চ্যাৱন
চ্যাৱন | |
|---|---|
![]() ১৭ শতিকাত শিল্পীৰ কল্পনাত চ্যাৱন | |
| ব্যক্তিগত | |
| ধৰ্ম | হিন্দুধৰ্ম |
| দাম্পত্যসংগী | সুকন্যা |
| সন্তান | ঔৰৱা, অপ্নাৱানা, দধিচা, প্ৰমতি, সুমনা, আৰু হৰিতা |
| পিতৃ-মাতৃ | |

চ্যাৱন হিন্দু ধৰ্মৰ এজন ঋষি আছিল। উপনিষদত ভৃগু বাৰুণী নামেৰেও জনাজাত ভৃগুৰ পুত্ৰ আছিল আৰু অশ্বিনসকলে প্ৰস্তুত কৰা বিশেষ বনৌষধি মলম বা চ্যাৱনপ্ৰাছ[2][3] নামৰ টনিকৰদ্বাৰা সজীৱ কৰি তোলাৰ বাবে জনাজাত।[4] মহাভাৰতৰ মতে তেওঁ ইন্দ্ৰৰ স্বৰ্গীয় বজ্ৰৰ বিৰোধিতা কৰিব পৰাকৈ শক্তিশালী আছিল, আৰু অশ্বিনসকলে বলিদানৰ অংশ লাভ কৰাৰ বাবে তেওঁ দায়বদ্ধ আছিল। ইয়াক লাভ কৰিবলৈ তেওঁ মাদ নামৰ এটা অসুৰ সৃষ্টি কৰিছিল।[5]
ঋগবেদতো চ্যাৱনৰ উল্লেখ আছে, য’ত তেওঁক এজন বৃদ্ধ আৰু দুৰ্বল ব্যক্তি হিচাপে বৰ্ণনা কৰা হৈছে, যাৰ যৌৱন আৰু শক্তি অশ্বিনভাতৃদ্বয়ে পুনৰ ঘূৰাই আনিছিল (RV VII.68:6)।[6] ঋগ্বেদ X.61:1-3 ৰ মতে,[7] চ্যৱন ইন্দ্ৰ উপাসক তুৰ্বায়ণৰ দুৰ্বল বিৰোধী আছিল, প্ৰথমজন অশ্বিনসকলৰ ওচৰৰ আছিল।[8]
এটা পৰম্পৰা অনুসৰি তেওঁ বৈৱস্বত মনুৰ কন্যা আৰুষীক বিয়া কৰাইছিল। তেওঁলোকৰ পুত্ৰৰ নাম আছিল ঔৰ্ব। আন এক পৰম্পৰা অনুসৰি বৈদিক ৰজা শৰ্যতীৰ কন্যা আৰু বৈৱস্বত মনুৰ নাতিনী সুকন্যাক বিয়া কৰাইছিল। তেওঁলোকৰ দুজন পুত্ৰ আছিল: অপ্নাৱন আৰু দধিচা।[9] তেওঁক হৰিতা আৰু উদ্দালক বাৰুণীৰ পিতৃ হিচাপেও গণ্য কৰা হয়।[5]
কিম্বদন্তি
[সম্পাদনা কৰক]জন্ম
[সম্পাদনা কৰক]মহাভাৰতত পোৱা এটা বিৱৰণী অনুসৰি, (আদি পৰ্ব, অধ্যায় ৫-৬) যেতিয়া ভৃগুৰ পত্নী পুলোমা গৰ্ভৱতী হৈ তেওঁৰ আশ্ৰমত বাস কৰিছিল, তেতিয়া এজন ৰাক্ষসে তেওঁক হাৰাশাস্তি কৰিছিল। পুলোমাৰ গৰ্ভস্থ সন্তানটো তেওঁ গৰ্ভৰপৰা স্থানচ্যুত হৈ আগতীয়াকৈ প্ৰসৱ হয়, যাক সংস্কৃতত 'চ্যুত' শিশু বুলি কয় আৰু এইদৰেই তেওঁ নাম চ্যাৱন পালে। শিশুটি ভূমিষ্ঠ হোৱা দেখি ৰাক্ষসে মাতৃক মুকলি কৰি দিলে,[10] কিন্তু লগে লগে ছাইলৈ ৰূপান্তৰিত হ'ল।
