চোলাপুৰী চাদ্দৰ
চোলাপুৰ চাদ্দৰ বা চাদৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন চহৰ চোলাপুৰত তৈয়াৰী কপাহী কম্বল।[1] এই কম্বলসমূহ ভাৰতত জনপ্ৰিয়; ইয়াক পূৰ্বতে হস্ত-তাঁতশালৰদ্বাৰা নিৰ্মাণ কৰা হয় কিন্তু এতিয়া জেকাৰ্ড মেচিনৰদ্বাৰা আৰু ইয়াৰ অনন্য ডিজাইন আৰু স্থায়িত্বৰ বাবে জনাজাত।[2] চোলাপুৰী চাদৰ মহাৰাষ্ট্ৰৰ সোলাপুৰৰ প্ৰথম উৎপাদন যিয়ে ভৌগোলিক সূচক (GI) মৰ্যাদা লাভ কৰিছিল।[3]
ইতিহাস
[সম্পাদনা কৰক]বস্ত্ৰ উদ্যোগৰ বাবে চোলাপুৰ পৰিচিত। এসময়ত এই চহৰখনত এছিয়াৰ আটাইতকৈ ডাঙৰ বয়ন যন্ত্ৰ (স্পিনিং মিল) আছিল।[1] চোলাপুৰত হস্ততাঁত বোৱা উদ্যোগৰ বিকাশ পেছৱাসকলৰ শাসনকালৰ পৰাই আৰম্ভ হোৱা যেন লাগে।[2] উদ্যোগটোত অসংখ্য সৰু সৰু স্বতন্ত্ৰ শিল্পী শিপিনী আছিল। প্ৰতিখন শিল্পী-ঘৰতে এখন বা দুখন তাঁতশাল আছিল, যিবোৰ সাধাৰণতে পৰিয়ালৰ মুৰব্বীয়ে চম্ভালিছিল। পৰিয়ালটোৱেই আছিল কামৰ এটা গোট আৰু মহিলা আৰু শিশুসকলে শিপিনীক প্ৰস্তুতি প্ৰক্ৰিয়াত আৰু কিছুমান ক্ষেত্ৰত ৰং কৰাত সহায় কৰিছিল। ১৯৭০ চনত ভাৰতত আধুনিক কাৰখানাৰ উত্থানে স্থানীয় হাতেৰে তাঁতশাল বোৱা উদ্যোগৰ সংগঠন সলনি কৰি পেলায়।[2][4] ১৯৫০ চনত চোলাপুৰত উপস্থিত থকাৰ পৰাই দক্ষিণ ভাৰতৰ পদ্মশালি শিপিনীসকলে এইবোৰ নিৰ্মাণ কৰি আহিছে। চোলাপুৰ জিলাত বহু কোম্পানীয়ে চাদৰ নিৰ্মাণ কৰে।[5]
ৰপ্তানি
[সম্পাদনা কৰক]মহাৰাষ্ট্ৰৰ উপৰিও ভাৰতৰ ভিতৰত কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, ৰাজস্থানত চোলাপুৰী চাদ্দৰৰ চাহিদা আছে, আনহাতে সংযুক্ত আৰব আমিৰশ্বাহী, কুৱেইট, দক্ষিণ আফ্ৰিকা, আমেৰিকা, যুক্তৰাজ্য আৰু কানাডাতো ইয়াৰ চাহিদা আছে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Srivastava, Roli (12 October 2014). "Shindes losing ground like chaddar in Solapur.". The Times of India. http://timesofindia.indiatimes.com/home/specials/assembly-elections-2014/maharashtra-news/Shindes-losing-ground-like-chaddar-in-Solapur/articleshow/44794881.cms.
- ↑ 2.0 2.1 2.2 "Cottage Industry in Solapur". Official Website of Solapur District. http://solapur.gov.in/htmldocs/1977/ind_cottage.html। আহৰণ কৰা হৈছে: 6 July 2015.
- ↑ Gurubal Mali (25 June 2015). "Kolhapuri Masalyala 'GI' chi Phodani" (mr ভাষাত). Maharashtra Times (Kolhapur). Archived from the original on 7 July 2015. https://web.archive.org/web/20150707032726/http://maharashtratimes.indiatimes.com/maharashtra/kolhapur/masala-gi/articleshow/47807111.cms.
- ↑ 4.0 4.1 अभय दिवाणजी (19 January 2013). "আৰ্কাইভ কপি" (mr ভাষাত). Saptahik Sakal. Archived from the original on 7 July 2015. https://web.archive.org/web/20150707043624/http://www.saptahiksakal.com/SaptahikSakal/20130119/5252357514474706604.htm.
- ↑ "Welcome to Pulgam Textiles, Solapur". Pulgam textiles. Archived from the original on 23 January 2016. https://web.archive.org/web/20160123095450/http://pulgamtextiles.com/index1.htm। আহৰণ কৰা হৈছে: 13 February 2016.