চ্যুতি (ভূতাত্ত্বিক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চ্যুতি(ভূতাত্ত্বিক)ৰ পৰা পুনঃনিৰ্দেশিত)

চ্যুতি(Fault) হৈছে শিলৰ ফলকত হোৱা ফাঁট য’ত ফাঁট মেলা সমতলৰ সমান্তৰালভাৱে ফলক দুখনৰ আপেক্ষিক স্নানান্তৰ ঘটে। চ্যুতিসমূহ ভূমিকম্পৰ সৃষ্টিৰ এক উৎস। চ্যুতিৰ ফাঁট মেলা পৃষ্ঠতলখনক চ্যুতি-সমতল (Fault plane) বোলা হয়। চ্যুতি-সমতলে অনুভূমিক সমতল এখনৰ লগত যি কোণ কৰি থাকে নতি বোলা হয়। চ্যুতি-সমতলে ভূ-পৃষ্ঠতলক যিডাল ৰেখাত ছেদ কৰে সেইডালক চ্যুতি-ৰেখা (নতিলম্ব) বোলা হয়।

চ্যুতিৰ শ্ৰেণীবিভাজন[সম্পাদনা কৰক]

চ্যুতিসমূহক বিভিন্ন প্ৰকাৰে বিভিন্ন ভাগত ভাগ কৰিব পাৰি।[1] সৃষ্টিৰ ওপৰত ভিত্তি কৰি চ্যুতিসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি: অনুলোম বা বিস্তাৰ চ্যুতি, উৎক্ষেপ চ্যুতি আৰু বিদিৰণ বা মোচোকা চ্যুতি। চ্যুতি-সমতলৰ নতিদিশৰ আৰু চ্যুতি-সঞ্চালনৰ দিশৰ ওপৰত ভিত্তি কৰি চ্যুতিসমূহক তিনিটা ভাগৰ ভাগ কৰিব পাৰি:

১। নতিলম্ব চ্যুতি: এই প্ৰকাৰৰ চ্যুতিত শিলাখণ্ডৰ সঞ্চালন নতিলম্বৰ সমান্তৰাল ভাবে হয়।

২। নতি চ্যুতি: এই প্ৰকাৰৰ চ্যুতিত শিলাখণ্ডৰ সঞ্চালন নতিৰ সমান্তৰাল ভাবে হয়। এই প্ৰকাৰৰ চ্যুতিৰো দুটা প্ৰকাৰ আছে: নিয়মিত বা অনুলোম চ্যুতি আৰু অনিয়মিত বা বিলোম চ্যুতি। নিয়মিত চ্যুতিত উৰ্দ্ধতল অধস্তলৰ ওপৰেদি অধোগতিত তলৰ দিশলৈ পিছলি যায়। অনিয়মিত চ্যুতিত উৰ্দ্ধতল অধস্তলৰ ওপৰেদি উৰ্দ্ধগতিত ওপৰৰ দিশলৈ পিছলি যায়।

৩। তিৰ্যক চ্যুতি:এই প্ৰকাৰৰ চ্যুতিত শিলাখণ্ডৰ সঞ্চালন নতিলম্ব আৰু নতি দুযোটাৰে সমান্তৰাল ভাবে হয়।


চ্যুতিৰ প্ৰভাৱ[সম্পাদনা কৰক]

চ্যুতি সৃষ্টিৰ কাৰণ[সম্পাদনা কৰক]

শিলাস্তৰত বিবৰ্তনিক শক্তিৰ ফলত হোৱা প্ৰবল প্ৰতিচাপ আৰু পীড়নৰ ফলত চ্যুতিৰ সৃষ্টি হয়।

অসম আৰু ইয়াৰ চাৰিওফালে থকা উল্লেখযোগ্য চ্যুতিসমূহ[সম্পাদনা কৰক]

অসম আৰু ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল ভূমিকম্প প্ৰৱণ অঞ্চল। ইয়াৰ এটা কাৰণ হ'ল ইয়াত অৱস্থিত চ্যুতিসমূহ। ইয়াত থকা কেইটামান উল্লেখযোগ্য চ্যুতিসমূহ হ'ল। [2][3][4]

১। অল্ডহাম চ্যুতি

২। ধুবুৰী চ্যুতি

৩। ডাউকি চ্যুতি

৪। কপিলী চ্যুতি

৫। ছিলেট চ্যুতি

৬। কাবাউ চ্যুতি

৭। কালাদান চ্যুতি

৮। নাগা চ্যুতি

৯। ব্ৰহ্মপুত্ৰ চ্যুতি


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. চতুৰ্ভুজ পাঠক (২০০৭). ভূ-বিজ্ঞান. প্ৰকাশক গুৱাহাটী: অশোক বুক ষ্টল. 
  2. Jacques Angelier, Saurabh Baruah, Seismotectonics in Northeast India: a stress analysis of focal mechanism solutions of earthquakes and its kinematic implications, Geophysical Journal International, Volume 178, Issue 1, July 2009, Pages 303–326, https://doi.org/10.1111/j.1365-246X.2009.04107.x
  3. Nandy, D. R., and Sujit Dasgupta. "Seismotectonic domains of northeastern India and adjacent areas." Physics and Chemistry of the Earth 18 (1991): 371-384.
  4. Baro, Olympa, and Abhishek Kumar. "A review on the tectonic setting and seismic activity of the Shillong plateau in the light of past studies." Disaster Advances 8.7 (2015): 34-45.