চ্যাৱনে পিতৃৰপৰা বেদ অধ্যয়ন কৰি পিছলৈ ব্ৰহ্মৰপৰা বেদৰ জ্ঞান আহৰণ কৰে। পৰৱৰ্তী সময়ত তেওঁ ব্ৰহ্মৰ্ষি হৈ পৰে।
তপস্যা আৰু পুনৰ্জীৱন
[সম্পাদনা কৰক]চ্যাৱনৰ তপস্যা আৰু পৰৱৰ্তী যৌৱন পুনৰুদ্ধাৰৰ আখ্যান ব্ৰাহ্মণৰ আদিম সংস্কৰণত পোৱা যায়। এই আখ্যানৰ পৰৱৰ্তী সংস্কৰণ মহাভাৰতত পোৱা যায়। তাৰ পিছৰ অধিক সংস্কৰণ ভাগৱত পুৰাণ আৰু পদ্ম পুৰাণত পোৱা যায়।[11]
ব্ৰাহ্মণ
[সম্পাদনা কৰক]শতপথ ব্ৰাহ্মণ (IV.1.5.1-13)ত পোৱা এটা আখ্যানত চ্যাৱনক ভৃগুৰ বংশধৰ বুলি উল্লেখ কৰা হৈছে। আন ভৃগুসকল আঁতৰত থকাৰ সময়তে জড়াগ্ৰস্ত চ্যাৱনে তেওঁৰ আশ্ৰমত বাস কৰি আছিল। এবাৰ মনুৰ পুত্ৰ ৰজা শৰ্যতীয়ে সৈন্যবাহিনীৰ সৈতে চ্যৱণৰ আশ্ৰম (আশ্ৰম)ৰ ওচৰত চিকাৰৰ বাবে আহিছিল। শৰ্যতীৰ সন্তানবোৰো তেওঁৰ লগত আছিল। তেওঁলোক চ্যাৱন ঋষিৰ আশ্ৰমলৈ গ’ল, য’ত ঋষি ধ্যান কৰি আছিল। উঁয়ে তেওঁৰ শৰীৰটো ঢাকি ৰাখিছিল, কেৱল তেওঁৰ চকু দুটাহে দেখা গৈছিল। তেওঁলোকে চ্যাৱনক অপমান কৰিলে আৰু তাৰ ক্ৰোধত ঋষিয়ে তেওঁলোকক অভিশাপ দিলে। তেওঁৰ এই অভিশাপে শৰ্যাতীৰ পৰিয়ালৰ মাজত বিসংগতিৰ সৃষ্টি কৰিছিল। শৰ্যাতিয়ে যেতিয়া তেওঁৰ দুৰ্ভাগ্যৰ কাৰণ বিচাৰি পালে, তেতিয়া তেওঁ নিজৰ কন্যা সুকন্যাক চ্যাৱনক বিয়া দিবলৈ আগবঢ়ালে, যাতে তাই পূজনীয় সাধুজনৰ যত্ন ল’ব পাৰে।
পিছত অশ্বিনসকলে তেওঁৰ আশ্ৰমলৈ আহি, সুকন্যাক মোহ নিয়াবলৈ চেষ্টা কৰিলে। স্বামীক এৰি যাবলৈ অস্বীকাৰ কৰা সুকন্যায় তাৰ পৰিৱৰ্তে অশ্বিনহঁতক চ্যাৱনৰ যৌৱন পুনৰ ঘূৰাই আনিবলৈ ক’লে। তেওঁলোকৰ পৰামৰ্শ অনুসৰণ কৰি তিনিটা চিকিৎসাৰ সংমিশ্ৰণেৰে চ্যাৱনৰ যৌৱন পুনৰ ঘূৰি আহিল। কিছুমান বনৌষধি পুখুৰীত ভৰাই থৈ ঋষিক পুখুৰীত ডুব যাবলৈ কোৱা হৈছিল।[12] কায়াকল্পৰ অংশ ঋষিৰ শৰীৰত প্ৰয়োগৰ বাবে বনৌষধিৰ পেষ্ট প্ৰস্তুত কৰা হৈছিল। ঋষিৰ বাবে ঔষধ হিচাপে গ্ৰহণ কৰিবলৈ বিশেষ বনৌষধিৰ পেষ্ট চ্যাৱনপ্ৰাছ প্ৰস্তুত কৰা হৈছিল।
