চোৰাত
চোৰাত | |
---|---|
![]() | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Plantae |
(অশ্ৰেণীকৃত): | Angiosperms |
(অশ্ৰেণীকৃত): | Eudicots |
(অশ্ৰেণীকৃত): | Rosids |
বৰ্গ: | Rosales |
পৰিয়াল: | Urticaceae |
গণ: | Dendrocnide |
প্ৰজাতি: | D. sinuata |
বৈজ্ঞানিক নাম | |
Dendrocnide sinuata (Blume) Chew | |
সমাৰ্থক | |
|
চোৰাত(বৈজ্ঞানিক নাম: Dendrocnide sinuata, ইংৰাজী নাম: pulutus,[1] pulus,[1] stinging tree,[1] fever nettle,[উদ্ধৃতিৰ প্ৰয়োজন] বা elephant nettle[2] ) এবিধ জোপোহা গছ৷ এই গছ এছিয়াৰ অৰ্ধক্ৰান্তীয় সেমেকা আৰু চিৰসেউজীয়া (subtropical wet evergreen forests) অঞ্চলসমূহত দেখা পোৱা যায়৷ [3] চোৰাতৰ গছৰ বহুতো ঔষধি গুণ আছে বুলিও জনা যায়৷[4]
বিভিন্ন ভাষাত নাম[সম্পাদনা কৰক]
এছিয়াৰ বিভিন্ন ভাষাত চোৰাত গছৰ ভিন্ন নাম পোৱা যায়৷
- অসমীয়া: Sirnatচোৰাত; বঙালী: Chorpata; Lepcha: Mealumma, Ongyalop, Sunkroug; নেপালী: Moringe;[4]
- তামিল: Anachoriya, Anaimeratti (‘that which threatens elephants'), Ottarbala, Otta-pilavu (ஓட்டா-பில்வு), Anaichorian (ஆனைச்சொரியன்);
- মালায়ালম: Anamayakki (ആനമയക്കി), Aanavanangi (ആനവണങ്ങി), Aanayaviratti (ആനയെവിരട്ടി), Anachoriyanam (ആനച്ചൊറിയണം), Kattanplavu (കട്ടൻപ്ലാവ്);
- কানাড়া: jwara gida (ಜ್ವರ ಗಿಡ);[5] Hindi: Morange, Utigun;
- চীনা: Quan Yuan Huo Ma Shu and থাই: Kalangtang Chang .[6]
বিস্তৃতি[সম্পাদনা কৰক]
চোৰাৰ সেমেকা চিৰসেউজীয়া বনাঞ্চলত সাগৰপৃষ্ঠৰ পৰা ৩০০-৮৫০ মিটাৰ উচ্চতাত উৎপন্ন হয়৷ কেতিয়াবা অৱশ্যে ১২০০ মিটাৰ পৰ্য্যন্ত উচ্চতালৈকে এই গছ দেখা পোৱা যায়৷
এই গছ ভাৰতৰ দাক্ষিণাত্য অঞ্চল, বিহাৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা শ্ৰীলংকা, ম্যানমাৰ, ভূটান, থাইলেণ্ড, মালয়েছিয়া আৰু চীনৰ কিছু অংশত পোৱা যায়৷ [3]
ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত এই গছৰ বিস্তৃতি ব্যাপক৷[7] উদাহৰণস্বৰূপে অৰুণাচল প্ৰদেশৰ পশ্চিম কমেং জিলাৰ ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্যৰ এটা অঞ্চলৰ নামে ছেছনি ('Sessni' ) যাৰ নিছি জনগোষ্ঠীয় ভাষাত অৰ্থ হ’ল চোৰাত৷ এই অঞ্চলৰ বাটৰ দুয়োকাষ চোৰাতেৰে ভৰি আছে৷ [8]
