennai, India). 13 November 2003. http://www.hindu.com/mp/2003/11/13/stories/2003111300830200.htm. 
  3. "| Bollywood News | Celebrity News". Bollywood Hungama. 2 April 2011. https://www.bollywoodhungama.com/news/bollywood/2003-a-crucial-year-for-abhishek/। আহৰণ কৰা হৈছে: 8 July 2012. 
  4. "Bengali films zoom in on profits". Rediff.com. 10 January 2004. http://www.rediff.com/money/2004/jan/10spec1.htm। আহৰণ কৰা হৈছে: 8 July 2012. 
  5. "International Film Festival Locarno". Archived from the original on 27 February 2007. https://web.archive.org/web/20070227173258/http://jahia.pardo.ch/index.jsp। আহৰণ কৰা হৈছে: 15 March 2007. 
  6. "Why Ash loves Binodini". Rediff. 20 October 2003. http://www.rediff.com/movies/2003/oct/20ash.htm. 
  7. "The Toronto Film Festival". Time. Archived from the original on 17 May 2007. https://web.archive.org/web/20070517074714/http://www.time.com/time/asia/photoessays/toronto_film2003/index.html. 
  8. "Ash will be remembered in Chokher Bali". Rediff. 5 May 2003. http://sports.rediff.com/movies/2003/may/05ritu.htm. 
  9. "Aishwarya's screen presence and passion play". Rediff.com. http://in.rediff.com/movies/2003/oct/07chokher.htm। আহৰণ কৰা হৈছে: 7 October 2003. 
  10. "Chokher Bali will widen my horizon". The Times of India. https://timesofindia.indiatimes.com/entertainment/bollywood/news-interviews/Chokher-Bali-will-widen-my-horizon/articleshow/61693.cms. 
  11. "A director's film". The Hindu. Archived from the original on 30 November 2006. https://web.archive.org/web/20061130090005/http://www.hinduonnet.com/thehindu/mag/2003/11/16/stories/2003111600410500.htm। আহৰণ কৰা হৈছে: 16 November 2003. 
  12. "Chokher Bali - movie review by Ekanshu Khera - Planet Bollywood". http://www.planetbollywood.com/displayReview.php?id=032906041452। আহৰণ কৰা হৈছে: 25 March 2011. 
  13. "Chokher Bali - movie review by Ekanshu Khera - Planet Bollywood". http://www.planetbollywood.com/displayReview.php?id=032906041452। আহৰণ কৰা হৈছে: 25 March 2011.