বিনিময়ত আশ্বিনসকলে সুকন্যাৰ পৰামৰ্শমতে কুৰুক্ষেত্ৰৰ যজ্ঞত অংশ লাভ কৰিছিল। ঐতৰেয় ব্ৰাহ্মণত (VIII.21.4) তেওঁৰদ্বাৰা শৰ্যতীৰ উদ্বোধনী অনুষ্ঠানক ইন্দ্ৰৰ ৰাজ অভিষেকৰ সৈতে তুলনা কৰা হৈছে।[8]
মহাভাৰত
[সম্পাদনা কৰক]মহাভাৰতৰ বন পৰ্বত (অধ্যায় ১২২-৫) পোৱা আখ্যান অনুসৰি চ্যাৱনে হ্ৰদৰ কাষত তপস্যাত ইমানেই মগ্ন হৈ পৰিছিল যে, তেওঁৰ গোটেই শৰীৰত উঁয়ে মাটি তুলি টিলা গঢ়ি তুলিছিল আৰু তেওঁৰ চকু দুটাহে বাকী আছিল। এবাৰ শৰ্যতীয়ে সৈন্য আৰু ঘৰৰ লোকৰ সৈতে সেই ঠাইখন চাবলৈ আহিছিল। ৰজা শৰ্যতীৰ কন্যা সুকন্যায় ঢিপটোত জোনাকী পৰুৱাৰ দৰে উজ্জ্বল চকু দুটা দেখা পাই পৰুৱা বুলি লাঠিৰে খুচি দিলে। চ্যাৱনে অত্যধিক বিষ অনুভৱ কৰি ক্ৰোধিত হৈ পৰিল। শৰ্যতীৰ সৈন্যই প্ৰকৃতিৰ আহ্বানত বাধা দিছিল। ৰজাই তেওঁক নিজৰ কন্যাক বিয়া দিয়াৰ পাছতহে চ্যাৱন সন্তুষ্ট হৈছিল।[13] পৰৱৰ্তী সময়ত অশ্বিনসকল চ্যাৱনৰ আশ্ৰমলৈ আহিছিল। সুকন্যা গা ধুই থাকোঁতে দেখা পাই, সুকন্যাক বুঢ়া আৰু কুৎসিত চ্যাৱনক নাকচ কৰি তাৰে এজনক স্বামী বুলি মানি ল’বলৈ পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে। তেওঁলোকে প্ৰথমে চ্যাৱনৰ যৌৱন পুনৰুদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতিও দিছিল যাতে সুকন্যায় চ্যাৱন আৰু তেওঁলোকৰ এজনৰ মাজত নিৰপেক্ষ বাছনি কৰিব পাৰে। সুকন্যায় তেওঁলোকৰ প্ৰস্তাৱ নাকচ কৰি চ্যাৱনক খবৰ দিলে। পিছত চ্যাৱনৰ নিৰ্দেশত সুকন্যায় অশ্বিনসকলক অনুৰোধ কৰিলে, তিনিওজনে পুখুৰীত গা ধুই ওলাই আহিল একেই যৌৱনৰ ঐশ্বৰিক ৰূপ পালে। প্ৰত্যেকেই সুকন্যাক নিজৰ কইনা হ’বলৈ অনুৰোধ কৰিলে, কিন্তু তেওঁ চ্যাৱনক চিনাক্ত কৰি ল’ব পাৰিলে। কৃতজ্ঞতা প্ৰকাশ কৰি চ্যাৱনে অশ্বিনসকলক আশ্বাস দিলে যে, তেওঁ নিশ্চিত কৰিব যে অশ্বিনসকলে যজ্ঞৰ অংশ লাভ কৰে।