সমললৈ যাওক

চোলাপুৰী চাদৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চোলাপুৰী চাদৰ (ইংৰাজী: Solapuri Chaddar; "চোলাপুৰ কম্বল ") হৈছে ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন চহৰ চোলাপুৰত নিৰ্মিত কপাহৰ কম্বলজাতীয় ডাঠ চাদৰ । [1] এই চাদৰসমূহ ভাৰতত জনপ্ৰিয়। পূৰ্বে হাতৰ তাঁতশালৰ দ্বাৰা আৰু বৰ্তমানে জেকাৰ্ড মেচিনৰ দ্বাৰা এই চাদৰ নিৰ্মাণ কৰ হয়। এই চাদৰ বা কম্বলসমূহ ইয়াৰ অনন্য ডিজাইন আৰু স্থায়িত্বৰ বাবে পৰিচিত। [2] চোলাপুৰী চাদৰ মহাৰাষ্ট্ৰৰ চোলাপুৰতে প্ৰথমে উৎপাদিত। ইয়াৰে স্বীকৃতি হিচাপে এই চাদৰে ভৌগোলিক সূচক (GI) মৰ্যাদা লাভ কৰিছিল। [3]

বস্ত্ৰ উদ্যোগৰ বাবে চোলাপুৰ পৰিচিত ৷ এসময়ত এই চহৰখনত এছিয়াৰ আটাইতকৈ ডাঙৰ স্পিনিং মিল আছিল ৷ [4] চোলাপুৰৰ হস্ততাঁত উদ্যোগৰ বিকাশ পেশ্বৱাৰ সকলৰ শাসনৰ পৰাই আৰম্ভ হৈছিল বুলি জনা যায় ৷ [5] উদ্যোগটোত অসংখ্য সৰু সৰু স্বতন্ত্ৰ শিল্পী, শিপিনী কৰ্মৰত আছিল। প্ৰতিগৰাকী শিল্পীৰ ঘৰতে এখন বা দুখনকৈ তাঁতশাল আছিল যিবোৰ সাধাৰণতে পৰিয়ালৰ মুৰব্বীয়ে চম্ভালিছিল। সমগ্ৰ পৰিয়ালটোৱেই এই কৰ্মত জড়িত হৈছিল। ইয়াৰে মহিলা আৰু শিশুসকলে শিপিনীক প্ৰস্তুতি প্ৰক্ৰিয়াত আৰু কিছুমান ক্ষেত্ৰত ৰং কৰাত সহায় কৰিছিল। ১৯৭০ চনত ভাৰতত আধুনিক কাৰখানাৰ উত্থানে স্থানীয় হাতৰ তাঁতশালত কাপোৰ বোৱা উদ্যোগ সংগঠনৰ পৰিৱৰ্তন ঘটালে। [5] [6] ১৯৫০ চনত সোলাপুৰত থকাৰ দিনৰে পৰাই দক্ষিণ ভাৰতৰ পদ্মশালি শিপিনীসকলে এইবোৰ নিৰ্মাণ কৰি আহিছে। বৰ্তমান সোলাপুৰ জিলাত বহু কোম্পানীয়ে চাদৰ নিৰ্মাণ কৰে। [7]

ৰপ্তানি

[সম্পাদনা কৰক]

মহাৰাষ্ট্ৰৰ উপৰিও ভাৰতৰ ভিতৰত কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, মধ্যপ্ৰদেশ, গুজৰাট, ৰাজস্থানত চোলাপুৰী চাদৰৰ চাহিদা আছে, আনহাতে সংযুক্ত আৰব আমিৰশ্বাহী, কুৱেইট, দক্ষিণ আফ্ৰিকা, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য আৰু কানাডাতো ইয়াৰ চাহিদা আছে বাবে এইসমূহলৈ চোলাপুৰী চাদৰ ৰপ্তানি কৰা হয়। [8]

তথ্যসূত্ৰসমূহ

[সম্পাদনা কৰক]
  1. Srivastava (12 October 2014). "Shindes losing ground like chaddar in Solapur.". The Times of India. http://timesofindia.indiatimes.com/home/specials/assembly-elections-2014/maharashtra-news/Shindes-losing-ground-like-chaddar-in-Solapur/articleshow/44794881.cms। আহৰণ কৰা হৈছে: 6 July 2015. 
  2. "Cottage Industry in Solapur". Official Website of Solapur District. Archived from the original on 9 July 2015. https://web.archive.org/web/20150709000024/http://solapur.gov.in/htmldocs/1977/ind_cottage.html। আহৰণ কৰা হৈছে: 6 July 2015. 
  3. Gurubal Mali (25 June 2015). "Kolhapuri Masalyala 'GI' chi Phodani" (mr ভাষাত). Maharashtra Times (Kolhapur). Archived from the original on 7 July 2015. https://web.archive.org/web/20150707032726/http://maharashtratimes.indiatimes.com/maharashtra/kolhapur/masala-gi/articleshow/47807111.cms। আহৰণ কৰা হৈছে: 6 July 2015. 
  4. Srivastava (12 October 2014). "Shindes losing ground like chaddar in Solapur.". The Times of India. http://timesofindia.indiatimes.com/home/specials/assembly-elections-2014/maharashtra-news/Shindes-losing-ground-like-chaddar-in-Solapur/articleshow/44794881.cms। আহৰণ কৰা হৈছে: 6 July 2015. 
  5. 5.0 5.1 "Cottage Industry in Solapur". Official Website of Solapur District. Archived from the original on 9 July 2015. https://web.archive.org/web/20150709000024/http://solapur.gov.in/htmldocs/1977/ind_cottage.html। আহৰণ কৰা হৈছে: 6 July 2015. 
  6. (mr ভাষাত). 19 January 2013. Archived from the original on 7 July 2015. https://web.archive.org/web/20150707043624/http://www.saptahiksakal.com/SaptahikSakal/20130119/5252357514474706604.htm. 
  7. "Welcome to Pulgam Textiles, Solapur". Pulgam textiles. Archived from the original on 23 January 2016. https://web.archive.org/web/20160123095450/http://pulgamtextiles.com/index1.htm। আহৰণ কৰা হৈছে: 13 February 2016. 
  8. (mr ভাষাত). 19 January 2013. Archived from the original on 7 July 2015. https://web.archive.org/web/20150707043624/http://www.saptahiksakal.com/SaptahikSakal/20130119/5252357514474706604.htm.