বিৱৰণ[সম্পাদনা কৰক]
চোৰাত গছৰ উচ্চতা প্ৰায় পাঁচ মিটাৰ পৰ্য্যন্ত হ’ব পাৰে৷ ই ডাঙৰ ডাঙৰ গছ-গছনিৰ তলত থকা চেঁচুকীয়া ঠাইত একেলগে সৰহীয়াকৈ বা নিলগা-নিলগিকৈ একেডোখৰ সেউজীয়া হাবিত উৎপন্ন হয়৷ নতুনকৈ উৎপন্ন হোৱা কুমলীয়া ঠাল-ঠেঙুলি আৰু পাতৰ উপৰিভাগত চুটি চুটি শুঙে বিকাশ লাভ কৰে৷ এই পাত ব ঠাৰি গাত লাগিলে ভীষণ খজুৱতি হয়৷[9]
এই গছৰ গা-গছৰ বাকলি বগা আৰু মিহি৷[5] পাতবোৰ ধপলা-ধপল৷ ডাঠ চানেকীয়া কোমল পাতৰ গুৰিভাগে ঘুৰণীয়াকৈ ঠাৰিৰফালে চাপ খোৱাৰ আকৃতি প্ৰদৰ্শন কৰে আৰু আগৰফালে ক্ৰমে চিয়াঁ হৈ অৱশেষত জোঙা হৈ পৰে৷ পাতৰ উপপৰিভাগত বিকশিত হোৱা শুংবিলাক চুটি চুটি হোৱাৰ বাবে খালি চকুৰে মনিব নোৱাৰি৷[9]
চোৰাতগছত জাৰকালি ফুল ফুলে৷ ফুলৰ বৰণ বগা চানেকীয়া হয়৷ ফুলবোৰ পুৰঠ হ’লে উৎপত্তি হোৱা ফল বগা আৰু মঙহাল হয়৷[9]
ব্যৱহাৰ[সম্পাদনা কৰক]
চোৰাতৰ পৰা হোৱা বিষ আৰু খজুৱতিৰ আঁৰত কি বিষাক্ত পদাৰ্থ আছে সেয়ে এতিয়াও নিশ্চিতভাৱে জানিব পৰা হোৱা নাই৷ কিন্তু ফৰমিক এচিড, চেৰ’টনিন, হিষ্টামিন, অক্সেলিক এছিড বা টাৰটাৰিক এচিডৰ কোনো এবিধ থকা বুলি সন্দেহ কৰা হয়৷[2][10]
চোৰাত গছৰ শিপাৰ ৰস জ্বৰৰ পথ্যৰূপে ব্যৱহাৰ কৰা হয় বুলি জনা যায়৷ শিপা পানীত সিদ্ধ কৰি জণ্ডিছৰ বাবেও ব্যৱহাৰ কৰা হয়৷ এই গছৰ পাত আৰু শিপা আঘাত, জুয়েপোৰা আদিৰ বাবেও ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়৷ এই গছৰ শিপাৰ 2a, 3, 21, 24, 28-pentahydroxy-olean-12-enes নামৰ এবিধ ৰাসাুনিক পদাৰ্থ থকাৰ বাবে ই বেক্টেৰিয়া নিৰ্মুলত সহায় কৰে৷[4]
তাৰোপৰি চোৰাত গছ মেলেৰিয়া, গ্ৰহণী, মূত্ৰাশয়ৰ ৰোগ আদিৰ বাবে উত্তৰ-পূবৰ নিছি, আপাটানি, আদিবাসী, কাৰবি, ডিমাছা, খাছি আদি জনগোষ্ঠীয়ে ঔষধ হিচাপে ব্যৱহাৰ কৰে৷ [11]
চোৰাত গছৰ কাণ্ডৰ পৰা ওলোৱা সূতা কাপোৰ তৈয়াৰ কৰাতো ব্যৱহাৰ হয়৷ [4]
তথ্যউৎস[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 "The Australian Plant Names Index". http://www.anbg.gov.au/cgi-bin/apx?taxon_id=104181.