[14] সেই অনুসৰি চ্যাৱনে সোমযজ্ঞত শৰ্যতীৰ পুৰোহিত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে যজ্ঞৰ অংশ অশ্বিনসকলক আগবঢ়াইছিল। ইন্দ্ৰই ইয়াৰ বিৰুদ্ধে আপত্তি কৰি কয় যে, কেৱল দেৱতাৰ দাস হিচাপে তেওঁলোকৰ সোমৰ ৰস প্ৰসাদ গ্ৰহণ কৰাৰ কোনো অধিকাৰ নাই। তেতিয়া ঋষিয়ে তেওঁৰ মতামতক আওকাণ কৰিলে, আৰু ইন্দ্ৰই তেওঁৰ নিজৰ বজ্ৰ (বজ্ৰ) চ্যাৱনৰফালে নিক্ষেপ কৰিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ তেনে কৰাৰ আগতেই চ্যাৱনে ইন্দ্ৰৰ দুয়োটা বাহু অৱশ কৰি পেলালে। চ্যাৱনে নিজৰ তপস্বী শক্তিৰদ্বাৰা চাৰিটা দাঁতৰ সৈতে মাদ নামৰ এক বিশাল অসুৰ সৃষ্টি কৰিছিল।[15] মাদে ইন্দ্ৰক গ্ৰাস কৰাৰ পথত আছিল, যেতিয়া তেওঁ ভয় খাইছিল আৰু অৱশেষত অশ্বিনসকলৰ প্ৰসাদৰ অংশ লোৱাৰ অধিকাৰ মানি লৈছিল।[16]
চ্যাৱন আৰু কুশিক
[সম্পাদনা কৰক]
মহাভাৰতৰ অনুশাসন পৰ্বত (অধ্যায় ৫২-৫৬) পোৱা এটা আখ্যানত চ্যাৱনে ২১ দিনৰ বাবে কুশিক ৰজা আৰু তেওঁৰ ৰাণীৰপৰা বহুতো সেৱা আদায় কৰিছিল। পিছলৈ তেওঁলোকৰ ভক্তিত সন্তুষ্ট হৈ সোণৰ যাদুকৰী ৰাজপ্ৰাসাদ সৃষ্টি কৰি ব্ৰাহ্মণৰ মৰ্যাদা লাভ কৰা তেওঁলোকৰ নাতি বিশ্বমিত্ৰৰ জন্মৰ ভৱিষ্যদ্বাণী কৰি পুৰস্কৃত কৰিলে।[5][17]
আশ্ৰম
[সম্পাদনা কৰক]পদ্ম পুৰাণ (পাতল খণ্ড, অধ্যায় ৮) মতে, তেওঁৰ আশ্ৰম আছিল পায়োষ্ণী নদীৰ ওচৰত সাতপূৰা পৰ্বতত। আন এটা পৰম্পৰা অনুসৰি, তেওঁৰ আশ্ৰম মহেন্দ্ৰগড় জিলাৰ নৰনাউলৰ ওচৰৰ বৈদিক ৰাজ্য ব্ৰহ্মৱৰ্তৰ ধোশী পাহাৰত আছিল।[18]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Rishi Chyavana Worships The Tantric Roopa Of Lakshmi (Tantric Devi Series) | Exotic India Art" (en ভাষাত). www.exoticindiaart.com. https://www.exoticindiaart.com/product/paintings/rishi-chyavana-worships-tantric-roopa-of-lakshmi-tantric-devi-series-hl32/। আহৰণ কৰা হৈছে: 2025-04-16.
- ↑ Sivarajan, V. V.; Balachandran, Indira (1994) (en ভাষাত). Ayurvedic Drugs and Their Plant Sources. International Science Publisher. পৃষ্ঠা. 28. ISBN 978-1-881570-21-9. https://books.google.com/books?id=jCMNAQAAMAAJ&q=Cyavanapr%C4%81%C5%9Bam.
- ↑ www.wisdomlib.org (2020-04-06). "Cyavanaprasha, Cyavanaprāśa, Cyavana-prasha: 5 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/cyavanaprasha। আহৰণ কৰা হৈছে: 2022-10-31.
- ↑ Mahabharat
- ↑ 5.0 5.1 5.2 Dowson, John (2004). A classical dictionary of Hindu mythology, and religion, geography, history. প্ৰকাশক Delhi: Asian Educational Services. পৃষ্ঠা. 73–5. ISBN 978-81-206-1786-5. https://books.google.com/books?id=ejh82j8G_CYC&pg=PA73.
- ↑ The Rigveda : the earliest religious poetry of India. Jamison, Stephanie W., Brereton, Joel P., 1948-. প্ৰকাশক New York. 2014. পৃষ্ঠা. 968. ISBN 9780199370184. OCLC 849801119.
- ↑ The Rigveda : the earliest religious poetry of India. Jamison, Stephanie W., Brereton, Joel P., 1948-. প্ৰকাশক New York. 2014. পৃষ্ঠা. 1475. ISBN 9780199370184. OCLC 849801119.
- ↑ 8.0 8.1 Macdonnel, Arthur Anthony; Keith, Arthur Berriedale (1985). Vedic Index of Names and Subjects. 1. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 264–5. ISBN 81-208-1332-4. https://books.google.com/books?id=t6TVLlPvuMAC&pg=PA264.
- ↑ Pargiter, F.E. (1922, reprint 1972). Ancient Indian Historical Tradition, Delhi: Motilal Banarsidass, pp.193-7
- ↑ O'Flaherty, Wendy Doniger (1988). The Origins of Evil in Hindu Mythology. প্ৰকাশক Delhi: Motilal Banarsidass. পৃষ্ঠা. 304. ISBN 81-208-0386-8. https://books.google.com/books?id=sktbYRG_LO8C&dq=Bhrgu+Puloma+Cyavana&pg=PA304.
- ↑ Wilson, Horace Hayman (tr.) (1840). The Vishnu Purana. প্ৰকাশক London: John Murray. পৃষ্ঠা. 354fn29. http://www.sacred-texts.com/hin/vp/vp093.htm.
- ↑ O'Flaherty, Wendy Doniger (1981). Śiva, the Erotic Ascetic. প্ৰকাশক London: Oxford University Press. পৃষ্ঠা. 57–61. ISBN 0-19-520250-3. https://books.google.com/books?id=dnfZ_MBErlQC&dq=Cyavana+rejuvenation&pg=PA57.
- ↑ Ganguli, Kisari Mohan (1883–1896). "Ch.CXXII". The Mahabharata: Book 3: Vana Parva. Sacred texts archive. http://www.sacred-texts.com/hin/m03/m03122.htm.
- ↑ Ganguli, Kisari Mohan (1883–1896). "Ch.CXXIII". The Mahabharata: Book 3: Vana Parva. Sacred texts archive. http://www.sacred-texts.com/hin/m03/m03123.htm.
- ↑ Ganguli, Kisari Mohan (1883–1896). "Ch.CXXIV". The Mahabharata: Book 3: Vana Parva. Sacred texts archive. http://www.sacred-texts.com/hin/m03/m03124.htm.
- ↑ Ganguli, Kisari Mohan (1883–1896). "Ch.CXXV". The Mahabharata: Book 3: Vana Parva. Sacred texts archive. http://www.sacred-texts.com/hin/m03/m03125.htm.
- ↑ Ganguli, Kisari Mohan (1883–1896). "Ch.LV". The Mahabharata: Book 13: Anusasana Parva. Sacred texts archive. http://www.sacred-texts.com/hin/m13/m13b020.htm.
- ↑ Bhargava, Sudhir (20–22 November 2009). Location of Brahmavarta and Drishadwati river is important to find earliest alignment of Saraswati river. Saraswati river – a perspective. organised by: Saraswati Nadi Shodh Sansthan, Haryana. Kurukshetra: Kurukshetra University. pp. 114–117