- ↑ 2.0 2.1 Janaki Lenin (11 February 2011), "My Husband and other Animals — Innocent plant, deadly sting", The Hindu - S & T » ENERGY & ENVIRONMENT (Chennai: Kasturi & Sons Ltd.), http://www.thehindu.com/sci-tech/energy-and-environment/article1410829.ece, r কৰা হৈছে: 26 February 2012
- ↑ 3.0 3.1 "Dendrocnide sinuata (Blume) Chew, Gard. Bull. Singapore. 21: 206. 1965.", Flora of China খণ্ড 5: p. 90, http://www.efloras.org/florataxon.aspx?flora_id=2&taxon_id=242317378, r কৰা হৈছে: 2011-02-14
- ↑ 4.0 4.1 4.2 4.3 T.K. Paul; A. Kumar, "Dendrocnide sinuata (Blume) Chew [Urticaceae. – A plant that can be grown to repulse the wild elephants."], ENVIS NEWSLETTER, From Directors desk (Keystone Foundation): p. 5, ISSN 0974-1992, http://www.keystone-foundation.org/download/329/, r কৰা হৈছে: 25 February 2012
- ↑ 5.0 5.1 "Dendrocnide sinuata (Bl.) Chew - URTICACEAE", Biodiversity Informatics and co-Operation in Taxonomy for Interactive shared Knowledge base (BIOTIK), http://www.biotik.org/india/species/d/dendsinu/dendsinu_en.html, r কৰা হৈছে: 2011-02-14
- ↑ Dendrocnide sinuata, http://zipcodezoo.com/Plants/D/Dendrocnide_sinuata/, r কৰা হৈছে: 2011-02-14
- ↑ Rawat, G.S., ed. (2008), "Special Habitats and Threatened Plants of India", ENVIS Bulletin: Wildlife and Protected Areas (Dehradun, India: Wildlife Institute of India) খণ্ড 11 (1): p. 84, http://www2.wii.gov.in/envis/Special_Habitat_Threatened_Plants_of_India/Special_Habitat_Threatened_Plants_of_India.pdf, r কৰা হৈছে: 2011-02-26[সংযোগবিহীন উৎস]
- ↑ text: Bikram Grewal; images: Ramki Sreenivasan (28 February – 8 March 2009), "In search of the Bugun Liocichla and other parables from Eaglenest", Birds of India, Eaglenest 2009 - Trip Report (Sumit K. Sen), http://www.kolkatabirds.com/hillbirdsofind/eaglenesttrip2009.htm, r কৰা হৈছে: 26 February 2012
- ↑ 9.0 9.1 9.2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ.
- ↑ Beddome, R.H. (1869). The Flora Sylvatica for Southern India. Volume II. প্ৰকাশক Madras: Gantz Brothers. পৃষ্ঠা. 306. https://archive.org/stream/florasylvaticafo02bedd#page/306/mode/1up/.
- ↑ Tanti, Bhaben; Buragohain, Alak Kumar; Gurung, Lisha; Kakati, Debashree (March 2010), "Assessment of antimicrobial and antioxidant activities of Dendrocnide sinuata (Blume) Chew leaves–A medicinal plant used by ethnic communities of North East India", IJNPR Vol.1(1) [March 2010] (New Delhi: Council of Scientific and Industrial Research (CSIR)), ISSN 0976-0504, http://nopr.niscair.res.in/bitstream/123456789/7687/1/IJNPR%201%281%29%2017-21.pdf, r কৰা হৈছে: 2011-02-14
লগতে চাওক[সম্পাদনা কৰক]
- Anonymous. 1962. Wealth of India, Raw Materials, 6: 34-35. Council of Scientific & Industrial Research, New Delhi.
- Chopra, R.N., S.L. Nayar & I.C. Chopra. 1956. Glossary of Indian Medicinal Plants, p. 150. Council of Scientific & Industrial Research, New Delhi.
- Rahman, M.M., A. Khan, M.E. Haque & M.M. Rahman. 2008. Antimicrobial and cytotoxic activities of Laportea crenulata. Fitoterapia79: 584-586